ফটাঢোল

সোণাৰুৰ হালধীয়া হাঁহি (ষষ্ঠ খণ্ড)-মৃদুল নাথ

একেলেথাৰিয়ে তিনিটা ক্লাছ কৰাৰ পিছত অবিনাশে আজি কিছু ভাগৰুৱা অনুভৱ কৰিলে। বিশেষকৈ প্ৰথম শাৰীত বহি ক্লাছ কৰিলে যে মগজুটোৰ ওপৰত জোখতকৈ অলপ বেছিয়েই বোজা পৰে, সেয়া আজি সি খুব ভালকৈ অনুভৱ কৰিছে। সেয়ে চতুৰ্থ ক্লাছটো আজি নহয় বুলি খবৰটো পোৱাত অবিনাশে হাতত সৰগ ঢুকি পোৱা যেন পালে। দীপকৰ লগত সি কেণ্টিনৰ ফালে আগবাঢ়িল, এতিয়া তাৰ গৰম চাহ একাপৰ খুবেই প্ৰয়োজন।

: চাহ দিবচোন হৰিকাই।

: চাহৰ লগত কিবা দিমনে? গৰম চিংৰা আছিল।

: দিয়ক।

কেণ্টিনৰ চাহকাপৰ সোৱাদ সাধাৰণ চাহকাপৰ দৰেই, কিন্তু আড্ডাৰ মাজত চাহকাপৰ সোৱাদ বহুগুণে বাঢ়ি যায়। এই যে কেণ্টিনখন, কেণ্টিনত চাহকাপ হাতত লৈ অফ পিৰিয়ডত লগৰীয়াৰ সৈতে দিয়া আড্ডাবোৰ, এয়া প্ৰতিজন এইচিয়ানৰ বাবে এক এৰাব নোৱৰা অংগ। ঠিক তেনেকৈ এই কেণ্টিনখনৰ আত্মাস্বৰূপ হৰিকায়ো প্ৰতিজন এইচিয়ানৰ বৰ আপোন। এইচিৰ জন্মলগ্নৰেপৰা কেণ্টিনখন চলাই থকা হৰিকাই এইচিয়ানৰ সুখত সুখী, দুখত দুখী।

: চাহ আৰু দুকাপ দিব দেই হৰিকাই।

সাগৰিকাৰ মাত শুনি অবিনাশে মূৰ তুলি চাই দেখিলে যে সাগৰিকা আৰু সংঘমিত্ৰা দুয়ো সিহঁত বহি থকা টেবুলখনৰ ফালেই আহি আছে। খালী চকী দুখন টানি আনি দুয়ো অবিনাশ আৰু দীপকৰ কাষত বহিল।

: নতুন মেডামক কেনে লাগিল? – সাগৰিকাই অবিনাশক সোধে।

: কেনে লাগিব পাৰে বুলি ভাবিছা?
: তুমিতো প্ৰথম দিনাই একান্ত বাধ্য ছাত্ৰ হৈ পৰিলা, ফাৰ্ষ্ট বেঞ্চত বহিবলৈ ক’লে নে নাই, পাৰ্মানেণ্টলি বহিয়ে দিলা।

: মেডামৰ লগত ফ্লাৰ্ট কৰি বেয়া নালাগিব যি দেখিছোঁ।

অবিনাশৰ কথা শুনি সাগৰিকাই কিবা ক’ব খুজিও মুখ মেলি ৰৈ গ’ল। তাইৰ মুখৰ অভিব্যক্তি দেখি দীপক আৰু সংঘমিত্ৰা হাঁহিত ফাটি পৰিল।

 ধোঁৱা ওলাই থকা গৰম চাহকাপত চুমুক দি দীপকে ক’লে,

: মিলিৰ কৈ হৈছে অ’? তাইক ক্লাছত নেদেখা আজি প্ৰায় এসপ্তাহে হ’ল। গা চা ভাল নহয় নেকি?

: কথাটো ময়ো মন কৰিছোঁ, তাই ক্লাছ বাংক কৰা ছোৱালী নহয়। – অবিনাশেও দীপকৰ কথাত হয়ভৰ দি সাগৰিকাৰ ফালে চালে।

: মিলিৰ দেউতাকৰ গা ভাল নহয়, অসুখ বেছি হৈছে। কালি জি এম চিত এডমিট কৰিছে, অলপ ছিৰিয়াছ বুলিয়ে গম পাইছোঁ। – সংঘমিত্ৰাৰ কথাত দীপক আৰু অবিনাশ দুয়ো আচৰিত হ’ল।

দীপকে খঙেৰে ক’লে,

: অঃ, তোমালোকে এবাৰ জনাবতো পাৰা। অবিনাশ, কি ভাবিছ?

: তাইক ফোন কৰ, কৈ দে আমি গৈ আছোঁ।

: ক্লাছ?

: এই মুহূৰ্তত মিলিক সহায় কৰাটো বেছি জৰুৰী। দৰকাৰ হ’লে লস্কৰ মেম আৰু এইছ অ’ ডিৰ লগত কথা পাতিম।

দীপকে ফোন কৰাৰ আগতেই সাগৰিকাই মিলিক ফোন কৰিলে, দুষাৰমান কথা পাতি তাই ফোনটো অবিনাশক দিলে। ফোনটো কাণত লৈ অবিনাশে মিলিৰ উচুপনিৰ শব্দ শুনা পালে। অবিনাশে মৌন হৈ তাইৰ কথাবোৰ শুনি গ’ল। শেষত অবিনাশে ক’লে,

: তুমি আৰু একো চিন্তা কৰিব নালাগে, আমি ডিপাৰ্টমেণ্টৰবোৰ আছোঁৱেই, দৰকাৰ হ’লে আমাৰ গোটেই হোষ্টেল উঠি যাব। তুমি আৰু টেনশ্যন নল’বা। দুঘণ্টাৰ ভিতৰতে আমি তোমাৰ ওচৰ গৈ পাম।

শেষৰ ফালে অবিনাশৰ মাতষাৰ অলপ উষ্ম হৈ উঠে। উৎকণ্ঠাৰে দীপকে সুধিলে,

: কেছটো কি, খং কেলেই উঠিল?

: মানুহবোৰ ইমান স্বাৰ্থপৰ কেনেকৈ হ’ব পাৰে বাৰু! এনে এটা বিপদৰ সময়ত মিলিহঁতৰ কাষত থিয় হ’বলৈ কোনো নাই, অথচ নাতিদূৰতে তাইৰ খুড়াকহঁত থাকে। হস্পিটালত দেউতাকৰ লগত এটেণ্ডেণ্ট হিচাপে থাকিবলৈ মানুহ এজন পাবলৈ নাই। মামাক দুজনৰ বয়স হৈছে, তাৰোপৰি ঘৰো দূৰৈত। মই কৈ দিলোঁ, আমিয়ে থাকি দিম।

: এইবোৰ থাকিবই, ব’ল মেডামৰ লগত কথাটো আলোচনা কৰি জি এম চিলৈকে যাওঁ। কলেজ বাছখনো পাবহি এতিয়া।

দীপকে বুজে, অবিনাশৰ কেনেবোৰ কথাত খং উঠে, আৰু কিদৰে তাক শান্ত কৰিব পাৰি। হৰিকাইক চাহ চিংৰাৰ পইচা দি চাৰিওজনে আহি লস্কৰ মেডামৰ কেবিনত সোমাল।  অবিনাশৰ কথাখিনি শুনি মেডামে নিজেই ক’লে,

: তোমালোকে গৈ খবৰ এটা কৰি আঁহা, ক্লাছকেইটা আজি নকৰিলেও কথা নাই।

: নতুন মেডামক আপুনি এবাৰ কৈ দিব, মোৰ প্ৰতি তেখেতৰ বৰ এটা ভাল মনোভাৱ নাই যেনে লাগিছে।

: হয় নেকি? হ’ব দিয়া, চিন্তা কৰিব নালাগে, মই কৈ দিম । – মেডামে হাঁহি এটা মাৰি ক’লে।

বাহিৰলৈ ওলাই আহি সাগৰিকাই অবিনাশক ক’লে,

: আমিও তোমালোকৰ লগত যাম বুলি ভাবিছোঁ, যদিহে একো অসুবিধা নহয়?

: ভালহে হ’ব। মই তোমালোকক কথাটো ক’ম বুলিয়ে ভাবিছিলোঁ। মিলিক এই মুহূৰ্তত সাহসৰ দৰকাৰ। জীৱনৰ তিতা অভিজ্ঞতাবোৰৰ সোৱাদ লোৱাৰ সময়ত আপোন দুই এজন কাষত থকাটো দৰকাৰ। মিলিয়ে তোমালোকক কাষত পালে ভাল পাব, সাহস পাব।

: নোটবুককেইখন লগৰ কোনোবা এটাৰ হাতত হোষ্টেললৈ পঠাই দিয়া, বাহিৰে বাহিৰে বাছত উঠি দিওঁ ব’লা।

দীপক আৰু অবিনাশে নিজৰ নোটবুককেইখন সৌমাৰৰ হাতত দি দিলে। কলেজ বাছখন ইতিমধ্যে আহি কেম্পাছত সোমাইছে। অবিনাশে ভাবিলে কথাটো জীতেন আৰু অভিজিতকো কোৱাটো ভাল হ’ব। সিহঁত দুয়োৰে ডিপাৰ্টমেণ্ট বেলেগ, মেকানিকেলৰ ক্লাছ চলি থাকিব, ইলেকট্ৰনিক্সৰো ক্লাছ থাকে এই সময়খিনিত। কিবা এটা ভাবি অবিনাশে ক্লাছ শেষ হোৱাৰ পিছত ফোন এটা কৰিবলৈ অভিজিতলৈ মেছেজ এটাকে দি থ’লে।

কলেজ বাছখন প্ৰায় খালীয়ে আছিল, এইখিনি সময়ত সিমান এটা ভীৰ নাথাকে। ৰাতিপুৱা আৰু আবেলি সময়ত, বিশেষকৈ কলেজ ছুটিৰ সময়ত বাছখনত ছীট পাবলৈ টান। খালী বাছখন লৈ যোৱাৰ সময়ত কণ্ডাক্টৰজনে ৰাস্তাত মানুহ পালে উঠাই লৈ যায়, তাত কোনেও আপত্তিও নকৰে। বাছৰ ড্ৰাইভাৰ, কণ্ডাক্টৰকেইজনে নিজৰ দৰমহাটো সময়ত পাব নে নাই, তাকো সঠিককৈ কোনেও ক’ব নোৱাৰে। মাজে মাজে অবিনাশৰ লগত কণ্ডাক্টৰকেইজনৰ কথা হয়, সেই কথাবোৰৰ মাজত থাকে কংক্ৰিটৰ মহানগৰীখনত চলা জীৱন যুঁজৰ কথা। ডাৰউইনৰ সূত্ৰবোৰৰ সঠিক বিশ্লেষণ বিচাৰি অ’ত ত’ত যোৱাৰ প্ৰয়োজন নাই, এই মানুহকেইজনৰ জীৱন শৈলী নিৰীক্ষণ কৰিলেই সেয়া জলজল পটপটকৈ ওলাই পৰে। ৰাস্তাত দুজন মানুহ উঠাব পাৰিলে হয়তো গধুলি ঘৰলৈ যাওঁতে পৰিয়ালৰ বাকীকেইজন সদস্যৰ বাবে অলপ হাঁহি কিনি লৈ যাব পাৰিব। এই যে সৰু সৰু মানুহবোৰ, যিবোৰ দুখীয়া অথচ খাটিখোৱা মানুহ, তেনে মানুহৰ বাবে হাঁহিবোৰৰ দাম বেছি নহয়। দুটামান মিঠাই বা এটা পুতলা কিনিব পাৰিলেই কাৰোবাৰ ঘৰ এখনত হাঁহিৰ জোৱাৰ উঠিব পাৰে। অবিনাশে সেয়া জানে, বুজে। নিজৰ খেৰৰ ঘৰখন গুচি টিনৰ ঘৰ, মাটিৰ কেঁচা ঘৰটো গুচি পিছত হাফ ৱালৰ পকীঘৰ হোৱাটো অবিনাশে নিজেই দেখিছে। অবিনাশে দেখিছে দেউতাকে মাহৰ প্ৰথমটো সপ্তাহত মাংস বেছিকৈ কিনি অনাৰ দিনা মাকৰ মুখত দেখা হাঁহি। অবিনাশৰ নিৰামিষভোজী মাকে বুজিছিল, দেউতাকে মাহৰ দৰমহাকেইটা পালে। হাঁহি ফুটি উঠিছিল অবিনাশৰ নিজৰ মুখত, কাৰণ সি জানিছিল সিদিনা ৰাতিৰ সাঁজটোত তাৰ ভাগৰ মাংসৰ বাটিটোত চাৰিৰপৰা পাঁচ টুকুৰালৈকে মাংস পৰিব। তেনে এটা দিন মাহত এদিনেই আহিছিল। তাৰ মাজতে কেতিয়াবা চহৰৰপৰা দেউতাকে লৈ অনা মিঠাইৰ টোপোলাটো দেখিলে অবিনাশৰ ঘৰতো হাঁহিৰ জোৱাৰ আহিছিল। সৰু মানুহৰ হাঁহিবোৰ একেই, সুলভ হ’লেও সস্তীয়া নহয়, অন্তৰখোলা হ’লেও কপট নহয়। পিছে আজিৰ কথাটো বেলেগ, অবিনাশে সোনকালে কাছাৰী পোৱাটো বিচাৰিছে। সেয়ে অবিনাশে কণ্ডাক্টৰজনক কাষলৈ মাতি আনি ক’লে,

: ৰমেশদা, আজি দৰকাৰ নহ’লে গাড়ী ৰাস্তাত নৰখাব, আমি জি এম চি লৈ যাব ওলাইছোঁ, সোনকালে গৈ পোৱাটো দৰকাৰ।

(ক্ৰমশঃ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.