ফটাঢোল

হোষ্টেলৰ দিনৰ বন্ধুৰ অত্যাচাৰ-অভিজিৎ গোস্বামী

ৰাইজৰ হোষ্টেলৰ দিনৰ কথাবোৰ শুনি মোৰ ক্ষেত্ৰতো হোৱা বন্ধুৰ অত্যাচাৰ বা নিৰ্দোষ ধেমালি কিছুমান মনত পৰি থাকে৷ কিছুমান দিশৰপৰা চালে মই এই বিভাগত অলপ দুৰ্ভগীয়া৷ কাৰণ অসমৰ বাহিৰত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে বহু এনেকুৱা আনন্দৰ পৰা বঞ্চিত হোৱা বুলি নিজেই কেতিয়াবা অনুভৱ হয়৷
 মই গ্ৰেজুৱেচন বাংগালোৰত কৰা দিনৰে কথা৷ আমি ৮ জন বন্ধু একেলগে আছিলোঁ৷ প্ৰায় ৮ বছৰ মান৷ মই আছিলোঁ নিজৰ কাম সময়মতে কৰি বহি থকা মানুহ৷ আমাৰ সকলো কামৰে নিৰ্দিষ্টকৈ তালিকা বনাই লগাই থোৱা হৈছিল৷ কামবিলাক বিভিন্ন ধৰণৰ আছিল যেনে- ভাত ৰান্ধা, বজাৰ কৰা, জাবৰ-জোঁথৰ পেলোৱা, পুৱাৰ আহাৰ বনোৱা, বাচন ধোৱা, ঘৰ সৰা-মচা কৰা আদি৷ সকলো তালিকাৰ মতে প্ৰায় কৰা হৈছিল৷ কিন্তু মাজতে কাৰোবাৰ অসুবিধা হ’লে নিজৰ মাজতে মিলাই ল’ব পাৰিছিলোঁ৷ মোৰ ৰূমমেট আছিল মংগলদৈৰ খনিন বুলি লগৰ এটা, জি আজিও মোৰ অন্তৰংগ বন্ধু৷ খনিন অলপ এলেহুৱা আৰু খটাসুৰ টাইপৰ আছিল৷ সি প্ৰায় লাহে ধীৰে কাম কৰি মেলি ভাল পোৱা মানুহ৷ তাতে আমাৰ পৰীক্ষা বিলাক প্ৰায় একেলেঠাৰিয়ে একে সপ্তাহত হৈছিল যাৰ বাবে পৰীক্ষাৰ সময়ত কাম কৰাটো অলপ কষ্টকৰ হৈছিল৷ সেই সময়তে আমি সিদ্ধান্ত ল’লোঁ যে পুৱা আমি চাহ আৰু ব্ৰেড,জেলি খাম৷ ভাত ৰন্ধাত কৈ সময়ো কম লাগিব আৰু পঢ়াত অসুবিধাও নহ’ব৷ সেইমতে আৰম্ভণি কৰা হ’ল৷ প্ৰথম দিনাই মই বনাই সকলোকে দিলোঁ৷ এনেদৰে চলি থাকোঁতেই এদিনাখন খনিনৰ দায়িত্ব পৰিল আৰু সেইদিনা দেওবাৰ আছিল, তাৰ আকৌ দেওবাৰে ১১ বজালৈকে শোৱা অভ্যাস৷ মই ৰাতিপুৱাই উঠি তাক ব্ৰেকফাষ্ট বিচাৰি কামুৰি আছিলোঁ৷ নুঠা দেখি মই কামুৰি থকাৰ বহুসময় পাছত সি ব্ৰেকফাষ্ট বনাবলৈ গৈ বনাই মেলি মোক খাবলৈ দিলেহি৷ সেইদিনা সি নিজে আনি মোক বিছনাত দি থৈ যোৱা দেখি মই অবাক হৈ পৰিলোঁ৷ কাৰণ আনকালে কোনোদিনে সি নিজে আনি দিয়া মনত নপৰে৷ প্ৰথমখন ব্ৰেড কামুৰি খাই থাকোঁতে অলপ বেলেগ এটা সোৱাদ লাগিছিল যদিও মই ইমান সন্দেহ নকৰি খাই দ্বিতীয়খন লৈ অলপ গোন্ধি মেলি চাই দেখিছোঁ যে এইবোৰ জেলি নহয় চোন ভালদৰে লক্ষ্য কৰিহে দেখোঁ যে এইবোৰ চোন ক্লজআপ টুথপেষ্ট৷ খংটো উঠি আহি খেদা মাৰি যাব লওঁতেই সি বাইক লৈ পলাই পটং দিলে৷
 দিনটো সি দেখা নিদিলে আৰু আবেলি খংটো কমাৰ পাছত আহি ওলাইছে৷ মই বোলো ইয়াৰ লগত কথা নপতাকৈ থাকিম বুলি থিৰাং কৰি কথা পতা বাদ দিলোঁ৷ সি কথা নপতাকৈ থাকিবও নোৱাৰে৷ মই তথাপি ইগনৰ কৰি মেলি থাকিলোঁ৷
তাৰ আকৌ ৰাতি দেৰিলৈ পঢ়া অভ্যাস, মই আকৌ পুৱাই উঠি পঢ়োঁ প্ৰায়৷ এদিনাখন পুৱাই উঠি ব্ৰাছডাল লৈ টোপনিতে দাঁত ঘঁহিবলৈ লৈ দেখোঁ যে ইমান দেৰি ঘঁহাৰ পাছতো ফেনোৱা নাই আৰু মুখত এটা বিকট সোৱাদ লাগি আহিছে চোন৷ কথা কি! অলপ দেৰি ভালকৈ চাই-চিতি দেখোঁ যে বপুৰাই কলগেটৰ টিউবত ব’ৰপ্লাছ ভৰাই থৈছে গতিকে দাঁত ঘঁহি থাকিলেও ফেননো ক’ৰ পৰা ওলাব৷ বিচাৰ খোচাৰ কৰি গম পালোঁ যে কামভাগ খনিনৰ৷ এইবাৰ খংটো অলপ বেছিকৈ উঠি হাতত নালিয়া কটাৰী লৈ বেংগালুৰুৰ ৰাস্তাত তাক খেদাত লাগিলোঁ৷ লগৰ দুটাই বুজাই মেলি পিছে পিছে খেদি গৈ কিবাকৈ মোক শান্ত কৰি ঘৰলৈ আনিলে৷ মই থিৰাং কৰিলোঁ যে এইবাৰ আৰু তাৰ লগত কোনোপধ্যেই কথা নাপাতোঁ জীৱনত৷
তেনেকৈ ৰাতি পঢ়ি আছোঁ দুয়োটাই দুফালে৷ কিতাপৰ মাজত এখন দীঘল চিঠি দেখি পঢ়ি চাই দেখোঁ যে এইখন সি মোলৈ ক্ষমা বিচাৰি লিখিছে৷ যিহে ভাষাৰ প্ৰয়োগ, দেখি হাঁহিহে উঠিল৷
তেনেদৰেই এদিন দেখোঁ মোৰ গুডনাইটৰ লিকুইডৰ বটলটো লগাত কৈ অলপ সোনকালে শেষ হোৱা হৈছে, ভালদৰে তদন্ত কৰিহে গম পালোঁ বাপুৱে চিৰিঞ্জৰ সহায়ত উলিয়াই নিজৰ পুৰণা বটলটোত ভৰাই থাকে আৰু লাভৰ মূৰত মোৰ বটলটো সোনকালে শেষ হয়৷ এতিয়া সেইবোৰ দিনৰ বদমাছিবোৰ মনত পৰিলেই অকলেই হাঁহি উঠে৷ মই পিছে প্ৰায় প্ৰাইম টাৰ্গেট আছিলোঁ সদায়েই৷
☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.