ফটাঢোল

ভোলাৰামৰ আত্মা – মূল: হৰিশংকৰ পৰসাই – অনুবাদঃ হিমাংশু ভাগৱতী

ধৰ্মৰাজে লাখ লাখ বছৰ ধৰি অসংখ্য লোকক কৰ্মৰ আধাৰত স্বৰ্গ অথবা নৰক ’এলট’ কৰি আহি আছিল৷ এনেকুৱা ঘটনা কিন্তু আগতে কেতিয়াও হোৱা নাছিল৷ চিত্ৰগুপ্তই সমুখত বাৰে বাৰে চশমাযোৰ মচি, বাৰে বাৰে আঙুলিত থু লগাই পাত লুটিয়াই ৰেজিষ্টাৰৰ পিচত ৰেজিষ্টাৰ লুটিয়াই তল-উপৰ কৰি বিচাৰি আছিল৷ ক’ত ভুল হৈছে তথাপি ধৰিব পৰা নাছিল৷ অৱশেষত চিত্ৰগুপ্তই খঙতে চিঞৰি ইমান জোৰে ৰেজিষ্টাৰ বন্ধ কৰি দিলে যে মাখি এটা ৰেজিষ্টাৰৰ মাজত চেটেপ হৈ গ’ল৷ মাখিটো উলিয়াই চিত্ৰগুপ্তই ক’লে, “মহাৰাজ, ৰেকৰ্ডত সকলো ঠিকে আছে৷ ভোলাৰামৰ জীৱটোৱে পাঁচদিন আগতে দেহ ত্যাগ কৰি যমদূতৰ লগত এই লোকলৈ যাত্ৰা আৰম্ভ কৰিছিল, কিন্তু এতিয়ালৈ আহি পোৱা নাই৷“

“দূত কেইটা এতিয়া ক’ত? “,
ধৰ্মৰাজে সুধিলে৷

“মহাৰাজ, সেইকেইটাও নিৰুদ্বেশ হৈ আছে৷“

ঠিক সেই সময়তে দুৱাৰ খুলি যমদূত এটা সোমাই আহিল৷ তাৰ মৌলিক কুৰূপ চেহেৰাটো পৰিশ্ৰম, ভয় আৰু চিন্তাৰ বাবে বেচি বিকৃত দেখাইছিল৷ তাক দেখিয়েই চিত্ৰগুপ্তই চিঞৰিলে, “আৰে, তই ইমানদিন ক’ত নোহোৱা হৈ আছিলি? ভোলাৰামৰ আত্মা ক’ত?

যমদূতে হাতযোৰ কৰি ক’লে-“প্ৰভু, কি কম দুখৰ কথা৷ আজিলৈ ঠগ খোৱা নাছিলোঁ কেতিয়াও কিন্তু ভোলাৰামৰ আত্মাই মোক ভাল ঠগন দিলে৷ পাঁচদিন আগতে যেতিয়া আত্মাটোৱে ভোলাৰামৰ দেহ ত্যাগ কৰিলে তেতিয়াই মই তাক ধৰি ইয়ালৈ যাত্ৰা আৰম্ভ কৰি দিছিলোঁ৷ চহৰৰ বাহিৰত যেতিয়াই মই তাক লৈ তীব্ৰবেগী বায়ু তৰংগত উঠিলোঁ ঠিক তেতিয়াই সি মোৰ হাতৰ পৰা এৰাই ক’ত যে নাইকিয়া হৈ গ’ল গমেই নাপালোঁ৷ এই পাঁচ দিনত মই গোটেই ব্ৰহ্মাণ্ড চলাথ কৰি বিচাৰিলোঁ, কিন্তু ভোলাৰামৰ আত্মাক ক’তো নাপালোঁ৷

ধৰ্মৰাজৰ প্ৰচণ্ড খং উঠিল৷ খঙতে ক’লে, “মূৰ্খ, আত্মা আনি আনি বুঢ়া হৈ গ’লি তথাপি এটা সাধাৰণ বুঢ়া মানুহৰ আত্মাই তোক ঠগি গ’ল৷

দূতে নতশিৰে ক’লে-“মহাৰাজ, মই সদায় অনাৰ দৰে অতি সাবধানে আনিছিলোঁ৷ মোৰ এই অভ্যস্ত হাতৰ পৰা চতুৰৰো চতুৰ উকিলো সাৰি যোৱা নাছিল৷ এইবাৰ কিন্তু কিবা ইন্দ্ৰজালৰ পাল্লাতহে পৰিলোঁ যেন লাগিছে৷

চিত্ৰগুপ্তই ক’লে-“মহাৰাজ, আজিকালি পৃথিৱীত এনেধৰণৰ কাৰবাৰ বহুত হৈছে৷ মানুহে পাৰ্চেল পঠায়, বাটতে নোহোৱা হয়৷ মালগাড়ীৰ ডবা ৰাষ্টাতে খালী হয়৷ ৰাজনৈতিক দলৰ নেতাই বিৰোধী দলৰ নেতাক বাটৰপৰা ধৰি নি বন্ধ কৰি থয়, দল সলাই দিয়ে৷ ভোলাৰামৰ আত্মাকো কোনোবা বিৰোধীয়ে অপহৰণ কৰা নাইতো?“

“তোমাৰো ৰিটায়াৰ হোৱাৰ বয়স হৈছে৷“ ধৰ্মৰাজে ঠাট্টাৰ সুৰত চিত্ৰগুপ্তক ক’লে, “ভোলাৰামৰ দৰে নগণ্য, দুখীয়া মানুহ এজন লগত কাৰ কি ৰাজনৈতিক লেনা-দেনা থাকিবহে?
“সেই সময়তে ক’ৰবাৰ পৰা নাৰদ মুনি আহি যমলোক পালে৷ ধৰ্মৰাজক দুখ মনে থকা দেখি নাৰদে সুধিলে, “কি চিন্তাত কৰিছে হে ধৰ্মৰাজ? নৰকত থকা ঠাইৰ অভাব হোৱা সমস্যাটো এতিয়াও সমাধান হোৱা নাই নেকি?“

“সেই সমস্যাটোৰ কেতিয়াবাই সমাধান ওলাল৷ নৰকত যোৱা কিছুবছৰৰ পৰা বৰ গুণী-জ্ঞাণী কাৰিকৰ আহিল৷ বহুত বিল্ডিঙৰ ঠিকাদাৰ আহিল যিয়ে বেচি পইছা লৈ ফোঁপোলা বিল্ডিং বনায়৷ ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আহিল যি ঠিকাদাৰৰ লগ লাগি পৰিকল্পনা যোজনাবোৰৰ ধন আত্মস্যাৎ কৰে৷ কাম নকৰাকে মজদুৰে কাম কৰা বুলি দেখুৱাই পইছা খোৱা মানুহো আহিল৷ এই সকলোবোৰ লগ লাগি নৰকত খুব কম সময়ত ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি উলিয়ালে৷ নৰকত থকা ঠাইৰ অভাবৰ সমস্যাটো নোহোৱা হ’ল৷ এতিয়া এটা নতুন সমস্যাৰহে একো উৱাদিহ পোৱা নাই, কি কৰোঁ! ভোলাৰাম নামৰ মানুহ এজন পাঁচ দিন আগতে মৰিল৷ তাৰ আত্মাটো দূতে লৈ আহি থাকোঁতে মাজতে দূতক ঠগি আত্মাটো নোহোৱা হ’ল৷ গোটেই ব্ৰহ্মাণ্ড চলাথ কৰিও দূতে আত্মাটো নাপালে৷ এনেকুৱা হ’লেতো পাপ-পুণ্যৰ ভেদ নাইকিয়া হ’ব মুনিবৰ!“

“মানুহজনৰ ইনকাম টেক্স বাকেয়া আছিল নেকি? টেক্স ডিপাৰ্টমেণ্টে ৰাখি দিব পাৰে৷“ নাৰদে ক’লে৷

চিত্ৰগুপ্তই ক’লে-, “ইনকাম থাকিলেহে টেক্স থাকিব মুনিবৰ! খাব নোপোৱা ভিকহু আছিল৷“

“কথাটো তেনে জটিল৷ “নাৰদে ক’লে,“ বাৰু মোক নাম ঠিকনা দিয়া৷ ময়ে পৃথিৱীত গৈ বিচাৰি চাওঁ৷

চিত্ৰগুপ্তই ৰেজিষ্টাৰ খুলি নাম ঠিকনা ক’লে, “ভোলাৰাম নাম আছিল৷ ভৰলুত নদীৰ পাৰতে দুটা ৰূমৰ জহি-খহি যোৱা ঘৰ এটাত পৰিয়ালৰ সৈতে ভাড়াত থাকে৷ পত্নী, দুজন ল’ৰা আৰু এজনী ছোৱালী ভোলাৰামৰ৷ চৰকাৰী চাকৰ আছিল, পাঁচ বছৰ হ’ল ৰিটায়াৰ হোৱা৷ এবছৰ ধৰি ঘৰ ভাড়া নিদিয়া বাবে ঘৰৰ মালিকে ঘৰৰ পৰা উলিয়াই দিবলৈ বিচাৰি আছিল৷ তেনেতে ভোলাৰামে সংসাৰ এৰিলে৷ আজি পাঁচ দিন৷ যদি ভাড়া ঘৰৰ মালিক সঁচাকৈয়ে মহানগৰৰ ধৰণৰ মালিক হয় তেন্তে ভোলাৰাম মৰাৰ লগে লগে পৰিয়ালটোক যে উলিয়াই দিছে খাটাং৷ গতিকে আপুনি মুনিবৰ পৰিয়ালটো বিচাৰি বেচ ঘূৰিব লাগিব যেন লাগিছে৷
“বেকা হাঁহি এটা মাৰি নাৰদে যাত্ৰা আৰম্ভ কৰিলে৷

ভোলাৰামৰ পৰিয়ালটো বিচাৰি উলিয়াবলৈ নাৰদৰ বেচি কষ্ট নহ’ল৷ মাক-জীয়েক সন্মিলিত ক্ৰন্দনে নাৰদৰ কষ্ট বহুখিনি লাঘৱ কৰিলে৷

দুৱাৰৰ ওচৰলৈ গৈ নাৰদে ক’লে, “নাৰায়ণ, নাৰায়ণ৷

ছোৱালী জনীয়ে ভিতৰৰ পৰা মাত দিলে, “আগলৈ যাওক বাবা, ইয়াত একো নাপাব৷“

“মই ভিক্ষা বিচাৰি অহা নাই, ভোলৰামৰ বিষয়ে কেইটামান কথা জানিবলৈ আহিছোঁ৷ তোমাৰ মাৰাক বাহিৰলৈ পঠিয়াই দিয়াচোন৷“ নাৰদে ক’লে৷

ভোলাৰামৰ পত্নী লাহে লাহে বাহিৰলৈ ওলাই আহিল৷ নাৰদে সুধিলে, “আই, ভোলাৰামৰ কি বেমাৰ হৈছিল?“

“কি কম? ভিকহু হোৱাটোৱে বেমাৰ৷ পাঁচ বছৰ হ’ল, অৱসৰ হোৱাৰ৷ পেঞ্চন এতিয়ালৈ নহ’ল৷ প্ৰতি দহ-পোন্ধৰ দিনত পেঞ্চন অফিচলৈ গৈ আছিল, কিন্তু অফিচৰ উত্তৰ আছিল এটায়েই, “তোমাৰ পেঞ্চনটো হৈ আছে৷“ এই পাঁচ বছৰত গহনা, বাচন-বৰ্তন সকলো বিক্ৰী কৰি চলিলোঁ৷ এতিয়া বিকিবলৈ একো নাই৷ ভোকৰ পেটেৰে চিন্তা কৰি কৰি মানুহজনে দম এৰিলে৷

নাৰদে সান্তনা দিলে, “ কি কৰিবা আই, তেওঁৰ আয়ুস ইমানেই আছিল!“

“এনেকৈ নক’ব বাবা, আয়ুস বহুত আছিল৷ পেঞ্চনটো পালে অন্তত খাই বৈ চলি থাকিব পৰা হ’লহেতেন৷ কিন্তু কি কৰিম, এটা ফুটা কড়িও নোপোৱাকৈ পাঁচ বছৰ পাৰ হ’ল৷ পেঞ্চন অফিচলৈ অহা-যোৱা কৰিয়েই মানুহজন গ’ল৷“

দুখৰ কথা শুনি থাকিবলৈ নাৰদৰ হাতত সময় নাছিল৷ চিধা নিজৰ প্ৰশ্নলৈ আহি গ’ল,
“আই, ভোলাৰামৰ সাংঘাতিক আসক্তি থকা কোনোবা আছিল নেকি যাক নিজতকৈও বেচি ভাল পাইছিল?“

“মহাৰাজ, তেওঁ ল’ৰা-ছোৱালী কেইটাক বৰ মৰম কৰিছিল৷“

“নহয়, মানে পৰিয়ালৰ বাহিৰৰ কোনোবা৷ ধৰক কোনোবা মহিলা!“

ভোলাৰামৰ পত্নীয়ে ক্ৰোধেৰে নাৰদৰ ফালে চালে৷ ক’লে, “আৰু একো নুসুধিব৷ সাধু মানুহ বাবে আপোনাক বেয়াকৈ নক’লো৷ জীৱনভৰ মানুহজনে বেলেগ মহিলালৈ মূৰ তুলিও চোৱা নাছিল৷“

কথা বিষম দেখি নাৰদে লাহেকৈ হাঁহি এটা মাৰি ক’লে, “তুমি ঠিক ক’লা আই, ভাল সংসাৰৰ চিন তাতেই৷ বাৰু, মই এতিয়া উঠোঁ৷“

ভোলাৰামৰ পত্নীয়ে ক’লে, “বাবা, আপুনি সাধু মানুহ৷ কিবা কৰি এওঁৰ ৰৈ থকা পেঞ্চনটো হোৱা কৰিব নোৱাৰিনে? ল’ৰা-ছোৱালী কেইটা এতিয়া লঘোনতে মৰিব৷“

নাৰদৰ মনলৈ দয়াভাব আহিল৷ ক’লে, “সাধুবাবাৰ কথা কোনে শুনিব? মোৰতো ইয়াত কোনো শিষ্য বা মন্দিৰ নাই৷ তথাপি মই অফিচলৈ যাম আৰু চেষ্টা কৰিম৷“

তাৰ পৰা নাৰদ চিধা-চিধি চৰকাৰী অফিচলৈ গ’ল৷ তাত গৈ কেৰাণী এজনক লগ ধৰি ভোলাৰামৰ কথাটোৰ বিষয়ে সুধিলে৷ কেৰাণীজনে নাৰদক বৰ মনোযোগেৰে নিৰীক্ষণ কৰিলে আৰু ক’লে, “ভোলাৰামে দৰ্খাস্ত দিছিল কিন্তু তাৰ ওপৰত ওজন ৰাখিবলৈ পাহৰি গ’ল৷ বতাহে আবেদন উৰুৱাই নিলে৷“

নাৰদে আচৰিত হৈ সুধিলে, “আৰে ভাই, ইয়াতটো বহুত পেপাৰ ৱেট আছে৷ সি কিয় নাৰাখিলে?“

কেৰাণীজনে হাঁহি হাঁহি ক’লে, “আপুনি সাধু মানুহ, দুনীয়াৰ আওভাও বুজি নাপাব৷ দৰ্খাস্ত পেপাৰ ৱেট দি নাৰাখে৷ বাৰু, আপুনি এই ৰূমটোত বহি থকা মানুহজনক লগ কৰক৷

নাৰদ দ্বিতীয়জন মানুহৰ কাষ পালে৷ দ্বিতীয়জনে তৃতীয়জনৰ ওচৰলৈ, তৃতীয়জনে চতুৰ্থ জনলৈ, এনেকৈ চলি থাকিল৷ নাৰদ যেতিয়া পচিশ-ত্ৰিশজন মানুহৰ টেবুলে টেবুলে টাকুৰি ঘূৰাদি ঘূৰি ঘূৰি অৱশ হ’ল, তেতিয়া এজন পিয়নে ওচৰলৈ আহি ক’লে, “বাবা, আপুনি কিয় এই ঝামেলাত ফচিল! যদি আপুনি এবছৰো এনেকৈ ঘূৰি থাকে একো কামত নাহে৷ আপুনি চিধা ছাৰক মানে ডাইৰেক্টৰক লগ কৰক৷ ছাৰক খুছ কৰি দিব পাৰিলে এতিয়াই কাম হৈ যাব আপোনাৰ৷“

নাৰদ ছাৰৰ ৰূমত সোমাল৷ পিয়নজনে ৰাষ্টা দেখুৱাই দিয়া কাৰণে কোনেও বিশেষ একো নুসুধিলে৷ কোনো ধৰণৰ আগতীয়াকৈ অনুমতি নোলোৱাকৈ লগ কৰিবলৈ অহা বাবে ছাৰে যথেষ্ট ভোৰভোৰালে৷ “এয়া কিবা মন্দিৰ বুলি ভাবিছে নেকি? চিধা সোমাই আহিল যে? বাহিৰত কৈ কাগজ এখন হ’লেও পঠিয়াই দি অনুমতি ল’ব লাগে৷“

“কাৰ হাতত পঠিয়াম? আপোনাৰ কেবিনৰ বাহিৰত আপোনাৰ পি এজন দেখো শুই আছে৷“ নাৰদে ক’লে৷

ছাৰৰ সামান্য মাত সৰু হ’ল কথাষাৰত৷

“কি কাম আছিল? “চাহাবে গপচ এৰি নিদিয়াকৈ শুধিলে৷

নাৰদে ভোলাৰামৰ পেঞ্চনৰ ঘটনাটো ক’লে৷

ডাইৰেক্টৰ চাহাবে ক’লে, “আপুনি হ’ল বৈৰাগী৷ দপ্তৰৰ নীতি-নিয়ম নেজানে৷ আচলতে ভোলাৰামৰে ভুল৷ আৰে ভাই, এইটোও এটা মন্দিৰ৷ ইয়াতো দান পুণ্য কৰিব লাগে৷ আপুনি ভোলাৰামৰ আত্মীয় বোধহয়? ভোলাৰামৰ দৰ্খাস্তবোৰ উৰি আছে৷ সেইবোৰত ওজন ৰাখক৷“

নাৰদে বুজিলে ইয়াতো ওজনৰ সমস্যা৷ ডাইৰেক্টৰ চাহাবে ক’লে, “চাওক, চৰকাৰী পইচাৰ কথা৷ পেঞ্চনৰ কেছ বিশটা দপ্তৰত যায়৷ সময় লাগে৷ বিশ বাৰ এটা কথাকে বিশ ঠাইত লিখিব লাগে, তেতিয়াহে পেঞ্চন পাক্কা হৈ যায়৷ যিমান টকাৰ পেঞ্চন সিমান টকাৰ ষ্টেছনাৰী বস্তুৱে লাগে৷ অৱশ্যে সোনকালে হৈ যাব পাৰে, কিন্তু…..“ চাহাব অলপ ৰ’ল৷

নাৰদে সুধিলে, “কিন্তু কি?

চাহাবে কুটিল হাঁহি এটাৰে সৈতে ক’লে, “কিন্তু ওজন লাগিব৷ আপুনি বুজা নাই৷ আপোনাৰ যে সুন্দৰ বীণাখন আছে লগত, ইয়াৰ ওজনো ভোলাৰামৰ দৰ্খাস্তৰ ওপৰত ৰাখিব পৰা যায়৷ মোৰ ছোৱালীজনীয়ে গান শিকি আছে, এইখন মই তাইক দিব পাৰিম৷ সাধু-সন্তৰ বীণাৰপৰা ভাল সুৰ ওলায়৷

নাৰদে নিজৰ বীণাখন হেৰুৱাই বুলি প্ৰথমে ভয় খাইছিল৷ তাৰ পিচত নিজে বীণাখন টেবুলৰ ওপৰত থৈ ক’লে, “এইখন লওক৷ এতিয়া সোনকালে ভোলাৰামৰ পেঞ্চনৰ অৰ্ডাৰটো উলিয়াই দিয়ক৷

চাহাবে প্ৰসন্ন মনে নাৰদক বহিবলৈ দি বীণাখন এটা চুকত থ’লে৷ বেলটো বজোৱাৰ লগে লগে পিয়নটো হাজিৰ হ’ল৷ চাহাবে হুকুম দিলে, “বড়োবাবুৰ পৰা ভোলাৰামৰ ফাইলটো লৈ আহ৷

অলপ সময়ৰ ভিতৰতে পিয়নজনে ভোলৰামৰ এশ-ডেৰশ দৰ্খাস্তৰে ভৰ্তি হৈ থকা ফাইলটো লৈ আহিল৷ ফাইলটোৰ ভিতৰত ভোলাৰামৰ পেঞ্চনৰ কাগজবোৰো আছিল৷ চাহাবে ফাইলৰ নামটো পঢ়িলে আৰু সুধিলে, “কি নাম কৈছিল আপুনি বাবাজী?“

নাৰদে অলপ জোৰেৰেই ক’লে, “ভোলাৰাম৷“

হঠাৎ ফাইলটোৰ মাজৰ পৰা এটা কণ্ঠ ওলাই আহিল, “কোনে নাম লৈ মাতিছে মোক৷ পোষ্টমেন? মোৰ পেঞ্চনৰ অৰ্ডাৰটো আহিল নেকি?“

নাৰদ চক খাই উঠিল যদিও লগে লগে ঘটনাটো বুজি পালে৷ নাৰদে সুধিলে, “ভোলাৰাম! তুমি ভোলাৰামৰ আত্মা নহয়নে?“

“হয়“ ফাইলৰ ভিতৰৰ পৰা মাত আহিল৷

নাৰদে ক’লে,
“মই নাৰদ৷ তোমাক নিবলৈ আহিছোঁ৷ ব’লা স্বৰ্গত সকলোৱে তোমালৈ ৰৈ আছে৷ “

ফাইলৰ পৰা উত্তৰ আহিল, “মই নাযাওঁ৷ মই পেঞ্চনৰ দৰ্খাস্তবোৰতে সোমাই আছোঁ৷ ইয়াতে মোৰ আত্মাটো সোমাই আছে৷ মই মোৰ দৰ্খাস্তবোৰ এৰি যাব নোৱাৰোঁ৷ “

★★★★

3 Comments

  • হেমন্ত কাকতি

    মজ্জা অনুবাদ হিমাংশু৷ মেগাজিন আপলোডিঙৰ সময়তে পঢ়িছিলো ৷ আজি আকৌ এবাৰ চালো ৷ হৰিশঙ্কৰ পাৰচাইৰ লগত চিনাকী তোমাৰ যোগেদিয়েই হল ৷
    অভিনন্দন থাকিল ৷

    Reply
  • Manju

    বহুত ভাল লাগিল আৰু ভোলাৰামলৈ বৰ দুখ লাগিল হিমাংশু।

    Reply
  • ৰিণ্টু

    সুন্দৰ অনুবাদ হিমাংশু

    Reply

Leave a Reply

Your email address will not be published.