ফটাঢোল

ৰত্ন পেগু পুৰাণ (হাঁহ কাণ্ড) – অৰবিন্দ গোস্বামী

আউলি-বাউলি চুলি। কঁকালত এখন অসমীয়া গামোচা। উৰ্দ্ধাংশ বস্ত্ৰবিহীন। দেখিলেই গম পোৱা যায় যে, সি যেন অত্যন্ত চিন্তিত। আমাৰ মেছৰ ডাঙৰ নিমজোপাৰ তলত এযোৰ কাঠৰ টেবুল আৰু চকী লৈ চলে পেগুৰ বন্ধ বাৰৰ অধ্যয়ণ। টেবুলত এজাপমান কিতাপ-বহী, বিড়িৰ পেকেট আৰু দিয়াশলাই সদাই বান্ধি ৰাখে এখন ৰঙা কাপোৰেৰে। এই ফটাকানি সদৃশ টুকুৰাটো সি কোনটো যুগৰপৰা ব্যৱহাৰ কৰা দেখিলে সন্দেহ হয়। কাৰণ দেখাত মধ্যযুগীয় যেন লাগে যদিও এজন মানুহৰ বয়স ইমান হ’ব নোৱাৰে। ভগৱান প্ৰদত্ত ধুনীয়া চেহেৰাটোৰ সহায়ত হঠাৎ প্ৰেমত পৰা পেগুৱে নিজৰ প্ৰেয়সীক লগ কৰিবলৈ সদায় টিপ-টপকৈ যায়, কিন্তু ডেটিঙৰ এক ঘণ্টা আগৰপৰা ধুম-পাণ নিষেধ। ৰবিবাৰ বা অন্য বন্ধ বাৰত নাইবা কলেজৰপৰা অহাৰ পাছত তালুৰাম আংকুলৰ ভেবেলীপুখুৰীৰ পাৰত(পুখুৰীৰ পাৰত বহুতো ভেদাইলতা থকা বাবে আমি ভেবেলীপুখুৰী বুলি কওঁ)পেগুৰ অধ্যয়ণ চলে। পঢ়াত কিন্তু অত্যন্ত চিৰিয়াছ। কিন্তু তাৰ মনত কেতিয়া কি খেলায় আৰু পিছমুহুৰ্ত্ততে সি কি কৰে সেয়া আমাৰ নিচিনা সাধাৰণ নৰ-মনিষে ধাৰণা কৰা অসম্ভৱ। ভেবেলী পুখুৰীৰ পাৰতো অলপ জয়াল। ঠাইখিনি মূল ঘৰটোৰ পিছফালে। কাষতে তালুৰাম আংকুলৰ শাকনী বাৰীখন। দুই-এজোপা আন ডাঙৰ গছো থকা বাবে এই ঠাইখিনি তালুৰাম আংকুল বা আণ্টি বা তেওঁলোকৰ কণমাণি দুহিতা বাৰ্বিৰ দৃষ্টিৰপৰা আঁতৰি থাকে। অৱশ্যে এই ঠাইখিনিলৈ তালুৰাম আংকুলৰ বাহিৰে আন কোনো নাহে। আমি ল’ৰাবোৰো কমেই আহোঁ। কাৰণ সেই গৰম দিনৰ দুপৰীয়াবোৰত তাত দীঘল(সাপ)বোৰে পাইচাৰি কৰি ফুৰে। আৰু তাতেই আমাৰ পেগুৱে পঢ়াশালিখন খুলি লয়। কেতিয়াবা আমি সাপ দেখি চিঞৰ-বাখৰ লগালেও তাৰ সাধনাত অলপো প্ৰভাৱ নপৰে।

আজি দুদিনমানৰপৰা অলপ সি ব্যতিক্ৰমী আচৰণ কিছুমান দেখুৱাই আছে। তাৰ ব্যতিক্ৰমী আচৰণবোৰ দেখিলে মোৰো ষষ্ঠ ইন্দ্ৰিয়ই অাজিকালি সংকেত দিয়া হ’ল যে, নতুন কিবা এটা কাণ্ড ঘটিবলৈ গৈ আছে। পেগু হঠাৎ সকলো জীৱৰ প্ৰতি দয়াশীল হৈ পৰিল।এসপ্তাহমানৰপৰা আমিষ ভোজন বাদ দি নিৰামিষত ধৰিছে। তালুৰাম আংকুলৰ দুই এটা ডাঙৰ মাছে জপিয়াই থকা মাছৰ প্ৰকাণ্ড পুখুৰীটোত চৰি থকা হাঁহ কেইটাৰ প্ৰতিও পেগুৰ কৰুণা দৃষ্টি। পুখুৰীৰ পাৰলৈ যাওঁতেও চাউল দুটামান হাতত লৈ যায়।—‘আইচ আইচ বুলি পানীত চৰি থকা হাঁহকেইটা পাৰলৈ মাতি আনি অন্নদান কৰে। হঠাৎ ‘অহিংসা পৰম ধৰ্ম’ত বিশ্বাসী হৈ উঠা পেগুৱে আন মেছলৈ গ’লেও লগৰ সমনীয়াৰ মাজত অহিংসাৰ বাণী বিলোৱাৰ চেষ্টা কৰিবলৈ লৈছে।

হ’ব পাৰে। মানুহৰ পৰিৱৰ্তন হ’ব পাৰে। ৰত্নাকৰো বাল্মিকী হৈছিল। সেইবুলি নিজৰ গাঁৱত লোকৰ ঘৰত হাঁহৰ মাংসৰ গোন্ধ পাই তামোল এখন খাই যাওঁ বুলি সোমাই গিৰিহঁতে ‘নহলে ভাতকেইটানকে খাই যোৱা’—-বুলি নোকোৱালৈকে উঠাৰ নাম নোলোৱা পেগুৰ হঠাৎ হাঁহৰ প্ৰতি ইমান দৰদ!সিহঁতৰ গাঁৱৰপৰা অহা ল’ৰা এটাই বৰ সুন্দৰকৈ আমাক বৰ্ণাই থৈ গৈছিল আমাক পেগুৰ হাঁহপ্ৰীতিৰ কথা। এবাৰ হেনো সাঁতোৰবিদ্যাত পাকৈত পেগুৱে গাঁৱৰ ৰাজহুৱা পুখুৰী এটাত সাঁতুৰি আছিল, সেই গাঁৱৰ বন্ধুজন আৰু আন কেইজনমান বন্ধুৰ সৈতে। পাৰতে গাঁৱৰে মহিলা কেইগৰাকীমানে বাচন-বৰ্তনো ধুই আছিল। ওচৰতে পানীত কাৰোবাৰ হাঁহ কেইটামানো চৰি আছিল। ঘৰলৈ বুলি ঘূৰি আহোঁতে পেগুৱে সকলোকে বৰ আঁহতজোপাৰ তলত ৰ’বলৈ ক’লে আৰু নিজৰ তিয়নীখনৰ মাজৰপৰা উলিয়াই দিলে সেই হাঁহৰ জাকটোৰ আটাইতকৈ তেল থকা হাঁহটো। সেই হাঁহটো যে খাবলৈ মজা লাগিব, আৰু কেনেকৈ বনাব লাগিব—সেই কথা সিহঁতে আলোচনা নকৰা নহয়। কিন্তু ইমান জনসমাগম থকা ঠাইত সকলোৰে চকুত ধূলি দি সি এই কাণ্ড কেনেদৰে কৰিলে—সেইটো ভাবিহে সকলো আচৰিত হ’ল। এই বিষয়ে বন্ধুবৰ্গই জানিব বিচৰাত সি কৈছিল যে, পানীত বুৰ মাৰি থাকো‍ঁতেই পানীৰ মাজৰপৰাই হাঁহৰ ঠেং প্ৰত্যক্ষ কৰি—হাঁহক পানীৰ মাজলৈ নি—পানীৰ তলতে টেঁটু মুচৰি তাৰ জীৱন লীলা সমাপ্ত কৰি তাক ইহ সংসাৰ বন্ধনৰপৰা হেনো মুক্তি দিব পাৰে সি। বাহঃ,আমিতো শুনিয়েই ৰোমাঞ্চিত। দেখাসকল কিমান ভাগ্যবান!আমাৰ মতেতো ৬৫ নম্বৰ কলা আৱিস্কাৰ কৰিলে পেগুৱে। মাঘৰ বিহুতো হেনো আনে আন বস্তু চুৰ কৰাৰ কথা চিন্তা কৰে কিন্তু সি মাত্ৰ হাঁহৰ চিন্তাহে কৰে।তাক লৈ হেনো গাঁৱত এটা প্ৰবাদ আছে—-সি হেনো এবাৰ তাৰ সমগ্ৰ গাওঁখন হাঁহশূণ্য কৰি দিছিল—-যেনেদৰে পৰশুৰামে পৃথিৱীৰপৰা ক্ষত্ৰিয় নিঃশেষ কৰিছিল। মোৰ সন্দেহ হ’ল পেগুৰ ওপৰত। হোৱাৰ কাৰণো। সাগৰখনে জোৱাৰ ভাটা অহাৰ আগত শান্ত ৰূপ ধাৰণ কৰে। পেগুৰ এই শান্ত-সৌম্য-অহিংস ৰূপ তালুৰাম আংকুলৰ গঁড়ালৰ হাঁহকেইটাৰ জীৱনলৈ নামি আহিবপৰা কালধুমুহাৰ আগজাননী নহয়তো! মই মনে মনে পেগুক অনুসৰণ কৰা আৰম্ভ কৰিলো‍ঁ।

সন্ধিয়াৰপৰা বৰষুণ আৰম্ভ হৈছে।পেগুৰ আজি ভাত বনোৱাৰ পাল। প্ৰায় নিৰ্বস্ত্ৰ হৈ থাকি ভাল পোৱা পেগুৰ কঁকালত এখন লেতেৰা গামোচা। অন্য বস্ত্ৰ নাই। অৱশ্যে ভাত বনোৱাৰ সময়ত হাতখন বাৰে বাৰে ধোৱে, বিড়ি টনাৰ পাছত। আজি একাদিক্ৰমে এটাৰ পিছত এটা বিড়ি হুপিছে। দেখিলেই গম পোৱা যায় চিন্তাক্লিষ্ট সি। সাধাৰণতে ভাত খোৱাৰ পাছত বহু ৰাতিলৈকে পঢ়ি ৰাতিপুৱা দেৰিলৈকে শোৱা তাৰ স্বভাৱ।আজি শণিবাৰ। শণিবাৰে সি বহু দেৰিলৈকে পঢ়ে। আমাৰ দুয়োৰে পঢ়াৰ সময় সম্পূৰ্ণ ওলোটা। সি শুবৰ সময়ত(প্ৰায় দুই-তিনি বজাত)মোক এবাৰ মাত দি শোৱে। মই পঢ়িবলগা থাকিলে সোণকালে উঠো। আনদিনাৰ দৰেই সি ভাত খাই পঢ়িবলৈ বহিল। কিন্তু পঢ়াত যেন আজি তাৰ মন নাই! বৰষুণ দিয়াৰ বাবে মই খাই-বৈ শুই গ’লো‍।মাজৰাতি হঠাৎ হোৱা শব্দত মই সাৰ পালোঁ। বুজি পালোঁ, বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। এটা হাতলেম্প জ্বলি আছে পেগুৰ টেবুলত। কিন্তু মানুহতো নাই পঢ়া টেবুলত। খিৰিকীৰ কাষত বিড়ি টানি আছে। হাতত এখন বজাৰ কৰা মোনা, আৰু এটা টৰ্চ লাইট। মাত নলগালো তাক। এনেয়ো আমাৰ বেছি কথা পতা নহয়। এটাই আনটোক সম্পূৰ্ণ বুজি পোৱা বাবে আমি ইমান কথা পতাৰ প্ৰয়োজনো বোধ নকৰোঁ। তাতে টোপনিৰপৰা সাৰ পাইছোঁ। সদায় গাৰুৰ তলত লৈ শোৱা হাতঘড়ীটো উলিয়াই চালোঁ। ৰেডিয়াম থকা ঘড়ী। সেই সময়ত খুব চলিছিল। ২ বাজি ১৫ মিনিট। পেগুৰ শোৱা বিচনা পাকঘৰটোৰ ওচৰত। আনহাতে মই শোওঁ ৰুমৰ মূল দৰ্জাখনৰ ওচৰত। আমাৰ পাকঘৰৰ পিছফালে এখন প্ৰকাণ্ড দেৱাল। দেৱালৰ ইটো পাৰে অলপ আগলৈ গৈ এটা কেঁচা খেৰী ঘৰতে হাঁহকেইটা ৰখা হয়। আমাৰ মূল দৰ্জাইদি ওলায়ো পিছফালে যাব পাৰি, কিন্তু ৰাতি সেইফালৰ গেটখন তালুৰাম আংকুলে বন্ধ কৰি থয়। প্ৰায় ৪০টা মান হাঁহ আৰু পিছফালৰ বাৰীৰ শাক-পাচলিৰ বাৰীখন এই গেটখনে সুৰক্ষিত কৰি থয় বুলি ক’ব পাৰি। পেগুৱে বিড়িটো শেষ কৰি মই শোৱা বিচনাৰ কাষ পালেহি। মোক গাত জোকাৰি জগাবলৈ লওঁতেই মাত লগালো–‘সাৰ পাই আছোঁ, কৈ যা।’ হাতখন আঠুৱাৰ ভিতৰৰপৰা উলিয়াই আনি মোৰ মূৰৰ ওচৰলৈ আহি লাহেকৈ ক’লে—-‘মিশ্যনত যাওঁ। এলাৰ্ট থাকিবি।’—–মোৰ মুখৰপৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল লাহেকৈ—‘বেষ্ট অব্ লাক্।’—-কিয় নাজানো, এই পেগুটোৰ কোনো কথাত মই বাধা দিব নোৱাৰোঁ। বিপৰীতে তেৰাৰ সকলো কাণ্ডত মই নজনাকৈয়ে সমৰ্থন দি দিওঁ। পেগু কোবাকোবিকৈ পিছফালে গ’ল। কিন্তু মই বুজি নাপালোঁ ইমান এখন প্ৰকাণ্ড দেৱাল সি পাৰ হ’ব কেনেকৈ! তাৰ সা-সঁজুলি আৰু পোছাক দেখি মই বুজাত ভুল কৰা নাছিলো যে সেয়া ‘মিশ্যন ডাক্ ষ্টিলিং’। গামোচাখন সলাই তাৰ পুৰণি হাফ পেণ্টটো পিন্ধি গৈছিল সি। পিছফালৰ পকেটত টৰ্চটো আঁৰি মোনাখন হাফ পেণ্টৰ ৰছীডালত কিবা অদ্ভুদ ধৰণেৰে বান্ধি লৈছিল। কেনেদৰে সি কামটো কৰে, তাকে চাবলৈ ময়ো উঠি পিছফাল পালোঁগৈ। পাকঘৰৰ দৰ্জা হয়তো সি সেইদিনা মৰাই নাছিল, কাৰণ দৰ্জাখন খুলিলে অলপ শব্দ হয়। আৰু ময়ো বাহিৰলৈ যাবলৈ দৰ্জা খোলাৰ সমস্যাটো নাছিল। বৰষুণ ধাৰাষাৰে আহি আছে। মই কিন্তু নিশ্চিত নাছিলোঁ যে, পেগু এই মিশ্যনত ছাকছেছ হ’ব— কাৰণ সেই প্ৰকাণ্ড দেৱলখন। আৰু সি হৈছে মানুহটো চুটি চাপৰ। তাৰ দুগুণতকৈও ওখ দেৱালখন কেনেকৈ পাৰ হ’ব সেইটো চাবৰ বাবেহে মই সেই বৰষুণতো তাৰ কাণ্ড চাবলৈ আহিছিলোঁ।অলপ আন্ধাৰ হ’লেও ভালদৰে দেখিছিলোঁ —–সি তিতি-বুৰি দেৱালখনৰপৰা ৫০ মিটাৰমান আঁতৰ পালেগৈ। মই বুজি নাপালোঁ সি কি কৰিব বিচাৰিছে। তাতোকৈ আচৰিত হ’লো যেতিয়া সি দৌৰ প্ৰতিযোগিতাৰ বাবে লোৱা পজিছন ল’লে। আৰে ই আকৌ কৰে কি! ৰাতি এই দুই-আঢ়ৈ, বিবস্ত্ৰপ্ৰায় ৰূপত বৰষুণত জুৰুলি-জুপুৰি হৈ দৌৰ প্ৰতিযোগিতাৰ পজিছন দেখি মই হাঁহিমেই নে কান্দিমেই একো বুজি নাপালোঁ। মোক কোনো চাছপেঞ্চত নাৰাখি সি সৰ্বশক্তিৰে দৌৰি আহি এটা প্ৰকাণ্ড জাপ মাৰি স্পাইডাৰমেন টাইপত দেৱালখনত লাগি ধৰিলহি। অলপ সময় তেনেকৈয়ে ওলমি থাকিল। মই বুজি নাপালোঁ সি দেৱালৰ একেবাৰে ওপৰৰছোৱা ঢুকি পালেগৈ নে নাইপোৱা। অলপ সময় তেনেদৰেই থাকি এবাৰত জাপ মাৰি দেৱালৰ ওপৰত বহিলগৈ। আৰু তাৰ পাছত সময় নষ্ট নকৰি দেৱাল পাৰ হৈ গ’ল। সি কেনেকৈ কি কৰিছে মোৰ জনাৰ উপায় নাছিল। মই মাথো পিছফালৰ বাৰাণ্ডাত বহি তালৈ অপেক্ষা কৰিছিলোঁ। কিছু সময় তেনেদৰেই পাৰ হৈ গ’ল। অলপ সময়ৰ পাছত মাইকী হাঁহ এজনীৰ ‘টেঁট’কৈ শব্দ এটা শুনাৰ লগে লগে মই এক্কে জাপে আহি বিচনাত উঠিলোঁহি। প্ৰায় ২০ ছেকেণ্ডমানৰ মূৰত তালুৰাম আংকুলৰ চিঞৰ—‘ঐ কোন, কোন বাহিৰত’—– মোৰ পেটতে হাত ভৰি লুকাল। বোলো আজি তই পৰিলি জালত পেগু! তোৰ সব ভণ্ডামি শেষ আজি। তোৰ লগতে ময়ো হাঁহ চোৰৰ উপাধিটো যে নাপাম গেৰেণ্টি নাই। মোৰ বুকুখন দুৰু দুৰু কঁপিবলৈ ধৰিলে।

মই ভালদৰে এই কথা জানিছিলোঁ যে, তালুৰাম আংকুল বা আণ্টিৰ ইমান সাহস নাই যে অকলে চোৰ ধৰিবলৈ যাব। তেওঁলোকে নিশ্চয় প্ৰথম অামাক জগাবহি আৰু ঘটনাটো কি হৈছে চাবলৈ যাবলৈ আমাক লগ ধৰিব।তেওঁলোক আহিলে মই দৰ্জাখন খুলিবই লাগিব আৰু দৰ্জা খোলা মানেই জোলোঙাৰ মেকুৰী বাহিৰ ওলাই পৰা।ভয়ে ভয়ে বিচনাত পৰি থাকিলোঁ। সেই মুহুৰ্ত্ততে তালুৰাম আংকুলে মোৰ দৰ্জা ঢকিয়ালেহি। —-সৰ্বনাশ!! — এনে লাগিছিল যেন পিছফালৰ খোলা দৰ্জাৰে ওলাই দৌৰ মাৰিম! অলপ সময় মনে মনে পৰি থাকিলোঁ যদিও তালুৰাম আংকুল আৰু আণ্টিয়ে দৰ্জাখন ভাঙি পেলাওঁ যেন কৰিলে। উপায়বিহীন হৈ মাত দি সহাৰি জনালোঁ আৰু হাতে ভৰিয়ে ধৰি হ’লেও মাফ খুজিবলৈ সাজু হৈ দৰ্জা খুলিবলৈ আগবাঢ়িলোঁ। এনেতে বিজুলী বেগেৰে পিছ দুৱাৰেদি পেগু সোমাই চিধা-চিধি বিচনাৰ আঁঠুৱা ডাঙি সোমাই পৰিল গন্তব্য স্থানত। আন্ধাৰ হোৱা বাবে মই তাৰ কায়াটো ভালদৰে নেদেখিলোঁ। মাত্ৰ ছাঁয়ামূৰ্তি এটা যেনহে দেখিলোঁ তাক। যি হওক এইবাৰ সম্পূৰ্ণ সাহসেৰে সেই মুহুৰ্ততহে সাৰ পোৱা যেন মাতটো অলপ ডাঙৰ কৰি কোবাকোবিকৈ দৰ্জাখন খুলিলোঁহি।

‘খুৰা কি হ’ল? এই ৰাতিখন চিঞৰ-বাখৰ লগাইছে যে!’— দীঘলীয়া হামি এটা মৰাৰ নিচিনা কৰি দৰ্জাখন খুলিলোঁ।

‘পিছফালে চোৰ সোমাইছে। পেগুকো মাতাচোন।’—-খুৰাই ক’লে।

‘খুৰা, পেগুৰ কালি সন্ধিয়াৰপৰা জ্বৰ।ময়ে যাওঁ ব’লক।’— বৰ উৎসাহ দেখুৱাই কোৱা কথাখিনিত খুৰাই কিবা সন্দেহ কৰিব বুলি ভয়ো হ’ল।

কিন্তু খুৰাই সন্দেহ নকৰিলে।অৱশ্যে তেওঁ সন্দেহ কৰিবলগা একো নাছিল। কাৰণ পেগুৱে ইতিমধ্যে নিজৰ মিশ্যন সম্পূৰ্ণ কৰিছিল। সেয়ে—-‘ঠিক আছে, ব’লা’— বুলি কোৱাৰ লগে লগে ময়ো সময় নষ্ট নকৰি খুৰাৰ দৃষ্টি পেগুৰ ওপৰত নপৰাকৈ আঁতৰাই লৈ গ’লো।গোটেই ঘটনাটোত আমাক বিদ্যুৎ দেৱতাই অকণমানো কৃপণালি নকৰাকৈ সহায় কৰিছিল। খুৰাৰ চিঞৰ শুনি পিছফালৰপৰা ভিতৰলৈ দৌৰ মৰাৰ সময়ত মই লেম্পটো নুমুৱাই আহিবলৈ পাহৰা নাছিলোঁ। খুৰা আৰু খুৰীয়ে মোৰ সৈতে পিছফালে গৈ গড়ালৰ দুৱাৰ খুলিলে। লেম্প এটাৰ পোহৰতে বাৰে বাৰে হিচাপ কৰি এজনী হাঁহ কম পালে।ৰাতি ‘হোৱা হোৱা’ কৈ চিঞৰা শিয়ালকেইটাক চৈধ্য গোষ্ঠী উজাৰি গালি পাৰিলে খুৰীয়ে। ইয়াকে শুনি খুৰাই ক’লে—‘শিয়াল নহয়, মানুহ আছিল।কাৰণ মই মানুহৰ খোজৰ শব্দ শুনিছিলোঁ, হাঁহজনীয়ে একমাত্ৰ আৱাজটো কৰাৰ আগত’—–অৱশেষত বৰ দুখ মনেৰে আমি শোৱাপাটীলৈ উভটিলোঁ। শেষত খুৰীয়ে পিছদিনা গঁড়ালৰ দৰ্জা খুলিব নোৱাৰা কৰিবলৈ খুৰাক কেইটামান দিহা-পৰামৰ্শ দিলে।

মই ঘূৰি আহি ৰুমৰ দৰ্জা বন্ধ কৰি পেগুৰ ওচৰ পালোঁহি। পেগু এনেদৰে শুই আছিল যেন একো হোৱাই নাই। মই মম এডাল জ্বলালোঁ। তাৰ ফালে চাওঁতেই সি ইংগিত দিলে মমডাল নুমুৱাবলৈ। মমডাল নুমুৱাই মই তাৰ ওচৰ পালোঁগৈ। সি বিচনাৰপৰা উঠি আহি চকীত বহিছিল। সি আন্ধাৰে মুন্ধাৰে বিড়ি জ্বলালে। মোক খুব মনে মনে কোৱাদি কলে—-‘এতিয়া ৩:৩০, মই প্ৰায় ১ ঘণ্টা পিছত অৰ্থাৎ প্ৰায় ৪:৩০ বজাত চাইকেল লৈ হাঁহ চালান দিমগৈ প্ৰশান্তহঁতৰ মেচত। তাৰপৰা মই সোনকালে ঘূৰি আহি পুণৰ আনদিনাৰ দৰে দেৰিলৈকে শুই থাকিম।’

‘কিন্তু মাল ক’ত?’—মই আকাৰে ইংগিতে প্ৰশ্ন কৰিলোঁ। সি নিজৰ বিচনাখন দেখুৱাই দি একান্তমনে বিড়ি টনাত লাগিল। আন্ধাৰতে তাৰ বিচনাৰ অাঁঠুৱাৰ তলেৰে হাত ভৰাই বিচনাৰ ওপৰতে আৱিস্কাৰ কৰিলো হাঁহটো।তেতিয়া সি মোনাখনৰ ভিতৰতে চিৰনিদ্ৰাৰ কোলাত টোপনি গৈছিল।বস্তুটো সযতনে ৰাখি ময়ো বিচনালৈ গ’লো। এটা সময়ত পেগুও বিচনাত উঠিল। এক ঘণ্টাৰ পাছত তালুৰাম আংকুল আৰু আণ্টিয়ে যেতিয়া ‘টোপনিৰ চিকুণ পুৱা’ৰ সোৱাদ লোৱা বুলি নিশ্চিত হ’ল, তাৰ ৰেঞ্জাৰ চাইকেলখন খুৱ সাৱধানে উলিয়াই মালটো নিৰাপদ স্থানত চালান দি থৈ আহিলগৈ। পোহৰ হোৱাৰ পাছতহে আমাৰ ভাল টোপনি ধৰিল। মইতো অলপ শুবলৈ পালোঁৱেই। পেগু গোটেই ৰাতি উজাগৰে থকাৰ দৰে হ’ল। শোৱাৰ আগে আগে মনলৈ আহিল, কালিলৈ প্ৰশান্তৰ মেছততো তামাম পাৰ্টি হ’ব। তাত নিমন্ত্ৰিত অতিথি হয়তো সেই আগৰকেইজনেই। আমাৰ কাষৰ মেছৰ উৎপল, উল্লাস আৰু পৱন। কলেজ যোৱা নহ’ব কাইলৈ। তাৰোপৰি তালুৰাম আংকুল-আণ্টিৰ ওচৰত পেগুৱে বিগত নিশাৰ চুৰি কাণ্ডৰ ওপৰত এটা গুৰু গম্ভীৰ ভাষণ আগবঢ়াব। তাৰোপৰি সম্পূৰ্ণ কাণ্ডটো সি কেনেকৈ কৰিলে, সেইটোও পাৰ্টিৰ সময়তে হয়তো গম পোৱা যাব। কথাখিনি ভাবি ভাবি মোৰ টোপনি আহিল। পুৱা আঠমান বজাত তালুৰাম আংকুলৰ মাতত সাৰ পালোঁ।

তালুৰাম আংকুলৰ মাতত সহাৰি দি বিচনাৰপৰা উঠিলোঁ। মুখ-হাত ধুই খিৰিকীৰে বাহিৰলৈ চালোঁ। বাহিৰৰ বাৰাণ্ডাত তালুৰাম আংকুল চিৰাচৰিতভাৱেই লুঙী আৰু কটা গেঞ্জী পিন্ধি বহি আছে। কাষত আণ্টিয়ে তামোল কাটি আছে। পেগু তেতিয়াও গভীৰ নিদ্ৰাত। দৰ্জাখন খুলি বাহিৰলৈ ওলাই আহিলোঁ। ময়ো দুখমনে খুৰাৰ কাষৰ চকীখনতে বহিলোঁহি। একো কথা-বতৰা ওলোৱা নাই আমাৰ কাৰো মুখৰপৰা। কিছু সময়ৰ পাছত পেগু আহি বহিলহি আমাৰ কাষতে।

‘কি হ’ল? সব মনে মনে আছে যে।’—পেগুৰ প্ৰশ্ন।

‘এ তই গমেই নাপালি। তোৰ জ্বৰ বাবে আমি তোক নজগালোঁ। কালি খুৰাহঁতৰ হাঁহ এজনী শিয়ালেই নিলে নে মানুহেই নিলে—-নাই এতিয়া। আমি ৰাতিয়েই উঠি গঁড়ালত চালোহি। এজনী হাঁহ কম।—মই পেগুৰ প্ৰশ্নৰ উত্তৰ দিলোঁ।

‘কি? তহঁতে মোক ৰাতি নজগালি কিয়? মানুহেই হওঁক বা শিয়ালেই হওঁক, মই নেৰিলোহেঁতেন। ইচ্ ইচ্, ইমান মৰমলগা হৈছিল হাঁহকেইটা! এই ৰাক্ষসবোৰৰপৰা হাঁহ এজনীও পুহিব নোৱাৰি। মই ধান-চাউল দিলে যিহে আটোমটোকাৰিকৈ খায়। উস ৰাম, মনত বৰ দুখৰ খবৰটো দিলি ৰাতিপুৱাই।’—-এইবুলি কৈ পেগু শোকত কাতৰ হৈ পৰিল।

‘হব আৰু দুখ নকৰিবা এতিয়া।আমাৰে ভাগ্য বেয়া। আজিৰপৰা আমিও সাৱধান হ’লোঁ।’— আণ্টিয়ে ক’লে।

‘আপুনি ক’লেই মোৰ মনৰপৰা দুখ নাইকিয়া নহয় আণ্টি। মোৰ হাততে আহি ধান চাউল খায়। আপোনালোকে মোক জগাই দিব লাগিছিল।’–পেগুৱে কথাখিনি কন্দনামুৱা কৈ ক’লে।

পেগুৰ দুখ দেখি আণ্টিয়ে আমালৈ চাহ বনাই আনিলে। সেই সময়ত পেগুৱে এনে এটা ভাৱ দেখুৱাইছিল যেন সি শোকত একো নাখাবই দিনটো। সুন্দৰ অভিনয় কৰি আমি কোবাবোবিকৈ প্ৰশান্তৰ মেছ পালোঁগৈ। আমি সদাই ৰুমত ভাত বনোৱা নাছিলোঁ। বাহিৰত কোনোবা মেছত ভাতসাজ মুকলি হ’লে সেইদিনা চৰু পতা নাছিলোঁ। গতিকে আমাক সন্দেহ কৰাৰ থল নাছিল। পেগুক মই সুধিছিলোঁ যে, সিদিনা তাৰ মিশ্যন শেষ কৰি ঘূৰি আহোঁতে কিয় দেৰি হৈছিল। মই যে অত্যন্ত ভয় খাইছিলোঁ, সেয়াও তাক জনাইছিলোঁ। উত্তৰত সি কৈছিল—‘মই জানিছিলো যে তালুৰাম আংকুলৰ ইমান সাহস নাই যে নিজে চোৰ খেদি আহিব। প্ৰথম আমাক জগাবলৈ আহিব বুলি জানিছিলোঁ। গতিকে মই আংকুলৰ মাত শুনি হাঁহটো বধিয়েই অপেক্ষা কৰিছিলোঁ তেওঁ আমাৰ মেছলৈ যোৱালৈ। মই জানিছিলোঁ তই ইমান সহজে দৰ্জা নোখোল। আৰু সেইখিনি সময় মোৰ ঘূৰি ৰুম পাবলৈ যথেষ্ঠ বুলি ভাবিছিলোঁ। হাঁহকেইটাই মোক চিনি পাইছিল। সেয়ে মই প্ৰথম দৰ্জা খুলি সোমাওঁতে সিহঁতে কোনো শব্দ কৰা নাছিল। পছন্দৰ হাঁহটোৰ গাত মই প্ৰথমে মৰমেৰে হাত ফুৰাইছিলোঁ। সিও আমেজত চকু মুদি দিছিল। টৰ্ছটো বন্ধ কৰি মই তাক মৰম কৰি কৰি এপাকত পাখিকেইটা জপতিয়াই ধৰি তাক বধ কৰিছিলোঁ। তহঁতে জানই হাঁহ মৰাতো ইমান সহজ কাম নহয়। কিন্তু মই জানোঁ বাবে মোৰ বাবে সহজ আছিল। হাঁহৰ ব্ৰহ্মতালুৰ এটা অংশত লাহেকৈ কিবা টান বস্তুৰে এবাৰ মাৰিলেই ই মাতিব নোৱাৰা হয় আৰু নিমিষতে কাম তামাম হৈ যায়। অৱশ্যে সেই পজিছনটো পাৰফেক্টলি চিনি পাব লাগিব। এইখিনি কাম কৰিবলৈ মোক পোহৰো দৰকাৰ নহয়। এটা পকেটত লৈ যোৱা সৰু শিলগুটিৰেই মই এই কামটো কৰিছিলোঁ।এইখিনিলৈকে সব ঠিকেই আছিল কিন্তু ৱালখনে সব গণ্ডগোল লগালে।আঁতৰৰপৰা দৌৰি আহিবলৈ জেগা নাই।ইফালে বৰষুণ। হাতত চিকাৰৰ জোলোঙা। বহুত কষ্টৰ মূৰতহে পাৰ হ’ব পাৰিলোঁ দেৱালখন।’

পেগুৰ হাঁহ সম্পৰ্কে জ্ঞানৰ উমান আমি পিছত পালোঁ। তালুৰাম অাংকুলৰ সম্পূৰ্ণ হাঁহৰ বংশৰ ভেটি পেগুৱে প্ৰায় দুমাহতে উছন কৰি দিছিল।সি তাৰ কায়দাৰে হাঁহ মাৰিও দেখুৱাইছিল। পানীৰ তলত বুৰ মাৰি পানীত চৰি থকা হাঁহ পানীৰ তলতে মাৰি দেখুৱাইছিল। ছিটিকা পাতি কেনেকৈ হাঁহ সহজে ধৰিব পাৰি সেয়াও প্ৰেক্টিকেলি দেখুৱাইছিল। কেটেপাৰে এবাৰতে হাঁহ বধ কৰিও দেখুৱাইছিল। এই ক্ষেত্ৰত পেগুৱে শিলগুটিৰ সলনি মাৰ্বল গুটিহে ব্যৱহাৰ কৰিছিল। মাৰ্বল ব্যৱহাৰ কৰিলে হেনো দিকভ্ৰষ্ট নহয়। তাৰোপৰি ধান-চাউল ছটিয়াই ৰাখিছিল মেছৰ বাহিৰৰপৰা ভিতৰলৈ। হাঁহে চাউল খাই খাই আহি যেতিয়া লক্ষ্মণৰেখা উলঙ্ঘণ কৰিছিল, চোপ লৈ থকা পেগুৱে চকুৰ পচাৰতে পেণ্টত মৰা বেল্টেৰে একে কোবে ধাৰাসায়ী কৰিছিল। তাৰ মিশ্যনত তিনিটা কথাত হেনো সি বহুত গুৰুত্ব দিছিল।সুযোগ, ক্ষিপ্ৰতা আৰু একাগ্ৰতা।তাৰোপৰি হাঁহৰ লগত খাবৰ বাবে দৰকাৰ হোৱা কোমোৰা, তেজপাত, জলকীয়া এইবোৰ সি তালুৰাম আংকুলৰ বাৰীৰপৰাই আনিছিল। পেগুৰ কৃপাত বিনা খৰচত খাবলৈ পোৱা হাঁহৰ মাংসৰ সোৱাদ আজিও মোৰ জিভাৰপৰা যোৱা নাই।

★☆★☆★

4 Comments

  • সৌৰভ শৰ্মা

    এইটো আৰু ৪বাৰ পঢ়িম।

    Reply
    • Anonymous

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

      Reply
  • Abhijit Goswami

    বিৰাত ভাল হৈছে. ইমানবোৰ কলা আগতে শুনাই নাছিলো.. হাঁহ পুৰাণ একেবাৰে

    Reply
  • কাবেৰী মহন্ত

    মজা লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published.