ফটাঢোল

হে কপাল – সূৰুয আকাশ পাঠক

তৰ্জা কি কংক্ৰীট, খহোঁ খহোঁ ঘৰ

প্ৰাণটো মুঠিত লৈ গঞামখাৰ লৰ…

পাছে পাছে বানে খেদে, কোন কেনি যায়,

আশ্ৰয় শিবিৰতো অত ঠাই নাই!

অসম ফোঁপোলা আজি, বাননো কেনেকৈ সহে

বণিয়াই যেনেকেহে তেল সোহে…

সম্পদ লুটি নিয়া এইমখা গুৰিয়াল

কেৱল নোদোকা চকুলো টোকা ঘঁৰিয়াল…

“সম্পদ সকলোৰে, সমস্যা কেৱল আমাৰ”

আনকনো কি ক’ম, গুৰিতে বেমাৰ…

ডলাৰ বগৰীটোক ৰজা পাতি

আশা পালি থাকোঁতেতো

নাজানিলোঁ সোধাব যে মাৰ,

পাহাৰে ভৈয়ামে কৰি ভেল্কীবাজি

বেটাই সমালোচকবোৰক ঘোষিছে ফাঁচী।

 

এচি ৰূমত বহি বৰলা বোপাই

হাঁহি হাঁহি চাই আছে গঞাৰ বিলাই,

উৎসৱত ঢালি-বাকী ৰাজহৰ ধন

সাহায্য দিব পৰা ধনো উচাতন,

অসম কায়িক ৰূপে ৰসৰ তলে যায়

ঘঁৰিয়ালে কান্দি গগণ সৰায়..

☆★☆★☆

Leave a Reply

Your email address will not be published.