ফটাঢোল

হেপ্পী স্বাধীনতা দিৱস – দিগন্ত কুমাৰ ভট্টাচাৰ্য

: বন্ধু, কবিতা এটা লিখিবলৈ ষ্টাৰ্ট কৰিছোঁ। শুনিবি?

: মইতো ভাই কবিতা-চবিতা বুজিয়েই নাপাওঁ। সেই যে ‘গোলাপ’ ফুলক সুধিছিল কবিয়ে -“কাৰ পৰশত ফুলিলি বান্ধৈ?”, মই মাথা নষ্ট কৰি দিছিলোঁ ভাবি ভাবি। আমি হাতেৰে ফুল চিঙোহে। হাতৰ আঙুলিৰ চেপাত কি ফুল ফুলিব? নাম নাজানো। ছাৰক সুধিছিলোঁ পঢ়াই থাকোঁতে। দুকোব দিলে। মনে মনে ৰ’লোঁ।

: মোৰটো শুনিবি নে?

: মাতি যা। শুনি যাম৷

মই ক’লোঁ তাক। তাক মানে অনন্তক। সি মোৰ লগত কলেজত একেলগে পঢ়া। বহুবছৰ অ’ত ত’ত ঘূৰি ফুৰি মই থকা চহৰখনতে এতিয়া থিতাপি লৈছে। আমাৰ এওঁ ঘৰত নাথাকিলে কেতিয়াবা হঠাতে আহে ঘৰলৈ। হাতত সৰু বটল এটা লৈ। আজিও সেইবিধৰ বটল এটা লৈ আহিল। মই ক’লোঁ দুঘণ্টাৰ ভিতৰত সকলো শেষ কৰিব লাগিব যাতে এওঁ একো ভূ নাপায়। আধাঘণ্টাতে ‘হাফ’টো শেষ কৰি সি এতিয়া ম’বাইলত কবিতা লিখি আছে।

“হে স্বাধীনতা,
ক’ত পাম তোমাক?
স্বাধীন দেশৰ আমি নাগৰিক, অথচ স্বাধীন নহ’লোঁ কাহানিও
এতিয়াও শোষিত, এতিয়াও পৰাধীন প্ৰতি পলে পলে…হে, স্বাধীনতা তুমি ক’ত?”

সি মাতি গৈ আছে।

: হেৰৌ স্বাধীন নহয় তই? স্বাধীন দেশত কোনে তোক পৰাধীন কৰি ৰাখিছে? এই যে কবিতাটো লিখিলি, এতিয়া ফে’চবুকত দিবি, পেপাৰতো দিব পাৰ। নহয়? স্বাধীনতা এইখিনিয়েই। “এই স্বাধীনতা মিছা-ভুৱা” এইবোৰ কথা তই পৰাধীন হৈ থাকিলে মনতে ৰাখি থ’ব লাগিলহেঁতেন। বৃটিছৰ দিনত যিয়ে এইবোৰ কৈছিল, সেইসকল আছিল বীৰ, সাহসী। তহঁতে চাল্লা ঠেঙৰ ওপৰত ঠেঙ তুলি লিখ -“হায় আমাৰ স্বাধীনতা!”

: আস! ইমান জ্বলা!

: তিতাহে লাগিব লাগিছিল মোৰ কথা শুনি, জ্বলা পালি যে?

: নহয় অ’..কেপচিকামৰ টুকুৰা বুলি জলকীয়া এটা চোবাই দিলোঁ..ইমান জ্বলা!

: তহঁতবোৰ ভণ্ড আছ। মূৰ্গীৰ ঠেং চোবাই চৰকাৰ-দেশৰ সকলো সুবিধা লৈ চিঞৰিব জান, “হেৰা স্বাধীনতা, আহা না…”

: হ’ব দে। মই যাওঁ। লুকাই-লুকাই ঘৰতে দৌৰা-দৌৰিকৈ পেগ তিনিটা খাবলগাত পৰিছোঁ আমি। আমি বোলে স্বাধীন! কথা ক’বলৈ আহে।

অনন্ত গ’লগৈ ভোৰভোৰাই। মই গিলাচ দুটা ধুই মেলি মঁচি পাকঘৰৰ আলমাৰিত থ’লোঁ। পাৰ্চেল কৰি অনা চিলি চিকেনৰ অৱশিষ্টখিনি পেলালোঁ। সকলো চাফা কৰিলোঁ। এনেতে শ্ৰীমতী আহিল। এওঁ স্থানীয় মহিলা সংঘ এটাৰ ছেক্ৰেটাৰী। পোন্ধৰ আগষ্ট আহিলে এওঁলোকৰ কাম বাঢ়ে। দুপৰীয়াতে ওলাই গৈছিল। এতিয়া এই আঠবজাত ঘৰ আহি সোমাইছে।

: কিহৰ গোন্ধ অ’?

আহিয়েই সুধিলে।

: নাজানো। ময়ো এইমাত্ৰহে আহিলোঁ। অলপ বজাৰলৈ গৈছিলোঁ।

দুবাৰমান নাকটো বেঁকা-বেকি কৰি থাকোঁতে কলিং বেলটো বাজিল। দুৱাৰখন খুলিয়েই এওঁ চিঞৰিছে-

: মালা বাইদেউ, এয়া আপোনাৰ ছোৱালী? দিল্লীত যে পঢ়ে? ইম্মান মৰমলগা!

দেখিলোঁ শ্ৰীমতীয়ে ছোৱালীজনীৰ দুই কান্ধত ধৰি মুখখন ছোৱালীজনীৰ মুখখনৰ ওচৰলৈ নি এক বিশেষ ভংগীমাত এবাৰ তাইৰ ইখন গালত তেওঁৰ গালখন ঘঁহাই বতাহতে চুমা এটি খালে। একেই ধৰণেৰে আনখন গাললৈ মুখখন নিবলৈ লওঁতেই তাইৰ নাকত জোৰেৰে নিজৰ নাকেৰে খুণ্ডা এটা মাৰিলে। তাই অলপ দুখ পালে চাগে, বহুদেৰিলৈ নাকটো পিহি থাকিল। শ্ৰীমতীয়ে হাঁহিলে লাহেকৈ। আমাৰ শ্ৰীমতীৰ মতে আজিকালি কালচাৰড মানুহে ছোৱালীক এনেকৈ চুমা খায়। এৱাৰ্ড ফাংচনবোৰত দেখিছে। আমাৰ এওঁ যিটো মহিলা সংঘৰ ছেক্ৰেটাৰী, মালা বাইদেউ সেইটোৰে প্ৰেছিডেণ্ট।

“প্ৰেছিডেন্টৰ কাম তেনেকৈ নাই, নামত হে। ছেক্ৰেটাৰীয়েই মেইন” – এওঁ কয়। মালা বাইদেউকে ধৰি আন মহিলাসকলক মিঠা মিঠা কথাৰে মেনেজ কৰি দুবছৰ আগত কেনেকৈ এওঁ ছেক্ৰেটাৰী হ’ল, সেয়া মইহে জানো।

মালা বাইদেউ আৰু শ্ৰীমতীৰ বেচ কিছুদেৰি আগন্তুক স্বাধীনতা দিৱসকলৈ আলোচনা চলিল। মালা বাইদেউৰ জীয়েকে ম’বাইলটো চাই চাই হাঁহিয়েই থাকিল। মাজে মাজে খঙো কৰিলে ম’বাইলটোলৈ চায়েই। অভিমানো কৰিলে। বিচিত্ৰ এই ম’বাইল! স্ক্ৰীণখনেও যে কিমান কি এক্সপ্ৰেছন দেখি পায় অ’! বহু দেৰি বহি থকা কাৰণে ময়েই চৰবত আৰু বিস্কুট কেইখন মান দি আহিলোঁ। মালা বাইদেউহঁত যোৱাৰ পিছত শ্ৰীমতীয়ে মোক ক’লে,

: কাইলৈ ৰাতিপুৱা ওলাবা, শুৱালকুছিলৈ যাম৷

: শুৱালকুছি? কিন্তু কিয়? মোৰতো অ’ফিচ আছে৷

: বাদ দিয়া হে অ’ফিচ..তোমালোকৰ ছাৰেই দেখোন বাৰটাৰ আগত নাহে। যোৱাবাৰ সেই নিউজ চেনেলটোৱে দেখুওৱা নাছিল জানো? অকল তুমি আছিলা অ’ফিচত! লগৰ কেইজনীয়ে ঠাট্টায়ে কৰিলে তুমি হেনো সেই তলা খোলা-বন্ধ কৰা চকীদাৰৰ কামটোও কৰা।…এইবাৰ ইণ্ডিপেণ্ডেন্স ডে’ৰ দুখন মিটিঙ এটেণ্ড কৰিব লাগিব। এখন ৰাতিপুৱা আমাৰ কলেজ ফিল্ডৰ ডিষ্ট্ৰিক্ট মিটিংখন আৰু আনখন আমাৰ মহিলা সংঘৰ অ’ফিচত হ’ব। মহিলা সংঘৰখনত এম.এল.এ আহিব। লোকেল চেনেলটোৱে লাইভ দেখুৱাব দুয়োখন। এযোৰ কাপোৰ পিন্ধি যাম কেনেকৈ? শুৱালকুছিলৈ গৈ ভাল দুযোৰ পাটৰ কাপোৰ ল’ম বুলি ভাবিছোঁ। ইয়াৰে দোকানত কিনিলে বিৰাট প্ৰ’ব্লেম হয়, জানা। যোৱাবাৰ ২৬ জানুৱাৰীত ডেকানীয়েও মোৰ দৰে একদম চেম কাপোৰ এযোৰ পিন্ধি আহিছিল। কম লাজ পাইছিলোঁনে? তেওঁ সাধাৰণ মেম্বাৰহে মইতো ছেক্ৰেটাৰী! এইবাৰ ক’নট্ৰাষ্ট কৰি পিন্ধিম..ব্লাউজটো গেৰুৱা..চাদৰখন বগা…সেউজীয়া মেখেলা..

যুক্তি আছে শ্ৰীমতীৰ কথাত। এইবোৰ যুক্তি শুনি ধৰাশায়ী হৈ যাওঁ মই। মনে মনে থাকিলোঁ।

: আজি তুমিয়ে ভাতকেইটামান ৰান্ধা না প্লিজ..

পত্নীৰ মিঠা মাতষাৰ শুনি মই মনতে হিচাপ এটা কৰিলোঁ, কিমানদিন এওঁৰ হাতৰ ৰন্ধা খোৱা নাই বাৰু! আগতে কাম কৰা ছোৱালী এজনী আছিল। সকলো তায়েই কৰিছিল। যোৱাবছৰ শিশু দিৱসৰ দিনা মহিলা সংঘই ধৰ্ণা এটি উলিয়াইছিল শিশু শ্ৰমিক বন্ধ কৰিবলৈ। সেইদিনা ৰাতি এওঁ মোক ক’লে- “হেৰা, আমাৰ এইক আৰু ৰাখিব নোৱাৰিম হে, নহ’লে পিছত দিগদাৰি হ’ব। যি লাগে ময়েই কৰিম দিয়া..।”
মই সেইদিনাই বুজিছিলোঁ মোৰ ৰন্ধা-বঢ়া কামটো শিকাৰ সময় সমুপস্থিত।

স্বাধীনতা দিৱসৰ আগৰ এই সময়খিনিত শ্ৰীমতী ভীষণ ব্যস্ত। সেইবাবেই আমাৰ ছয়বছৰীয়া সন্তান বাবলুক এওঁ মাকৰ ঘৰলৈ পঠিয়াই দিছে। মই পাকঘৰত ব্যস্ত হ’লোঁ। এওঁ কিবা টেনশ্যনত ফোনটো লৈ ইফালে সিফালে ঘূৰি ফুৰিছে।

: কি হ’ল হে? তেনেকৈ ঘৰ বিচাৰি নোপোৱা গৰুৰ দৰে ঘূৰি ফুৰিছা যে?

: এহ নক’বা আৰু, এই ৰেণুজনী একো কামৰ নহয়। কৈছিলোঁ কেইজনমান আশীবছৰ মানৰ বুঢ়ামানুহক যোগাৰ কৰিবলৈ। পাঁচজনকৈ মুক্তি যুঁজাৰুক সম্বৰ্ধনা জনোৱা হয় আমাৰ লেখিকা সংঘৰ মিটিঙত। প্ৰতিজনকে পঁচিশ হাজাৰকৈ দিয়া হয়। ডিচিয়ে কিবা চৰকাৰী ফাণ্ডৰ পৰা পইচাখিনি উলিয়াই দিয়ে। গাঁৱৰ মানুহ। তেওঁলোকক পাঁচ হাজাৰ দিলেই সন্তুষ্ট হৈ যায়। আমাৰো ভাল লাভ এটা হয় আৰু। … এইবাৰ লছ খাম যেন লাগিছে। নহ’লে এটা কাম কৰিব লাগিব। তোমাৰ গাঁৱৰ হৰি খুড়াহঁতকে মাতি দিওঁ দিয়া..।

: কি ফাল্টু কথা কোৱা হে? তেওঁৰ বয়স সত্তৰৰ ওচৰ চাপিছেহে, স্বাধীনতা সংগ্ৰামী বুলি কেনেকৈ ক’বা..?

: একো নহয় হে, কোনেনো বয়সৰ চাৰ্টিফিকেট চাবলৈ যাব? অলপ বুঢ়া যেন দেখিলেই হ’ল আৰু। অলপ মাত্ৰ কথা শিকাই বুজাই আনিলে হ’ল। যোৱাবাৰ আকৌ এজনে কওঁতে কওঁতে ইমান বেছিকৈ ক’লে যে শেষত মহাত্মা গান্ধী আৰু অখিল গগৈৰ লগত একলগে জেইল খটা বুলি কৈছিল, ভাগ্যে কথাটো কোনেও সিমান মন নকৰিলে৷

মোৰ চকু কঁপালত উঠিল। শ্ৰীমতীয়ে এইবাৰ কেলকুলেটৰ লৈ কিবা হিচাপ কৰাত লাগিল।

: এইবাৰ স্মৰণিকাখনত ভাল লাভ হ’ব বুজিছা

মই ফুলকবি কটাত ব্যস্ত। এওঁ ওচৰলৈ আহি মটৰ দুটামান লিৰিকি বিদাৰি হাঁহি হাঁহি কৈ গ’ল –

: এম.এল.এৰ শুভেচ্ছা বাণী এটা আনিছিলোঁ নহয়, বিশ হাজাৰ টকা দিলে ছপোৱাৰ কামত লগাবলৈ। ইফালে আমাৰ এচ.পিৰ ঘৈণীয়েকে নতুনকৈ কবিতা লিখা আৰম্ভ কৰিছে। তেওঁৰ কবিতা এটি ফাৰ্ষ্টতে উঠাম – “মই কনকলতাৰ দৰে হ’ম” জাতীয় কবিতা। এচ.পি খুছ। তেওঁ প্ৰেছ এটাৰ লগত কথা পাতি দম চম দি ছপোৱাটো ফ্ৰি কৰি দিলে। ইফালে মাৰোৱাৰীৰ দোকানবোৰৰ এডভাৰ্টাইজমেণ্টৰ পইচাবোৰ আছেই। মুঠতে এই স্মৰণিকা উলিওৱাটো বৰ বঢ়িয়া ইনকাম দেই!

কি নো ক’ম। মনে মনে ৰ’লোঁ। কেৰাহীত তেল ঢালিলোঁ লাহে লাহে।

স্বাধীনতা দিৱসৰ দিনা খুব ৰাতিপুৱাই উঠি শ্ৰীমতীয়ে “জন গন মন”টোৰ ৰিভাইচ এটা দিলে, ২৬ জানুৱাৰীতে লাষ্ট মাতা।

“কাপোৰযোৰেৰে মোক কেনেকুৱা লাগিছে?” – পুৱাৰপৰা কমেও পঞ্চাশবাৰ মই পত্নীৰ প্ৰশ্নটোৰ উত্তৰ দিব লগা হ’ল। আঠমান বজাত এওঁ ড্ৰাইভাৰজনক লৈ ওলাই গ’ল। মই জানো আজি শ্ৰীমতী সন্ধিয়াৰ আগত ঘৰ আহি নাপায়। ফ্ৰীজটো খুলিলোঁ মই। ফ্ৰীজত আপেল আৰু কল ঠাহ খাই আছে। কালি ফলমূল বেপাৰীটোৱে পাঁচকিলো মান আপেল আৰু কিছু কল ঘৰত দি থৈ গৈছিল। শ্ৰীমতীহঁতে হ’স্পিটেল আৰু জেইলত বিলাবলৈ তেওঁৰ পৰা যথেষ্ট ফলমূল কিনে প্ৰতিবাৰ। তেওঁ কৃতজ্ঞতাৰ চিন হিচাপে অলপ ফলমূল আমাৰ ঘৰত দিবলৈ নাপাহৰে কেতিয়াও।

ফ্ৰীজৰপৰা ঠাণ্ডা পানীৰ বটলটো উলিয়ালোঁ। অ’ফিচলৈ নিয়া বেগটো খুলি হুইস্কীৰ বটলটো উলিয়াই এটা পেগ কৰিলোঁ। কিমান দিন যে ঘৰত মুকলিকৈ মই ড্ৰিংকছ লোৱা নাই! চোফাখনত ভৰি উঠাই বহি টিভিটো অ’ন কৰিলোঁ। ভাল চিনেমা এখন বহুদিন চোৱা নাই। ভাল চিনেমাৰ সন্ধানত চেনেলবোৰ সলনি কৰি গৈ থাকিলোঁ। ভাত ৰান্ধিবলৈ মন নগ’ল। বাহিৰৰ পৰা অৰ্ডাৰ দি আনিলোঁ চিকেন বিৰিয়ানী। নিজকে খুব স্বাধীন যেন লাগিল মোৰ। কিয় লাগিল, ধৰিব নোৱাৰিলোঁ। এটা সময়ত চোফাখনতে সুখনিদ্ৰাত ঢলি পৰিলোঁ মই!

সন্ধিয়া শ্ৰীমতী আহিল। মুখত এটি সন্তুষ্টিৰ হাঁহি।

: খুব ভাল হ’ল জানা দুয়োখন মিটিং…সাতটাৰ নিউজ চাব লাগিব দেই…। এতিয়া মোক একাপ কাঢ়াকৈ চাহ দিয়ানা..প্লিজ!

মোবাইলটো উলিয়াই ‘ইণ্ডিপেণ্ডেন্স ডে’ৰ উইছ কৰি তেওঁলৈ অহা মেছেজবোৰৰ ৰিপ্লাই কৰাত লাগিল।

: ওহ, তোমাক মই উইছ কৰিবলৈ পাহৰিয়ে গৈছিলোঁ নহয়..। হেপী ইণ্ডিপেণ্ডেন্স ডে, ডাৰ্লিং..!

গাখীৰ উলিয়াবলৈ ফ্ৰিজটো খুলিলোঁ। এটা ভেকেটা-ভেকেট গোন্ধ মোৰ নাকত লাগিল। পঁচা আপেলৰ গোন্ধ। ফ্ৰীজত ৰখাৰ পিছতো আপেলকেইটা কিয় পচিবলৈ আৰম্ভ কৰিলে বুজি নাপালোঁ মই।

হোৱাটচ্ এপত মেছেজ এটা আহিল।

খুলি চালোঁ। অনন্তই পঠিয়াইছে। সিদিনাৰ কবিতাটো।

“হেৰা স্বাধীনতা, ক’ত আছা তুমি..আহা না…”। তলত লিখিছে -‘হেপ্পী স্বাধীনতা দিৱস’!

যেন স্বাধীনতা তাৰ পত্নীহে, যেনেকৈ মাতিছে! চাল্লা নিধকটো!

☆★☆★☆

15 Comments

  • উচ্চস্তৰীয় ব্যংগ। চুপাৰ্ব।

    Reply
  • ৰিণ্টু

    বাপ ৰে। অতি উচ্চমানৰ ব্যংগ। এই সংখ্যাৰ ওৱান অৱ দ্য বেষ্ট।

    চেল্যুট দিগন্ত

    Reply
  • হেমন্ত কাকচি

    তামাম দিগন্ত! সব স্বাধীনতা পালেও ঘৰত একেই পত্নী৷

    ব্যংগখিনি মজা লাগিল

    Reply
  • কমল তালুকদাৰ

    হাঃ হাঃ স্বাধীনতা ••
    খুব সুন্দৰ ব্যংগ , ভাল লাগিল ।

    Reply
  • অভিজিত কলিতা

    সাংঘাটিক।

    Reply
  • যথেষ্ট ভাল লাগিল দাদা ।

    Reply
  • নীলাক্ষি দেৱী ডেকা

    সাংঘাতিক উচ্চ মানদণ্ডৰ ব্যঙ্গ। বহুত ভাল লাগিল পঢ়ি।

    Reply
  • মন্দিৰা

    বৰ ভাল লাগিল পঢ়ি। সুন্দৰ ব্যংগ।

    Reply
  • দিলীপ কাকতি

    সুন্দৰ, ভাল লাগিল।

    Reply
  • মানসী বৰা

    সাংঘাতিক লিখিলে দেই..বৰ ভাল লাগিল…

    Reply
  • ডলী

    বঢ়িয়া

    Reply
  • Sankar Jyoti Bora

    ঝাক্কাছ৷

    Reply
  • ভাল লাগিল৷

    Reply
  • parishmita

    মজ্জা লাগিল দিগন্তদা। চুপাৰ্ব।

    Reply
  • চৈয়দা চেমিন ইছলাম

    আজি হে পঢ়িলোঁ। বহুত ভাল লাগিল।সুন্দৰ ব‍্যংগ।

    Reply

Leave a Reply

Your email address will not be published.