ফটাঢোল

সৰুমাছ – আদিত্যজ্যোতি বৰঠাকুৰ

কিছুমান কথাত তাৰ দৰে ঠাণ্ডা মানুহৰো বৈদ্য খং উঠে৷ খঙৰ ভমকত যা তা কাম কৰি দিবলৈ মন যায়৷ এই দেওঁবাৰ এটাৰ কথাকে ধৰক….

দেওঁবাৰ বুলি পুৱা ৯ টা ১০ টা মান বজাত শুই উঠি “বে’ড টি” একাপ পোৱাতো তাৰ দৰে ঠাণ্ডা মানুহে মৌলিক অধিকাৰ বুলিয়েই ভাৱে৷ কিন্তু হিটলাৰী শাসন ব্যৱস্থাত কি মৌলিক অধিকাৰ…..কি কৰ্ত্তব্য.! ! !

পুৱা ৬ নাবাজোতেই তাক তাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল ঘৰলৈ আলহি অহাৰ অজুহাতত, ধেৰ কাম থকাৰ অজুহাতত……বজাৰ-সমাৰৰ মূল দায়িত্ব অৰ্পনেৰে৷ একেবাৰে পুৱাই পুৱাই গ’লেহে ভাল মাছ পাবা, ঠগ নোখোৱা জাতীয় জ্ঞানবাণীৰে তাক তাৰ দায়িত্ব, কৰ্তব্যবোৰ সোঁৱৰাই দিয়া হ’ল৷ সিও উপায়হীন হৈ উৰহৰ খং ভগা ঢাৰিত জাৰি ৰাতিপুৱাই বনিজলৈ ওলাই অহা বেপাৰীকেইটাকে মনৰ ভিতৰতে গুৱাল গালি কেইটামান দি ৭ মান বজাত বজাৰলৈ ৰাওনা হ’ল৷

বজাৰত লগৰ কেইটামান নিমাখিত বিবাহিত পুৰুষক লগ পাই অলপ আড্ডা জমাই, বজাৰত বেপাৰী কেইজনৰ “আপোনাক বুলিহে ইমান কমত একো লাভ নোখোৱাকৈ দিছো” জাতীয় উৎসাহপূৰ্ণ মন্তব্য তথা তাৰ “ফিল্ড” দেখি পৰম সন্তোষেৰে লিষ্টমতে বজাৰ সমাৰ কৰি তথা তাৰ ফালৰ পৰা জীয়া টাটকা সৰু সৰু মাছ আধা কেজিমান লৈ সি ঘৰমুৱা হ’ল৷

ঘৰলৈ আহিয়েই “সেই তেতিয়াই গৈ এইকেইটা বজাৰ কৰোতেই ইমান দেৰী….” জাতীয় তীব্ৰ শ্লেষপূৰ্ণ মন্তব্যৰে থকা সৰকা হৈও পৰম ধৈৰ্যৰে সকলো সহ্য কৰি গ’ল৷ কিন্তু সৰু মাছৰ টোপোলাটো দেখি যেতিয়া “এইসোপা মই এতিয়া বাচিব নোৱাঁৰো দেই, ইমান সোপা কাম আছে…” বুলি শ্ৰী মতীয়ে গালিৰ সোপানটো খুলিলে, তাৰ ধৈৰ্যৰ সকলো বান্ধ চিগি গ’ল……এক কথাত তাৰ তাঁৰ চিগি গ’ল৷ সৰু মাছৰ চৰ্চৰি, পাতত দি খোৱাৰ সপোন নিমিষতে মাৰ যোৱাত তাৰ ভিতৰৰ পশু জাগ্ৰত হৈ উঠিল আৰু খংৰ ভমকত সি মাছ বচা বঠিখন লৈ কেতিয়াও নকৰা কাম এটা কৰি পেলালে৷

*********

বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু সি এটা সত্য কেইমুহূৰ্তমানৰ ভিতৰত আৱিষ্কাৰ কৰি পেলালে……এটা এটাকৈ সৰু মাছ বাচি থকা কামটো সচাঁকৈ বিৰাট কামোৰ কাম হে, তাতে যদি আপোনাৰ কাষেদি পাৰ হৈ যোৱা অপোনাৰ ঘৰৰ আন মানুহে মাছ বাচি থকা আপোনাক দেখি “পালি মজাটো” ধৰণৰ বেকা হাঁহি এটা মাৰি থৈ যায়৷■■

Leave a Reply

Your email address will not be published.