ফটাঢোল

সাক্ষাৎকাৰ – জনপ্ৰিয় কণ্ঠশিল্পী মৌচুমী চহৰীয়াৰ সৈতে এখন্তেক

ফটাঢোল ই-আলোচনীৰ শাৰদীয় সংখ্যাৰ সাক্ষাৎকাৰৰ অতিথি হিচাপে আমি এইবাৰ কাষ চাপিছিলোঁ জনপ্ৰিয় কণ্ঠশিল্পী, সদাহাস্যময়ী, আমাৰ সকলোৰে অতি মৰমৰ মৌচুমী চহৰীয়া বাইদেউৰ। যোৱা ২১ ছেপ্টেম্বৰ তাৰিখে বাইদেউৰ লগত আগতীয়াকৈ হোৱা  যোগাযোগৰ পৰিপ্ৰেক্ষিতত ফটাঢোল পৰিয়ালৰ ফালৰ পৰা তেখেতৰ কাহিলিপাৰাস্থিত ফ্লেটত আমি গধূলি প্ৰায় ৫:৩০ বজাত উপস্থিত হৈছিলোঁ। স্বভাৱসুলভ হাঁহিটোৰে তেখেতে আমাক সম্ভাষণ জনাই ভিতৰলৈ মাতি নি বহিবলৈ দিলে।

ফটাঢোল : নমস্কাৰ বাইদেউ, ফটাঢোল পৰিয়ালৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় আমাৰ কাৰণে উলিয়াই  দিয়াৰ বাবে। আমি ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰোঁ নে?

মৌচুমী চহৰীয়া : ধন্যবাদৰ কোনো কথা নাই। আপোনালোকে মোক মৰম কৰে বাবেইতো আজি মোক বিচাৰি ইয়ালৈকে আহিছে। আপোনালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। নিশ্চয়, নিশ্চয়, আৰম্ভ কৰক।

ফটাঢোল : সংগীত ক্ষেত্ৰখনৰ প্ৰতি আপুনি কেনেদৰে আকৃষ্ট হ’ল? এই ক্ষেত্ৰত আপুনি অনুপ্ৰেৰণা ক’ৰ পৰা পালে?

মৌচুমী চহৰীয়া : সংগীতৰ প্ৰতি আকৰ্ষণ মই স্কুলত পঢ়ি থকা দিনৰ পৰাই অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আচলতে সংগীতৰ ক্ষেত্ৰখনত ভৰি ৰখাৰ আঁৰত মোক আটাইতকৈ বেছি অনুপ্ৰেৰণা যোগোৱা মানুহগৰাকী হৈছে মোৰ মা। পেছাত তেখেত এগৰাকী শিক্ষয়িত্ৰী আছিল। আমি মুঠতে তিনিগৰাকী ভাই-ভনী : মোৰ ককাইদেউ, বাইদেউ আৰু মই। আচলতে দেউতাৰ গানৰ প্ৰতি কোনো আগ্ৰহ নাছিল। পেছাত দেউতা এজন অভিযন্তা; তেওঁ ভাবিছিল গান গালে পঢ়া-শুনা নষ্ট হ’ব, কিয় গাব লাগে! কিন্তু মায়ে বহুত যুঁজি যুঁজি সৰুৰে পৰা, মানে মই চতুৰ্থ শ্ৰেণীত পঢ়ি থকা মানৰ পৰাই বিভিন্ন প্ৰতিযোগিতালৈ লৈ যোৱা, তাত অংশগ্ৰহণ কৰোৱা- এইবোৰত আগভাগ লৈছিল। আচলতে মায়ে নিজেও এটা সময়ত খুব ধুনীয়া গান গাইছিল, কিন্তু “এজ্‌মা” ৰোগত আক্ৰান্ত কাৰণে পিছলৈ তেওঁ সংগীত জগতত বেছি আগবাঢ়িব নোৱাৰিলে। কিন্তু মাৰ সপোন আছিল মোক এগৰাকী সফল সংগীতশিল্পী হিচাপে দেখিবলৈ পোৱাটো।
এইফালে দেউতা পঢ়া-শুনাক লৈ বহুত ‘ষ্ট্ৰিক্ট’। চাকৰিৰ তাগিদাত সপ্তাহৰ তিনি-চাৰিদিন তেওঁ ঘৰৰ পৰা বাহিৰত থাকে। সেই সময়তেই মই গানৰ ৰেৱাজ কৰা, চৰ্চা চলোৱা কামখিনি কৰিছিলোঁ। কিন্তু যেতিয়াই দেউতা উভতি আহিছিল, দূৰৰ পৰা তেওঁ আহি থকা গʼম পালে আমাৰ ঘৰত কাম কৰা ছোৱালীজনীয়ে দৌৰি আহি আমাক খবৰ দিছিলে আৰু তেওঁ ঠিক ঘৰত সোমোৱাৰ আগতেই মই হাৰমনিয়ামটো টেবুল বা বিচনাৰ তলত সুমুৱাই থৈ লগে-লগেই  পঢ়া-টেবুলত বহিছিলোঁ।

এনেকৈ কিছুদিন চলাৰ পিছত মই অসুবিধা পাই মাক কৈয়েই পেলালোঁ যে “মা তুমি গানো গাব দিয়া, পঢ়িবও দিয়া; মই এনেদৰে কেনেকৈ পাৰিম, মই এজনীহে মানুহ!” তেতিয়া মায়ে কৈছিল, “চোৱা, মই বিচাৰোঁ তুমি গানো গোৱা আৰু পঢ়াও, কিন্তু বাবাই বিচাৰে তুমি অকল পঢ়া! কিন্তু মোৰ বিশ্বাস আছে তুমি গান গায়ো পঢ়াটো আগবঢ়াই নিব পাৰিবা। তাৰ কাৰণে তুমি এটা বস্তু মনত ৰাখি যাব লাগিব যে সংগীত আৰু শিক্ষাৰেই তুমি এজনী।”

তেওঁ কথাষাৰ ইমান ধুনীয়াকৈ বুজাই দিছিলে যে মই এনেদৰে ভাবিবলৈ বাধ্য হ’লো যে মই নিজৰ সম্পূৰ্ণ এশ শতাংশ হ’বলৈ হ’লে পঞ্চাশ আৰু পঞ্চাশত শিক্ষা আৰু সংগীতক এটা সমীকৰণত বহুৱাই লৈ মই আগবাঢ়িব লাগিব। মানে, মৌচুমী হ’বলৈ হ’লে মই শিক্ষা আৰু সংগীতক একেলগেই আগবঢ়াই নিব লাগিব। যদিও এইটো টান আছিল তথাপি পিছলৈ অনুভৱ কৰিলোঁ যে গান গাই পঢ়ি ভাল লাগে, আনফালে পঢ়ি গান গায়ো ভাল লাগে। ভাল গান গাই পঢ়াত ভাল কৰিলে মানুহে ভাল বুলি কয়, আনফালে পঢ়ি এটি ভাল গীত গালে মানুহে প্ৰশংসা কৰে, ভাল লাগে, মৰম-আশীৰ্বাদ পাওঁ। এই কথাটো মই ধনাত্মকভাৱে লৈয়েই আগবাঢ়িলোঁ আৰু এনেদৰেই মোৰ সংগীত সাধনাৰ আৰম্ভণি হ’ল।

দেউতাই যদিও প্ৰথমাৱস্থাত মোৰ গান গোৱাটোক বৰ এটা পছন্দ কৰা নাছিল, কিন্তু পিছলৈ দেউতাৰ এই ধাৰণাটো সম্পূৰ্ণৰূপে সলনি হৈছিল যেতিয়া মই উচ্চতৰ মাধ্যমিকত কলা শাখাত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছিলোঁ। পিছলৈ এনেকুৱা হৈ পৰিল যে মই গান নোগোৱা হ’লে তেওঁ মাক তাগিদা দিয়া হ’ল যে মমীয়ে (মমী মোৰ ঘৰত মতা নাম) কিয় গোৱা নাই! তেওঁ ভাবিলে যে এইজনী ছোৱালীয়ে গানো গায়, পঢ়েও, দুয়োটা ইমান ধুনীয়াকৈ চলাই লৈ গৈ আছে!তেওঁ গম পোৱা হ’ল যে গান অবিহনে মৌচুমী আধৰুৱা। যদিও তেওঁ খুব ষ্ট্ৰিক্ট আছিল, কিন্তু মোক তেওঁ বাধা দিয়া নাছিল। তেওঁৰ মতে, প্ৰথমে মই পঢ়াত বেছি মনোযোগ দিয়াটো দৰকাৰ। যদিও তেওঁ সেইটো ভালপোৱা নাছিল, কিন্তু চতুৰ্থ শ্ৰেণীত থাকোঁতে যেতিয়া মই মোৰ প্ৰথম এলবাম “ফাগুনৰ শেষতেই” উলিয়াইছিলোঁ তাৰ কাৰণে খৰছ দেউতায়ে বহন কৰিছিল। ক্লাছ এইটত যেতিয়া গুৱাহাটীত আহোঁ, বিভিন্ন সৰু-সুৰা অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ যাওঁ, তাৰেও সমস্ত খৰছ দেউতাৰেই আছিল! মানে তেওঁ প্ৰথমাৱস্থাত দেখা-দেখিকৈ নহ’লেও আওপকীয়াকৈ মোৰ সংগীত সাধনাক সন্মান কৰিছিল আৰু পিছলৈ যেতিয়া মোক বুজি পোৱা হ’ল, তাৰ পিছৰ পৰা পোনপটীয়াকৈ মোৰ সংগীত যাত্ৰাৰ এটা অনুপ্ৰেৰণা হৈ পৰিল। এতিয়া মই সুখী যে মই মা আৰু দেউতা দুয়োৰে সপোনক একেলগে সঁচা কৰাৰ ক্ষেত্ৰত সমৰ্থ হৈছোঁ।

ফটাঢোল : শিক্ষা আৰু সংগীতক একেলগে আগবঢ়াই লৈ যোৱা এই প্ৰক্ৰিয়াটোত আপোনাৰ কেতিয়াবা এনেকুৱা হৈছে নেকি যে এখন ক্ষেত্ৰত খোজ পেলাওঁতে অন্য ক্ষেত্ৰখনৰ প্ৰতি অনীহাৰ সৃষ্টি হৈছিল?

মৌচুমী চহৰীয়া : সেই সময়ত মোৰ এটা সাংঘাতিক ধৰণৰ মনোভাৱ আছিল যে সংগীত আৰু শিক্ষা- এই দুয়োটাক মই চিৰিয়াছ্‌লী লৈছিলোঁ; এক কথাত মই উপভোগ কৰিছিলোঁ দুয়োখন ক্ষেত্ৰকেই। মই খুব বাছনি কৰি কাম কৰিছিলোঁ, গানৰ ক্ষেত্ৰত। মই সকলোধৰণৰ গান নাগাইছিলোঁ কাৰণ মই মা আৰু দেউতা দুয়োৰে কথা ৰাখিব লাগিব, পঢ়িবও লাগিব। সেয়েহে গান যেতিয়া গাবলৈ যাওঁ, তেতিয়া গানবোৰ আগতে ভালদৰে চাই লৈছিলোঁ আৰু তাৰ পিছত হে ফাইনেল কৰিছিলোঁ।

মই দৈনিক পঢ়া-শুনা কৰিছিলোঁ। সদায় ৰাতিপুৱা সোনকালে উঠিছিলোঁ, ৰাতিপুৱা উঠিয়েই পঢ়া টেবুলত নবহিছিলোঁ, একেবাৰে সতেজ হৈ আহি প্ৰাতঃকাম সমাপন কৰিহে পঢ়া টেবুলত বহিছিলোঁ, এইটো মোৰ নিয়ম। পঢ়া টেবুলখনো খুব সুন্দৰকৈ ৰাখিছিলোঁ, টেবুলৰ আগত দেৱী সৰস্বতীৰ ফটো ৰাখিছিলোঁ । গোটেই সমীকৰণ, ফৰ্মূলা এইবোৰৰ লিখি বেৰত আঠা মাৰি থৈছিলোঁ। মই সৰু ল’ৰা-ছোৱালী খুব ভাল পাওঁ বাবে মোৰ ভাগিন, ভতিজা-ভতিজীসকলৰ ফটো টেবুলৰ আগত বেৰত আঠা লগাই ৰাখিছিলোঁ। বিদ্যালয়ৰ পৰা আহি খেলা-ধূলা কৰাৰ পিছত গধূলি সময়মতেই পঢ়িবলৈ বহিছিলোঁ আৰু ৰাতি বেছি দেৰিলৈকে সাৰ পাই থকা নাছিলোঁ। আচলতে মই খুব বেছি পঢ়ি থকাবিধৰো নাছিলোঁ। দৈনিক পঢ়া-শুনা আগবঢ়াই লৈ যোৱা বাবে মই কোনো অসুবিধা পোৱা নাছিলোঁ। যদিও মই কোনো ৰুটিন অনুসৰণ কৰিব পৰা নাছিলোঁ কাৰণ যিকোনো সময়ত গানৰ ৰেকৰ্ডিংৰ বাবে ফোন অহাত মই যাব লগা হৈছিল, তথাপি মই মোৰ পঢ়াত সেইটোৰ প্ৰভাৱ পৰিবলৈ দিয়া নাছিলোঁ। কিন্তু ৰেকৰ্ডিঙত যোৱা সময়খিনি মই ৰাতি মিলাই লৈছিলোঁ যদিও মোৰ কেতিয়াবা ৰাতি টোপনি খতি হৈছিল, কিন্তু এটা মানসিক প্ৰশান্তি পাইছিলোঁ।

মই সময় হাতত খুব কমকৈ পাইছিলোঁ কাৰণে মোৰ নোটছ বনোৱা হোৱা নাছিল। তাৰ কাৰণে মই এটা উপায় বনাই লৈছিলোঁ, মই খুব ৰেফাৰেঞ্চ কিতাপ পঢ়িছিলোঁ। তেতিয়া যিহেতু ইণ্টাৰনেট নাছিল, গতিকে মই লাইব্ৰেৰীলৈ গৈ বিভিন্ন বিষয়বোৰৰ ৰেফাৰেঞ্চ কিতাপ গোটাই লৈ ঘৰত আনি কিতাপবোৰ মেলি লৈছিলোঁ আৰু এবাৰ চকু ফুৰাই নিজৰ সুবিধামতে বুজি লৈছিলোঁ। মোৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ ভিন্ন আছিল, মানে একেটা প্ৰশ্নৰে ভিন্ন সময়ত ভিন্ন উত্তৰ ওলাইছিল, কাৰণ মই নোটছ বনাই পঢ়িবলৈ সময় নাপাইছিলোঁ। পঢ়াৰ ক্ষেত্ৰত মই কিন্ত ছিলেকটিভ নাছিলোঁ, আদিৰ পৰা অন্তলৈ খুব ভালদৰে পঢ়ি মনতে আওৰাই লৈছিলোঁ। এটা thorough study কৰা বাবেই চাগেʼ মই কোনো ধৰণৰ অসুবিধা অনুভৱ কৰা নাছিলোঁ বা এখন ক্ষেত্ৰৰ বাবে আন এখন ক্ষেত্ৰৰ প্ৰতি অনীহা প্ৰকাশ কৰিছিলোঁ। কাৰণ মই পঢ়াৰ সমান্তৰালভাৱে গানকো আগুৱাই লৈ যাবলৈ চেষ্টা কৰা প্ৰক্ৰিয়াটোক সুন্দৰকৈ অনুসৰণ কৰি গৈছিলোঁ।

ফটাঢোল : আপুনি কোৱামতে পঢ়াৰ ক্ষেত্ৰত আপুনি নিৰ্বাচন কৰি পঢ়া নাছিল,কিন্তু একে সময়ত গানৰ ক্ষেত্ৰত গীতবোৰ নিৰ্বাচন কৰি আগবাঢ়িছিল। এই পাৰ্থক্যটো কেনেদৰে বুজাব?

মৌচুমী চহৰীয়া : দুয়োটাৰ মাজত পাৰ্থক্য আছে। চাওঁক, পঢ়াৰ ক্ষেত্ৰত নিৰ্বাচন কৰি পঢ়িবলৈ যোৱা মানে ঠগ খাব পৰা সম্ভাৱনা থাকে। ধৰা হওঁক, মোৰ পৰীক্ষাৰ প্ৰশ্নকাকত আপুনি ঠিক কৰিছে। আপুনি যোৱাবছৰ ঠিক কৰা প্ৰশ্নখন এইবাৰো দিব পাৰে; মই যদি যোৱাবছৰ অহা বাবে এইবছৰ নপঢ়াকৈ যাওঁ, ঠগ খাই যাম ন! সেইকাৰণে পঢ়াৰ ক্ষেত্ৰত মই নিৰ্বাচন কৰিব নাযাওঁ।

গানৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ, সেইটো মোৰ নিজৰ কথা। তাত কোনো পৰীক্ষা নাথাকে। গানৰ ক্ষেত্ৰত মই নিজেই প্ৰশ্নখন কাটি নিজেই চাব লাগিব। কোনটো গাম, কেনেকৈ গাম, কি হ’ব সেইটো নিজেই ঠিক কৰিব লাগিব। এনেকুৱা নহয় যে কোনোবাই মোক জোৰ-জবৰদস্তি এনেকৈ ক’ব যে মৌচুমী তুমি এই গোটেইখিনি গাব লাগিব, তোমাৰ পৰীক্ষা লʼম। গতিকে তাত বাছনি কৰিব পৰা কথাটো মোৰ হাততেই থাকে।

আচলতে গানৰ ক্ষেত্ৰত বাছনি কৰাৰ কাৰণো আছে। আজিকালি অলপ বেছিকৈ বাছনি কৰা হৈছোঁ, কাৰণ এতিয়া মই বিবাহিতা, মোৰ সংসাৰ আছে; এইকাৰণে নহয় যে মই কিবা এটা দেখুৱাওঁ। মই ভাবোঁ যে মই এতিয়া নিজকে অলপ সময় দিব লাগে; শিক্ষা আৰু সংগীতলৈকে ঠিকে থাকে, আনকি সংসাৰখনলৈও ঠিকে থাকে। কিন্তু যেতিয়া সন্তানৰ কথা আহি পৰে, তেতিয়া অলপ মিলাবলৈ টান হৈ যায়। মোৰ স্বামী “ইণ্ডিয়ান আৰ্মী”ত কৰ্মৰত, বিভিন্ন উপলক্ষত তেওঁৰ লগত মই ঘূৰি ফুৰিব লগা হয়, মোৰ দায়িত্ব বাঢ়ি গ’ল গতিকে মই ছিলেক্টিভ হ’বলৈ বাধ্য হৈ পৰিলোঁ। এনেকুৱা নহয় যে মই সংগীতৰ চৰ্চা বাদ দিছোঁ। সময়ে সময়ে ইণ্ডিয়ান আৰ্মীৰ শ্ব’ হওঁক, অসম চৰকাৰৰ শ্ব’ হওঁক- এইবোৰ কৰি থাকোঁ। কিন্তু যেতিয়া সন্তানৰ কথা আহি পৰে তেতিয়া মোৰ priority সলনি হৈ যায়। আগতে যেতিয়া গান গাইছিলোঁ, পঢ়িছিলোঁ, তেতিয়া কথা বেলেগ আছিল; তেতিয়া গোটেই কথাবোৰ মিলোৱা দায়িত্ব মোৰ ওপৰতেই আছিল। কিন্তু এতিয়া সন্তানৰ দায়িত্ব আহি পৰাৰ লগে লগেই সব সলনি হৈ গ’ল কাৰণ মোৰ যমজ সন্তান, এতিয়াও সৰু হৈ আছে আৰু হাজবেণ্ডেও চাকৰিৰ তাগিদাত ভিন্ন ঠাইত ঘূৰি থাকিব লগা হয়।

টিভিৰ প্ৰগ্ৰেমবিলাকৰ ক্ষেত্ৰতো সবতে নাযাওঁ, এনেই কিছুমান প্ৰগ্ৰেমত যাবলৈ ভাল নাপাওঁ। য’ত মোৰ অনুভৱ হয় যে তাৰ পৰা মই কিবা এটা শিকিব পাৰিম, ধৰা হওঁক কিছুমান intellectual talk show ধৰণৰ অনুষ্ঠানবোৰত মই নোযোৱাকৈ নাথাকোঁ। সেইকাৰণে চাগেʼ আপোনালোকে মোক আজিকালি বেছিকৈ দেখা নাপায় কাৰণ বিভিন্ন এৰাব নোৱৰা কথাৰ বাবে মই আজিকালি মিডিয়াৰ আগত দেখা দিয়াৰ পৰা বিৰত আছোঁ।

ফটাঢোল : অসমৰ সংগীত আৰু শিল্পৰ ক্ষেত্ৰখনত লৈ আপোনাৰ মতামত কি?

মৌচুমী চহৰীয়া : আচলতে অসমৰ সংগীত ক্ষেত্ৰখনক লৈ, সঁচা কথা ক’বলৈ গ’লে, এতিয়াৰ অসমৰ গানৰ পৰিৱেশটোক লৈ মই খুব এটা সন্তুষ্ট নহয়। মই generalised কৰি কথাখিনি ক’বলৈ যোৱা নাই বাৰু। এইটো স্বীকাৰ কৰিবই লাগিব যে এতিয়া অসমত কিছুমান ইমান ভাল ভাল শিল্পী আছে যিয়ে নিজৰ অনবদ্য সৃষ্টিৰ জৰিয়তে এটা বেলেগ ধৰণৰ বিপ্লৱ আনিবলৈ চেষ্টা কৰি আছে কিন্তু দেই! কিন্তু তাৰ মাজতো কিছুমান এনেকুৱা শিল্পী আছে যিয়ে কিছুমান ইমান সস্তীয়া গীতেৰে প্ৰচাৰ ল’বলৈ চেষ্টা কৰি আছে যাৰ কাৰণে মই সুখী নহয়।

এটা কথা মন কৰিব, কোৱালিটি থাকিলে মানুহে আদৰিবই, তাৰ কাৰণে কৰ্ম কৰি যাব লাগিব। কিন্তু ভাল কাম কৰা স্বত্বেও কিছুমান এনেকুৱা শিল্পী আছে যিসকলে নীৰৱে কাম কৰি গৈ আছে, স্বীকৃতি পোৱা নাই। তেওঁলোকক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয়ও কিছু আছে। আৰু এক কথাত ক’বলৈ গ’লে ইয়াত ভাগ্যৰ কথাও আহি পৰে। আজি মই ভাগ্যৱান যে আপোনালোকে ইমান দিনৰ পিছতো মোক মনত ৰাখি মোৰ ওচৰলৈ আহিছে মোক বিচাৰি। এনেকুৱা ভাগ্য চাগেʼ সকলোৰে নাথাকে। সেয়েহে কৰ্মৰ লগত ভাগ্যৰো দৰকাৰ আছে, আৰু মই আজিকালি ভাবিবলৈ বাধ্য যে নিজৰ কৰ্মৰ লগতে কষ্টৰ লগতে ভাগ্যৰো প্ৰয়োজনীয়তা আছে। কাৰণ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন প্ৰতিভাশালী ব্যক্তি আছে, ইমান বেছি সৃষ্টি আৰু সৃজনশীলতা থকাৰ পিছতো তেওঁলোক আগবাঢ়ি আহিব পৰা নাই। এই মানুহবোৰক চিনাক্ত কৰি উলিয়াই অনাৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয়ৰ লগতে আমাৰ শিল্পী সমাজৰো কৰণীয় আছে, সাধাৰণ নাগৰিকৰো কৰণীয় আছে।
মোৰ নিজৰ এটা সৰু এন জি ও আছে, তাৰ জৰিয়তে মই ভাৰতৰ ভিন্ন প্ৰান্তৰ ভিন্ন প্ৰতিভাক বাহিৰ উলিয়াই অনাৰ ক্ষেত্ৰত সামন্যতমেই হওঁক যিখিনি পাৰোঁ কৰি আছোঁ।

ফটাঢোল : মৌচুমী চহৰীয়াৰ জীৱনত ডঃ ভূপেন হাজৰিকা এটা এৰাব নোৱৰা নাম। ডঃ ভূপেন হাজৰিকাৰ আপোনাৰ জীৱনত প্ৰভাৱ কি?

মৌচুমী চহৰীয়া : ( অলপ হাঁহি ) একদম সাংঘাতিক। তেওঁৰ সান্নিধ্যত থকা সময়খিনি মোৰ জীৱনৰ এটি সোণালী যুগ।

মই তেখেতক প্ৰথম লগ পাইছিলোঁ চতুৰ্থ শ্ৰেণীত থাকোঁতে এটি অনুষ্ঠানৰ বঁটা-বিতৰণী সভাত। তেখেতে আমাক বঁটা প্ৰদান কৰিছিল। এটা কথা যে যদিও পিছলৈ মই ডঃ ভূপেন হাজৰিকাৰ গীত বহুত গাইছোঁ, কিন্তু প্ৰথমাৱস্থাত মই তেওঁৰ গীতসমূহ গাবলৈ ভয় কৰিছিলোঁ, ভয় কৰাৰ কাৰণ এটাই যে খুব টান হয় তেওঁৰ গীতসমূহ। যেতিয়াই কোনোবাই মোক তেখেতৰ গীত গাবলৈ কৈছিল, মই মাত্ৰ এটা গীতেই গাইছিলোঁ “পাহাৰে ভৈয়ামে”।

কয় যে মানুহৰ জীৱনে টাৰ্ণিং পইণ্ট লয়!তেখেতৰ সান্নিধ্য ভালদৰে পোৱাৰ সুবিধা পাইছিলোঁ সদা গগৈৰ যোগেদি ২০০০ চনৰ তেওঁৰ “দমন” চিনেমাখনৰ ক্ষেত্ৰত। তাতে কেনেবাকৈ ভূপেন দাই গʼম পালে মই ভাল গান গাওঁ। সেইখিনি সময়ত কল্পনা লাজমীৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছিল। ২০০২ চনৰ জুন মাহত গুৱাহাটীৰ নন্দন হোটেলত এটা গেট-টুগেদাৰত তেওঁৰ সন্মুখত গান গোৱাৰ বাবে মোক অনুৰোধ কৰিছিল। পৰাপক্ষত ভিন্ন বাহানা কৰি কিবাকৈ অনুষ্ঠানটিত উপস্থিত থকাৰ হেজাৰ বিফল চেষ্টাৰ পিছতো মই তাত গৈ উপস্থিত হ’বলগীয়া হ’ল। অনুষ্ঠানটিৰ আঁত ধৰোঁতা আছিল ববিতা শৰ্মা। এবাৰত তেওঁ ৰাইজলৈ সুধি পঠিয়ালে, ” এতিয়া আপোনালোকে কাৰ গীত শুনিব?” লগে লগেই কল্পনা ডিয়ে চিঞঁৰি উঠিল, “মৌচুমী, মৌচুমী….”
মোৰ অৱস্থা বেয়া, পিছৰ ছিটত বহি থকাৰ পৰা কিবাকৈ উঠি আহিলোঁ। মই মানে কান্দিবলৈ বাকী। ভূপেন দা আছিল হলটোৰ একেবাৰে শেষৰফালে বহি কোনোবাৰ লগত কথা পাতি। ভগৱানক স্মৰণ কৰি, মা-বাবাক ধ্যান কৰি গান গোৱা আৰম্ভ কৰিলোঁ। “সেউজী পাৰৰ তোমাৰ নিৰলা ঘৰ….” লৈহে মোৰ মনত আছিল, ইমান ডুবি গৈছিলোঁ গানত। যেতিয়া গান গোৱা শেষ হ’ল দেখিলোঁ কোনোবাই ” ৱাহ্ ৱাহ্! ৱাহ্ ৱাহ্! ” বুলি মোৰ গীতৰ প্ৰশংসা কৰি আছে আৰু সেয়া আন কোনো নহয় স্বয়ং ডঃ ভূপেন হাজৰিকা!

তাৰ পিছত কল্পনা লাজমীয়ে মোক মতাই আনি ভূপেন দাৰ লগত চিনাকি কৰাই দি ক’লে, “দেখিছা ভূপছু, মই যে কৈছিলোঁ অকণমানি ছোৱালী এজনী যে আছে ধুনীয়া গায়, তায়েই এই!”

তাৰ পিছত মই লণ্ডনত গান গাবলৈ যোৱাৰ সুবিধা পালোঁ। সেই সময়তে ভূপেন দাই মোক ক’লে, ” তুমি মোৰ গীতবোৰ গোৱা!” মোৰ অৱস্থা বেয়া, ভয়তে মই বাহানা মৰা আৰম্ভ কৰিলোঁ। এইফালে দাদাইতো ভালেই পালে, সি প্ৰযোজনা কৰিয়েই থাকে! গানৰ লিষ্ট সিহঁতে উলিয়াই ল’লে। মায়ে গʼম পালে মই বাহানা কৰি আছোঁ। মোৰ বিভিন্ন অজুহাত নৰজিল আৰু ভূপেন দাৰ অনুৰোধমৰ্মে তেওঁৰ প্ৰজেক্টটো কৰিলোঁ।

পিছলৈ ডঃ ভূপেন হাজৰিকাৰ গীতসমূহ মই মোৰ কণ্ঠেৰে বাণীবদ্ধ কৰি তেওঁৰ প্ৰতি এটা শ্ৰদ্ধা জ্ঞাপন কৰাৰ বিভিন্ন চেষ্টা মই চলাই গ’লো। তেওঁৰ গীত বাণীবদ্ধ কৰা প্ৰথমখন চিডি “আকাশীগংগা” লৈ দাদা আৰু মই দিল্লীলৈ উৰা মাৰিলোঁ। তেতিয়া তেখেত সংগীত-নাটক একাডেমীৰ চেয়াৰমেন। তেওঁ থকা কোঠাটোত সোমাই প্ৰথমে তেওঁক সাষ্টাংগে প্ৰণিপাত জনাই তেওঁলৈ চিডিখন আগবঢ়ালোঁ। এইপিনে ভয়ত মোৰ অৱস্থা বেয়া। চিডি খন হাতত লৈয়েই তেওঁ মোক ক’লে, “বাঃ, ইমান সুন্দৰকৈ গাইছা!”
মই বোলো,

: দাদা, আপুনি দেখোন শুনাই নাই!

: মই জানোঁ নহয়, তোমাৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে। মা, তুমি আগবাঢ়ি যোৱা, সফল হোৱা। কেতিয়াও অহংকাৰ নকৰিবা।

এনেকুৱা এটা কথাক শুনি আপুনি ভাৱক মই কেনেকুৱা বিশেষ অনুভৱ কৰিব পাৰোঁ! মই মূলতে তেওঁৰ পুৰুষ-প্ৰধান গীতসমূহ, যেনে – আকাশীগঙ্গা, কি যে তোমাৰ সংগ… ইত্যাদি গানবোৰ গাইছিলোঁ।

পিছত ভূপেন দাৰ মেনেজাৰজনে মোক ফোন কৰি কৈছিল যে তেখেতে গোটেই ৰাতি মোৰ চিডিখন শুনিছিল আৰু চিডি ৰ ক’ভাৰটো বুকুত ৰাখি শুনি গৈছিল। তেওঁৰ চকুৰে চকুপানী বৈ আছিল। তেওঁ জনাইছিল যে মই তেখেতৰ বিশ্বাস ৰাখিবলৈ সক্ষম হৈছিলোঁ।

পিছলৈ মই ভূপেন দাৰ লগত বিভিন্ন প্ৰগ্ৰেম কৰিছোঁ। মোৰ কণ্ঠত তেখেতৰ গীতৰ দ্বিতীয়খন এলবাম ” মানুহে মানুহৰ বাবে ” উলিওৱাৰ সময়ত তেওঁ কৈছিল,

: যিসকল নবীন শিল্পীয়ে মোৰ গীতসমূহ এতিয়ালৈ গাইছে তাৰ ভিতৰত মৌচুমীয়ে মোৰ উচ্চাৰণ আৰু প্ৰকাশভংগী, মোৰ গায়কীৰ কাষ চাপিব পৰিছে। মৌচুমীলৈ মোৰ মৰমসনা শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল।

এই কথাখিনি তেওঁ ৰেকৰ্ড কৰি মোৰ ” মানুহে মানুহৰ বাবে” এলবামৰ একদম আৰম্ভণিতেই ৰাখিছিল আৰু তাৰ কাৰণটো তেওঁ এনেদৰে ব্যাখ্যা কৰিছিল,

: কালিলৈ যদি মই নাইকিয়া হৈ যাওঁ, যাতে মানুহে তোমাক আঙুলিয়াব নোৱাৰে তাৰ বাবে মই তোমাক স্বীকৃতি দি যাম…

ইয়াৰ পিছত মোৰ তিনি নম্বৰ এলবাম “বুকু হম হম কৰে” সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া মই তেওঁক লগ ধৰিবলৈ নিজৰাপাৰৰ ঘৰলৈ গৈছিলোঁ, তেতিয়া তেওঁ মোক লিখিতৰূপত আন এটা স্বীকৃতি দিছিল। সেয়া আছিল,

“মৌচুমী, তুমি মোৰ প্ৰতিধ্বনি…..
মোৰ গীতকেইটিৰ নৱৰূপ তুমি দিলা
চিৰযুগমীয়া হওঁক তোমাৰ কণ্ঠ আৰু     প্ৰকাশ….”

” বুকু হমহমালে মোৰ
অপ্ৰত্যাশিতভাৱে সকলোকেইটি গীত সুন্দৰ আৰু মিঠা।”

কাগজখনত লিখি থকাৰ পৰাই তেওঁ আঁচ টানি টানি কৈ গৈ আছে,

: তুমি কি ভাবি আছা ,ভূপেন হাজৰিকাই এনেই লিখে, ভূপেন হাজৰিকাই এনেই কয়! তুমি কি ভাবি আছা! মই কোনো কথা এনেই নকওঁ, মই যি কওঁ ভাবি-চিন্তি কওঁ। তুমি কিন্তু অহংকাৰ নকৰিবা। মই কোৱা কথাবোৰ তুমি নিজৰ মাজতেই ৰাখি নথʼবা, এইবোৰ তুমি বন্ধাবা আৰু তাৰ আগতে এইবোৰ পেপাৰত পাব্লিছ কৰিবা। কিয়নো মই যেতিয়া নাথাকিম তেতিয়া যাতে তোমাৰ ওপৰত কোনেও আঙুলি উঠাব নোৱাৰে আৰু ৰাইজেও যাতে আঁকোৱালি লয় যে তুমি গোৱা গীতবোৰত মোৰ সম্পূৰ্ণ সন্মতি আছে।”

আজি ভূপেনদাই মোক এনেদৰে এটা স্বীকৃতি দি যোৱা বাবেই চাগেʼ মোক মানুহে এনেদৰে আদৰি লৈছে। তেওঁৰ প্ৰভাৱ মোৰ জীৱনত খুবেই তাৎপৰ্যপূৰ্ণ।

ফটাঢোল : আপোনাৰ প্ৰিয় গায়ক-গায়িকা কোন আৰু আপুনি কোনজন সংগীত পৰিচালকৰ সৈতে কাম কৰি আটাইতকৈ ভাল পায়?

মৌচুমী চহৰীয়া : প্রিয় গায়ক বুলি ক’লেই প্ৰথমে নাম লʼম ডঃ ভূপেন হাজৰিকাৰ। জয়ন্ত হাজৰিকাৰ গীতো মই খুব ভাল পাওঁ। ডলি ঘোষ বাইদেউ, মন্দিৰা লাহিড়ি বাইদেউৰ গানো মোৰ বৰ ভাল লাগে। এইখিনি হ’ল অসমীয়া। বাকী বলিউডৰ প্ৰথম হৈছে মোৰ ‘গুৰুজী’ সুৰেচ ৱাদেকাৰ, তেখেতৰ ওচৰত মই সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ। তেখেতৰ গীত ভাল লাগে, কবিতা কৃষ্ণমূৰ্তিৰ গীত, সাধনা স্বৰগম, চনু নিগমৰ গানো ভাল লাগে। গোলাম আলি চাহাব, জগজিৎ সিঙৰ গজল মোৰ বৰ প্ৰিয়।

সংগীত পৰিচালক হিচাপে আৰ ডি বৰ্মনৰ কাম বিলাক খুব ভাল লাগে। লক্ষ্মীকান্ত-প্যাৰেলালৰ পৰিচালিত গীতসমূহো খুব ভাল পাওঁ। আৰু অসমীয়াতো সেইদৰে প্ৰথম ডঃ ভূপেন হাজৰিকাৰ গীত বিলাকৰ মজাই বেলেগ। তেওঁৰ পাছতে জিতু-তপন দাৰ কামবিলাক ভাল পাওঁ। তেওঁলোকৰ  পুৰণি গীতসমূহ মোৰ অতি প্ৰিয়। আৰু বৰ্তমান সময়ৰ পলাশ গগৈৰ পৰিচালনাত গীত গাই মই খুব ভাল পাওঁ আৰু ইতিমধ্যে মোৰ কেইবাটাও গীত তেওঁৰ পৰিচালনাতে অতি জনপ্ৰিয়ও হৈছে।

ফটাঢোল : বেছিভাগ পুৰণি গীতেই আমাৰ মানুহৰ মনত সতেজ হৈ আছে, কিন্তু নতুন গীতৰ ক্ষেত্ৰত বেছিভাগতেই সেই আপোনত্ব আমি বিচাৰি নাপাওঁ। ইয়াৰ কাৰণ কি?

মৌচুমী চহৰীয়া :চাওক, পুৰণি যিখিনি, সেই গীতসমূহে আমাৰ সকলোৰে হৃদয় চুৱে। তাহানিৰ দিনৰে গীতসমূহ, অসমীয়াই হওঁক বা হিন্দীয়েই হওঁক বা আন ভাষাৰ গীতেই হওঁক, তাত এটা বেলেগ ধৰণৰ মিঠা মেলʼডী আছিল। তাত ইমান সুন্দৰ কিছুমান কথা আছিল, আৰু তাৰ সুৰ, Composition বা গায়ক-গায়িকাৰ যিটো গায়কী আছিল সঁচাকৈয়ে সাংঘাটিক আছিল। এতিয়াৰ গীতবোৰৰ কিছুমান অতি ক্ষণস্থায়ী। কিন্তু তাৰ মাজতে আকৌ কিছুমান ইমান ধুনীয়া ধুনীয়া গান উলিয়াইছে। গতিকে সাধাৰণ ভাৱে কোৱা নাই, কিন্তু বেছিভাগ গানেই কম সময়ৰ কাৰণে থাকে। ক্ষণস্থায়ী, মানে আগৰ দৰে দীৰ্ঘস্থায়ী নহয়। তাৰ কাৰণে নিশ্চয় Lyrics: গান এটাৰ কথা ভাল হ’ব লাগিব, সুৰ ভাল হ’ব লাগিব। কাৰণ এটা গান কিছুমান ধুম-ধাৰাকা মিউজিকেৰে সৈতে অনবৰতে আপুনি শুনি থাকিব নোৱাৰে।গতিকে গান এটা শুনিবলৈ হ’লে গান কি, সংগীত কি জানিব লাগিব।

যিয়ে আপোনাক মনত শান্তি দিয়ে, মনত আপোনাৰ খুব সুন্দৰ অনুভৱ কিছুমান জাগি উঠে, সেয়াই ভাল সংগীত। কিন্তু অনবৰতে যদি আমি হুলস্থূলীয়া গীত শুনো, যাৰ কথাৰ কোনো ঠিক নাই, আমি খাইছো, লৈছোঁ, শুইছো – সেয়া গান শুনি ভাল নালাগে। তেনেকুৱা গান কেতিয়াও স্থায়ী হ’ব নোৱাৰে। কিন্তু তাৰ মাজতে নতুন প্ৰজন্মৰ কিছুমানে ইমান সুন্দৰ কিছুমান গীত বনাই আছে, যিবোৰ দীৰ্ঘস্থায়ী হ’বগৈ। গতিকে নিশ্চয়কৈ গান এটা চিৰস্থায়ী হ’বলৈ Lyrics, Composition আৰু গায়কী- এই তিনিটা কথাই অতিশয় গুৰুত্বপূৰ্ণ।

ফটাঢোল : অসমীয়া সাহিত্যৰ ওপৰত আপোনাৰ দৃষ্টিভংগী কি? আপোনাৰ প্ৰিয় গ্ৰন্থ কি?

মৌচুমী চহৰীয়া : অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো নিশ্চয়কৈ সংগীতৰ ক্ষেত্ৰত কোৱা কথাখিনিয়েই ক’ম যে শিকি, বুজি, জ্ঞান আহৰণ কৰি যিটো সঠিক তাৰ ওপৰত গুৰুত্ব দিব লাগে। কিছুমান সস্তীয়া লিখনি ভাল নালাগে পঢ়ি। গতিকে ভাল লিখাবোৰ পঢ়ি যেনেকৈ ভাল লাগে ঠিক তেনেকৈ সেইবোৰ লিখিবলৈও ভাল মানসিকতা এটা, সুস্থ মন এটাৰ খুবেই প্ৰয়োজন। আৰু তাৰ বাবে মই অনুৰোধ কৰিছোঁ যাতে ন-লিখকসকলে খুব ভালকৈ  লিখে, খুব ভালকৈ বুজে, খুব ভালকৈ এটা অনুশীলন কৰে সকলো বস্তু।

মোৰ ফেভাৰিট বুলি ক’বলৈ হ’লে ‘অসীমত যাৰ হেৰাল সীমা’ খন খুব ভাল পাইছিলোঁ।এতিয়াও মই বহুত পঢ়োঁ, বহুত কিতাপ আছে মোৰ, পঢ়িয়েই থাকোঁ কাৰণ কিতাপ মোৰ খুবেই প্ৰিয়। অকলশৰীয়া সময়ত গান শুনা, কিতাপ পঢ়া- এইবোৰ মোৰ প্ৰিয় কাম। ‘অসীমত যাৰ হেৰাল সীমা’ই এসময়ত মোৰ জীৱনত খুব ভালকৈ প্ৰভাৱ পেলাইছিল চাগৈ। সেইখন যেতিয়া উপন্যাস প্ৰথম পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়াই পঢ়া।তাৰ পাছত ‘এন ফ্ৰাংকৰ ডায়েৰী’ স্কুলত থাকো‌ঁতে পঢ়িছিলোঁ, এটা এটা কথা মনত আছে এতিয়াও। আৰু এখন কিতাপ আছে ‘Don’t Cry When I Die’ -এই উপন্যাসখনৰ থিম আছিল যে মৃত্যুৰ সময়ত কান্দি একো লাভ নাই।জীয়াই থাকোঁতেই তুমি মোৰ কাৰণে কান্দিবা, জীয়াই থাকোঁতেই তুমি মোৰ কাৰণে হাঁহিবা বা জীয়াই থাকোঁতেই তুমি মোক এপাহ ফুল দিবা। মৃত্যুৰ পিছত আৰু সেই ফুলপাহ দি একো লাভ নাই। – এনেকুৱা বিষয়বস্তু লৈ খুব সুন্দৰ উপন্যাস এইখন মই পঢ়া।  এনেকুৱা বিভিন্ন ধৰণৰ উপন্যাস মোৰ প্ৰিয়।

ফটাঢোল : আপোনাৰ ইমান বছৰৰ সাধনাৰ পিছত যিটো গ্লেমাৰ বা ষ্টাৰদম আপুনি পাইছে, এইটোৱে আপোনাৰ ব্যক্তিগত জীৱনত কি প্ৰভাৱ পেলাইছে?

মৌচুমী চহৰীয়া : ‘ষ্টাৰদাম’ বা ‘চেলিব্ৰেটি’ৰ কিবা ‘ইমেজ’ মই কেতিয়াও বিচৰা নাই। মই আগৰ পৰা খুব ‘চিম্পল’ আৰু ‘চিম্পল’ ‘লাইফ’টো খুব ভাল পাওঁ। নাজানো কিয়! মোৰ কোনো ধৰণৰ ‘ডিফাৰেন্স’ ‘ফিল’ নহয়। কিন্তু মোৰ ভাল লাগে যেতিয়া মানুহে মোক মৌচুমী বুলি চিনি পায়, মৰম কৰে, ‘এপ্ৰিছিয়েট’ কৰে, তেতিয়া মই মোৰ দায়িত্ব আৰু বাঢ়ি যোৱা যেন অনুভৱ কৰোঁ। এতিয়াও কেতিয়াবা মই দিল্লীলৈ গ’লে, কোনোবা ‘শ্বপিং মল’ত ‘শ্বপিং’ কৰি থকাৰ সময়ত হঠাতে কোনোবা অসমীয়া লোকে মাত দিয়ে, “আপুনি মৌচুমী চহৰীয়া নহয়নে?” তেতিয়া মই মোৰ স্বামীক কওঁ, “মোক চিনি পাইছে ন ?”
তেতিয়া মোৰ স্বামীয়ে কয়, তুমি ইমান চিম্পলকৈ থাকা, কিয় তোমাক চিনি নাপাব!
মই কওঁ, মই ইমান দিন হ’ল অসমত গান গোৱা নাই, যদিও বাহিৰত গান গাই আছোঁ বাৰু, তথাপি মানুহে মোক চিনি পায়, মোৰ আচৰিত লাগে! তেতিয়া মোৰ স্বামীয়ে বুজায়, তোমাক সকলোৱে ইমান ভাল পায়, মই য’তেই যাওঁ সকলো অসমীয়া মানুহেই তোমাৰ কথা সোধে, তুমিহে এনেদৰে ইমান সাধাৰণ ভাবে থাকা!

মোক প্ৰায়েই বুজাই থাকে তেওঁ, কিন্তু মোৰ এনেকৈয়ে ভাল লাগে। গতিকে কেতিয়াও মই একো ‘ডিফাৰেন্স’ ‘ফিল’ কৰা নাই। আৰু মই যেনেকুৱা তাক লৈ মই সদায় গৌৰৱহে কৰোঁ। গতিকে আগত আৰু পাছত বুলি কোনো কথা নাই মোৰ বাবে, I am always same and always simple.

ফটাঢোল : যদি আপুনি গায়িকা নহ’লেহেঁতেন আপুনি কি হ’ব ভাল পালেহেঁতেন? আপুনি তবলাও বজাইছিল নহয় জানো! কোনবোৰ বাদ্যযন্ত্ৰ আপোনাৰ প্ৰিয়?

মৌচুমী চহৰীয়া : ( কিছুপৰা ভাবি ) যদি মই গান নাগালোহেঁতেন তেন্তে……… মই ভাৰতনাট্যম নাচি ভাল পাওঁ, তবলা বজাও, গীটাৰ বজাও, পিয়ানো বজায়ো খুব ভাল পাওঁ।

উমমম….যদি মই গান নাগালোহেঁতেন তেতিয়া চাগেʼ মই চিভিল চাৰ্ভিছত গ’লোহেঁতেন।

ফটাঢোল : আপোনাৰ পৰৱৰ্তী প্ৰজেক্ট কি?

মৌচুমী চহৰীয়া : মই ডঃ ভূপেন হাজৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এটা প্ৰজেক্ট হাতত লৈছোঁ। তদুপৰি নিজৰ কিছু গীতৰ আৰু লাইভ অনুষ্ঠান কৰাৰ লগতে সম্ভাৱনা ৰিয়েলিটি শ্ব’ৰ বিচাৰকৰ দায়িত্বতো থাকিম।

ফটাঢোল : আপুনি আপোনাৰ শৈশৱ কেনেদৰে পাৰ কৰিছে?

মৌচুমী চহৰীয়া : মোৰ জন্ম দৰং জিলাৰ চিপাঝাৰৰ ঘোঁৰাবান্ধাত। তাৰ পিছত আমি মংগলদৈত থাকিবলৈ লৈছিলোঁ। সৰুতে আমাৰ ঘৰৰ সন্মুখত ঘৰৰ বনকৰা ছোৱালীজনীক পটাই মেলি মা-দেউতাৰ অজানিতে ভূঁই ৰুবলৈ গৈছিলোঁ, বৰশী বাইছিলোঁ ইত্যাদি ভালেখিনি স্মৃতি আছে শৈশৱক লৈ।

ফটাঢোল : আপোনাৰ বিভিন্ন অনুৰাগী আছে, তেওঁলোকে আপোনাক কেনেধৰণে অনুপ্ৰেৰণা যোগায়?

মৌচুমী চহৰীয়া : বহুত ভাল প্রশ্ন। আচলতে অনুৰাগী- যি সকলে মোক ভাল পায়, নহয় জানো | গতিকে মই আচলতে মোক ভাল পোৱা মোৰ প্রিয় জনগণৰ বাবে আজিও জীয়াই আছোঁ। আৰু মোৰ বাবে তেওঁলোকৰ মৰম-আশীৰ্বাদৰ বহুত প্রয়োজন। প্রতিগৰাকী মানুহৰ জীৱনত উত্থান-পতন থাকেই। মানুহৰ জীৱনটো সুখ আৰু দুখৰ মাজেৰেই পাৰ হয় । কেতিয়াও ৰৈ নাযায় । বেয়া সময়-ভাল সময় কেতিয়াও নাথাকে। সময় সলনি হৈ থাকে, তাৰ মাজতে বেয়া সময় থাকে গতিকে বিভিন্ন সময়ত মই থমকি ৰৈ যাব খোজোঁ | আগতে গান গাইছিলোঁ আৰু পঢ়িছিলোঁ, এতিয়া দুয়োটাৰ লগতে সংসাৰ এখনো আছে।  সেয়ে বিভিন্ন কাৰণত মই ৰৈ যাব খোজোঁ, কিন্তু মোৰ যিবোৰ অনুৰাগী আছে তেওঁলোকে ইমান মৰম কৰে, তেওঁলোকৰ মেচেজ বা ফোনকল বা কথা যেতিয়া শুনো: কিয় নাই আপুনি ? কিয় গোৱা নাই- তেনে ধৰণৰ আৰু কেতিয়াবা কিছুমানে অভিমানো কৰে কিয় গোৱা নাই বুলি, তেতিয়া বহুত আৱেগিক হৈ যাওঁ আৰু ভাবোঁ, আচলতে মোৰ জীৱনটো মোৰ বাবে নহয় তাৰ লগত বহুত মানুহ জড়িত হৈ আছে। যিসকলক হয়টো মই চিনিয়ে নাপাওঁ, যিসকলক মই কেতিয়াও দেখাই নাই, কিন্তু তেওঁলোকে যে মোক ইমান মৰম কৰে! সেয়ে তেওঁলোকৰ প্রতি মোৰ বহুত দায়িত্ব আছে, সেয়ে তেওঁলোকৰ বিশ্বাস আৰু সাহসৰ বাবে আকৌ আৰম্ভ কৰিছোঁ মোৰ সংগীতৰ কেৰিয়াৰ। আকৌ নতুনকৈ আৰম্ভ কৰিছোঁ জীৱনটো শ। এতিয়া মোৰ হাতত বহুত প্রকল্প আছে; ভূপেন দাক লৈ যিবোৰ কাম কৰিবলৈ দিছিল, কিন্তু বিভিন্ন সমস্যাৰ বাবে কৰিব পৰা নাছিলোঁ, সেইবোৰ আকৌ লাহে লাহে আৰম্ভ কৰিছোঁ। আচলতে মই মোৰ মাজতে প্রতিযোগিতা কৰোঁ লাহে লাহে। মোৰ কাৰো লগত কোনো প্রতিযোগিতা নাই, সদায় নিজৰ লগত কৰোঁ এই কাৰণে যে ইমান দিনে মই কি কৰিলোঁ, যিবোৰ কৰিছোঁ তাতকৈ আৰু ভালকৈ কৰিব লাগিব- তেনে ধৰণৰ | মোৰ ভূপেন দাৰ এটি গান আছে, নিজৰো দুই তিনিটামান গান আছে, সেইবোৰ সোনকালে ৰিলিজ দিম |

মই মোক ভাল পোৱা লোকসকলক এই কʼব বিচাৰোঁ যে আপোনালোকে সদায় মৰম দি থাকিব, আশীৰ্বাদ কৰি থাকিব, মোক সদায় সহযোগ কৰি যাব, মৰম দি যাব। মই নাইকিয়া হৈ গৈছিলোঁ, তথাপি আপোনালোকে মোক বিচাৰে। আচলতে ইমানবোৰ মৰম একেই থকাৰ বাবে নিজকে সৌভাগ্যৱান বুলি ভাবোঁ | ৭, ৮ বছৰ অসমৰ বাহিৰত থকাৰ পাছতো, ইমান বছৰে সংগীতৰ লগত একো সম্পৰ্ক নথকাৰ পাছতো ইমান মৰম একেই আছে, সেয়ে  আপোনালোকৰ বাবে সদায় মই আছোঁ, সদায় থাকিম আপোনালোকৰ আশীৰ্বাদ লৈ। আপোনালোকক কেতিয়াও হতাশ নকৰোঁ, আপোনালোকৰ মৌচুমী আপোনালোকৰ মাজতে আছে আৰু সদায় থাকিব, কেৱল  পাহৰি নাযাব কাৰণ আমি শিল্পী, আৰু আমাৰ বাবে আপোনালোকৰ বহুত প্রয়োজন।

ফটাঢোল : প্ৰেমৰ ওপৰত আপোনাৰ মতামত কি? আপোনাৰ প্ৰেম জীৱনৰ কথা আমাক জনাব নেকি যদি বেয়া নাপায়?

মৌচুমী চহৰীয়া : ( অলপ হাঁহি ) অʼ লাভ, লাভ ইজ লাইক, ইউ নৌ, চামথিং ভেৰি স্পেচিয়েল ফৰ মি এণ্ড আই থিঙ্ক দ্যা ট্ৰু লাভ ইজ দ্যা গিফ্ট অফ্ গ’ড আৰু সঁ‌চা ভালপোৱা আচলতে ভগৱানৰ অমূল্য বৰদান। পোৱাটো খুবেই কঠিন। মোৰ জীৱনত ভালপোৱা বুলি ক’বলৈ গ’লে  ভাল পাবলৈ মই সময়ে নাপালোঁ‌। পঢ়া-শুনা কৰি, গান গাই দেখোন সময়ে নহ’ল কেনেকৈ যে কলেজ লাইফ পাৰ হ’লো! এইটো মোক সোধাতকৈ আচলতে মোৰ ফ্ৰেণ্ড চাৰ্কলক সুধিলে তেওঁলোকে বেছি ভালকৈ জনাব, কাৰণ কটনত যেতিয়া পঢ়িছিলোঁ, তেতিয়া আচলতে সময়েই নাই একেবাৰে, গতিকে তাহাঁ‌তে খুব জোকাইছিলে, কাৰণ মই ফেঞ্চিঙত বহি কথা পাতিবলেʼ সন্মুখতে নেহৰু পাৰ্কখন আছে, তাতেইচোন গৈ পোৱা নাই কেতিয়াও। তেনেকুৱা এটা হৈছিল কাৰণ, তাৰবাবে মই দোষ কাকো নাই দিয়া কিন্তু পঢ়া আৰু গানৰ ইমান বেছি প্ৰেচাৰ বুলি মই ঠিক নকওঁ‌, আই ৱজ বিজি ৱিথ ইট, মই সময় তেনেকৈ পোৱা নাছিলোঁ‌ । ভালতো লাগিবই, ভাল নালাগিলে আমি কেনেকেʼ আৰ্টিষ্ট হ’ম! বিভিন্ন ধুনীয়া ল’ৰা দেখিলে, ভাল এজনী ছোৱালী দেখিলে ভাল লগাটো, তেওঁ‌ক এপ্ৰিচিয়েট কৰাটো, সৌন্দৰ্যটো সদায় এপ্ৰিচিয়েট কৰিব লাগে । ধুনীয়া ল’ৰা এজন দেখিলে এপ্ৰিচিয়েট কৰোঁ, ধুনীয়া ছোৱালী দেখিলে এপ্ৰিচিয়েট কৰোঁ, গতিকে ভাল লাগিছিল । কলেজত থাকোঁ‌তে ভাল লাগিছিলে, তেনেকুৱা নহয় যে ভাল লগা নাই, কিন্তু মই মোৰ হাজবেণ্ডৰ কথা এইটোৱে ক’ম যে হি ইজ মাই বেষ্টফ্ৰেণ্ড আৰু ঘৰত মই মুন বুলি মাতোঁ‌, তেখেতৰ নাম কৰ্ণেল ৰূপজ্যোতি দাস, আৰু তেওঁ ইণ্ডিয়ান আৰ্মীত আছে। তেখেতক মই লগ পাইছিলোঁ ২০০৬ত । এইটো এটা খুব ডাঙৰ ষ্ট’ৰী । এতিয়া এনেকেʼ ক’লে নহ’ব, কেতিয়াবা পিছত ভালকৈ ক’ম । সবেই কয় যে ফিল্মী ষ্টাইলৰ ষ্ট’ৰী হেনো (হাঁ‌হি), কাৰণ আমি অ’ভাৰ ফোনতে লগ পাইছিলোঁ আৰু অ’ভাৰ ফোনতে তেওঁক মোৰ ভাল লাগিছিল । যিহেতু তেনেকুৱা এটা সময়ত মোৰ বিয়াৰ খুব কথা চলি আছিলে গতিকে যি নহওঁ‌ক তেওঁ যেতিয়া প্ৰ’প’জ কৰিলে আৰু মই তেতিয়া ভাবিছিলোঁ‌ যে মোৰ মা-দেউতা ঘৰৰ সকলোৰে সন্মতি হ’লেহে মই বিয়া পাতিম আৰু যিহেতু দিছিচনতোও মোক দিছিলে, গতিকে আল্টিমেট্‌লী বিয়াখন হ’ল তেওঁৰ লগত। বিয়া হোৱাৰ পিছত আজিলৈকে তেওঁ মোক প্ৰতি মুহূৰ্তত ইমান বেছি এনকাৰেজ কৰে, ইভেন তেওঁ‌ মোক সদায় কয় যে তুমি তোমাৰ কেৰিয়াৰটো কৰা। বিয়া হোৱাৰ পিছৰপৰা মই বহুকেইটা বছৰ এওঁ‌ৰ লগত আছোঁ আৰু বেবী-বাচ্ছাদুটাৰ সৈতে । কিন্তু এতিয়া মই বৰ্তমান গুৱাহাটী আছোঁ আচলতে । তাৰ কাৰণটোৱে হৈছে এওঁ‌ মোক কৈছে গুৱাহাটীলেʼ যোৱা, অসমখন তোমাৰ নিজৰ ঠাই। তাতে গৈ তুমি ইমানদিন গানৰপৰা বহুত বিৰত হৈ, মানে দূৰত আছা, কাৰণ ফেনসকলৰ যে ফোনকল আৰু মেছেজবোৰ আহে, তেওঁ পঢ়ে, তেওঁৰ খুব দুখ লাগে সেইকাৰণে তেওঁ‌ মোক জোৰ-জবৰদস্তি কৈছে যে তুমি যোৱা, তুমি অসমত গৈ এট লিষ্ট আকৌ আৰম্ভ কৰাচোন; তুমি মাজে-মাজে আহিবা, মই মাজে-মাজে যাম। গতিকে মই ভাবোঁ‌ এনেকুৱা ধৰণৰ এটা চাপ’ৰ্ট পোৱাটো খুব ডাঙৰ কথা। তেওঁ মোক বুজে আৰু ময়ো তেওঁক বুজোঁ‌, আৰু আমাৰ মাজত আচলতে এটা এনেকুৱা কথা আছিলে যে তেওঁ মোক কেতিয়াও ইণ্টাৰফেয়াৰ নকৰে আৰু ময়ো তেওঁক কেতিয়াও ইণ্টাৰফেয়াৰ নকৰোঁ‌ প্ৰ’ফেচিয়নত, কাৰণ তেওঁৰ ইণ্ডিয়ান আৰ্মীৰ যিটো প্ৰ’ফেচিয়ন, সেই প্ৰ’ফেচিয়নত তেওঁ কেতিয়াবা বিভিন্ন কামত বাহিৰত থাকিব লাগে। ক’ত থাকে, কি কৰি আছে, ইমান কনফিডেঞ্চিয়েল থাকে, মই নুসুধোঁ কাৰণ সেইটোত তেওঁৰ প্ৰ’ফেচিয়নেল কিছুমান কমিটমেণ্ট আছে । ঠিক তেনেকুৱা মোৰো কিছুমান কমিটমেণ্ট তেওঁ কেতিয়াও ইণ্টাৰফিয়েৰ নকৰে, কিন্তু প্ৰতি মুহূৰ্তত তেওঁ মোক চাপ’ৰ্ট কৰি আহিছে, আছে আৰু মই ভাবোঁ‌ যে সদায় তেওঁ মোৰ লগত থাকিব, আছে আৰু চাপ’ৰ্ট কৰি থাকিব । হি ইজ মাই বেষ্ট ফ্ৰেণ্ড আৰু হি ইজ দ্যা বেষ্ট ফাডাৰ অফ মাই চাইল্ড। আমাৰ বেবীদুটাৰ কাৰণে খুব ভাল দেউতা । দুটা যঁ‌জা সন্তান ডাঙৰ কৰাৰ ক্ষেত্ৰত মই অকলে, কাৰণ বেবী হোৱাৰ পিছত মই পি.এইচ.ডি. কম্‌প্লিট কৰিছোঁ‌। গতিকে তেনেকুৱা প্ৰতি মুহূৰ্তত তেওঁ সদায় মোক চাপ’ৰ্ট কৰিছে, ইভেন মোৰ বিয়া হোৱাৰ পিছত, বাচ্ছা হোৱাৰ পিছতো মই ইণ্ডিয়ান আৰ্মীৰ বহুত শ্ব’ কৰোঁ। তেওঁৰ লগত পোষ্টিঙত য’তেই মই থাকোঁ‌, তেওঁৰ লগত গৈছোঁ, উত্তৰাখণ্ড, মীৰাট, বাঙ্গালোৰ, দিল্লী, পাঠানকোট, সবতেই মই শ্ব’ কৰিছোঁ‌। ঋষীকেশ। য’ত-য’ত তেওঁৰ লগত আছোঁ, তাতেই মই ইণ্ডিয়ান আৰ্মীৰ শ্ব’জবোৰ কৰোঁ‌ । তেনেকুৱা সময়ত, কেতিয়াবা মই তেওঁৰ লগত থাকোঁ‌ পাঠানকোটত বা উত্তৰাখণ্ডত , একদম দহ হাজাৰ ফিট ওপৰত এনেকুৱা এটা জেগাত বা চাৰি হাজাৰ ফুট ওপৰত এনেকুৱা জেগাত, কিন্তু মোৰ চাপ’জ দিল্লীত যদি এখন গ’ভৰ্ণমেণ্টৰ শ্ব’ আছে, তেতিয়া তেওঁ বেবীদুটা চায়। মই ধৰক ফ্লাইট লৈ আহিলোঁ, শ্ব’ কৰি কালি যাম, গতিকে তেনেকুৱা ধৰণৰ মই বহুত শ্ব’ কৰিছোঁ, ইভেন বাঙ্গালোৰত থাকোঁ‌তেও, দেৰবছৰত বেবীদুটা তাতে আছে আৰু মই অসম সাহিত্য সভাৰ এখন শ্ব’ আছিলে মাৰ্ঘেৰিটাত, মই শ্ব’ কৰিবৰ কাৰণে বাঙ্গালোৰৰপৰা আহিছোঁ এটা ৰাতিৰ কাৰণে।  সেই তেনেকুৱা মোক বহুত সহায় কৰিছে । চৌ আই এম ৰিয়েলি হেপ্পী এণ্ড ব্লেচড ।

ফটাঢোল : আপোনাৰ এনেকুৱা লাগে নেকি যে আমাৰ অসমীয়া সংগীত পশ্চিমীয়া সংগীতৰ গৰাহত বেয়াকৈ পৰিছে? মানে, পশ্চিমীয়া সংগীতে লোকগীতসমূহৰ ওপৰত বেয়া প্রভাৱ পেলাইছে ?

মৌচুমী চহৰীয়া : পশ্চিমীয়া সংগীতৰ প্রভাৱ নাই বুলি কʼব নোৱাৰে, অতীতৰ পৰাই আছে। কিন্তু প্রতিটো ক্ষেত্রতে ভাল-বেয়া দুয়োটাই থাকে। এতিয়া কথাটো হ’ল, ভালটোৰ পৰা যিখিনি পাৰোঁ লʼব লাগে আৰু বাকীখিনি আমি বাদ দিলেই হ’ল। ৱেষ্টাৰ্ণ ক্লাচিকেল যথেষ্ট কঠিন। যদি কোনোৱে ৱেষ্টাৰ্ণ ক্লাচিকেল ভালকেʼ শিকে, তেন্তে তেওঁক যথেষ্ট জ্ঞানী বুলি কʼব বিচাৰোঁ | ৱেষ্টাৰ্ণ ক্লাচিকেল শিকাটো ইমান সহজ নহয়। সংগীত মানেই সৃষ্টিশীল কলা নহয় জানো? আমি আচলতে ভালটো লʼব লাগে | ভালটো লোৱাত কোনো ভুল নাই। এতিয়া কি হৈছে, আমিবোৰে নিজেই ভাবোঁ যে নিজৰটোতকৈ আনৰটো বেছি ভাল নেকি বুলি। এতিয়া আপুনি চাওঁক, বিদেশীবোৰ আহি আমাৰ মাজুলীত ৰিচাৰ্চ কৰে, কিন্তু কিমান জন অসমীয়াই কৰিছে! আমি বাহিৰলৈ গৈ পঢ়িবহে ভাল পাওঁ বা ইচ্ছা কৰোঁ। কথাটো তেনে ধৰণৰে। আচলতে বেয়া আছে এই ক্ষেত্রত, কিন্তু আমি ভালখিনি ললেই হ’ল। মই লোকগীতৰ দৰে গীত  ভাল পাওঁ, সেইবুলি বেলেগ গীত, ৱেষ্টাৰ্ণ গীতবোৰ বেয়া পাম নেকি! মই অসমীয়া গীত গাওঁ, সেইবুলি হিন্দী-তামিল-তেলেগু আদি বেয়া পাম নেকি! আচলতে সংগীতৰ কোনো ভাষা নাই।

ফটাঢোল : আপুনি এতিয়ালৈকে বিভিন্ন ধৰণৰ বঁটা লাভ কৰিছে। বঁটা-বাহনৰ ক্ষেত্রত কোনটো বঁটা লাভ কৰোঁতে আপুনি আৱেগিক হৈ পৰিছিল ?

মৌচুমী চহৰীয়া : এনেইতো ভগৱানৰ কৃপাত বহুত বঁটা লাভ কৰিছোঁ, কিন্তু মই যেতিয়া বিয়া হʼলো আৰু মোৰ গৰ্ভত দুটিকৈ সাতমহীয়া সন্তান আছিল, তেতিয়া লাভ কৰা “শিল্পপ্রেৰণা বটাঁ”টো মোৰ বাবে যথেষ্ট আৱেগিক আছিল। সেই সময়ত মই যথেষ্ট সমস্যাৰ মাজত আছিলোঁ। দুটিকৈ সন্তান গৰ্ভত থকাৰ পাছত এই ক্ষেত্রত যথেষ্ট সমস্যা হৈ পৰিছিল। তাতে সেই সময়ত মই PhD  কৰি আছিলোঁ। মোৰ PhDৰ বিষয়বস্তু আছিল Working and Non-working Mother … Adjustment with Their Family and Impact of Education on Their Children.

ঘৰত তেখেত নাছিল, মা আৰু দাদা-বৌৱে ডাক্টৰৰ পৰা আৰম্ভ কৰি বাহিৰলৈ যোৱা সকলোবোৰ দায়িত্ব পালন কৰিছিল।  গানো গাব পৰা নাছিলোঁ, উশাহ চুটি হৈ গৈছিল। মেডিটেচন আদি কৰিহে থাকিব পাৰিছিলোঁ যদিও মই মানসিকভাৱে ভাগি পৰা নাছিলোঁ। যথেষ্ট positive  আছিলোঁ।
সেইদিনা বঁটাটো লʼবলৈ দাদায়ে মোক লৈ গৈছিল আৰু মঞ্চত লাহে লাহে উঠিছিলোঁ, খোজ দিব নোৱাৰোঁ। তেনে সময়ত মই ইমান আৱেগিক পৰিছিলো! মোৰ লগত মোৰ দুটাকৈ সন্তান, তাকো গৰ্ভত থাকোঁতে একেলগে বঁটাটো গ্রহণ কৰিছিলোঁ, তেতিয়া কিমান যে সুখী হৈছিলোঁ প্রকাশ কৰিব নোৱাৰোঁ। সেয়ে এই বঁটাটো মোৰ বাবে বহুত আৱেগিক আছিল।

ফটাঢোল : অসমীয়া ব্যঙ্গ সাহিত্যৰ ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী কি? আপুনি আমাৰ হাস্য-ব্যঙ্গ ই-মেগাজিন “ফটাঢোল”লৈ কি বাৰ্তা দিব বিচাৰিব?

মৌচুমী চহৰীয়া : ভাল লাগে, ব্যঙ্গ সাহিত্য- যিবোৰৰ পৰা মানুহৰ মনত এটা সুন্দৰ অনুভৱৰ সৃষ্টি হয়, সেইবোৰ ব্যঙ্গ মই ভাল পাওঁ। কিন্তু যিবোৰৰ জৰিয়তে কোনোবাক ঠাট্টা-মস্কৰা কৰা হয়, সেইবোৰ মোৰ ভাল নালাগে। আচলতে ব্যঙ্গ সাহিত্যৰ জৰিয়তে সমাজলৈ এটা ভাল বাৰ্তা যায়, তাৰ জৰিয়তে মানুহে শিকিব পাৰে। মই আশা কৰিছোঁ আপোনালোকৰ ই-মেগাজিন “ফটাঢোল”ৰ জয়যাত্ৰা অব্যাহত থাকক, আৰু মই নিশ্চয়কৈ ক’ব বিচাৰিম যে আপোনালোকৰ নিচিনা ব্যক্তি, সিদিনাখন মই কথা পাতিয়েই গʼম পাইছোঁ, ইমান সুস্থ-সুন্দৰ চিন্তাধাৰাৰ ব্যক্তিয়ে মেগাজিনখনৰ লগত জড়িত হৈ আছে, তেনেস্থলত এইখন মানুহে আদৰি নোলোৱাৰ প্ৰশ্নই নুঠে।

সদৌ শেষত মই “ফটাঢোল”ৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যাতে আপোনালোকে এই মেগাজিনখন যাতে বন্ধ নকৰে, মই বাৰে বাৰে কৈছোঁ এইটো মোৰ এটা অনুৰোধ আপোনালোকলৈ, মেগাজিনখন যাতে বহুবছৰলৈ এনেধৰণে চলাই নিয়ে তাৰেই শুভকামনা যাচিছোঁ।
I wish you all the best, live long, “ফটাঢোল”, ধন্যবাদ।

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published.