ফটাঢোল

সেউজবোৰ বচাওঁ আহক- মনালিছা শৰ্মা                      

“Trees are poems that the earth writes upon the sky.”

― Kahlil Gibran

আৰম্ভণিৰ পৰা এতিয়াৰ অৱস্থালৈ আহি পোৱালৈকে কেইবা কোটি বছৰৰো পৰিক্ৰমা অতিক্ৰম কৰা আমাৰ প্ৰায় ৪৫ কোটি বয়সীয়া ‘পৃথিৱী’ নামৰ গ্ৰহটোত জীৱৰ অস্তিত্বৰ কেতিয়াৰ পৰা আৰম্ভণি হৈছিল সেইটো সঠিককৈ কোৱা টান।

ক্ষুদ্ৰাদিক্ষুদ্ৰ এককোষী জীৱৰ পৰা আৰম্ভ কৰি ডাইন’চৰৰ যুগলৈকে পৃথিৱীয়ে কেইবাটাও কঠিন পৰিস্থিতিৰ মাজেৰে বিৱৰ্তনৰ দিশে সদায় গতি কৰি আছে তথা প্ৰতিদিনে পৰিৱৰ্তনো হৈ গৈ আছে।

আমাৰ পৃথিৱীৰ জলচৰ আৰু স্থলচৰ জীৱৰ অস্তিত্ব বজাই ৰখাত গছ-গছনিৰ ভূমিকাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যদিও এই সেউজবোৰেই   আমাৰ মানুহৰ দ্বাৰা কৰা ধ্বংসৰ ফলত পৃথিৱীত সেউজ-গৃহ গেছৰ প্ৰভাৱ দিনকদিনে বাঢ়ি গৈ পৰিবেশ প্ৰদূষণ হৈ বায়ু মণ্ডল ক্ৰমান্বয়ে গৰম তথা দূষিত হৈ আহিছে, যাৰ প্ৰভাৱ আজি কিছুবছৰ ধৰি ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীবাসীয়ে বাৰুকৈয়ে উপলব্ধি কৰি আহিছে।

পৃথিৱীৰ প্ৰায় ৩১% বনাঞ্চলে আগুৰি আছে। আমাৰ বন বিভাগৰ তথ্য অনুসৰি অসমত মুঠ মাটিকালিৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰৰ ভিতৰত ৩৪.২১% অৰ্থাৎ ২৬৮৩২ কিলোমিটাৰ  অঞ্চল জুৰি বনাঞ্চলে আগুৰি আছে। ইয়াৰ ভিতৰত সংৰক্ষিত বনাঞ্চল আছে ৬৬.৫৮% আৰু অসংৰক্ষিত বনাঞ্চল আছে ৩৩.৪২%। অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান হৈছে ৫ খন আৰু অভয়াৰণ্য ১৮ খন।

ইয়াৰ বাহিৰে ভাৰতবৰ্ষৰ বন বিভাগৰ ২০১১ চনৰ জৰীপ মতে বনাঞ্চলৰ সমুদায় কালি হৈছে ২৭.৬৭৩ বৰ্গ কিলোমিটাৰ, যিটো সমগ্ৰ মাটিকালিৰ ৩৫.২৪% । আনহাতে গছগছনি আগুৰি থকা সাধাৰণ অঞ্চলৰ মাটিকালি হৈছে ১৫৬৪ বৰ্গ কিলোমিটাৰ। গতিকে বনাঞ্চল আৰু গছ-গছনি আগুৰি থকা সৰ্বমুঠ অঞ্চল হৈছে ২৯.২৩৭ বৰ্গ কিলোমিটাৰ, যিখিনি সৰ্বমুঠ মাটিকালিৰ ৩৭.২৭%।

বিজ্ঞানৰ উন্নতি, শিল্প উদ্যোগৰ প্ৰসাৰণ, নগৰ সম্প্ৰসাৰণ আৰু মানুহৰ অবাধ বিস্ফোৰণৰ ফলত সেই বনাঞ্চল সমূহ ক্ৰমশ ধ্বংসৰ গৰাহলৈ যাবলৈ ধৰিছে। সম্প্ৰতি পৃথিৱীৰ আটাইতকৈ বেছিকৈ ধ্বংসৰ কবলত পৰা অঞ্চলটোৱে হৈছে বৰ্ষাৰণ্য অঞ্চল।

বনাঞ্চল ধ্বংসৰ বিভিন্ন কাৰণ সমূহ ফঁহিয়াই চালে দেখা যায়-

ক) কৃষি কাৰ্য্যকলাপ বনাঞ্চল ধ্বংস হোৱাৰ প্ৰমূখ্য কাৰণ সমূহৰ অন্যতম। জনসংখ্যাৰ অবাধ বিস্ফোৰণৰ বাবে খাদ্য উৎপাদনৰ ক্ষেত্ৰত যিদৰে প্ৰভাৱ পৰিছে, ঠিক তেনেদৰে প্ৰভাৱ পৰিছে বনাঞ্চল সমূহতো। বিশাল খেতি পথাৰ তথা ঘৰচীয়া জীৱ-জন্তু সমূহৰ বিচৰণৰ বাবে ঘাঁহনি পথাৰবোৰৰ নিৰ্মাণৰ বাবে।

খ) কাঠৰ উদ্যোগবোৰেও বনাঞ্চল ধ্বংসৰ এটা কাৰক হৈ আছে। কাগজ, জুইশলা কাঠি, ফাৰ্নিচাৰ তথা কয়লা ইন্ধনৰ ৰূপত ব্যৱহাৰ কৰা হোৱাৰ বাবেও বহু গছ-গছনিৰ প্ৰায় প্ৰতিদিনেই মৃত্যু হয়।

গ) নগৰ সম্প্ৰসাৰণৰ বাবে ৰাস্তা ঘাট নিৰ্মাণৰ পৰা আদি কৰি বিস্তাৰিত ভাৱে আৱাসী এলেকা স্থাপিত কৰিব লগাৰ বাবে অধিক ভূমিৰ প্ৰয়োজনে বনাঞ্চলৰ কিছু ক্ষতি কৰি আছে।

ঘ) তৈলক্ষেত্ৰ সমূহ আৰু কয়লাৰ বাবে কৰা খনন কাৰ্যৰ বাবে পৰ্য্যাপ্ত মাত্ৰাত বন ভূমিৰ প্ৰয়োজন হয়। আনহাতে সেই কাৰ্যৰ বাবে টেংকাৰ তথা আন আন প্ৰয়োজনীয় উপকৰণবোৰৰ বাবে বনাবলগীয়া হোৱা ৰাস্তা-ঘাটৰ বাবে বহু গছ-গছনি কাটিব লগা হয়।

খনন কাৰ্যৰ পৰা ওলোৱা আৱৰ্জনাসমূহৰ বাবেও বনাঞ্চল প্ৰদূষণৰ কবলত পৰে।

ঙ)পৃথিৱীৰ বিভিন্ন অঞ্চলত সময়ে সময়ে হোৱা বনজুইৰ বাবেও বননিৰ বিশাল অংশ একোটাৰ বৃহৎ ক্ষতি হোৱা দেখা যায়।

অসমৰ কেইখনমান পাহাৰীয়া জিলা বিশেষকৈ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পৰ্বতীয়া অঞ্চলত কৰা ঝুম খেতিৰ বাবে ব্যাপক ভাবে বনাঞ্চল ধ্বংস কৰা হৈছে। সেইবোৰ অঞ্চলত মানুহে বনত জুই লগাই সকলো পুৰি পেলায় আৰু নতুনকৈ গছ-বন গজাৰ বাবে অপেক্ষা কৰে। সাধাৰণতে এটা ঝুম খেতিৰ পৰিক্ৰমাৰ সময় হৈছে ২০ ৰ পৰা ২৫ বছৰ। কিন্তু জনসংখ্যাৰ বিস্ফোৰণ আৰু খাদ্য দ্ৰব্যৰ বৰ্ধিত চাহিদাৰ বাবে এই ঝুম পৰিক্ৰমা কেৱল মাত্ৰ ৪ বা ৫ বছৰতে আৱদ্ধ হৈছে। আৰু সেইবাবে ব্যাপক হাৰত বনাঞ্চল অতি কম সময়তে ধ্বংস কৰা হৈছে।

কেৱল কাৰ্বি আংলংতে ৪,২৩,৮৮৫ হেক্টৰ ভূমিৰ ভিতৰত প্ৰায় ৬৮০০ হেক্টৰ ভূমিৰ বনাঞ্চল ধ্বংস কৰা হৈছে। এইদৰে জধে-মধে ধ্বংস কৰাৰ ফলত কৃষিভূমিৰ উৰ্বৰতা, প্ৰাকৃতিক বিশৃংখলতা আদি সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছে।

বনাঞ্চল ধ্বংসৰ প্ৰভাৱ:

ক) অসন্তুলিত জলবায়ুঃ বনাঞ্চলবোৰ ক্ৰমশ সংকুচিত হোৱাৰ ফলত আমাৰ জলবায়ুত প্ৰতিকূল প্ৰভাৱ পৰিছে। বৰষুণৰ অনিশ্চয়তা বৃদ্ধি পোৱাৰ লগতে জহকালিৰ সময়সীমাও লাহে লাহে বৃদ্ধি পাইছে।

খ) ভূমিস্খলনঃ পাহাৰ সমূহত অবাধে বসতি কৰাৰ বাবে যিটো হাৰত গছ তথা মাটি কটা হয়, তাৰ ফলত প্ৰতি বছৰে ভূমিস্খলন হৈ মানুহৰ মৃত্যু হোৱাৰ লগতে অন্য নানা দূৰ্ঘটনাও হোৱা দেখা গৈছে ।

গ) বানপানীঃ গছগছনি অবাধে কটাৰ ফলত বৰষুণৰ প্ৰভাৱ অসন্তুলিত হৈ কৰবাত যদি বানপানী হয়, আন কৰবাত খৰাং পৰে।

ঘ) বন্য জন্তুৰ বিলুপ্তিঃ নিজ গৃহ হেৰুৱা বা  খাদ্যাভাৱত পৰাৰ ফলত বন্য জন্তু তথা চৰাইৰ বিভিন্ন প্ৰজাতিৰ ক্ৰমাৎ বিলুপ্তি হোৱা দেখা গৈছে।

বনৰীয়া হাতীৰ জাকবোৰে খাদ্যাভাৱত পৰি মানুহৰ আৱাসী এলেকাবোৰলৈ ধাৱমান হ’বলৈ ধৰিছে_ ধাননি পথাৰ সমূহৰ বিস্তৰ ক্ষতি কৰাৰ লগতে কোনো কোনো ঠাইত মানুহ হত্যা কৰাও দেখা গৈছে।

বনাঞ্চল ধ্বংস ৰোধ কৰাৰ কিছুমান উপায়ো নোহোৱা নহয় ।উদাহৰণ স্বৰূপে, বন্য আইনৰ শিথিলতা সমূহ নিৰ্মূল কৰি তথা আৰু অধিক বনকৰ্মী নিয়োগ কৰি অহেতুক গছ-গছনি কটা আৰু চোৰাংভাৱে কৰা কাঠৰ ৰমৰমীয়া ব্যৱসায়বোৰৰ ওপৰত প্ৰতিবন্ধকতা লগাব পৰা যায়।

চৰকাৰী তথা বেচৰকাৰী ভাৱে আৰু অধিক বৃক্ষ ৰোপনৰ বাবে সমাজক উৎসাহিত কৰিব পাৰি।

আনকি নগৰ-চহৰবোৰতো মানুহে থকা ঠাই সমূহত অনাহকত গছ-বন কাটি তহিলং কৰিব নোৱাৰাকৈ আইন কৰিব পাৰি। বৰ্তমানে সঘনাই দেখা পোৱা আৱাসীক ফ্লেট্ সমূহৰ ক্ষেত্ৰত এইবোৰ প্ৰতিবন্ধকতা কিছু পৰিমাণে প্ৰযোজ্য কৰিব পাৰি।

মানুহৰ প্ৰয়োজন সাপেক্ষে বনাঞ্চল কটাৰ পৰা পৰিত্ৰাণ পাবলৈ লগতে বাঢ়ি অহা গছ-গছনিৰ চাহিদা পূৰণৰ অৰ্থে ১৯৭৬ চনতে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় কৃষি প্ৰাধিকৰণৰ দ্বাৰা ‘সামাজিক বনানীকৰণ’ৰ এটা অভিলাসী আঁচনি আৰম্ভ কৰা হৈছিল। ইয়াৰ দ্বাৰা অব্যৱহৃত তথা মুকলি ঠাইবোৰত গছ-বন ৰোপন কৰি প্ৰয়োজন সাপেক্ষে তাৰ পৰা লাগতিয়াল বনজ সম্পদ আহৰণ কৰিব পাৰি যাতে আমাৰ প্ৰাকৃতিক হাবি বননিসমূহ বিনষ্ট নহয় আৰু সংৰক্ষিত হৈয়েই থাকে।

বন সুৰক্ষাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সৰ্বোচ্চ দৰকাৰী উপায় হৈছে কিছুমান কঠোৰ আইনী ব্যৱস্থা হাতত লোৱা।

বনজ সম্পদ ৰক্ষা কৰিবলৈ ১৭৩০ চনতে ভাৰতবৰ্ষৰ ৰাজস্থান জিলাত ‘চিপকো আন্দোলন’ হৈছিল আৰু ৩৬৩ গৰাকী মানুহ গছ ৰক্ষাৰ বাবে প্ৰাণাহুতি দিছিল। সেই আন্দোলনে আকৌ ১৯৭৩ চনত আৰম্ভ হৈছিল উত্তৰাখণ্ডত, যিটো বহুত মানুহৰ বাবে আজিও আদৰ্শ। এনেধৰণৰ আন্দোলন সকলো ঠাইতে আৰম্ভ কৰিব পাৰিলে নিশ্চয় আমাৰ বনাঞ্চল সমূহ আৰু অধিক ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰিব, যদিও এই ক্ষেত্ৰত আগবাঢ়িবলৈ আৰম্ভণিৰে হেঙাৰ হ’ল মানুহৰ প্ৰগতি, সভ্যতা তথা অগ্ৰগতিৰ দুৰ্ব্বাৰ হেঁপাহ। আনকি কোনো দেশেই আজিৰ তাৰিখত পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰিবলৈ প্ৰগতিক বন্ধকত ৰাখিবলৈ আগ্ৰহী নহয়।

সেয়েহে শেষত “মৎস পুৰাণ”ৰ এটি শ্লোকৰ ব্যাখ্যা আগবঢ়ালোঁ-

“দশকুপসমা ৱাপী দশৱাপীসমো হ্ৰদঃ

দশহ্ৰদসমঃপুত্ৰো, দশপুত্ৰসমো দ্ৰুমঃ”

অৰ্থাৎ, এটা পুখুৰী দহটা নাদৰ সমান, দহটা পুখুৰী এটা হ্ৰদ…

দহটা হ্ৰদৰ সমান এজন পুত্ৰ আৰু দহজন পুত্ৰৰ সমান এডাল গছ।

☆ ★ ☆ ★ ☆

7 Comments

  • dhurjjati

    Well written

    Reply
  • Sadananda Bhuyan

    বঢ়িয়া লিখিলে ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    সঁচা কথা৷ বনাঞ্চল ধ্বংস কৰি আমি আমাৰ নিজৰেই বিনাস মাতি আছোঁ৷

    Reply
  • শৰৎ মহন্ত । নগাঁও ।।

    তথ্য সস্বলিত লেখাটো সুন্দৰ হৈছে।কাবি’আংলং বা পাহাৰীয়া জিলা দুখনত বত’মান জুম খেতি এৰিছে যদিও পাথৰৰ বাবে পাহাৰবোৰ এফালৰ পৰা শেষ হৈ আহিছে । ৰাজনৈতিক নেতা চাৰেনডাৰ কৰা উগ্ৰ পনথীয়ে শেষ কৰি
    দিছে। কিমান দিন পাহাৰৰ বৈশিষ্ট্য থাকিব কব নোৱাৰি। মই বহু ভিতৰুৱা ঠাইত এই দৃশ্য দেখিছো ।।।

    Reply

Leave a Reply

Your email address will not be published.