ফটাঢোল

সৰগ চোৱাৰ মন – সদানন্দ ভূঞা

বোলো ৰাইজসকল, আপোনাসৱে শুলেই নেকি? শুলে যদি আমনি নকৰোঁ আৰু ন। কি ক’লে? নাই শুৱা। তেন্তে আৰম্ভ কৰিয়েই দিওঁ ন। নিশাও বহুত হ’ল। মানে আচল কথাটো হ’ল… অমুকাৰ সৰগখন চোৱাৰ বৰ হেঁ‌পাহ। এদিনৰ বাবে হ’লেও সৰগখন চোৱাৰ দুৰ্বাৰ হেঁ‌পাহ। সৰুৰে পৰা এইটো হেঁ‌পাহে মোক বৰকৈ আমনি কৰি আছে। আশা-নিৰাশাৰ মাজত বহুতো হেঁ‌পাহ পুৰণ হ’ল। পিছে আজিকোপতি সৰগ চোৱাৰ হেঁ‌পাহ পুৰণ নহ’ল। কিমান দুখ, কিমান হা-হুমুনিয়াহ বুকুত কঢ়িয়াই লৈ ফুৰিছোঁ আপোনালোকে কি বুজিব? নাপাই দেই নাপাই, ইমান কাঠচিতীয়া কঠুৱা হ’ব নাপায়। এই হেঁ‌পাহ দুৰ্বাৰ কিয় নহ’ব কওঁকচোন? সৰুতে ককা-আইতাৰ মুখেৰে সৰগৰ বিষয়ে কিমান ৰসাল বৰ্ণনা শুনিলোঁ। তাৰপিছত মা-দেউতাৰ পৰা সৰগৰ গুণ-গান শুনিলোঁ। ইয়াৰোপৰি সকলোৱে দেখোন সৰগখনক সুখৰ ঠাই বুলিয়েই কয়। জীয়াই থকা দিনকেইটাতেই ইমান দুখ-বেদনা, তাতে আকৌ মৃত্যুৰ পিচত নৰকৰ জ্বালা-যন্ত্ৰনা। কায়-মনোবাক্যে কোনে বাৰু এনেকুৱা হোৱাতো কামনা কৰে কওঁকচোন বাৰু। সৰগত হেনো পূন্যৱান লোকসকলেহে প্ৰৱেশ কৰিব পাৰে আৰু সৰগৰ বাসিন্দা হয়। জীৱনত জীয়াই থকা দিনকেইটাত কেনেবাকৈ সৰগখন চাব পাৰিলোঁ হয়, তেন্তে নিজকে পূণ্যৱান বুলি নিশ্চিত হ’ব পাৰিলোঁ হয়। কিন্তু কি কৰিম, ফুটা কপাল। শুনিছোঁ সৰগতহে বোলে পাৰিজাত ফুল ফুলে। পাৰিজাত ফুলৰ সুগন্ধ আৰু সুৱাসে বোলে সৰগখন আমোল-মোলাই ৰাখে। তাৰে যদি এপাহ পাৰিজাত ফুল আনি অমুকাৰ শ্ৰীমতীক দিব পাৰিলোঁ হয়… দেহি ঐ, কিমান যে আনন্দ পালে হয়। কেতিয়াবা তেওঁৰ সন্মুখত পকেটৰ পৰা মানিবেগটো উলিয়ালে যিমান আনন্দ পায়, তাতকৈ এখুদমান বেছি আনন্দ পালে হয় চাগে। পিচে কি দাল হ’ব… ভৱা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। সৰগ চোৱাৰ হেঁ‌পাহ কিন্তু নিৰাশাবোৰে কোনোপধ্যে বাধা দিব পৰা নাই। বয়স হ’ব পাৰে, হেঁ‌পাহবোৰ কিয় মৰহিব দিমহে? মই শংকৰ-মাধৱৰ জন্মভূমি অসমৰেই সন্তান। তেৰাসৱে কীৰ্তন ঘোষা নামঘোষাত ইমান সুন্দৰকৈ সৰগৰ বৰ্ণনা দি গৈছে। অমুকাই সেইবোৰ পঢ়ি-শুনি সৰগ চোৱাৰ হেঁ‌পাহ জাগি নুঠিব নেকি, আপোনালোকেই কওঁকচোন।

যদি কেতিয়াবা কেনেবাকৈ জীয়াই থকা দিনকেইটাত সৰগ চাবলৈ সৌভাগ্যৱান হওঁ তেন্তে প্ৰথমতে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱৰ চৰণত আঁঠু ল’ম। তেখেতৰ কৃপাতেই জানো অমুকাই চিৰ বিনন্দীয়া চিৰ সেউজীয়া অসমী আইৰ বুকুত জন্ম লাভ কৰা নাছিলোঁ? তেখেতৰ কৃপাতেই আজি ‘চিৰ চেনেহী, ভাষা জননী’ৰ মহান সাধক ফটাঢোলৰ এজন সদস্য হোৱাৰ সৌভাগ্য জানো অমুকাৰ হোৱা নাই? তেখেতক পৰজনমতো যেন অমুকাক অসমী আইৰ সন্তান হিচাবে এই বিনন্দীয়া ধৰালৈ মনুষ্য হিচাবে পঠিয়াই দিয়ে তাৰবাবে কাকুতি কৰিম। ইয়াৰ অন্যথা মৃত্যুৰ পিচত ফটাঢোল কেনেকৈ বজাম বাৰু আপোনালোকেই কওঁকচোন। ব্ৰহ্মাদেৱক সাক্ষাৎ কৰাৰ পিছত অমুকাই পালনকৰ্তা বিষ্ণুদেৱক সাক্ষ্যাৎ কৰিম। তেখেতৰ শ্ৰীচৰণত সাষ্টাংগে প্ৰণিপাত কৰি ক’ম… হে প্ৰভু, ফটাঢোলৰ মই এজন সাধাৰণ সদস্য। এজন সাধাৰণ সদস্য হিচাবে ফটাঢোলৰ গুণ-গৰিমাসমূহ তেখেতৰ আগত ব্যক্ত কৰিম আৰু ফটাঢোল যাতে দীৰ্ঘায়ু হয় তাৰবাবে তেখেতৰ শ্ৰীচৰণ যুগলত ধৰি আশীৰ্বাদ বিচাৰিম। তাৰপিছত বাবা ভোলানাথৰ ওচৰলৈ গৈ আঠু লৈ ক’ম… হে বাবা ভোলানাথ, আজি মোৰ পৰম সৌভাগ্য। আপোনাসৱৰ দৰ্শন আৰু আশীষত অমুকাৰ জীৱন ধন্য হ’ল। প্ৰভু, কৰযোৰে এটি নিবেদন। অমুকাক শতায়ু গৰকা আশীৰ্বাদ দিয়ক। যাতে এশ বছৰলৈ অমুকাই বিৰামহীন ভাবে ফটাঢোল বজাব পাৰোঁ। তেখেতৰ পৰা বৰ লৈ পাৰিলে তেখেতৰ অনুমতি লৈ আমাৰ ফটাঢুলীয়া কেইজনমানৰ বাবে মনিপুৰীয়া ভাং অলপমান আনিব পাৰোঁ তাৰবাবেও যৎপৰোনাস্তি চেষ্টা চলাম। তেখেতক সাক্ষাৎ কৰাৰ পিচত আইমাতৃ লক্ষ্মীদেৱীৰ শ্ৰীচৰণ যুগলত সাৱটি ধৰিম। তেখেতৰ হস্তযুগলত থকা কলহটোৰ পৰা অহৰ্নিশে নিগৰি থকা ধন-বিত কিঞ্চিতমান যাতে অমুকাক দিয়ে তাৰবাবে কাকুতি-মিনতি কৰিম। আপোনালোকে চাগে ভাৱিছে ধন-বিত কেৱল অমুকাৰ সংসাৰৰ বাবেহে বিচাৰিম। ইহ্ অমুকা ইমান পেটকপটীয়া নহয় দিয়ক। ফটাঢোলৰ প্ৰীতি সন্মিলন, প্ৰীতি বনভোজ, বাৰ্ষিক অধিবেশন আদিত আপোনালোকতকৈও সৰহকৈ দি দিম। ইয়াৰ পিছত আই সৰস্বতীক সাক্ষাৎ কৰিম। তেখেতৰ শ্ৰীচৰণ যুগলত প্ৰণিপাত কৰি মোৰ মনৰ দুখবোৰ ইনাই-বিনাই কান্দি কান্দি প্ৰকাশ কৰিম। সকলোবোৰ কথা খুলাখুলিকৈ ক’মেই, গম পাব তেতিয়া। প্ৰত্যেক মাহতে চম্পাসকল আৰু প্ৰশাসকমণ্ডলীয়ে আলোচনীখনৰ বাবে কুটুৰি কুটুৰি লিখনি বিচাৰিব আৰু ৰিজাল্ট দিওঁতে প্ৰত্যেক মাহতে তৃতীয় বিভাগত উত্তীৰ্ণ। এক তাৰিখ দুই তাৰিখ বাদেই তিনি তাৰিখে বেলি ডুবাৰ সময়তহে মোৰ লিখনিবোৰ দেখা দিয়ে। সকলোৱে মোক গেজু কৰে। সেইবাবে তেখেতৰ ওচৰত আশীৰ্বাদ বিচাৰিম… হে মাতৃ, আপোনাক মই সকলো কথা খুলি ক’লোঁ । এই তিনি সংখ্যাটো হজম নোহোৱা হৈছে আৰু অসহ্যকৰ হৈ পৰিছে। আপুনি এনেকুৱা আশীৰ্বাদ দিয়ক, মই যাতে প্ৰতি মাহতে এক সংখ্যাটোহে দেখি পাঁও। ইয়াৰ পিছত মা দুৰ্গা আৰু মা কালীক সাক্ষাৎ কৰিবলৈ ভয় লাগিলেও মই তেখেতসকলক সাক্ষাৎ কৰিবই লাগিব। কাৰণ আই অসমীৰ বুকুত আজি বহুদিনৰ পৰা বহু পাষণ্ডই অসমীৰ আইৰ মান-অভিমান ধুলিস্যাৎ কৰি অসমী আইৰ বুকুতে টিঘিলঘিলাই আছে। কোনোবাই ‘চলো পাল্টাই’ কোনোবাই ‘মিঞা কবিতা।’ উফ অসহ্য, এনে দেশদ্ৰোহীবোৰক ধ্বংস কৰিবলৈ অসমী আইক ৰক্ষা কৰিবলৈ মা দুৰ্গা আৰু মা কালীৰ আৱিৰ্ভাৱ নিত্যান্তই প্ৰয়োজন হৈ পৰিছে। সেয়েহে অসমী আইক ৰক্ষা কৰিবলৈ তেখেতসকলক কাকুতি-মিনতি কৰিম। পাৰিলে আই সীতা মাতাক এবাৰ চোৱাৰ হেঁ‌পাহকণো নথকা নহয়। শুনিছোঁ সৰগৰ ৰজা ইন্দ্ৰ দেৱতাৰ ৰাজ নৰ্তকী উৰ্বশী, মেনকা, ৰম্ভা বোলে অতীব সুন্দৰী নৃত্য-নৰ্তকী। তেখেতসকলৰ দৰিশণতো নয়ন যুগলক সাৰ্থক কৰাৰ হেঁ‌পাহ এটা গুপুতে পুহি নৰখা নহয়। কি ক’লে? তেখেতসকল এতিয়া বুঢ়ী হ’ল। এইষাৰ কথা কোনে ক’লে বাৰু? হেৰি আপোনালোকে মোক কি এতিয়াও চফল ডেকা বুলিয়েই ভাৱি আছে। হেৰি বয়স হ’ল বুজিছে, বয়স হ’ল। বয়স অনুপাতেহে হেঁ‌পাহকন সাৱটি লৈ আশাৰ সপোন দেখি আছোঁ। আৰু শুনক, এই অজামিলটোক যদি লগ পাওঁ… প্ৰথমতে এটা কাণতলীয়া চৰ সোধাম আৰু তাৰপিছতহে কথা পাতিম। হেৰৌ মহাপাপী, গোটেই জীৱনটোৱেই পাপ কৰি কৰি মহাপাপত ডুব গ’লি। মৰিবৰ সময়ত পুতেৰ নাৰায়ণৰ নাম লৈ একেঢাপে সৰগ পালিহি। হেৰৌ আমাৰ অসমৰ ভকত-বৈষ্ণৱসকলে দিনে-নিশাই নাৰায়ণৰ নাম লৈ লৈ আজিলৈকে কোনো এজনেও সৰগ নাপালেহি। অন্যায়, এয়া সৰগৰ নাৰায়ণৰ ঘোৰ অন্যায় অবিচাৰ। পিছে যিয়েই নহওঁক অমুকাই নিগাজিকৈ সৰগত থকাৰ হাবিয়াসকণ কৰা নাই দেই। মাত্ৰ এদিনৰ বাবেহে সৰগখন চোৱাৰ হেঁ‌পাহকন কৰিছোঁ। কিন্তু অগত্যা অজামিলৰ দৰে ময়ো যদি সৰগত নিগাজিকৈ থাকিবলগীয়া হয় তেন্তে কি কৰিম? অকলে জানো সৰগত থকা সম্ভৱ। অচিন ঠাই, কেনেকৈ থাকিম। নিৰুপায় হৈ যদি অমুকা সৰগতে নিগাজিকৈ থাকিবলগীয়া হয় তেন্তে হেমন্ত কাকতি, সোমেশ্বৰ বৰা, অতুল নাথ, অভিজিত দত্ত, ভবেন মহন্ত, অভিজিত কলিতা আৰু মিনতি মহন্ত বাইদেউকো যাতে সৰগতে স্থান দিয়ে তাৰবাবে ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক অনুনয়-বিনয় কৰি কাকুতি-মিনতি কৰিম। অৱশ্যে হেমন্ত কাকতিৰ সংগ ভালপোৱাসকলে অমুকাক কিছু মাননী আগবঢ়াই অৱগত কৰিলে তেখেতসকলৰ বাবেও নিশ্চয়কৈ প্ৰাৰ্থনা জনাম। সৰগত নতুনকৈ মোবাইল সংযোজনৰ ব্যৱস্থা কৰাম। আমি কেইজনে মিলি নতুন এটা হাস্য-ব্যংগ গোট খুলিম। সৰগতো অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি কৰিম। সৰগত অসমীয়া ভাষাই গুমগুমাই যাব। ৱাও! ভাৱিয়েই যে কি ভাল লাগিছে।

ৰাতি বিচনাত বাগৰি বাগৰি দুপৰ নিশালৈকে এইবোৰকে ভাৱি আছোঁ। গৰমৰ দিন, খিৰিকী খোলা। ৰাতি বাৰ বাজিছে, খিৰিকীৰে ভুমুকি মাৰি চাওঁতে আমাৰ ঘৰৰ দাঁ‌তিতে থকা খেলপথাৰখনত দেখিলোঁ… এটা অতি উজ্বল পোহৰ ওপৰৰ পৰা তললৈ উঠা-নমা কৰি আছে। উৎসুকতা দমাব নোৱাৰি লংপেন্ট আৰু চোলাটো পিন্ধি খেল পথাৰলৈ বুলি ওলাই গ’লোঁ। কাষলৈ গৈ দেখিলোঁ বহু দূৰ দিগন্তৰ পৰা নামি আহি পৰিছে এদাল সোনৰ জখলা। কি সুন্দৰ জখলা জখলাৰ চিকমিকনিত খেলপথাৰখন পোহৰাই তুলিছে। ইমান পোহৰ পৰাৰ পিছতো মোৰ বাহিৰে খেল পথাৰখনত কোনো নাই। তাৰমানে এয়া কেৱল মইহে দেখিছোঁ। উফ ৰক্ষা, ইমানদিনে পুহি ৰখা মোৰ মনোবাঞ্চা আজি সফল হোৱাৰ পথত। ভগৱানে মোৰ প্ৰাৰ্থনা শুনি সৰগলৈ যাবলৈ বুলি এই সোণৰ জখলাডাল পেলাই দিছে। কিয় নকৰিব… ভক্ত সদায় ভগৱানৰ অধীন। ভগৱন্তই সদায় ভক্তৰ মনোবাঞ্চা পূৰণ কৰিবই। সেয়া নিৰ্ভৰ কৰে ভক্তৰ ধৈৰ্য্যৰ ওপৰত। ধৈৰ্য্যৰ ফল সদায় মিঠা। বাৰু যিয়েই নহওঁক সুযোগ পাইছোঁ যেতিয়া সুযোগৰনো অপচয় কিয় কৰোঁ। নাজানোহো আৱাহন, নাজানোহো বিসৰ্জন বুলি জখলাডালত ভৰি দিলোঁ। কি আচৰিত, মৈ হেন জখলা এডালত বগাবলৈ ভয় কৰা অমুকাই ইমান খৰকৈ কেনেকৈ এই জখলাডাল বগাই আছোঁ বাৰু? বগাই আছোঁ বগাই আছোঁ… এয়া চন্দ্ৰটো মোৰ কাষেৰে পাৰ হৈ গ’ল। বগাই আছোঁ বগাই আছোঁ… এয়া এইমাত্ৰ বুধ গ্ৰহ পাৰ হ’লোঁ। এইয়া শুক্ৰ গ্ৰহও পাৰ হ’লোঁ। বগাই আছোঁ বগাই আছোঁ… এইয়া পৃথিৱীখনো পাৰ হ’লোঁ। এইয়া মংগল গ্ৰহও পাৰ হ’লোঁ। হেই হেই হেই… উস ৰক্ষা। অলপতে বৃহস্পতি গ্ৰহৰ খুন্দা খাওঁ। আটাইতকৈ ডাঙৰ গ্ৰহটোৰ খুন্দা খোৱা হ’লে অমুকাৰ অৱস্থা কি হ’লহেঁতেন বাৰু? আপোনালোকে হাত তালি বজাই কিৰিলি পাৰি চিঞৰ-বাখৰ কৰাটো অলপ কম কৰকচোন। ময়ো জানো, আপোনালোকে মোক উৎসাহ আৰু সাহস দি আছে। আপোনালোকৰ উৎসাহতে খৰধৰকৈ বগাবলৈ গৈ… থু থু থু ভাল বাচিলোঁ দেই। বিৰাট ভয় খালোঁ দেই। ভয় খালেও উপাই নাই। সৰগলৈ বুলি যাত্ৰা কৰি আছোঁ ভাই। এয়া তিনিটা আঙুঠিৰে থকা শনি গ্ৰহটো পাৰ হ’লোঁ। হে শনি বাবা, তোমাৰ কোপ দৃষ্টি দি মোৰ আশাত চেঁ‌চা পানী নাঢালিবা প্ৰভু এয়া ইউৰেণাচ পাৰ হ’লোঁ, এয়া নেপচুন পাৰ হ’লোঁ। এয়া সৌটো প্লুটো। প্লুটো পাৰ হ’লেই সৰগৰ সোণ খচোৱা গেটখন দেখা পাম। এক দিৱস এক ৰাত্ৰি বগাব পাৰিলেই সৰগলৈ সোমোৱা গেটখন পাম। ৰ’বচোন ৰ’ব, আপোনালোকে বৰকৈ হাই-হুলস্থুল নকৰিব। কিবা এটা শুনিছোঁ মই। ৰিণিকি ৰিণিকি বহু দূৰৰ পৰা মাত এটি ভাহি আহিছে। হয় হয়, ঠিকেই শুনিছোঁ মই। সেয়া মোৰ শ্ৰীমতীৰ মাত। “হেৰি, শুনিছেনে। ধেৎতেৰি, কিবা শুভ কামত ওলাই আহিলে পত্নীসকলে পতিবোৰক পিছফালৰ পৰা কিয় মাত লগাই দিয়ে বাৰু। বৰ অশান্তি কৰি মাৰেহে। গোটেই সংসাৰখনৰ দ্বায়িত্ব সুচাৰুৰূপে শৃংখলাভাৱে চলাই নিবা তাৰপিচত শুনিবা তেওঁলোকহে সৰ্বজান্তা। আমি পতিবোৰ ধোদৰ পচলা, একো নাজানো। এলেহুৱা, অকৰ্মন্য, বহি খোৱা, অবোধ বালক। সেয়া মৰতীজনীয়ে আকৌ চিঞৰিছে দেখিছেনে। হেৰি শুনিছেনে, কত আছে হঞে। ধেই জীৱন, ক’ত আৰু সৰগলৈ যাবা। নামিয়েই যাওঁ আৰু। নহ’ব, এই জনমত সৰগ চোৱা নহ’ল আৰু। চেহ ইমান আশা কৰিছলোঁ সৰগখন চাম। সেয়া মোৰ ছোৱালীজনীয়ে মাকক চিঞৰি কৈছে… মা, দেউতা বাথৰুমতো নাই টয়লেটটো নাই। হেৰৌ মৰাহঁত, তহঁতে কেলেই ইমান হামৰাও কাঢ়ি মৰিছ ঐ। গৈ আছোঁ, গৈ আছোঁ। ঘৰত থাকিলেতো গোটেইসোপাই শান্তি নিদিয়তো নিদিয়ই, বাহিৰলৈ অলপ ওলাই আহিলেও শান্তি নিদিয়। সেয়া এইবাৰ আকৌ বাৰাণ্ডাৰ পৰা মাকক টেটুফালি চিঞৰি কৈছে… মা, দেউতা শাকনিবাৰীতো নাই। উফ ৰাম, এই কেইটাই গৈ নোপোৱালৈকে কেনেকুৱাখন কৰিছে চা। হাৰে আহি আহিচোন মই চন্দ্ৰ গ্ৰহ পালোঁহি। সেয়া আকৌ শ্ৰীমতীৰ মাত… এই মানুহটোৰ পৰা উপাই নাই আৰু। ক’ত মৰিবলৈ যায় জানো? আহক আজি, দিম এসেকা। এইষাৰ শুনি ভয়ে ভয়ে তললৈ আমাৰ ঘৰলৈ চাই দেখোঁ… এওঁৰ হাতত বেলনা মাৰডাল।। খপজপকৈ নামিবলৈ লওঁতে জখলাৰ পৰা হাত দুখন এৰা খাই মই গুলি অহাদি তললৈ উৰি উৰি আহি আছোঁ। মই এইবাৰহে একেবাৰে চেটেপ। আ আ আ আ আ ধুপুচ। এওঁ ধহমহকৈ বিচনাৰ পৰা উঠি… হেৰি কি হ’ল আপোনাৰ? মইয়ো ভয়তে চকু দুটা মোহাৰি মোহাৰি চাওঁ… অমুকা বিচনাৰ তলত ধাপলাং। হে হৰি, তাৰমানে ইমান সময় অমুকাই সপোনহে দেখি আছিলোঁ। এওঁ বিচনাৰ পৰা নামি… হেৰি আপুনি দুখ-চুখ কৰবাত পালে নেকি? আৰু ফটাঢোল কৰক, ফটাঢোল কৰি কৰি আজেবাজে সপোনবোৰ দেখি থাকক। সেইকাৰণে অমুকীয়ে সদায় সদায় ফটাঢোল নবজাবলৈ সকিয়াই থাকোঁ। নাই তেওঁৰ কথাহে কথা, অমুকীৰ কথা ক’ত শুনিব। পাইছে মছলাটো কওঁকচোন কি সপোন দেখিছিলে? মই পৰাৰ পৰা উঠি বিচনাত বহি লৈ… নাই দেখাহে সপোন। বাগৰ সলাওঁ‌তে লুটি খাই পৰিলোঁ নেকি? সপোনৰ কথা কিয় ক’ম? নকওঁ। ক’লে যিখনহে হাই ঐ বি ঐ কৰিব, আপোনালোকে কি বুজিব? সপোনৰ কথা কোৱা হ’লে… শ্ৰীমতীৰ সুন্দৰ মুখৰ সুন্দৰ বচন… “কি ক’লে? আপুনি অকলে সৰগলৈ বুলি যাব ওলাইছিলে। মইনো আপোনাৰ কোনটো পানী খোৱা পুখুৰীত বিহ ঢালিছিলোঁ হঞে। আপুনিতো মোকো লগ ধৰিব পাৰিলে হয়। আজিলৈকে পিতাইৰ ঘৰৰ বাহিৰে বেলেগ ক’ৰবালৈ আপুনি ফুৰাবলৈ নি পাইছে। ক’ত নিব? বান্দী খাটিবলৈহে আপোনাৰ লগত সংসাৰ কৰিছোঁ। ইমান কাঠচিতীয়া হ’ব নাপাই দেই, মহাপাপে চুব।” … এনেকুৱাই আৰু।

হেঃ হেঃ হেঃ… সৰগলৈ যাবলৈ নাপালে কি হ’ব? সপোনতে হ’লেও সৰগলৈ যোৱা সোণৰ জখলাডাল বগাব পাৰিলোঁ… নে কি কয়?

☆★☆★☆

2 Comments

  • কাবেৰী মহন্ত

    ভাল লাগিল ৷

    Reply
  • নীলাক্ষি দেৱী ডেকা

    ভাল লাগিল দাদা। সৰগলৈ ময়ো এপাক মাৰিম কেতিয়াবা।

    Reply

Leave a Reply

Your email address will not be published.