ফটাঢোল

ৰিক্সা-ভাৰা-মানসী বৰা

কলেজলৈ বুলি ঘৰৰ পৰা ওলায়েই ৰিক্সা এখনত উঠিলোঁ। বিএ পঢ়ি থকা দিনৰ কথা এয়া। যিখিনি ঠাইৰ পৰা ৰিক্সাত উঠিলোঁ তাৰ পৰা কলেজলৈ ভাৰা  তেতিয়া পাঁচ টকা। ৯:১৫ বজাৰ ক্লাছটো পাবলৈ লৰা-ঢপৰা মোৰ। ক্লাছ চলি থাকোঁতে পিছত গৈ সোমাবলৈ সমুলি ভাল নাপাইছিলোঁ বাবেই সময়ত গৈ পাবলৈ সদায় চেষ্টা কৰিছিলোঁ। পিলিঙা ল’ৰাটোৱে হালি-জালি ৰিক্সাখন চলাই নিলে। মুখেৰে গান গুণগুণাই যিটো কোবত ৰিক্সাখন চলাই নিলে যে, মই ক্লাছ আৰম্ভ হ’বলৈ পাঁচ-ছয়মিনিট সময় বাকী থাকোঁতেই  গৈ কলেজৰ গেটৰ সন্মুখ পালোঁগৈ। সময়ত গৈ পোৱাৰ সুখকণে মুহূৰ্ততে চুই গ’ল। সেইকণ সুখৰ অনুভৱ ক্ষন্তেকীয়া বুলি কিন্তু কেতিয়াও ভবা নাছিলোঁ।

ভাৰাটো দিয়াৰ মানসেৰে কিতাপ-বহীৰ বেগটোত হাত ভৰাই পইচা থোৱা সৰু মণিবেগটো লৰালৰিকে খেপিয়ালোঁ। এটা কাষৰ পৰা আন এটা কাষলৈ গৈ গোটেই বেগৰ ভিতৰখন বিচাৰি চলাথ কৰিলোঁ।

নাই, নোল‍াল। কোনো এটা ফালেও সৰু মণিবেগটো বিচাৰি নাপালোঁ। কি কৰোঁ কি নকৰোঁ লাগি গ’ল। তাতে কলেজলৈ নতুনকৈ গৈছোঁ। নতুন ক্লাছ। পলমকৈ যাবলৈ একেবাৰে মন নাই। কিন্তু উপায় নাই। ৰিক্সাত দিবলৈও ভাৰা নাই। সৰু চেইন লগা খাপটোত কেতিয়াবা খুচুৰা পইচা থাকে। সিদিনা তাকো নাই। নাই যি নাই এটকা মুদ্ৰা এটাও পাবলৈ নাই। মই লাহেকৈ চালক ল’ৰাজনক সেমেনা-সেমেনিকৈ ক’লোঁ,

: মই পইচা আনিবলৈ পাহৰি থাকিলোঁ। পইচা থোৱা বেগটো ঘৰতেই থাকি আহিল।

কথাটো ক’বলৈ পালোহে মাত্ৰ। ল’ৰাটো একেবাৰে  চকু-তকু কোঁচাই জাঙুৰ খাই উঠিল। গান গুণগুণাই অহা স্ফূৰ্তিবাজ ল’ৰাটো মোৰ সন্মুখত তৎমুহূৰ্ততে লাভা হৈ উফৰিল।

: তোমালোক ছোৱালীবোৰ এনেকুৱাই। আমাক কি বুলি ভাবাহে? ৰিক্সাত উঠোঁতেও উঠিবা। কিন্তু ভাৰাটো দিবৰ সময়ত হাজাৰটা বাহানা। পইচা আনিবলৈ সদায় সদায় পাহৰি আহিবা। এইসৱ মিছা কথা। ভালকৈ জনা আছে মোৰ।

ল’ৰাটোৰ মুখত সেইকেইটা কথা শুনি ইমানেই লাজ লাগিল যে লগে লগে কৈয়ে দিলোঁ,

 : মোক আকৌ ঘৰলৈ লৈ যাবানে? আকৌ তুমিয়ে কিন্তু লৈ আনিব লাগিব। এতিয়া অহা আৰু ঘৰলৈ যোৱা ভাৰাৰ লগতে মোক আকৌ কলেজলৈ লৈ অনাৰ মুঠ তিনিটা ভাৰা দিম মই।

মোৰ কথা শুনি ল’ৰাজনে মুখৰ ভিতৰতে কিবা-কিবি ভোৰভোৰাই ৰিক্সাখন ঘূৰাই ল’লে।

ঘৰলৈ গৈ এৰি থৈ অহা সৰু মণিবেগটো কলেজৰ বেগটোত ভৰাই একেখন ৰিক্সাতে কলেজলৈ উলটি আহিলোঁ। নিৰ্দিষ্ট সেই ক্লাছটো আৰম্ভ হৈ ইতিমধ্যে শেষো হ’ল। ৰিক্সাখনত বহি থাকিয়ে দিব লগা ভাৰাকেইটা ল’ৰাটোক দিলোঁ। পাবলগীয়া ভাৰাৰ পৰিমাণটো পাই ল’ৰাটোৱে হাঁহি মাৰি লগে লগে ক’লে,

: বেয়া নাপাবা দেই। ভাৰা আনিবলৈ পাহৰিলোঁ বুলি কৈ ভাৰা নিদিয়া ছোৱালী মোৰ ৰিক্সাত প্ৰায়ে উঠে বাবে তেনেকৈ কৈছিলোঁ।

মই গহীনকৈ হাঁহি এটা মাৰি নামি আহি কলেজৰ গেটৰ দিশে আগবাঢ়িলোঁ।

সেইদিনাৰ লটিঘটিবোৰৰ বাবে মই নিৰ্দিষ্ট ক্লাছটোত উপস্থিত থাকিব নোৱাৰিলোঁ সঁচা কথা। কিন্তু  তথাপিও তাতে এটা সুখ আছিল। ৰিক্সা চলোৱা ল’ৰাটোক মই যে মিছলীয়া নহয়, তাক প্ৰমাণ কৰি পোৱা সুখ।

(বিঃদ্ৰঃ – মনত আছে, সেই দিনবোৰত হাত খৰচৰ বাবদ পোৱা নিৰ্দিষ্ট টকাকেইটাৰে বৰ হিচাপত চলিছিলোঁ। কেৱল নিজৰ ভুলৰ বাবে দহ টকা অবাবত ব্যয় হোৱা যেন অনুভৱ কৰি কলেজ ছুটীৰ পিছত সেইদিনা লগৰ ছোৱালীৰ সৈতে খোজকাঢ়ি হাঁহি-খিকিন্দালি কোবাই ঘৰলৈ উভতিছিলোঁ)

☆ ★ ☆ ★ ☆

4 Comments

  • Pranita Goswami

    ভাল লাগিল। কেতিয়াবা বৰ লাজত পৰিবলগা হয় সঁচাকৈ

    Reply
    • মানসী

      ধন্যবাদ বা।সেই কথাটো আজীৱন মনত থাকিব ।

      Reply
  • হেমন্ত কাকতি

    ভাল লাগিল মানসী৷ তোমাৰ সততাৰ বাবে চুপাৰ লাইক

    Reply
    • মানসী

      দাদা, মনত ৰৈ যোৱা কথাটো লিখি দিলোঁ আৰু ।আপোনালৈ কৃতজ্ঞতা।

      Reply

Leave a Reply

Your email address will not be published.