ফটাঢোল

ৰুম নাম্বাৰ থাৰ্টিন – উৎপলা কৌৰ

সুগন্ধি বতাহ এজাকৰ দৰে সোমাই অহা ক’লা শাৰী, শ্লীভলেছ ব্লাউজ পৰিহিতা লনী দেহৰ মহিলাগৰাকীৰ পেন্সিল হিলৰ খট্ খট্ শব্দত হোটেলৰ লবীত বহি থকা আটাইয়ে মূৰ তুলি চালে। মানুহগৰাকীৰ আয়ত চকু, জোঙা নাক,  আবেদনময় ওঁঠযোৰ তথা সুললিত কথা-বাৰ্তাই তাত বহি থকা আটাইবোৰ চকু তেওঁৰ ওপৰতে স্থাপন কৰিছে যদিও মহিলাৰ কিন্তু সেইবোৰত ভ্ৰূক্ষেপ নাই। ‘ৰিচেপচন’ত ফৰ্মেলিটিজবোৰ সম্পূৰ্ণ হোৱাৰ পাছত একেই লয়লাস ভংগীমাৰে লিফ্টৰ দিশেৰে তেওঁ আগুৱাই গ’ল।
সৰু চহৰখনত থকা সেইখনেই একমাত্ৰ ভাল আৰু ব্যয়বহুল হোটেল আৰু সেইখন হোটেলৰ আটাইতকৈ ভাল আৰু দামী অৰ্থাৎ ডিলাক্স কোঠাটো এমাহৰ আগতেই বুক কৰি থোৱা আছে তেওঁৰ নামত। ঠাইখন পাহাৰীয়া। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা ঠাই। ইমানদিনে মানুহৰ চকুৰ পৰা লুকাই থকা প্ৰকৃতিৰ অপূৰ্ব ৰূপে এতিয়াহে লাহে লাহে  মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ফলত দুই এখন হোটেল ,ট্ৰেভেল এজেন্সী আদি পৰ্যটন উদ্যোগৰ লগত জড়িত আনুসংগিক ব্যৱসায়ে গঢ় লৈ উঠিছে। হোটেলৰ মেনেজাৰে মন্ত্ৰমুগ্ধ মানুহৰ দৰে মানুহগৰাকীক নিজে গৈ কোঠাৰ দুৱাৰ খুলি দিলেগৈ। কোঠাটোৰ বাহিৰত কোঠাৰ নম্বৰটো দেখি মহিলাৰ মুখত  বক্ৰ হাঁহি এটি বাগৰি যোৱা মেনেজাৰৰ দৃষ্টিৰ পৰা সাৰি নগ’ল।
কোঠা নং ৪১৩
 চতুৰ্থ মহলাৰ এই কোঠাৰ পৰা বাহিৰৰ প্ৰাকৃতিক দৃশ্য সুন্দৰকৈ দৃশ্যমান হয়। কোঠাত সোমাই পৰ্দাবোৰ কোঁচাই দিলে মেনেজাৰে। মহিলাগৰাকী আহি খিৰীকিৰ কাষত থিয় হ’ল- দুৰেৰে বৈ যোৱা পাহাৰীয়া নৈখন ৰিনিকি ৰিনিকি দেখা গৈছে। বাকীবোৰ সেউজীয়া, পাহাৰৰ নামনিত দুই-এটা ঘৰৰ ছালিবোৰ দেখা গৈছে। কিছু ঠাইত পাহাৰৰ সেউজীয়াবোৰক শুকুলা ডাৱৰে আকোঁৱালি লৈছে।
-মেডাম, ৰাতিপূৱা সেইখিনি ঠাই আৰু ধুনীয়া দেখি!  সুন্দৰী  মহিলাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মেনেজাৰে বেছ সপ্ৰতিভ হ’বলৈ চেষ্টা কৰি ক’লে যদিও মহিলাই কোনো প্ৰতিক্ৰিয়া নেদেখুৱালে, যেন নুশুনিলেই! মেনেজাৰে আকৌ ক’লে
– মেডাম, চাইট চিইং কৰাৰ বাবে আমাৰ গাড়ীৰ ব্যৱস্থা আছে, আপোনাক যদি লা…
হঠাৎ ঘুৰি তীক্ষ্ণ দৃষ্টিৰে মহিলাই মেনেজাৰৰ চকুত চকু থোৱাত মেনেজাৰজনৰ মুখৰ মাত আধাতে বন্ধ হ’ল, দৃষ্টি অৰ্ধনিমিত হ’ল। মহিলাই বেচ আমোদ পালে সুউচ্চ সুদৰ্শন ডেকা এজনে তেওঁৰ সন্মুখত নতশিৰ হৈ থিয় দি থকা দেখি। আচলতে তেওঁ তীক্ষ্ণ দৃষ্টি সহজ কৰিবলৈ যিকোনো পুৰুষৰ বাবে সহজসাধ্য নহয়! পৰিবেশটো কিছু সহজ কৰিবলৈ মহিলাই পুনৰ কলে
-শুনক,  মোক বস্তু অলপ যোগাৰ কৰি দিব পাৰিব?
মেনেজাৰে যেন সকাহ পালে। সন্মতিসূচকভাৱে মূৰ দুপিয়ালে।
-মোক তেৰ কেজি বিলাহী, ডেৰহাত দীঘল ক’লা কাপোৰ এখন, ধাৰ থকা চুৰী এখন আৰু তেৰশ গ্ৰাম শুকান জলকীয়া আনি দিব। কথাটো কৈ মহিলাই পাৰ্চৰ পৰা দুখন দুহেজাৰটকীয়া নোট উলিয়াই দিলে। এইখিনি বস্তু কিনিবলৈ চাৰিহেজাৰ টকা নালাগে বুলি দুহেজাৰ টকাৰ নোট এখন তেওঁ ঘুৰাই দিলে, কিন্ত্ত মহিলাই নল’লে, বৰং ঘূৰি অহা পইছাখিনি মেনেজাৰক ৰাখিবলৈ ক’লে।  তীক্ষ্ন দৃষ্টিৰ বিপৰীতে মহিলাৰ নম্ৰ মাতষাৰ শুনি মেনেজাৰজন বৰ আনন্দিত হ’ল। সামান্য নতশিৰ হৈ “হ’ব বাৰু” বুলি ওলাই গ’ল। এঘন্টাৰ পাছত আটাইখিনি বস্তু আথে-বেথে গোটাই দিওঁতে গধুলি হৈছিল। ৰাতিৰ আহাৰত মহিলাই  একো নাখালে। কথাটো হোটেলৰ কৰ্মচাৰীবোৰৰ মাজত আলোচনা হ’ল। মহিলাগৰাকী অহাৰ পৰাই সকলোৰে আকৰ্ষণৰ বিন্দু হৈ পৰিছে হোটেলখনত। সকলোৱে আলোচনা কৰি এটা সিদ্ধান্ততে উপনীত হ’ল, মহিলা ক্ষীণাংগী তথা সুন্দৰী হৈ থকাৰ নিশ্চয় এয়াই কাৰণ, খোৱা-বোৱা বৰ হিচাপত কৰে।
মহিলাৰ কোঠাৰ কাষতে হোটেলৰ ষ্টাফ কোৱাৰ্টাৰ।
পিছদিনা-
 সুন্দৰী মহিলাই পুৱাই ব্লেক টি একাপ খাই হোটেলখনে যোগাৰ কৰি দিব পৰা আটাইতকৈ ভাল, বিলাসী গাড়ীখনেৰে নিকটবৰ্তী বিমান বন্দৰলৈ গতি কৰাৰ পাছত হোটেলখনত মাজনিশাৰ পৰা চেপি থোৱা উত্তেজনাৰ বৰ্হিপ্ৰকাশ ঘটিল। কথাবোৰ মেনেজাৰৰ কোনোমতে বিশ্বাস নহ’ল। সকলোৱে কৰিলেও ইমান শান্তি-শিষ্ট, সুন্দৰী, অমায়িক মহিলাগৰাকীৰ বিষয়ে এনেকুৱা কথা মেনেজাৰে কাহানিও  বিশ্বাস নকৰে কাৰণ তেওঁ মহিলাৰ লগত তেওঁ কেইবাবাৰো কথা পাতিছে। সেয়ে এইয়া অসম্ভৱ। ৰাতিপুৱা ব্লেক টি কোঠাত দিব যোৱা ‘ৰুম চাৰ্ভিচ’ ল’ৰাজনৰ মুখো বিশ্বাস-অবিশ্বাসৰ দোমোজাত। কাৰণ কথাবোৰৰ সিওঁ সাক্ষী আৰু চাহ দিবলৈ যাওঁতে মহিলাই তাক ধন্যবাদ কোৱাৰ বাহিৰেও এহেজাৰ টকা টিপচ হিচাপে দিছিল। সেয়ে মহিলাৰ কোনটো ৰূপ  বিশ্বাস কৰিব সি ভাবিব পৰা নাই!
দুমাহৰ পাছত..
মিনি স্কাৰ্ট পিন্ধি খট্ খট্ কৈ সোমাই অহা সেই সুন্দৰী মহিলাক দেখি মেনেজাৰৰ বহাৰ পৰা থিয় হ’ল আৰু যিমান পাৰি মুখত মিঠা হাঁহি এটি ওলমাই মহিলাক সম্ভাষণ জনালে।
-ৰুম নাম্বাৰ থাৰ্টিন
-য়েছ মেম! বুলি মেনেজাৰে মহিলাক পুনৰ সেই কোঠালৈ আগুৱাই লৈ গ’ল। এই কোঠাটোত মহিলা অহাৰ বহু আগেয়ে ফোন কৰি ‘বুক’ কৰি থয় তেওঁ। কোঠাত সোমায়েই প্ৰথমে খিৰিকীৰ কাষত গৈ থিয় দিয়ে। খিৰিকীৰ কাষৰ সেই নৈসৰ্গিক দৃশ্য চাই চাইয়েই মহিলাই দোহাৰিলে
“তেৰ কেজি বিলাহী, ডেৰহাত দীঘল ক’লা কাপোৰ এখন, ধাৰ থকা চুৰী এখন আৰু তেৰশ গ্ৰাম শুকান জলকীয়া”
-য়েছ মেম!
নতশিৰে মহিলাই আগবঢ়াই দিয়া পইছাখিনি লৈ মেনেজাৰ ওলাই গ’ল। বজাৰত সেই বস্তুখিনি কিনি থাকোঁতে বিলাহী বেপাৰীজনৰ অদ্ভূত চাৱনি এটাৰ সম্মুখীন হ’ল তেওঁ। কাৰণ প্ৰায় দুমাহৰ মূৰে মূৰে দোকানখনৰ পৰা মেনেজাৰে সিমান পৰিমাণৰ বিলাহী কিনে,  তাকো বাছি বাছি যাতে এটাও বেয়া বিলাহী নাহে।
এই অদ্ভুত পৰিমাণৰ  বস্তুবোৰ  বিচৰা কামটোৰ বাহিৰে সুন্দৰী মহিলাৰ কোনো অস্বাভাবিকতা নাই। বৰং তেওঁ এনে এগৰাকী ব্যক্তিত্বশালী মহিলা যাৰ সান্নিধ্য পোৱা দূৰৰ কথা হাঁহি এটি বিনিময় হ’লেও নিজকে পৰম সৌভাগ্যশালী বুলি গণ্য কৰিব যিকোনো পুৰুষে। প্ৰথমবাৰ অহাৰ পাছত ৰাতি যিবোৰ ঘটনা ঘটিল তাৰ পাছত সেইগৰাকী মহিলা আহিলে কোনো কৰ্মচাৰী নিজৰ কোঠাত সোমাবলৈ সাহস নকৰা হ’ল। ফলত মেনেজাৰে সেই বিশেষ ৰাতি তাত শোৱা আৰম্ভ কৰিলে। সদায় সেই একেই ঘটনাৰ পুনৰাবৃত্তি! ইমানদিনে সাহসী বুলি নাম থকা ডেকা সুদৰ্শন  মেনেজাৰজনে ভয়তে ঘামি-জামি, ইষ্ট দেৱতাৰ নাম লৈ মহিলাৰ কোঠাৰ দুৱাৰৰ কীহোলেৰে জুমি চাইয়ো কোনোমতে উম-ঘাম  উলিয়াব নোৱাৰিলে আচলতে ঘটনাটো কি? কিহৰ এই কোলাহল? কোনে বাচনবোৰ থন্ থনকৈ বেৰলৈ দলিয়াই ভাঙে? কোন পুৰুষে মাজনিশা মৰণকাতৰ চিঞৰ মাৰে? কোন নাৰীয়ে ইনাই-বিনাই হিয়া ঢাকুৰি কান্দে? উফ! যেন এটা ভয়ানক সপোন! কাৰণ পিছদিনা কোঠাটোত কোনো ধৰণৰ চিন দেখিবলৈ পোৱা নাযায়। সকলো স্বাভাৱিক। তেৰ কেজি বিলাহী, ডেৰ হাত দীঘল ক’লা কাপোৰখন, ধাৰাল চুৰিখন আৰু তেৰশ গ্ৰাম শুকান জলকীয়া যেনেকৈ বজাৰৰ পৰা অনা হৈছিল তেনেকৈ টেবুলত সজায় থোৱা থাকে। মজিয়া পৰিষ্কাৰ পৰিচ্ছিন্ন । প্ৰতিবাৰে সুন্দৰী মহিলা আহি এৰাতি থাকি তেওঁক সহায় কৰা বা সেৱা আগবঢ়োৱা আটাইবোৰ হোটেলৰ কৰ্মচাৰীক জোখতকৈ বেছি টিপচ দি গুছি যোৱাৰ পাছত ভাগে ভাগে কথাবোৰ আলোচনা হয়। প্ৰত্যেকে নিজে কল্পনা কৰে, তাকেই ইজনে সিজনৰ সৈতে বিনিময় কৰে। তথাপি ..!
কথাবোৰ অতি ৰহস্যময়! কোনো ধৰণৰ বিশ্লেষণে মেনেজাৰৰ মনটোক সন্ত্তষ্ট কৰিব পৰা নাই। হোটেলৰ কৰ্মচাৰীবোৰৰ আগত নিজৰ মুখ দেখুৱাবলৈ লাজ লগা হৈছে মেনেজাৰৰ, ভীতি বিহ্বল তেওঁৰ তলতীয়া কৰ্মচাৰীসকলক অভয় প্ৰদান কৰি কাম কৰাৰ সুস্থ পৰিবেশ এটা দিব পৰা তেওঁ। ধিক্কাৰ এনে কৰ্মজীৱন! সকলোৱে দুচকুত আশা লৈ তেওঁৰ মুখলৈ চায় কাৰণ তেওঁৰ মহিলাৰ লগত আজিকালি এটা ভাল, বন্ধুসদৃশ সম্পৰ্ক এটা গঢ় লৈ উঠিছে। অন্ততঃ কথাবোৰ তেওঁ মহিলাক সুধিব পৰা সম্পৰ্ক এটা! তেৰ নম্বৰৰ কোঠাত মহিলাক সেই বিশেষ বস্তুখিনি যোগাৰ দি আহি তলমূৰকৈ তাকেই ভাবি আছিল সুদৰ্শন মেনেজাৰজনে। আজি ৰাতি অনুসন্ধান কৰি যদি একো উলিয়াব নোৱাৰে তেনেহ’লে কাইলৈ সুধিব তেওঁ সুন্দৰীক যে তেওঁ ইমান ৰহস্যময়ী কিয়? কিয় এৰাতিৰ বাবে আহি এনেবোৰ কাণ্ড ঘটাবলৈ সেইখন হোটেলেই তেওঁ বাছি ল’লে? কি এনেকুৱা ৰহস্য , গুপুত কথা আছে  যে তেওঁ প্ৰয়োজনাধিক অৰ্থৰে হোটেলৰ সকলো কৰ্মচাৰীৰ মুখ বন্ধ ৰাখে? তেনেকুৱা হাজাৰটা প্ৰশ্ন সুধিব তেওঁক আৰু উত্তৰ দিবলৈ বাধ্য কৰিব। কিন্ত্ত কিয় জানো সুন্দৰীৰ সন্মুখত দেখোন মুখৰ মাতেই নোলায়।
                                  °°°°°
কেইবাবাৰো চেষ্টা কৰি সাহস গোটাব নোৱাৰিলে সুধিবলৈ,ফলত প্ৰচুৰ অন্তৰ্দন্দ্বত ভুগিছে ডেকা মেনেজাৰে। ইয়াৰ দুমাহৰ পাছত যেতিয়া সুন্দৰী মহিলাগৰাকী আহিল গোটেই নিশা উজাগৰে থাকিও বন্ধকোঠাৰ ৰহস্যময় নাটকৰ ৰহস্য ভেদ কৰিবলৈ নোৱাৰি  বুকুত অযুত সাহস বান্ধি পিছদিনা মেনেজাৰে সুধিয়েই পেলালে
-মেম
-য়েছ ! আয়ত চকুযুৰি সুদৰ্শন মেনেজাৰৰ বিমুগ্ধ চকু  দুচকুত নিবদ্ধ হ’ল।
-…  (এইযোৰ চকু বৰ সাংঘাতিক সুদৰ্শনৰ বাবে। মুখেৰে মাত নোলাল!)
-কি ক’ব খুজিছিলা কোৱা আকৌ!
-মানে মেম!
-কোৱা..
-মানে .. আপুনি যেতিয়াই আহি এইটো কোঠাত থাকেহি ৰাতি ৰাতি বৰ অদ্ভুত ঘটনা কিছুমান ঘটা যেন লাগে কোঠাটোত.. কিছুমান শব্দ ..
-অহ্ সেইটো কথা! মেনেজাৰৰ মুখৰ কথা কাঢ়ি সুন্দৰীয়ে ক’লে। কিছুসময় ৰৈ আকৌ ক’লে “মই জানিছিলোঁ কেতিয়াবা তুমি এইটো কথা সুধিবা” । তাৰ পাছত মিচিকিয়া হাঁহি মাৰি ডেকালৈ চাই থাকিল।
ডেকাইও সাহ পাই আকৌ সুধিলে “মানে মেম, আচলতে কথাটো জানিব খুজিছিলোঁ। কিনো কাৰণ?”
সুন্দৰীয়ে আকৌ মিচিকিয়া হাঁহি এটি মিঠা মাতেৰে ক’ লে “মই তোমাক ক’ম। কিন্ত্ত তুমি শপত খাব লাগিব। তোমাৰ প্ৰাণ গ’লেও কথাবোৰ তুমি কাকো ক’ব নোৱাৰিবা।”
-কাকো নকওঁ মেম। শপত খাই কৈছোঁ । মোক আপুনি বিশ্বাস কৰিব পাৰে। মই আপোনাক কথা দিলোঁ প্ৰাণ গ’লেও মোৰ মুখৰ পৰা কথা নোলায়।”
মেনেজাৰৰ বিশ্বাসভৰা আশ্বাস পাই সুন্দৰীয়ে যিবোৰ ক’লে মুখেৰে এটা শব্দও নকৰাকৈ বিষ্ফোৰিত নেত্ৰেৰে ডেকাই শুনি গ’ল। এসময়ত জোৰকৈ সৰহকৈ টকা অলপ টিপচ হিচাপে  ডেকাৰ হাতত গুজি সুন্দৰী গুছি গ’ল।
ডেকাই একো তৰ্কিবই নোৱাৰিলে।
তাৰ পাছত মাজে মাজে সুন্দৰী আহি থাকিল, ডেকাই প্ৰতিবাৰেই তেৰ কেজি বিলাহী, ডেৰহাত দীঘল ক’লা কাপোৰ এখন, ধাৰ থকা চুৰীএখন আৰু তেৰশ গ্ৰাম শুকান জলকীয়া কিনি আনি দিলেহি।… আৰু একেবোৰ নাটকৰ পুনৰাবৃত্তি ঘটি থাকিল।
হোটেলৰ বাকীবোৰ কৰ্মচাৰীয়ে প্ৰতিবাৰেই কৌতুহলেৰে সুন্দৰী যোৱাৰ পাছত ডেকাক আগুৰি ধৰি সোধে। কিন্তু ডেকাৰ মুখেৰে সেই কথাবোৰ কেতিয়াও নোলাল। কাৰণ ডেকাই কেতিয়াও নিজৰ প্ৰতিজ্ঞা ভংগ নকৰিছিল। আৰু আমাৰ কাপোৰ-কানি ক’লা হ’ল, সেয়ে ঘৰলৈ গুছি আহিলোঁ! ■■

13 Comments

  • বৰ্ণালী ফুকন

    হায় হায় আমাক চৌঠেঙীয়া কৰি এনেকৈ এৰি দিব পায় নে?হুক হুক

    Reply
  • হা হা হা, ওচৰত লিখিকাক পোৱা হলে… ……উফ, চুৰী খন ক’ত হে, আৰু এই দেৰ হাত ক’লা কাপোৰ?
    নাপায় দেই এনেকে ঠগিব!
    লেখাটোৰ বাবে ধন্যবাদ উৎপলা ৷ ফটাঢোলৰ যাত্ৰাত সংগী হৈ ৰবা বুলি আশা থাকিল ৷

    Reply
  • লিপিকা

    ঘৰ গৈ ওলামগৈ ৰব, এনে কি অন্যায় কৰিছিলোঁ বাৰু আপোনাৰ? নাপায় দেই ইমান শাস্তি দিব….।
    যিয়ে নহওক, অগতানুগতিক সুন্দৰ গল্প, ভাল লাগিল।

    Reply
  • মজা লাগিল, সুন্দৰ লিকন শৈলী, এজ ইউজুয়েল

    Reply
  • ৰিণ্টু

    মুৰত পোন্ধৰ পাউণ্ডৰ হাতুৰী এটাৰে দুকোব লগালো, তেতিয়াহে বুজি পাইছো গল্পটো।

    সাংঘাতিক

    Reply
  • অভিজিত মেধি

    পাঠকক এনেকৈ ঠগন দিয়া বাবে তীব্ৰ গৰিহণা দিলোঁ। নতুনত্বৰ সোৱাদ পালো ।

    Reply
  • Nabajit Baishya

    ৰাম ঠগন ! কিন্তু ঠগন খায়ো ইমান মজ্জা লাগে !

    Reply
  • Sankar Jyoti Bora

    বিশ্বাসী মেনেজাৰ…..
    মজা

    Reply
  • ধেত তেৰি—– উশাহ চুটি হৈ আহিছিল–বোলো মেনেজাৰে শেষত চাচপেন্সটো ভাঙিব চাগে—‘ নাপাই দেই ইম্মান ঠগিব–

    Reply
  • Rajib gogoi

    ৰাম ঠগন দিলে দেই ………মজা লাগিল ।

    Reply
  • উৎপলা

    সকলোকে ধন্যবাদ!

    Reply
  • সীমান্ত

    গল্পটো অন্য এঠাইটো পঢ়ি পাইছিলো ।

    Reply
  • Rajeeb

    সুন্দৰ ঠগন… বৰ দুখ পাইছো…
    জোৰোণৰ বস্তু লৈ কইনা পলাই গলেও দৰাই ইমান দুখ নাপালে হয়….

    Reply

Leave a Reply

Your email address will not be published.