ফটাঢোল

ৰাধা এবাৰ হাঁহি দিয়া : ৰমেন কুমাৰ দাস

আজি মোৰ লগৰটোৰ হেভী দুখ। দুখ মানে একেবাৰে গভীৰ। মই কোনোপধ্যেই তাক বুজাব পৰা নাই৷ বোলো, “লুইতেহে জানে বঠা কিমানলৈ বহে”, আমিনো কোন কুটা! আমিনো কি বুজিম মোৰ লগৰটোৰ বুকুত আজি কিমান ওজনৰ হাতুৰীৰ কোব পৰিল৷ সি কোৱা মতে, আজি তাৰ হ’বলগীয়াজনীক তাৰ জীৱনৰ পৰা বিদায় দিবলগীয়া হ’ল৷ দেৱালীৰ ফটকাৰ শিহাত জুই লগোৱাৰ পিছত দুবাৰ মান পিৰিক-পাৰাক মাৰি ফুটো ফুটো কৰি ফটকাটো নুফুটাকৈ ৰৈ যোৱাৰ দৰে তাৰো হওঁ হওঁকৈ থকা বিয়াখন অৱশেষত ভাগিল৷ বৰ বেদনাদায়ক৷

আজি সন্ধিয়া, তাৰ দুখটো অলপ পাতলক ভাৱি তাক আমাৰ ৰাস থলীলৈ লৈ গ’লোঁঁ৷ চৌপাশ আলোক সজ্জাৰে জকমকাই আছে৷ দোকান পোহাৰবোৰো সুসজ্জিত হৈ উঠাৰ লগতে দোকানবোৰৰ পৰা উফৰি অহা বিভিন্ন সংগীতৰ লহৰেৰে পৰিৱেশটো একেবাৰে মায়াময় হৈ পৰিছে৷ তাৰোপৰি মৃত্তিকা শিল্পীৰ হাতৰ পৰশত মৃন্ময় মূৰ্তিবোৰেও প্ৰাণ পায় উঠিছে৷

তাক লগত লৈ ভীৰ ঠেলি ঠেলি ৰাসথলীখন কেইবাপাকো মাৰিলোঁ, তাক সান্তনা দিবলৈ বহুতো কথাই ক’লোঁ, কিন্তু সি তাৰ লগত হৈ যোৱা ঘটনাটোক কোনোপধ্যেই মানি ল’ব পৰা নাই৷ সি পৰিৱেশৰ লগত একাত্ম হ’ব পৰা নাই৷ অৱশেষত দুয়ো অস্থায়ী ধাবা এখনৰ এচুকত বহি ৰঙা পানী টুপিৰ দুপেগমান মাৰি ঘৰলৈ ওলালোঁ৷ ইতিমধ্যে ৰাস থলীত মানুহৰ ভীৰ নহোৱা হৈছিল৷ দুই এটা চেঙেলীয়াইহে ইফাল সিফাল কৰি আছিল৷

তেতিয়াই লাগিল অথন্তৰটো৷ মই ভৱাৰ দৰে কথাবোৰ নহৈ ওলোটাহে হ’ল৷ তাৰ ট্ৰেজেডিটো এতিয়াহে চৰিল। অৱশ্যে আমি এইমাত্ৰ গলাধকৰণ কৰা পেগ দুটাৰ ফলাফলত আমাৰ জিভা দুখন কিছু পাতল হৈ পৰিছিল, ফলত মুখেৰে ফৰফৰাই সকলো কথা বিন্দাচ ক’ব পৰা হৈছিলোঁ৷ সি এইবাৰ তাৰ হ’ব বুলি ভাৱি থকা শহুৰেকক গোৱাল গালি দি সি আত্মত্যাগৰ সিদ্ধান্তই ঘোষণা কৰিলে। তাৰ মুৰ্ত্তি দেখি মই বিচুৰ্তি খালোঁ৷ চকুৰ পচাৰতে সি ৰাস থলীৰ নিচেই সমীপৰে বৈ যোৱা নদীখনৰ ওপৰত নিৰ্মিয়মান পকী দলংখনত উঠিলগৈ। মই তাক একো ক’বই নাপালোঁ।

সি দলঙত উঠিল সঁচা, কিন্তু কিবা এটা কৰাৰ আগতে সি তাত কাৰোবাৰ উপস্থিতি অনুমান কৰিব পাৰি থমকি ৰ’ল৷ তাৰ সন্মুখত এটা মানৱ মুৰ্ত্তি ঠিয় দিয়াত সি তলমূৰ কৰি মানৱ মুৰ্ত্তিটোৰ চৰণ স্পৰ্শ কৰাৰ চেষ্টা কৰিলে৷ ভালকৈ লক্ষ্য কৰি ধৰিব পাৰিলোঁ, তাৰ সন্মুখত সেয়া ভগৱান শ্ৰীকৃষ্ণ৷ প্ৰথম দৃষ্টিত সন্দেহ হৈছিল যদিও কিঞ্চিৎ জোনাকত তেৰাৰ মূৰত ময়ূৰৰ পাখি আৰু হাতত মোহন বাঁহী দেখি মোৰ সন্দেহ আঁতৰিল৷ সেয়া সঁচাকৈয়ে পৰমেশ্বৰ শ্ৰীকৃষ্ণই হয়৷ প্ৰভূৱে সন্মুখত মোৰ লগৰটোক দেখি অতি নম্ৰভাৱে তাক তাৰ অন্তৰ্দাহৰ কথা ব্যাখ্যা কৰিবলৈ ক’লে৷ প্ৰভূৰ আদেশ পায় মোৰ লগৰটোৱে অকনমান থেৰোগেৰো কৰি বিনয়ীভাৱেই কৈ গ’ল৷

: মানে প্ৰভূ! আপুনিতো মোৰ সেইজনীৰ বিষয়ে সকলো জানেই। মই তাইক লৈয়ে সংসাৰৰ ডিঙা মেলিম বুলি কথা দিছিলোঁ। কিন্তু প্ৰভূ মিছা নকওঁ, কেইমাহমানৰ পৰা মোৰ লগত অন্য এজনী ৰিলেচনত অহাৰ বাবে তাই আজি মোক বাদ দি অইন এজনৰ লগত ৰাস চাবলৈ গ’ল৷ তাতো মই বেয়া নাপালোঁহেঁতেন, যদিহে তাই মোৰ লগত বুজা পৰা কৰি হাঁহি মুখেৰে বিদায় ল’লেহেঁতেন৷ মই ইমানো নিকম্মা নহয় যে মই অন্য এজনী ফিটিং কৰিব নোৱাৰিম৷ বৰ অসহ্যকৰ প্ৰভূ… বৰ অসহ্যকৰ!

শেষৰ কথাষাৰ তাৰ প্ৰায় থোকাথুকি হৈ পৰিছিল৷ প্ৰভূৱে তাৰ কথা শুনি এটা ৰহস্যকৰ হাঁহি মাৰি ক’লে¸

: ধৈৰ্য্য ধৰা বৎস! এইবোৰেই সংসাৰৰ লীলা। সময়ত সকলো ঠিক হৈ যাব৷ তুমি মোলৈকে চোৱাচোন৷ ৰাধাইতো মোক হৃদয়হীনা কলীয়াই বুলিছিল। গকুল, বৃন্দাবন এৰি মোৰ যেতিয়া দ্বাৰকালৈ যোৱাৰ প্ৰয়োজন হৈছিল, তেতিয়া যমুনাৰ পাৰত মই ৰাধাৰ পৰা বিদায় লোৱাৰ সময়তো ৰাধাই এবাৰোলৈও হঁহা নাছিল৷

: কিন্তু প্ৰভূ, আপুনিতো ৰাধাৰ উপৰিও অইন ষোল্লশ গোপীৰ লগত লীলা কৰাৰ পিছত দ্বাৰকালৈ গৈ সাংসাৰিক হৈছিল? ৰাধা কৰবাতে পৰি ৰৈছিল৷ তেনে স্থলত আমাৰ ক্ষেত্ৰত কথাবোৰ কিয় ওলোটা হয়?

: তাতেই… তাতেই আছে সৃষ্টিৰ ৰহস্য৷ তোমালোক হ’লা ফ’ৰ জিৰ জ্ঞানেৰে সমৃদ্ধ আৰু আমি আছিলোঁ দিব্য জ্ঞানেৰে সমৃদ্ধ। আমাৰ বাবে প্ৰেম আছিল স্বৰ্গীয়, প্ৰেম আছিল আমাৰ বাবে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন৷ বৈবাহিক সম্পৰ্কবোৰ আমাৰ বাবে আছিল কেৱল সামাজিক বান্ধোন৷ ৰাধাৰ লগত মোৰ প্ৰেম আছিল, কিন্তু বৈবাহিক সম্পৰ্ক হৈছিল ৰুক্মিণীৰ লগত।

: ক্ষমা কৰিব প্ৰভূ! আপোনাৰ সেই ল’জিকেল কথাবোৰ আমাৰ মাথাত নসোমাই৷ মুঠতে তাইক মই ভাল পাইছিলোঁ আৰু তাই মোক ত্যাগ কৰি অইন পথ ল’লে। যিটো মই কোনোপধ্যেই মানি ল’ব নোৱাৰোঁঁ৷

মোৰ লগৰটোৰ কথাত খং উঠাৰ উমান পায় এইবাৰ মই গৈ তাৰ একেবাৰে ওচৰতে ঠিয় হ’লোঁগৈ৷ প্ৰভূৱে এইবাৰ তাক সান্তনা দিয়াৰ চলেৰে ক’লে,

: চা বৎস! কাম-ক্ৰোধ এইবোৰ খুউব বেয়া বস্তু৷ প্ৰেমৰ ক্ষেত্ৰখনত আমাৰ দৰে তোমালোকৰে একাংশই তাৰ সুন্দৰ নিদৰ্শন দি থৈ গৈছে৷ তুমি তেওঁলোকক অনুসৰণ কৰাৰ চেষ্টা কৰা৷ জীৱন ধন্য হ’ব৷

প্ৰভূৱে কিছু সময় ৰৈ পুনৰ ক’লে, চোৱা তোমালোকৰ মাজৰে ৰ’মিঅ-জুলিয়েট, লাইলা-মজনু, দেৱদাস-পাৰো আদিৰ পূৰ্ণ মিলন হোৱা দেখিছানে? আনহে নালাগে চুপাৰষ্টাৰ অমিতাভ বচ্চন-ৰেখাৰ জীৱনটো তোমালোকে দেখিছা! তোমালোকে তেওঁলোকক ফ’লো কৰি জীৱনটো ধন্য কৰি লোৱা৷

: বুজিছোঁ প্ৰভূ, সেই বাবেইতো আপুনিও এই দুভাগ ৰাতি অকলশৰে ইয়াত ট্ৰেজেডি ফালি আছে। তাকে ক’বলৈ কিয় লাজ কৰে প্ৰভূ…?

তাৰ কথাত মোৰ জীৱ উৰাৰ উমক্ৰম হ’ল৷ তাৰ ইমান স্পৰ্ধা! জোনৰ পোহৰত প্ৰভূৰ খং উঠিছে নেকি বুলি প্ৰভূলৈ লক্ষ্য কৰিলোঁ৷ এইবাৰহে মোৰ আৰু বেছিকৈ হাত-ভৰিৰ কঁপনি উঠিল৷ মই লগৰটোক আঙুলিৰে কেইবাবাৰো খোচ মাৰি বুজাবলৈ চেষ্টা কৰিলোঁ, মনে মনে থাক আৰু ইয়াৰ পৰা সোনকালে পলা৷ নাই, সি একো বুজাৰ চেষ্টা কৰা নাই! একদম নাচোৰবান্দা৷ প্ৰভূৰ লগত প্ৰতিবাদ কৰিয়ে গ’ল৷ এইবাৰ প্ৰভূ্ৱেও একপ্ৰকাৰ গেঙেৰি মাৰিয়ে উঠিল৷

: চুপ…! চুপ থাক৷ সামান্য নৰ মনিষ হৈ তোৰ ইমান স্পৰ্ধা! মোক চিনি পোৱা নাই…! এতিয়াই খং উঠিব লাগিলে সুদৰ্শন চক্ৰৰে তোৰ শৰীৰৰ পৰা মুণ্ড চিন্ন কৰি দিম৷

: মই সেইডাল ধমকিক কেয়াৰ কৰা ভকত নহয় প্ৰভূ! আপুনিও মোক কি বুলি ভাৱিছে! ঘেণ্টা বুলিহে ক’লোঁ আৰু…

কথা বিষম হোৱা দেখি মোৰ লগৰটোক তাৰ পৰা আঁতৰাই অনাৰ চিন্তা এৰি মই চিধাই ঘৰলৈ পোনালোঁ।এতিয়া ৰাতিপুৱাল। মই অলপ আগতহে গম পালোঁ¸ কালি ৰাতি মোৰ লগৰটোৱে প্ৰভূৰ লগত দবৰা-দবৰি কৰি এতিয়া সি হাস্পাতালৰ বিছনাত। মই ঠিকেই চিনি পাইছিলোঁ, প্ৰভূৰ বেশত সেইজন তাৰ হ’বলগীয়াজনীৰ ককায়েকেই আছিল৷ কালি ৰাসৰ ভাওনাত সিয়ে প্ৰভূ কৃষ্ণৰ ভাও দি উঠি ৰঙা পানী এটুপিৰে গলটো তিয়াবলৈ তালৈকে গৈছিল৷ কাকতালীয় ভাৱে সেই সময়তেই আমিও গৈ তাত উপস্থিত হৈছিলোঁ। এতিয়া হয়তো মোৰ লগৰটোৱে হাস্পাতালৰ বিছনাত শুই শুই ৰাধাৰ প্ৰাণচঞ্চলা হাঁহিটো এবাৰ দেখাৰ আশাত মুখেৰে বিৰবিৰাই আছে,

“ৰাধা! এবাৰ হাঁহি দিয়া…”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.