ফটাঢোল

সোণাৰুৰ হালধীয়া হাঁহি (সপ্তম খণ্ড)-মৃদুল নাথ

: পানীটেংকিতে নামি দিওঁ ব’ল। তাৰপৰা ৰেবটীৰ সন্মুখেৰে গৈ লাখটকীয়া অভাৰব্ৰীজৰ তাতে চিটিবাছত উঠি দিম। সময় বাচিব।

দীপকে ক’লে।

: চিটিবাছত যোৱাতকৈ লাখটকীয়াৰপৰা অ’টো এখন লৈ ল’লে কেনে হয়?

সাগৰিকাই অবিনাশৰফালে চাই সুধিলে।

: চাৰিজন উঠাবলৈ মানা কৰিব পাৰে। মই বাৰু ড্ৰাইভাৰৰ লগত বহি যাম, ট্ৰেফিকে আমনি কৰে নেকি সেইটোহে ডাঙৰ কথা। পানী টেংকিত নামি অ’টো এখনক সুধিয়েই চোৱা যাওক। উপায় নহ’লে দুখন অ’টো ল’ব লাগিব।

পাণবজাৰৰ পানীটেংকিতে আটায়ে বাছৰপৰা নামি দিলে। কিছু আঁতৰত অ’টো ষ্টেণ্ডটো। অবিনাশ আগবাঢ়ি যোৱা দেখি দুজনমান আগুৱাই আহিল।

: ক’লৈ যাব?

: ভঙাগড়, জি এম চি।

: চাৰিজন নিবলৈ অসুবিধা হ’ব। দুখন ল’ব লাগিব।

: পেচেণ্ট আছে, অলপ ইমাৰজেঞ্চি। মই আগফালে বহি দিম। দুখন অ’টো লোৱাৰ বাবে অলপ অসুবিধা, আমিবোৰ ষ্টুডেণ্টচহে, ইমান লাক্সজাৰী এফৰ্ড কৰাটো সম্ভৱ নহয়।

: মই নোৱাৰিম। কোনোবা বেলেগ যাব নেকি সুধি চাওক। যাব যে আশা কম। 

অবিনাশে ঘূৰি অহিবলৈ লওঁতে এজনে মাত দিলে,

: বাকী কেইজন ক’ত?

গম্ভীৰ মাতষাৰত অবিনাশে ঘূৰি চালে, আদহীয়া ব্যক্তিজনৰ চুলিয়ে ৰূপোৱালী ৰং লৈছে, দেহত কিছু বয়সৰ চাপ পৰিছে।

: ভাড়া কিমান ল’ব। বহুত বেছি আশা নকৰিব, পৰাহেঁতেন দুখন অটোৱে ল’লোঁহেঁতেন।

: ভাড়া যিটো হয় সেইটোৱেই দিবা, তোমালোকক সহায় কৰিবলৈ পালে মোৰো ভাল লাগিব। বাকী কেইজনক মাতা।

মানুহজনৰ প্ৰতি অবিনাশৰ ভক্তি ভাৱ জাগিল। বাহ্যিক ৰূপটোৱে বহুতৰে কোমল অন্তৰটোক আৱৰি ৰাখে, সময় সাপেক্ষে কেতিয়াবা প্ৰকট হয়। 

সাগৰিকা আৰু সংঘামিত্রা বহি দিয়াৰ পিছত দীপকক লগত বহিবলৈ কৈ অবিনাশে ড্ৰাইভাৰৰ লগত আগফালে বহিবলৈ লওঁতে ড্ৰাইভাৰজনে ক’লে,

: তুমি পিছত বহিবা, তোমাৰ লগৰজনক মোৰ লগত আগফালে বহিবলৈ দিয়া। তুমি, মই দুয়োজন এই অকণমানি ছিটটোত নুজুৰিম বুজিছা।

দীপকে হাঁহি এটা মাৰি আগফালে গৈ ড্ৰাইভাৰৰ লগত বহিল। অবিনাশ এইবাৰহে ভীষণভাৱে অপ্ৰস্তুত হ’ল। সাগৰিকাৰ গাতে গা লগাই গোটেই ৰাস্তাটো যাবলগীয়া হ’ব, কথাটো ভাবিয়েই অবিনাশে ক’লে,

: তোমালোকৰ অসুবিধা হ’ব নেকি? আৰু এখন অ’টো লোৱাই ভাল হ’ব নেকি?

: মই জনাত আমি দুয়োজনী ইমানো শকত নহয় যে তোমাৰ লগত একেলগে বহি যাব নোৱাৰিম। 

অবিনাশে সাগৰিকাৰ কাষত বহি দিলে, সংঘামিত্রাই সিটো মূৰলৈ আৰু অলপ চাপি গ’ল। তিনিওজনে থেপাথেপিকৈ কোমোমতে বহিছে। সংঘামিত্রা আৰু দীপকে ওলাই আহিব খোজা হাঁহিটো মুখ টিপি বাধা দিবলৈ ব্যৰ্থ প্ৰয়াস কৰিছে। অ’টোখন চলিছে, সন্মুখত দীপকে ড্ৰাইভাৰজনৰ লগত ইটো সিটো কথা পাতি গৈছে। লাখটকীয়া অভাৰ ব্ৰীজখন পাৰ হৈ ব্যস্ত পল্টন বজাৰৰ কোলাহলবোৰৰ মাজেৰে অ’টোখনে নিজৰ গতি লৈছে। সাগৰিকাৰ গাৰপৰা পাৰফিউমৰ মিঠা গোন্ধ এটা আহি অনবৰতে অবিনাশৰ নাকত লাগি আছে। গোন্ধটো সিমান উগ্ৰ নহয়, উগ্ৰ প্ৰসাধন অবিনাশৰ ভাল নালাগে। মাজে মাজে তাইৰ দীঘল চুলিখিনিয়ে অবিনাশৰ গাল মুখ আৱৰি ৰাখিব খোজে। দুই এবাৰ তাই নিজেই আঁতৰাই দিছিল, পিচে ৰাস্তাৰ ভীৰৰ মাজত ব্ৰেক মাৰিব লগীয়া হ’লে তাইৰ চুলিখিনিয়ে পুনৰ আৱৰিব খোজে অবিনাশক। দীঘল চুলিৰ মাজৰ আন্ধাৰখিনি কিবা এটা ভাল লাগিছে অবিনাশৰ। গৈ থাকোঁতে অবিনাশে লুকাই চুৰকৈ মাজে মাজে সাগৰিকাৰফালে চাই গৈছে, আজি লগত থকা সাগৰিকাজনী অচিনাকি যেন লাগিল তাৰ। প্ৰথমবাৰৰ বাবে অবিনাশৰ মনলৈ ভাৱ এটা আহিল, আবেগিক ছোৱালীজনী মৰমলগাকৈ ধুনীয়া।

জি এম চি পাওঁতে প্ৰায় আধাঘণ্টামান সময় লাগিল। দীপকে ভাড়া বিশটকা বেছিকৈ দিলে, মানুহজনে ধন্যবাদ এটা জনাই গুচি গ’ল। আটায়ে মেডিচিন বিভাগৰফালে খোজ দিলে, তাতে মিলিৰ দেউতাক আছে, কেবিন এটা খালি হোৱা বাবে জেনেৰেল ৱাৰ্ডৰপৰা আজি কেবিনলৈ লৈ আহিছে।

জি এম চি লৈ তেনেকৈ কাৰো অহা নহয়, বিভাগবোৰ বিচাৰি উলিওৱা এদিনীয়া মানুহৰ বাবে যথেষ্ট অসুবিধাজনক কাম। কেবিনটো বিচাৰি উলিওৱাটো আৰু জটিল কাম। সেইটো উপলব্ধি কৰিয়েই মিলি তললৈকে নামি আহি আটাইকে কেবিনলৈ লৈ গ’ল।

জীৱনৰ কঠিন সত্যবোৰ উপলব্ধি কৰিবলৈ হ’লে দুখনেই ঠাই আছে, এক হস্পিতাল, দ্বিতীয়তে শ্মশান।  স্বাস্থ্য এবাৰ ভাঙি পৰিলে সমস্ত ধন, ঐশ্বৰ্য্যবোৰ একেবাৰে তুচ্ছ হৈ পৰে বেমাৰৰ আগত, সেয়া লাগিলে শুদ্ধ অথবা বক্ৰ পথেৰেই আৰ্জিত নহওক কিয়। অবিনাশে এনেকৈয়ে ভাবে। কেতিয়াবা কেতিয়াবা হস্পিটালখন যমৰজাৰ দৰবাৰ যেনে লাগে অবিনাশৰ, য’ত পাপ পূণ্যৰ বিচাৰ হয়। যন্ত্ৰণাকাতৰ মুখবোৰ, বিৱৰ্ণ শৰীৰবোৰ দেখিলে অবিনাশে বৰ অসহায় অনুভৱ কৰে। চাই থাকিও একো কৰিব নোৱৰাৰ সমান কষ্ট একো নাই, এয়া অসহনীয়। মিলিৰ দেউতাকক অবিনাশে আগতে দেখা নাই, আজি প্ৰথম দেখিছে, এক ভগ্নপ্ৰায় শৰীৰ এটা হৈ বিছনাত পৰি আছে, অস্ফুট মাতেৰে মাজে মাজে দুই এষাৰ কথা কয়।কাষতে বহি মূৰত হাত বুলাই আছে মিলিৰ মাক, চকু দুটা উখহি আছে, চকুপানীবোৰে বাধা মনা নাই কাৰো।

অবিনাশে মিলিক কাষলৈ মাতিলে।

: ডাক্তৰে কি কৈছে?

: প্ৰেচাৰ, চুগাৰ দুটাই হাই, মাল্টিপুল অৰ্গেনত ইমপেক্ট কৰিছে। ইম্প্ৰভ নহ’লে আজি আই চি ইউ লৈ শিফ্ট কৰাৰ কথা কৈছে। মেডিচিনে বৰ শ্ল ৰেচপণ্ড কৰিছে।

: আমাক আগতে খবৰ দিব পাৰিলাহেঁতেন, তোমাৰ আৰু বিশেষকৈ খুড়ীৰ বিশ্ৰামৰ খুবেই দৰকাৰ। ভালেকেইদিন যে শোৱা হোৱা নাই দেখিলে বুজিব পাৰি। আজি ৰাতি আমি দুটা থাকিম। অলপ পিছত জীতেন আৰু অভিজিতো আহি পাব। খুড়ীক লৈ সন্ধিয়া গুচি যাবা, ৰাতিপুৱা আকৌ আহিলেই হ’ল।

: তোমালোক আহিলা বাবে সাহস পাইছোঁ। নহ’লে মই পাগলৰ দৰে হৈছিলোঁ।

: ঘৰত কোন আছে এতিয়া? সাগৰিকাই সুধিলে 

: বা আৰু ভাইটি ঘৰত আছে। কিন্তু শান্তিত থাকিবপৰা নাই। আহিবলৈ বিচাৰি আছে, ময়ে মানা কৰিছোঁ। ৰাতি আহিব।

: আজি আৰু কোনো আহিব নালাগে, কিবা ইমাৰ্জেঞ্চি হ’লে মাতি দিম, আহি যাবা।

অবিনাশে ক’লে।

: পদুমক ফোন এটা কৰোঁ নেকি?

: কোন পদুম?

সাগৰিকাই আগতে শুনা নাই পদুমৰ কথা। মিলি আৰু সংঘামিত্রাৰ বাবেও নামটো অচিনাকি 

: আমাৰ লগৰ, কেইটামান দিন এইচিত আমাৰ হোষ্টেলতে আছিল। ফাৰ্ষ্ট চেমত আমি একেলগে ৰেগিং খোৱা। পিছত মেডিকেলত ছিট পাই সি জিএম চি লৈ গুচি আহে। বৰ ফূৰ্তিবাজ সি, চাবাচোন লগ পালে অচিনাকি যেন নালাগিব। সি আহিলে বহুখিনি হেল্প হ’ব। তাৰোপৰি আমাৰ হৈ ডাক্তৰৰ লগত সি কথা পাতিলে দুটা কথা বেছিকৈ জানিব পাৰিম, বোধকৰো বেটাৰ এটেনশ্যনো পোৱা যাব।

: ঠিকেই কৈছা৷

 মিলিয়ে শলাগিলে।

দীপকৰ ফোন পাই অলপ পিছতে পদুম আহি ওলালহি। অবিনাশে পদুমক আটাইৰে লগত চিনাকি কৰি দিলে। মিলিৰ লগত চিনাকি হওঁতে পদুমে হাতখন আগবঢ়াই দি ক’লে, 

: হাই, আই এম পদুম, নাম ত’ শুনা হি হোগা! 

পদুমৰ ধেমেলীয়া কথাত দুখৰ মাজতো আটায়ে হাঁহিলে। পদুমৰ উপস্থিতিত কেবিনৰ ভিতৰৰ পৰিবেশটো ভালেখিনি সলনি হৈ গ’ল। যেন এক ধনাত্মক বাতাবৰণ বিয়পি পৰিল কেবিনটোৰ ভিতৰত। অলপ হাঁহি ধেমালিৰ পিছত পদুমে উঠি গৈ নাৰ্ছিং ষ্টেচনটোৰ কাষলৈ যায়। পিছে পিছে লগত অবিনাশ। ৰোগীৰ স্বাস্থ্যৰ সঠিক তথ্য নাৰ্ছ কেইগৰাকীয়ে দিব পাৰিব। 

(ক্ৰমশঃ)

☆ ★ ☆ ★ ☆

3 Comments

  • কাবেৰী মহন্ত

    এই ধাৰাবাহিকখন আলোচনীৰ অন্যতম আকৰ্ষণ৷ পাছৰ মাহলৈকে ৰৈ থকাটোহে ধৈৰ্য্যৰ পৰীক্ষা৷

    Reply
  • Manalisha Kalita

    ভাল লাগিলে, ছপা আকাৰত দেখিবলৈ আশা কৰিলো

    Reply
  • বন্দিতা জৈন

    আগৰ কেইটামান খণ্ড পঢ়া নাই। পালে ভাল লাগিব।
    ভাল লাগিছে পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.