ফটাঢোল

হেপ্পি মাঘ বিহু – খনীন্দ্ৰ ভূষণ মহন্ত

তাৰিখঃ ১৩ জানুৱাৰী, ২০৩০

স্থানঃ শ্যামকানু সত্র, নগাঁও

শ্যামকানু সত্রৰ উমৈহতীয়া চোতালখনতে ভেলাঘৰটো। সত্রৰ সকলো মানুহ লগ হৈ তাতে মাঘ বিহু উদযাপনৰ দিহা কৰিছে। বিহুৰ লগত সঙ্গতি ৰাখি বিভিন্ন খেল যেনে,  কুকুৰা যুঁজ,  কণী যুঁজ,  ৰচী টনা ইত্যাদি পাতিব। তাতে আকৌ ৰাতিলৈ সকলোৱে মিলি উৰুকাৰ ভাতসাঁজো খোৱাৰ কথা আছে। গতিকে কোনোবা যদি বজাৰলৈ ওলাইছে,  কোনোবাই কলপাত কাটিবলৈ গৈছে। কোনোৱে যদি ভেলাঘৰৰ ভিতৰখন চাফা কৰাত লাগিছে,  কোনোৱে খৰি-খেৰৰ ব্যৱস্থা কৰিছে। মুঠতে সকলো নিজৰ নিজৰ কামত ব্যস্ত।

সময় তেতিয়া ৩ মান বাজি গৈছে। সত্রত তেতিয়া উদুলি-মুদুলি পৰিৱেশ। খেলবোৰ চলি আছিল। ঠিক তেতিয়াই হাতত কেমেৰা আৰু মাইক্রফোন লৈ তিনিজন অচিনাকি ব্যক্তিৰ প্রৱেশ ঘটে। অচিনাকি আলহীক দেখি কেইজনমান আগবাঢ়ি গৈ তেওঁলোক কি সংক্রান্তত আহিছে তাৰ খবৰ ল’লেগৈ। তিনিজনীয়া দলটোৰ এজনে অতি নম্রভাৱে ক’লে-

“নমস্কাৰ। আমি ‘নিউজ 24*7’ৰ তৰফৰ পৰা আহিছোঁ। শুনিবলৈ পোৱা মতে আপোনালোকে বোলে ইয়াত মাঘ বিহু উদযাপন কৰিছে। তাৰেই বাতৰি প্রচাৰৰ বাবে আহিলোঁ।”

সত্রাধিকাৰজনে তেওঁলোক নিউজ চেনেলৰ মানুহ বুলি ক’বলৈহে পালে, কণ-কণ ল’ৰা-ছোৱালীবোৰৰ গাত তত্ নাইকীয়া হ’ল। টিভিত ওলাবলৈ পাব বুলি আদহীয়াসকলৰো ভালেই লাগিছিল যদিও কিবা প্রশ্ন সুধি দিয়ে বুলি সেই আনন্দকণ প্রকাশ কৰাৰ পৰা তেওঁলোক বিৰত আছিল। হাতত মাইক্রফোন লৈ থকা ব্যক্তিজন উঠি গৈ ভেলাঘৰটোৰ ‘বেক-গ্রাউণ্ড’ত লৈ থিয় হ’ল। সন্মুখত কেমেৰা লোৱা মানুহজন। লগৰ ইজনে সত্রাধিকাৰ আতাৰ লগত কথা পতাত ব্যস্ত। কেমেৰা লোৱা মানুহজনৰ সংকেত পোৱাৰ লগে লগে ইজনে আৰম্ভ কৰিলে,—

“হয়, মই বর্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ শ্যামকানু সত্র নামে ঠাইত। ‘নিউজ 24*7’য়েই হৈছে একমাত্র চেটেলাইট চেনেল যি ইয়াৰ পোনপটীয়া সম্প্রচাৰ দেখুৱাই আছে। ইয়াত ভোগালী বিহুৰ উখল-মাখল পৰিবেশ। কেমেৰা পার্চন নিকুৱে দেখুৱাই আছে– এইয়া (কেমেৰাটো সত্রৰ চাৰিও দিশে এপাক ঘূৰাই দিয়ে।) শ্যামকানু সত্র। আমি ইয়াত উপস্থিত থকা ব্যক্তি সকলৰ পৰা তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম।”

-“কেনেকুৱা লাগিছে?”– (এইবুলি কৈ মাইকটো মহিলা এগৰাকীলৈ আগুৱাই দিয়ে)..

-“ভাল লাগিছে। আমি প্রত্যেক বছৰেই এনেদৰে উদযাপন কৰি আহিছোঁ।” (মানুহগৰাকীয়ে আৰু কিবা ক’ব খুজিছিল যদিও মাইক্রফোনটো তেওঁৰ পৰা আঁতৰাই লৈ যায়।)

এইবাৰ সৰু ল’ৰা এটাক মাতি সুধিলে, – “ভাইটি, তুমি কি খেলিছা?”

“নমস্কাৰ,  মোৰ নাম শ্রী প্রিয়ানুজ মহন্ত। মোৰ ইয়াত মামাৰ ঘৰ। মই কুকুৰা যুঁজ খেলিম।”

এইবাৰ আকৌ মাইক্রফোনটো নিজলৈ লৈ ক’বলৈ ধৰিলে,- “আপোনালোকে দেখিবলৈ পাইছে এই ভেলাঘৰটো, (কেমেৰাটো ভেলাঘৰলৈ পোন কৰি) তাহানিৰ দিনতে দেখা ৰূপত সজা হৈছে। মই ইয়াৰে এজনক সুধিব খুজিছোঁ, –

“দাদা, সম্পূর্ণ পৰম্পৰাগত আর্হিৰে এই ভেলাঘৰটো সজা দেখা গৈছে। যিটো সময়ত অসমৰ বিভিন্ন ঠাইৰ ভেলাঘৰবোৰ আটক ধুনীয়া কাৰিকৰী কৌশল প্রয়োগ কৰি সজা হৈছে,  ঠিক সেই সময়ত আপোনালোকে এনেধৰণৰ ভেলাঘৰ সজাৰ কাৰণ কি? সমাজখন নতুনৰ দিশত আগুৱাই যোৱাৰ পৰত আপোনালোকে পুৰণি ৰূপত কিয় সাজিলে?”

“বিহু আমাৰ বাপতি-সাহোন। তিনিওটা বিহুৰে এক স্বকীয় ঐতিহ্য তথা পৰম্পৰা বিৰাজমান। আধুনিকতাৰ ধামখুমিয়াত আমি আমাৰ ঘাঁই শিপাডালক আওকাণ কৰিলে নিজৰ বুলিবলৈ কি থাকিব আপুনিয়েই কওক! ঠায়ে ঠায়ে ভেলাঘৰৰ নামত অসমৰ মেপ,  বাছ,  ৰে’ল,  অশোক চক্র,  আইফেল টাৱাৰ ইত্যাদি বনাইছে বুলি আপোনালোকেই প্রচাৰ কৰি আহিছে। হয়,  মই সেই শিল্পীসকলক তথা তেওঁলোকৰ সৃষ্টিক সন্মান জনাইছোঁ। কিন্তু মই সেইবোৰক ভেলাঘৰ বুলি ক’ব নোৱাৰিম। ভাবি চাওকচোন,  অসমৰ মেপখন বা অশোক চক্রটোক জ্বলাই দিব! তাতকৈ দুর্ভাগ্যজনক কথা আমাৰ বাবে কিবা থাকিব পাৰেনো?  আৰু এই যে ফেটবুক (Facebook), হোৱাট্চএপ ( WhatsApp)ত হেপ্পী মাঘ বিহু” (Happy Magh Bihu) বুলি কয়,  সেইটো জানো উচিত?  বছৰৰ বিহুটোত শুভেচ্ছা নজনালেও কথা নাই। কিন্তু ইংৰাজীত ক’লে শুনিবলৈ বৰ অখজা হয়।”

এইবাৰ সাংবাদিকজনে ক’লে, – “হয়, বৰ সুন্দৰ কথা কেইটামান এখেতে ক’লে। আপোনাক ধন্যবাদ জনাইছোঁ। সৌফালে সকলোৱে বিহু নাচিবলৈ লৈছে। আহক সকলোৱে উপভোগ কৰোঁ।”

“পথাৰৰ শুৱনি ধান

খেতি সামৰিলোঁ

ভঁড়ালত ভৰালোঁ ঐ

দেহালৈ আহিলে প্রাণ………”

“মাঘ বিহুত গোৱা এই নামটো প্রথম শুনিলোঁ। আপোনালোকৰ ওচৰলৈ আহি বৰ ভাল লাগিল। সন্ধ্যা ৭ বজাৰ বাতৰিত আপোনালোকৰ এই অনুষ্ঠানটো সম্প্রচাৰ কৰা হ’ব।”

সত্রৰ সকলো এতিয়া ৭ বজাৰ বাতৰিলৈ অপেক্ষাৰত।

☆★☆★☆

 

2 Comments

  • জিমী শ‌ইকীয়া

    ভাল লিখিছা খনিন্দ্ৰ। সত্য কথাৰে সুন্দৰ উষস্থাপন।

    Reply
  • Khanindra

    ধন্যবাদ জনালোঁ

    Reply

Leave a Reply

Your email address will not be published.