ফটাঢোল

ৰিয়াৰ প্ৰেম- বৰ্ণালী এচ মুদৈ

সম্পৰ্কীয় মামাৰ ছোৱালী ৰিয়াই একেৰাহে ফোন কৰি আছে, মইহে ৰিচিভ কৰা নাই। আজি তিনিদিন ধৰি তাই মোক গৰু বিচৰাৰ দৰে বিচাৰি আছে। কথাটো কি বুজিব পৰা নাই। এনেয়ে মোৰ খবৰ ল’বলৈ তাইৰ সময়েই নাথাকে। নিশ্চয় দৰকাৰী কিবা কাৰণ। মোৰ জৰিয়তে তাই নিজৰ কিবা উদ্দেশ্য পূৰণ কৰিব বিচাৰিছে চাগৈ। ধুনীয়া ছোৱালীবোৰে আমাৰ দৰে ঠাণ্ডা-মুণ্ডা ল’ৰাবোৰক নাকত ধৰি চাকত ঘূৰোৱাত বেছ ওস্তাদ! মোৰ ধাৰণা, পৃথিৱীৰ বুকুত ধুনীয়া ছোৱালীবোৰতকৈ বিপদজনক প্রাণী আৰু এটাও নাই!

ফোন ধৰাৰ লগে লগে সিপাৰৰপৰা ৰিয়াই চিঞৰিলে,

: ঐ ছাগলী, ফোন ৰিচিভ কৰা নাই কিয়? কি কৰিছিলি?

: ঘাঁহ-বন চোবাই আছিলোঁঁ

 মই কলোঁ।

: ঘাঁহ-বন চোবাইছিলি মানে কি? তই ঘাঁহ খাৱ নেকি?

: ছাগলীয়েতো ঘাঁহেই খায়! কে এফ ছি, মেকডোনাল্দচতো আৰু নাখায়। মোক কিয় বিচাৰি আছ ক?

: তোৰ লগত মোৰ জৰুৰী কথা আছে। সোনকালে  আমাৰ ঘৰলৈ আহ।

: কি জৰুৰী কথা? মোলৈ বিয়া হ’বি নেকি ঔ? ধুতিকে পিন্ধি আহিম নে কি? বিয়া হ’বি নে?

: তোৰ দৰে ছাগলীক কোনে বিয়া কৰাব? তথাপি তোক বৰ ভালপাওঁ। কিয় জাননে?

: নাজানো।

: কাৰণ তই হৈছ সহজ-সৰল ল’ৰা। কোনো পাক নাই। তোৰ দৰে ল’ৰাক সকলো ছোৱালীয়ে ভাল পায়। কাণত ধৰি ঘূৰাবলৈ সুবিধা হয়!

মই এটি দীর্ঘশ্বাস এৰি ক’লোঁ,

: এতিয়া মানে মোক কাণত ধৰি ঘূৰাবলৈ বিচাৰি আছ?

: আৰে নহয়, আচলতে জৰুৰী কথা আছে। এতিয়া আহ ঘৰলৈ!

মই কাপোৰসাজ সলাই ৰিয়াৰ ঘৰলৈ বুলি বাইকত উঠিলোঁ। এই পাগলী ভনীজনীক মই বৰ ভালপাওঁ৷ তাই সেই কথা জানে। জানে বাবেই মোৰ হতুৱাই উল্টাপুল্টা কাম কৰোৱাই বৰ মজা লয়। পদুলিতে মামীৰ সৈতে দেখা হ’ল। মামীক দেখি বেছ চিন্তিত হৈ আছে যেন লাগিল। ঘৰত কিছু পৰিমাণে হুলস্থূলীয়া পৰিবেশ। ট্রাকত চাউল, দাইল, আলু, পিয়াঁজ অনা হৈছে। ঘৰৰ এটা ৰূম খালী কৰা হৈছে। সেই ৰূমতে বস্তুবোৰ জমা কৰা হৈছে! মই সুধিলোঁ,

: কাহিনী কি মামী? মুখখন শুকাই যোৱা বেঙেনাৰ দৰে কৰি ৰৈ আছে কিয়? ইমান চাউল দাইল যে! নতুনকৈ চাউল দাইলৰ ব্যৱসায় আৰম্ভ কৰিব নেকি? মোক যে কোৱাই নাই!

: হেই এইটো! কি কৱ তই? দেশৰ অৱস্থা দেখা নাই? কৰ’না মৰ’নাই দেশ শেষ কৰি দিলে ঔ! লকডাউন চলিছে, চিন্তাতে মোৰ টোপনি নাহে। দেখিছনে শুকাই গোটেইজনী কাঠখৰি হেন হৈছোঁ!

: আপোনাৰ ওজন কিমান আছিল? ৮৫ কেজি? হাতীৰ পোৱালিৰ ওজনো ইমান নহয় মামী! হে ভগৱান! খাই খাই শৰীৰটো বেমাৰৰ কাৰখানাই কৰি পেলালে ঔ!

: হেই, কি কৱ তই! মোৰ ওজন এইকেইদিন চিন্তাতে দুই কেজি কমিল, সেইটো খেয়াল ৰাখিছ জানো? ভালকৈ খাব নোৱাৰোঁ, শুব নোৱাৰোঁ।

: চিন্তাৰ বিষয় কি মামী? ৰিয়াই কাকো একো নজনোৱাকৈ পলাই গৈছিল নেকি? ল’ৰাটোৱে কিবা নিচা কৰে? ল’ৰাটোক তেন্তে এসেকা দিব লাগিব নে কিনো?

: আৰে বন্ধ কৰ সেইবোৰ কথা! শুন, তোৰ ওচৰত টকা আছে নেকি? দিব পাৰিবি? অহা মাহত ঘূৰাই দিম।

: হঠাৎ টকাৰ ইমান দৰকাৰ কিয় মামী? মই জনা মতে আপুনি দেখোন টকাৰ বস্তাতেই শুৱে!

: আৰে গাধ! দুনীয়াৰ খবৰ ৰাখ নে? কি কৰিবলৈ দিনটো মোবাইলটো টিপি থাক হাঁ? এতিয়া লকডাউন! টকা পইচাৰ টনাটনি চলিছে। হাতত নগদ টকা নাই।

: তাতে কি হ’ল মামী?

: তোৰ মামাৰৰ সৈতে কথা পাতি আজি আগতীয়াকৈ বজাৰ কৰি আনিলোঁ। এই লকডাউন কেতিয়া শেষ হয় ভগৱানেহে জানে। এবছৰো লাগি যাব পাৰে। ঘৰত যি টকা আছিল তাৰে বজাৰ কৰিলোঁ, মুটামুটি ১১ মাহ চলি যাব।

: তেন্তে সমস্যা কি?

: সমস্যা নাই? কি কৱ তই? বজাৰ কৰিছোঁ মাত্ৰ ১১ মাহৰ। আৰু ১ মাহ চলিম কেনেকৈ? এই চিন্তাত ৰাতি টোপনি নাহে….

: আপুনি ইমান চিন্তা কিয় কৰে হে। খোৱাৰ বাদে কি বেলেগ কথাৰ চিন্তা নাহেই নেকি ঔ! আগতে ১১ মাহ বাচি লওক, তাৰপিছত দেখা যাব!

মামীয়ে চিন্তিত হৈয়ে উত্তৰ দিলে,

: বাৰু!

: ৰিয়া ক’ত আছে মামী?

: ঘৰতে আছে। যা দেখা কৰি আহগৈ। যাওঁতে মোক মাত লগাই যাবি। পাৰিলে পইছাৰ ব্যৱস্থাটো কৰিবি!

ৰিয়াই শুই শুই কিতাপ পঢ়ি আছিল। মোক দেখি জঁপিয়াই উঠিল,

: এই তই আহিবলৈ সময় পালি?

: কি জৰুৰী কথা ক সোনকালে? ইমান বিচাৰি আছিলি কিয়?

: তইতো জান, মই ইমনক ভালপাওঁ।

: সেই টিকটিকি চেলাইপেটিটো, সেইটোৰ কথা নক’বি মোৰ আগত। কি আছে ঔ তাৰ গাত? বগলীৰ দৰে ল’ৰা এটা। ফু মাৰি দিলেই উৰি যাব!

: এনেকৈ নক’বি ঐ বাবু। কথাটো শুন না প্লিজ। এই লকডাউনৰ বাবে তাক দেখা কৰিবলৈ যাব পৰা নাই, তই ব্যৱস্থা এটা কৰি দে না। মই ঘৰৰপৰা ওলাবই পৰা নাই।

: কেচ মানে এইটো হে? মোক নি কাবাব মে হাৰ্দী কৰিব বিচাৰ? যা ফুট!

: আজি যদি আমাৰ দেখা নহয় তেন্তে ইমন মৰি যাব। সি মোক পাগলৰ দৰে ভাল পায়। দিনে দহবাৰ ফোন কৰে। প্রতিবাৰ ফোন কৰিয়েই সোধে, কিবা খাইছা? যদি নাইখোৱা বুলি কওঁ অস্থিৰ হৈ যায়। মই নোখোৱালৈকে একো নাখায়। যদি কওঁ, ছাদৰপৰা জঁপিয়াই দিয়া, সি কোনো প্রশ্ন নকৰাকৈয়ে জঁপিয়াই দিব। ভিডিঅ’ কল কৰি দেখিলোঁ, ফেনৰ সৈতে ৰছী লগাই থৈছে, যি কোনো সময়ত ওলমি দিব।

: কি কথা কৱ অ’! সেইটোক মৰিবলৈ দে ঔ! পাগল ক’ৰবাৰ!

: দাদা মোৰ এই অনুৰোধটো ৰক্ষা কৰ। যেনেকৈ নহওক, মাক কিবা কৰি মেনেজ কৰ! মাক কিবা কিবি কৈ ব’ল যাওঁ!

মামীক ক’লোঁ,

: আপুনি যে টকা বিচাৰিলে, ৰিয়াক লগত লৈ যাওঁ, বেংকৰপৰা তুলি দিম, মোৰ কাম আছে দৰকাৰী। অন্য এঠাইলৈ যাব লাগিব।

মামীয়ে হাঁহি হাঁহি ক’লে,

: সাৱধানে যাবি বোপাই।

মনে মনে ভাবিলোঁ, “মামী আপোনাক টকা দিম যে হৈছে! পাৰিলে পুলিচতেই ধৰাই দিলোঁ হয়। ঘৰত চাউল দাইল লুকুৱাই ৰাখিছে বুলি!” বাইকত উঠি এ এচ টি চি ৰ ফালে আগবাঢ়িলোঁ। তাতে ইমন ৰৈ থকাৰ কথা!

ৰাস্তাতে পুলিচে ধৰিলে। এজন অফিচাৰ কাষলৈ আহি সুধিলে,

: ঘটনা কি? ৰং তামাচা কৰা হৈছে? এতিয়া ৰং ধেমালি কৰাৰ সময়? যায় ক’লৈ, ফুর্তিবাজী কৰিবলৈ নে? এনেকুৱা কোবাম, ফটুৱামী বাজ হৈ যাব।

মই বোলো,

: হস্পিটেললৈ যাওঁ ছাৰ৷

: হস্পিটেললৈ কিয়? এওঁ কোন?

: মোৰ পত্নী।

: প্ৰেয়সী?

: নহয় ছাৰ, দুদিন ধৰি কাহ, সামান্য জ্বৰো আছে।

ৰিয়াই কথাটো বুজিব পাৰি এটা কাহ মাৰি দিলে৷ পুলিচ অফিচাৰে একে জাঁপে ৩ মিটাৰ দূৰলৈ গৈ ক’লে,

: হায় হায়! এয়া কি কৰিলে? সাৱধানে কাহ মাৰিব নোৱাৰে? সোনকালে হস্পিটেললৈ যাওক ভাই। যদি কৰ’না ফৰ’না হয়, মোক কৈ যাব প্লিজ। ময়ো যাব লাগিব হোম কোৱাৰেণ্টাইনত।

মই বাইক ষ্টার্ট দিলোঁ। ইমন অহাই নাই। ৰাস্তাত পুলিচৰ সোধপোচ। ফোন কৰিলে ৰিয়াই। সি বোলে ফলমূলৰ ভেনত উঠি আহি আছে। ৰিয়াৰ বহি বহি বিৰক্ত হৈ গৈছে। মই ৰিয়াক বহুৱাই থৈ এটা ৰজনীগন্ধাৰ পেকেট আনিবলৈ গ’লোঁ। ৰজনীগন্ধাৰ পেকেটটো ফালি তুলসী মিলাওঁতেই ইমন আহি হাজিৰ! ঘামি জামি! গেঠাই গেঠাই সুধিলে,

: কেনে আছা দাদা?

মই বোলো,

: ভালেই। পিচি ৰিয়া খঙত জ্বলি পকি আছে। ৰক্তাৰক্তি হৈ যাব পাৰে। সাৱধানে যোৱা।

: কিয় দাদা ? কি হৈছে?

: তাইৰ গা বেয়া, অসুস্থ। তাৰোপৰি তুমি দেৰিকৈ আহিছা? বেচেৰীয়ে অকলে বহি বহি কাহি আছে।

: কিয়? কাহিছে কিয়?

: কি জানো? কৰ’না মৰ’না হৈছে বোধ হয়। ৰাস্তাতো খুব কাহি কাহি আহিছে। তুমি এটা কাম কৰা। মোৰ বাইকতেই তাইক হস্পিটেলৰপৰা চেক-আপ কৰোৱাই আনা।

: কি কোৱা দাদা? ৰিয়াৰ কৰ’না হৈছে? হে ভগৱান!

: আৰে ভাই, মই চিউৰ নহয়। হ’বও পাৰে, নহ’বও পাৰে। তুমি চেকআপ কৰোৱাই আনা। হাজাৰ হওক তোমাৰ গার্লফ্রেণ্ড! এদিন নেদেখিলেই বোলে তুমি পাগল হৈ যোৱা!

: ইয়ে দাদা, মোৰ এটা অতি দৰকাৰী কাম আছিল। মই পাহৰিছিলোঁ। আজি সেই কামটো নকৰিলেই নহ’ব! মই যাওঁ দাদা, ৰিয়াক ক’ব, বেলেগ এদিন লগ কৰিম।

মই ক’লোঁ,

: কিন্তু ৰিয়াৰ সৈতে দেখা কৰি যোৱা। বেচেৰীয়ে তোমাৰ বাবে মন বেয়া কৰি বহি আছে।

: অন্য এদিন….

এইবুলি সি বেগাই খোজ ল’লে!

মই ৰিয়াৰ ওচৰলৈ উভতি আহিলোঁ। তাই বেচেৰীয়ে মুখখন ক’লা-ম’লা কৰি বাৰে বাৰে ইমনক ফোন কৰি আছে। প্রতিবাৰতে ধাতৱ কণ্ঠত শুনিবলৈ পোৱা গৈছে, “এই মুহূর্তত মোবাইল সংযোগ সম্ভৱ নহয়, অনুগ্রহ কৰি অপেক্ষা কৰক….”

☆ ★ ☆ ★ ☆

23 Comments

  • Barbie Punnag

    হাঃ হাঃ ! এইটোহে ফটাপ্ৰেম😂

    Reply
    • Bornali S Mudoi

      হা হা ধন্যবাদ বা

      Reply
  • চন্দন

    মজাহ৷ তামাম ফটাপ্ৰেম আৰু

    Reply
  • Krishna

    হা হা হা, বেচেৰী ৰিয়া 😂😂😂

    Reply
  • Chandana Borah

    Ehh Val porile esaat…borhiya..👌

    Reply
  • ইন্দ্ৰ মোহন বৰা

    তামাম কাৰবাৰ দেখোন। মজ্জা।

    Reply
  • Anonymous

    বহুত ধুনীয়া লাগিলে

    Reply
  • HEMANTA KAKATI

    তামাম বৰ্নালী৷ খুব ভাল লাগিল৷ প্লটটো তামাম, গল্পটোৰ হেপী এণ্ডিং হব লাগিছিল, মানে ককায়েক নহৈ প্ৰেমিক হব লাগিছিল৷ মজা লাগিল হেতেন৷

    Reply
  • Sikha Sarma

    Bor dhunia jaan agoloi u pohible pam buli akha thakil…

    Reply
  • Sikha Sarma

    Bor dhunia jaan agoloi u pohible pam buli akha thakil…

    Reply
  • Bornali S Mudoi

    সকলোলৈকে মোক আন্তৰিক ধন্যবাদ🙏

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷

    Reply
    • J B

      বঢ়িয়া হৈছে। মামী আৰু পুলিচটোৰ লগত হোৱা কথাখিনি জমনি হৈছে।

      Reply
  • Anonymous

    Vl hoise oi

    Reply
  • ৰামানুজ জি

    বিৰাটেই ধুনীয়া হৈছে.. ভাল লাগিল

    Reply
  • Nabajit Baishya

    লাভ ইন দ্য টাইম অৱ ক’ৰোণা😊😊😊

    Reply
  • Anonymous

    মজা লাগিল🤣🤣

    Reply
  • Mukut bhatracharjya

    মজা লাগিল🤣🤣

    Reply
  • Sadananda Bhuyan

    বহুত সুন্দৰ, পঢ়ি বহুত ভাল লাগিল ।

    Reply
  • পৰীস্মিতা

    ভাল লাগিল। বেচেৰী ৰিয়া!

    Reply
  • মুনমুন

    ভাল‌ পালোঁ পঢ়ি

    Reply
  • ৰশ্মি

    খুব ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.