ফটাঢোল

হিমা দাস, মূর্দাবাদ!- অভিজিত মেধি

যিটো কাম নিজে জীৱনত এবাৰো কৰিয়েই পোৱা নাই সেই কামটো অইনে কৰি থকাৰ সময়ত বিশেষজ্ঞ ওলাবলৈ যোৱাজন আচলতে মূৰ্খ, জধা মূৰ্খ! অন্ততঃ মই তেনেকৈয়ে ভাবোঁ। সেয়ে কিছুমান কথা বা কামৰ সমালোচনা এৰাই চলোঁ, সেয়া লাগিলে বন্ধু মহলতেই হওক অথবা অন্য ক’ৰবাত।

আজি কিছুদিনৰ আগতে বহু সমলোচিত ট’পিক আছিল- হিমা দাসে কিডাল দৌৰে! বহুতেই বিশেষজ্ঞৰ চোলা পিন্ধি উপদেশৰ ফুলজাৰি মেলি দিছিল। দৌৰিব এনেকৈ লাগে, তেনেকৈ লাগে, অমুক, তমুক…! কেৱল সিমানতেই শান্ত নাথাকি দুই এজনে আকৌ হিমা দাস এনেকুৱা তেনেকুৱা ধৰণৰ মন্তব্যও দিছিল। পুতৌ ওপজে এইবোৰলৈ। এনেকুৱা সমালোচনাত আগভাগ লোৱা মানুহ আপুনি য’তে ত’তে দেখিব। আমাৰ ছ’চায়েটিৰ ৰাতিপুৱাই প্ৰাতঃভ্ৰমণত যোৱাকেইটাৰতো কথাই ক’ব নালাগে, সিহঁতকেইটা আগৰণুৱা এইবোৰত! এইকেইজনে চাগে নিজকে উছেইন ব’ল্টৰ ৰিস্তেদাৰ বুলি ভাবে! বাপৰে বাপ, দৌৰাৰ ওপৰত কি গুৰু গহীন মন্তব্য! এওঁলোকেই জীৱনত দৌৰি পাইছে আৰু। আমিতো আগৰ জনমত শামুকহে আছিলোঁ, লটাৰীত নাম উঠাতহে মানুহ হৈ জনম লভিলোঁ যেনিবা!

যিয়েই নহওক, মই কিন্তু কোনোদিনেই হিমা দাসৰ  সমালোচনা কৰা নাই, অথবা অইনে কৰা সমালোচনাৰ মাজত মৌনমোহন সিং হৈ বহি থাকিবলৈও যোৱা নাই। কাৰণ মই নিজকে নিজে চিনো। নিজে দৌৰা দূৰৈৰ কথা, পুৱা বিচনাৰ পৰা বাথৰুমলৈকেও ভৰি চলাব নোখোজা মানুহ, কিডাল সৎসাহসত হিমা দাসক সমালোচনা কৰিবলৈ যাম!

কিন্তু বতৰৰ দৰেই মানুহৰো পৰিৱৰ্তন আহে। মোৰো আহিল। বিশেষকৈ যেতিয়া ৩৪ চাইজৰ জীন্সত কঁকালটোৱে ‘নোসোমাও দেই তাত’ বুলি ঘোষণা কৰি দিলে। অৱশেষত নিউ ইয়েৰৰ বাহী ৰিজ’লিউশ্যনটোকে সাৰোগত কৰি এটা দেওবাৰে ৰাতিপুৱাতে ঘৰৰ ওচৰৰ পাৰ্কখনলৈ বুলি ঢাপলি মেলিলোঁ। ভৰিত নতুন জোতা, কাণত ব্লুটুথ হে’ডফোন, ঘাম মচিবলৈ সৰু ৰুমাল এখন…সকলো যোগাৰ আগদিনা ৰাতিয়েই কৰি থোৱা। পিন্ধনত দুই বছৰ আগতে জ’গিং কৰিম বুলি কিনা ট্ৰেক পেণ্টটো। তাৰ আম্বিলিকেল ক’ৰ্ডডাল (প্ৰাইচ টেগডাল) এতিয়াহে কাটিলোঁ। বহু চিন্তা কৰি পাতল সেউজীয়া টি-চাৰ্টটোকে পিন্ধাটো ঠিৰাং কৰিছিলোঁ, বাকীকেইটা টান হৈছে, গাত লিপিট খাই লাগি ধৰে। বেছিকৈ ঘামিলে তিতি বুৰি ৰাম তেৰি গঙ্গা মেইলি হৈ যাবগৈ।

পাৰ্কত মানুহৰ ভিৰ একেবাৰেই নাই। নটা বজাত জ’গিং কৰিবলৈ আহিলে এয়াই সুবিধা। ভিৰ কম থাকে। ভাল ভাল…আজি আধা ইঞ্চি কমাইহে ইয়াৰ পৰা ওলাম! দৌৰিবলৈ বুলি ভৰি দুটাক সৈমান কৰিবলৈ লৈছোঁহে, তেনেতে মোৰ সমুখতে আহি কোনোবা এজনে ষ্ট্ৰেটচিং কৰিবলৈ ল’লে। হাৰে… এইজনী দেখোন হিমা দাস! একদম মোৰ চকুৰ আগত। নাইকিৰ চোলা, পিউমাৰ জোতা। ৱাৰ্ম আপ কৰি আছে। দহজনৰ সমালোচনাৰ কেন্দ্ৰবিন্দু হিমা দাস…আজি তেওঁৰ লগত একেলগে দৌৰিম, কথাটো বেয়া নালাগিল ভাবি।

আমি প্ৰায় একেলগেই দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ। এবাৰ মই আগে আগে, হিমা দাস পাছে পাছে। অইনবাৰ মই পাছে পাছে, হিমা দাস আগে আগে। জোৰ লগালোঁ, ইজ্জতৰ কথা আছে ভাই! এইবাৰ মই ভালেখিনি আগত। মূৰ নুঘূৰালে হিমা দাসৰ উপস্থিতিৰ উমান ল’ব নোৱাৰাৰ ব্যৱধান। ইতিমধ্যে মোৰ হাওফাওটোৱে অক্সিজেন অক্সিজেন বুলি চিঞৰ লগায়েই আছিল, আঁঠু দুটায়ো ভৰিত খামুচি ধৰিলে- প্ৰভু, বন্ধ কৰা লীলা। অকণ গতি কমাই দিলোঁ। ক্ষণিকৰ এক দুৰ্বল মুহূৰ্ত। তাৰেই সুযোগ লৈ হিমা দাসে মোক চেৰ পেলালে। চিটিং, চিটিং….মস্ত চিটিং!

ইতিহাসৰ সেই দুঃসাহসিক দিনটোৰ পাছত এসপ্তাহ মেডিকেল ৰেষ্ট লৈ পুনৰ পাৰ্কলৈ গ’লোঁ। উদ্দেশ্য শৰীৰৰ মেদ কমোৱা নহয়, হিমা দাসক হৰুৱাৰ আনন্দ লোৱা। এদিন, দুদিন, তিনিদিন…পাচে কোনোদিনেই হিমা দাসক হৰুৱাব নোৱাৰিলোঁ। প্ৰথমে মই আগত থাকিলেও কোন মুহূৰ্তত সাউৎকৈ চেৰ পেলাই থৈ যায় তলকিবকে নোৱাৰোঁ। লাজৰ কথা, চৰম লাজৰ কথা। হিমা দাসৰ সমানে সমানে দৌৰিব নোৱাৰোঁতো মোৰ বাবে লাজৰ কথা নহ’বনে! বয়সত হিমা দাস চাগে আমাৰ খুড়ীহঁতৰ লগৰেই হ’ব, দেখিলে ধৰিবহে নোৱাৰি। বেংকত চাকৰি কৰে মানুহজনীয়ে। গিৰিয়েকৰ লগত বহুদিন আগতেই ডিভোৰ্চ লৈছে হেনো। কাকো খাতিৰ নকৰা বিধৰ মহিলাগৰাকী যোৱাবছৰ নতুনকৈ আমাৰ ছ’চায়েটিত থাকিবলৈ লৈছিল। ভাড়াত লোৱা ফ্লেটটোত জীয়েক দুজনীৰ লগত থাকে। তেওঁৰ বিষয়ে ফুচফুচ আলোচনা আমাৰ চৌপাশত চলিয়েই থাকে। সেইবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু এগৰাকী মহিলা, তাকো বয়সীয়াল, তেওঁৰ লগত ফেৰ মাৰিব নোৱাৰা কথাটোৱেহে মোক হীনমন্যতাত ভোগালে।

লাহে লাহে মোৰ টোপনি ঘুমটি নাইকিয়া হ’ল। পার্কলৈও যাবলৈ মন নোযোৱা হ’ল। তাত হিমা দাস নাথাকিলেও হিমা দাসৰ ভুতে মোক খেদি ফুৰে। তেওঁৰ লগত ফেৰ মাৰিব নোৱাৰা কথাটোৱে গেছ হৈ মোৰ বুকুত জ্বলা পোৰা কৰে। মোৰ ইগোত জ্বলা ফুটিছিল। স্বাস্থ্যৰো অৱনতি ঘটিল। এনেকৈ এমাহমান যোৱাৰ পাছত এদিন আমনি লাগিল। মনটো অকণ পাতল লগাবলৈকে বুলি বন্ধু অসীমৰ ঘৰলৈ এপাক মাৰিলোঁ। ৰাজীৱ, উৎপল আৰু মানসো তেতিয়া তাৰ ঘৰতেই আছিল। এইটো সময়ত ইহঁতৰ ভাল আড্ডা এখন বহে বুলি জানো। আড্ডাত বিভিন্ন কথাৰ মাজতে হিমা দাসৰ কথাও ওলাল। ৰাজীৱে প্ৰথমে উলিয়াইছিল তেওঁৰ নাম,

: ভাই, মই হিমা দাসক পাৰ্কত দেখিলে পার্কতে নোসোমাওঁ বুজিছ। কেনেকৈ কিবা ষাঁড়গৰু টাইপ দৌৰে মন কৰিছনে। দৌৰোঁতে অলপ ভাৰসাম্য ৰাখি দৌৰিব লাগে। নহ’লে ৰাজহাড় বেঁকা হৈ যাব পাৰে।

অসীমকো সহমত দিয়া দেখা গ’ল।

: মানুহে এই বয়সত অলপ লাহে লাহে দৌৰা উচিত। বেছি তেল দেখুৱাই কেতিয়াবা ভৰি মোচোকা খালে পাব মজা বাপ্পেকে! বাদ দে অ’, বাদ দে…দৌৰিব পাৰে বুলি দেখুৱাই ভাল পায়, আমাৰ কি আহে যায় তাত!!

অসীম আৰু ৰাজীৱৰ কথাখিনি কোনো বিশেষজ্ঞতকৈ কম নাছিল। সাধাৰণতে মই এনেকুৱা আলোচনাত ভাগ নলওঁ। কিন্তু আজি দেখোন বেয়া নালাগিল। মোৰ ইগোটোৱে কিবা এটা ৰস পাইছে কথাবোৰ শুনি। জ্বলাবোৰৰ পোৰণি কমিছে।

: ছোৱালী দুজনীক দেখিছ নে নাই আকৌ, কি আলট্ৰা মডাৰ্ণ…হৰি হৰি!

পাৰ্কত দৌৰাৰ পৰা কথা নি মানসে ক’ৰবাত পোৱালেগৈ। তেনেতে অসীমৰ ঘৈণীয়েকেও কথাৰ ভাগ বতৰা ল’বলৈ আহিল। অসীমৰ ঘৈণীয়েকজনী ছ’চায়েটিৰ মহিলা গোটৰ এক অন্যতম লীডাৰ, ফুচফুচ আলোচনাবোৰৰ ৰাজহাড়। মই জনাত একেবাৰেই অসুৰতুল্য মানুহজনী!

: ডিভোৰ্চ হোৱা তিৰোতা, আপোনালোক অলপ দূৰতেই থাকিব বুজিছে। কেনেকুৱা চৰিত্ৰ কোনে জানে! অফিচলৈ গ’লে যিহে জীন্স-টপ পিন্ধি বুকু ফিন্দাই যায়, যেন ফেছন…

অসীমৰ অসুৰতুল্য ঘৈণীয়েকে আৰু কিবাকিবি কৈছিল, এতিয়া পাহৰিলোঁ। কথাবোৰ সাৰশূন্য বুলি জানিও আড্ডাত কিন্তু মুণ্ডি পুৰা দমেই হিলাই আছিলোঁ। মনটো পাতল লাগিল। আড্ডা নহৈ যেন ইগোত লগোৱা মলমহে আছিল। দুখ-বেদনাবোৰ তাৎক্ষণিকভাৱে নাইকিয়া হৈ গ’ল। অৱশেষত হিমা দাস নামৰ ফ্ৰাষ্ট্ৰেচনটোৰ পৰা মই মুক্তি পোৱা যেন অনুভৱ কৰিলোঁ। অৱশ্যে মাজে-সময়ে হিমা দাসক চকুত পৰিলে ফ্ৰাষ্ট্ৰেচন পুনৰ ওভতি অহা যেন লাগে। তেতিয়া সুযোগ বুজি ৰাজহুৱা ঠাইত, আড্ডাবোৰত ময়ো কৈ দিওঁ- হিমা দাস, মূৰ্দাবাদ!

☆ ★ ☆ ★ ☆

6 Comments

  • Rimjhim Borthakur

    সুন্দৰ ব্যংগ

    Reply
  • Pranita Goswami

    ভাল লাগিল। সুন্দৰ ব্যংগ।

    Reply
  • HEMANTA KAKATI

    তামাম ব্যংগ৷ মজা লাগিল অভিজিত৷

    Reply
  • লখিমী

    কথাৰে হানি খুঁচি শেষ কৰা লিখা।আগতেও পঢ়িছিলো।
    ভাল লাগিল অভিজিতদা

    Reply
  • পৰীস্মিতা গগৈ

    পৰিল এইচাট ঠিকছে। বহুত ভাল লাগিল।

    Reply
  • ৰঞ্জিত

    মজা৷

    Reply

Leave a Reply

Your email address will not be published.