ফটাঢোল

সেই খেলখন! – পার্থ প্ৰতিম চৌধুৰী

নব্বৈৰ দশকৰ শেষৰ ফাল৷ অসমৰ পৰা Association, Pune এক শক্তিশালী সংগঠন আছিল৷ পুণেৰ বিভিন্ন অঞ্চলত অসমীয়া ছাত্ৰসকল সিঁচৰতি হৈ থাকিলেও বেছিসংখ্যক আৰ্মামেন্ট কলনীত পইছা দিয়া আলহী হিচাপে আছিল৷ আমি কেইজনমান উফৰি পৰিলোঁগৈ পাছান বোলা ঠাই দোখৰত৷ মাৰ্চ মাহ আহিল, ASAP ৰ দ্বাৰা আয়োজন কৰা ‘অসম দিৱসো’ আহিল৷ অসম দিৱসৰ বাবে প্ৰায় সকলো ব্যস্ত৷ আমিও গম পালোঁ যে এইবাৰ অসম দিৱস উপলক্ষে ক্ৰিকেট প্ৰতিযোগিতা হ’ব৷ পাছান নিবাসী কেইজনৰো গা উঠিল যে ক্ৰিকেট খেলিব লাগে৷ পাছানত ১৫ – ১৬ জন মানহে খাৰখোৱা আছিলে৷ ক্ৰিকেট খেলৰ বাবে বাৰ জনহে লাগে! হৈ যাব৷ পাছান একাদশৰ নামত প্ৰতিযোগিতাত যোগদান কৰিম বুলি সিদ্ধান্ত হ’ল৷ আমি থকা ভবানী লজৰ গৰাকীৰ অধীনত এটা ক্লাব আছিল৷ টেনিছ বল ক্ৰিকেট যেতিয়া তেওঁলোকৰ পৰা দুখন পুৰণি বেট যোগাৰ হ’ল৷ অনুশীলন আৰম্ভ হ’ল৷ আমাৰেই লজত থকা ‘দাদা’ ই হঠাৎ সুধিলে,

“তোমালোকে কি সঁচাই খেলিবা নেকি?”

আমাৰ উত্তৰ- “হয় দাদা”

“বলিং কোনে কৰিব? অপেনিং বলিং?”

“দাদা, গমেই পোৱা নাই নহয়, কোনে বল দিয়ে, কোনে বেটিং কৰে, কোনে গ’লকিপিং কৰে?”

“উইকেট কিপিং, পিছে অইন নাজানোঁ, তোমালোকৰ ফাষ্ট বলাৰৰ সমস্যা শেষ৷ বলাৰ পাই গ’লা”

“কোন দাদা?”

“কি কোন? ময়েই৷ মোৰ বলত বেটছমেনে বেট এৰি পলোৱা ৰেকৰ্ড আছে, পাৰ্থই জানে”….

একে ঠাইৰ হ’লেও মই কেতিয়াও তেওঁক ক্ৰিকেট খেলা দেখা নাই বুলি ক’বও নোৱাৰোঁ, গতিকে মনে মনেই থাকিলোঁ৷

“মই আৰু প্ৰেকটিচত নাযাওঁ, তোমালোকেই কৰি থাকা, খেলৰ আগদিনা খালী জনাবা”

মাজতে গৈ খেলত ‘পাছান একাদশ’ৰ কেপ্টেইন হৈ প্ৰতিযোগিতাত যোগদান কৰি আহিলোঁ৷

‘দাদা’ ৰ সৈতে আমি কোনোমতে ১৩ জন হ’ল দলটোত৷ এটা ডাঙৰ সমস্যা, দ্বাদশ আৰু ত্ৰয়োদশ খেলুৱৈ কোন হ’ব?

সেইটোৰো সমাধান ভগৱানেই কৰিলে৷

খেলৰ সূচী ঘোষণা হ’ল৷ আমাৰ খেল পৰিল হোলীৰ দিনাখন৷ ৰাতিপুৱাই আমাৰ লজৰে দুজনমান মাৰাঠী বন্ধুৱে হোলী খুলিলেই৷ তেওঁলোকৰ লগতে আমাৰ দলৰ দুজন বহি গ’ল৷ যাহওক দ্বাদশ আৰু ত্ৰয়োদশ খেলুৱৈৰ সমস্যা সমাধান৷

আকৌ নতুন সমস্যা, হোলী খোলা দুজনৰ এজন হ’ল উইকেট কীপাৰ৷ যি আছে আছে বুলি আমি ওলালোঁ পুণে বিশ্ববিদ্যালয় খেল পথাৰলৈ বুলি৷ এঘাৰজন খেলুৱৈ৷ লগত অৱশ্যে সকলো আশা ভৰসাৰ থল আমাৰ ‘দাদা’….

দলৰ তালিকা সম্পাদকক দিলোঁ – ”
“দ্বাদশ খেলুৱৈ ক’ত?”

“নাই”

“নহ’লে নহ’ব”

কি কৰোঁ!!!

খেল চাবলৈ যোৱা ভৈৰৱৰ নামটো দিলোঁ, স্বৰ্ত এটাই – সি কোনোপধ্যে খেল পথাৰত নানামে৷

টচ হ’ল, আমি জিকিলোঁ, বেটিং অৱধাৰিত৷ ১২ অভাৰৰ খেল৷

ৰাজেন আৰু উৎপল গ’ল বেটিং কৰিবলৈ৷ এক অভাৰত ৯ ৰাণ৷ দ্বিতীয় অভাৰৰ দ্বিতীয় বলটোত উৎপল আউট…

লগে লগে ‘দাদা’ ই দৌৰ মাৰিলে পথাৰৰ ভিতৰলৈ৷ আমি আচৰিত! চিঞৰিলোঁ— “দাদা ক’ত যায়, ক’ত যায়?”

তেওঁ ক’ত শুনিব, বেট লৈ পিটচত টুকুৰিয়াবলৈ ধৰিলেই৷ শান্ত শিষ্ট বাগলাৰী দাই সোধে– “এওঁ বোলে ব’লাৰ, বেটচমেন কেতিয়াৰ পৰা হ’ল?”

এইপিনে ক্ৰিজত ‘দাদাই’ বেট ঘূৰাই হে ঘূৰাই বলত নালাগে৷ আনটো মূৰত বেটিং কৰি থকা ৰাজেনৰ অৱস্থা তথৈবচ৷ ৰাজেনৰ যদি ষ্ট্ৰাইক, বেটত বলটো লাগিলেই ‘দাদা’ দৌৰ মাৰে৷ আৰু ‘দাদা’ ৰ যদি ষ্ট্ৰাইক বলটো বহু দূৰলৈ গ’লেও দাদা নদৌৰে৷ বেচেৰা ৰাজেনে ডাইভ মাৰোঁতে বেয়াকৈ দুখো পালে৷

এতিয়াহে সমস্যা তেওঁ ৰাণো নলয়, ৰাজেনকো ষ্ট্ৰাইক নিদিয়ে, আউটো নহয়৷ আমি সকলোৱে ভগবানক খাটিছোঁ, দাদা আউট হওক, আউট হওক৷ দাদা যেন অটল৷ মাজতে আমাৰ টিমমেট এজনে বিপক্ষৰ বলাৰক গালিয়েই পাৰিলে,–
“ইমান সময়ে এজনক আউট কৰিব পৰা নাই!!!”

অৱশেষত আউট! ৰাণ আউট! পিচে দাদা নহয়, ৰাজেন হে! অৱশ্যে পিছে পিছে দাদাও আহিল৷ তেওঁ আউট হওঁতে আটাইতকৈ আনন্দ কিজানি আমিয়েই কৰিছিলোঁ৷ আহিয়েই দাদাৰ স্পষ্টীকৰণ–
“টেনিছ বল, তাতেই পাতলটো আনিছে, টাইমিং নিমিলে, পিটচখনো ঠিক নহয়, দৌৰিব নোৱাৰি৷”

৯ অভাৰত ৩১ ৰাণ হ’ল দাদা আৰু ৰাজেনৰ যুটীত৷ তাৰ পিছত বেটিং কৰিব যোৱা চিৰঞ্জীৱৰ টাইমিঙো মিলিল, দৌৰিবও পাৰিলে আৰু বাউণ্ডেৰীও হ’ল৷ ১২ ওভাৰত ৫৭ ৰাণ হ’ল৷ বাগলাৰী দাই আকৌ আহি ক’লে, “চিৰঞ্জীৱ আগতে গ’লে আমাৰ এশ ৰাণৰ কম নহয়”৷

আকৌ আহিল সমস্যা উইকেটকীপাৰৰ৷ সকলোৱে ক’লে তই কেপ্টেইন, তয়ে উইকেট কীপাৰ হ’ব লাগিব৷ মোৰ ভৰিৰ তলেৰে বল গ’লে কি হব? বাগলাৰী দাই ক’লে, “হ’ব দে, কোনোবা এটা তোমাৰ ঠিক পিছপিনে বাউণ্ডেৰী লাইনত থাকিব৷ দুই ৰাণ বাছিব৷” যা হওক এইটো সমস্যাৰো সমাধান হ’ল৷

বিপক্ষক ৫৮ ৰাণ লাগে, কিন্তু দাদাৰ তিনি অভাৰ তিস্থিব পাৰিবনে? পাঁচ-ছয় অভাৰতকৈ খেল দীঘল নহয়৷

দাদাই বলটো লৈ নৰেন্দ্ৰ হিৰৱানীৰ দৰে হাততে পাক মাৰি ঘূৰাব ধৰিলে৷ বাগলাৰী দাৰ কমেণ্ট, “এই প্ৰথম দেখিলোঁ দেই, ফাষ্ট বলাৰে স্পিনাৰৰ নিচিনা হাততে বল ঘূৰোৱা৷ বিপক্ষ মৰিল এইবাৰ৷”

খেল আৰম্ভ, দাদা আহিল বহু দূৰৰ পৰা দৌৰি, মই ভাবিলোঁ, আজি মৰিলোঁ ইমান জোৰত অহা বল কেনেকৈ ৰাখিম? পিছপিনে চালোঁ কিশোৰ বাউণ্ডেৰীৰ ওচৰত মোৰ ঠিক পিছপিনেই (যা হওক উইকেট নপৰিলেও নাই, অন্তত ভাই চাৰি ৰাণ নাপায়)। দাদাই আম্পায়াৰৰ ওচৰ পাই মাৰিলে প্ৰকাণ্ড জাপ……… দিলে বল… …………… কিন্ত ই কি?…… ন’বল! …. সৰু ল’ৰাই বল দিবলৈ গ’লে যে হাতখন চিধা হৈ নাথাকি বলটো দিয়াৰ সময়ত ভাজ এটা পৰে (আমি দলিওৱা বল বুলি কওঁ যে, ঠিক সেইটো)৷ দাদাই লাহেকৈ ক’লে “মানে বহু দিনৰ মূৰতটো, সেইবাবে৷”

আকৌ দাদা………… ন’ বল৷ একেই কাৰণ৷

বাগলাৰী দা,– “দাদা অলপ লাহেকৈ দিয়ক, ফাষ্ট নহ’লেও হ’ব, বল হ’লেই হ’ল৷”

আকৌ দাদা………… এইবাৰ বল, কিন্তু ৱাইড বল৷

আকৌ দাদা……… এইবাৰ বাউণ্ডেৰী৷

আকৌ দাদা………… এইবাৰ ন’বল৷

মিড অফত ফিল্ডিং কৰি থকাৰ পৰা শৰ্মাৰ চিৎকাৰ– “##@ বল কৰিছে @#%₹, ভালকে বল দিয়ক”

আকৌ দাদা…………… এইবাৰ বল, দুই ৰাণ৷

আকৌ দাদা………… ন’বল৷

বাগলাৰী দাৰ কমেণ্ট, “ভালকে বল দিয়ক হে #₹@ &&*+-₹%& কি ং&%₹#”

দাদাই বল দিয়েই আছে ন’বল হৈয়েই আছে…………

শেষত বাগলাৰী দাৰ মুখতে আখৈ ফুটিব ধৰিলে “₹#@&%&@%#&&₹$$₩‰,%₹₹$₴¤৷”

আমাৰ মুখকেইখনত কি ফুটিছিল নকলোঁৱেই বা৷

অৱশেষত দাদাৰ অভাৰ শেষ৷ বলিং বিশ্লেষণ—-

১ অভাৰ– ০ উইকেট, ২৭ ৰাণ, ৯ ন’বল, ২ ৱাইড বল৷

এটা কথা ঠিকেই অনুমান কৰিছিলোঁ, খেলখন ছয় অভাৰতেই শেষ হ’ল৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.