ফটাঢোল

সাক্ষাৎকাৰ–শ্ৰীযুত দেৱব্ৰত দাসৰ সৈতে এখন্তেক

  দিনটো আছিল দেওবাৰ। ১৪ জুলাই, ২০১৯ (ইং) তাৰিখৰ দিনৰ এঘাৰ বজাত আমি উপস্থিত হৈছিলোঁ গুৱাহাটীৰ লেম্ব ৰ’ডত থকা দেৱব্ৰত দাস ছাৰৰ ঘৰত। এই মাহৰ অতিথি বিখ্যাত গল্পকাৰ, প্ৰৱন্ধকাৰ আৰু ওপন্যাসিক শ্ৰীযুত দেৱব্ৰত দাসে তেওঁৰ চৰাঘৰত বহি আমালৈ অপেক্ষা কৰি আছিল। মানুহজনৰ মুখৰ স্মীত হাঁহিয়ে এই বিখ্যাত মানুহজনৰ ওচৰ চপাই নিছিল আমাক। আমি ছাৰৰ সতে আৰম্ভ কৰিছিলোঁ এই নিম্নোক্ত সাক্ষাৎকাৰটি।   ফটাঢোল: ছাৰ, পোন প্ৰথমে ফটাঢোলৰ তৰফৰ পৰা আপোনাক নমস্কাৰ জনালোঁ। দেৱব্ৰত দাস: হয়, নমস্কাৰ। ফটাঢোল: ছাৰ, প্ৰথমতে আমি আপোনাৰ

Read more

তিতা কেৰেলা – ৰাণা গগৈ

আজিৰ সমাজত এই কথাটো অৱশ্যে নোহোৱা হ’ল। কিন্তু এসময়ত লোকবিশ্বাস আছিল যে ঘৈণীয়েকে গিৰীয়েকৰ নাম নিজ মুখে ল’ব নাপায় অথবা গিৰীয়েকৰ নাম কোৱাৰপৰা যিমান পাৰি বিৰত থাকিব লাগে। এনে বিশ্বাসত বিশ্বাসী এগৰাকী মহিলাৰ গিৰীয়েকৰ নাম আছিল ‘তিতেশ্বৰ’। মানুহৰ মুখত পৰি ‘তিতেশ্বৰ’ হ’লগৈ ‘তিতা’। দূৰ-দূৰণিলৈকে তিতেশ্বৰক সকলোৱে ‘তিতা’ বুলিয়েই জানে। বয়সত সৰু লোকসকলে তিতা-কাইদেউ, তিতা-খুৰা, তিতা-বৰ্ত্তা ইত্যাদিৰে সম্বোধন কৰিছিল। এবাৰ তিতেশ্বৰ অৰ্থাৎ তিতা যোৰহাটৰ তিতাবৰলৈ গৈছিল। তিতাবৰৰ বজাৰৰপৰা তিতাই বাচি বাচি কিছুমান তিতা কেৰেলা কিনি আনিছিল। দুৰ্ভাগ্যবশতঃ তিতা কেৰেলাবোৰৰ সোৱাদ আছিল

Read more

সম্পাদকীয়—অভিজিত দত্ত

ভাল মানুহৰ প্ৰেম পঢ়ি থকা দিনৰ কথা। কেতিয়াবা ঘৰত জনাই আৰু কেতিয়াবা ঘৰত নোকোৱাকৈ চিনেমা হললৈ যাওঁ। সেয়া ১৯৯২ চনৰ পৰা ১৯৯৭ চনমানৰ কথা। সেই সময়ত আমি উপভোগ কৰা অধিকাংশ বোলছবিত নায়ক আৰু নায়িকাৰ মাজত থকা প্ৰেমক মহান ৰূপত প্ৰদৰ্শন কৰা হয়। অৰ্থাৎ নায়ক আৰু নায়িকাৰ প্ৰেম ইমানেই শক্তিশালী আৰু পবিত্ৰ হয় যে এই প্ৰেমে সকলোবোৰ বাধা নিষেধ পাৰ কৰি সমাজ এখনৰ ধ্বজা বাহক হৈ পৰে। সেই সময়তেই মনত প্ৰশ্ন এটাৰ উদয় হৈছিল। সমাজৰ শ্ৰেণী ভিন্নতা, জাত-পাতৰ ভিন্নতা আদি বাদ

Read more

চিঠি – ধ্ৰুৱজ্যোতি শৰ্মা

মৰমৰ হোটোৰী, মৰম ল’বি। কুণ্ডত কটা পুখুৰীত ত‍ই এটা সুন্দৰ পদুমৰ পাহ। ম‍ই তোক ইনেম ভাল পাউং, ত‍ইহে মোক কেম্বাহেন পাৱ। সিকাৰণে ম‍ই পল্লেনীৰ নাইতেকৰ হাতে লেখা চিঠিকেইখেনৰো ত‍ই উত্তৰ নেদা। ত‍ই যাৱৰ পৰা ঘৰখন সুদা হৈ গেইছি। বৰেৰপুৱা ময়ে বান্নিতেৰ লৈ চোতাল সাৰু। পাচে জাৱৰহে নাযায়। কাঠি মচিব চাউ…চব টেকোটেকো হৈ যায়। ভাত ৰান্ধি উঠোঁ, খাব হ’লে নোৱাৰোঁ…. পেনপেইনা। দালি ফাটোবাই নৰু, কচুই ডিঙিত ধৰে, জুই ধৰোঁতেই একপৰমান যাএ….. ইফালে ধোঁৱাত চকুৰ পানী নাকৰ পানী একাকাৰ হএ। আৰ’ শুনচানা,

Read more

লিমাৰিক – ৰাজীৱ শৰ্মা

(১) কেওফালে বানপানী উটি গ’ল পঁজা খেনোৰ আনন্দ হ’ব পাৰিবই ৰজা নিমখো এৰা নাই দমকলে বিনাই শগুনৰ বাবে সঁচা মৰাশই মজা   (২) পুৱাতে ওলাল ৰাইজ দানপাত্ৰ হাতে বন্যাৰ্তৰ দুৰ্দশাই হাতবাউলি মাতে খেনোৰ বানান ভুল খেনোৰ সহায় মূল খেনো খ্যাতিমন্ত হ’ব নেপকিনৰ ছাঁতে   (৩) নিৰৱ সাধক আজি পৰি থাকে চুকে নামাতে-নিচিনে কেও কুকুৰেও ভুকে দানতহে পৰম সুখ প্ৰচাৰ বুলিলে বিমুখ তিৰ্যক চাৱনিয়ে আঘাত কৰে বুকে (বুকুত)   (৪) পাপক ঘিনাবা ঘোৰ কদাপিও নহয় পাপীক প্ৰফাইল ফটোত সুন্দৰী দেখি সকলো

Read more

আমোৰেমিঅ (মোৰ প্ৰিয় – মূল : জ্যোতির্ময় সেনগুপ্ত ) – অনুবাদ – চবিনা ইয়াচমিন

সাগৰৰ ঢৌবোৰ যদিও পৰিচিত, যদিও বালিৰ ওপৰত প্ৰতিটো ঢৌৱে বহুৱাই যায় সিহঁতৰ কোমল সাঁচ, কিন্তু প্ৰতিটো ঢৌৱে আঁকি যায় বালি-শিলত একোখনকৈ মানচিত্ৰ, প্ৰতিদিনাই এইবোৰ নতুন যেন লাগে মেৰী ডি-কোষ্টাৰ চকুত৷ ঢৌবোৰক ভাল পায় তেওঁ গান গায়……কিন্তু সেই গান কোনো চাৰ্চ বা অভ্যৰ্থনা সভাত নাগায়৷ আগতে গাইছিল তেওঁৰ মাতৃৰ স’তে, মাতৃবিয়োগৰ পিছত মজিয়াৰ পিয়ানোৰ সমুখত বহি তেওঁ অকলশৰে গায়৷ দক্ষিণৰ দেৱালৰ খিৰিকীৰে সাগৰখন দেখা গৈছিল, ….এতিয়াও দেখা যায়৷ তাত বহি কত দিন অমিতাভৰ হাতত হাত থৈ তেওঁ জিনাত আমানৰ দৰে গান

Read more

অবতৰতে পাতি যাওঁ বিয়া – মাধুৰ্য্য গোস্বামী

চ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মেছেজ এটা পঢ়া মনত পৰে। মেছেজটোত কোনোবা ‘জ্ঞানী’ পুৰুষে বিয়া পতাৰ এশ এটামান কুফল কৰি শেষত লিখিছে, “তথাপি মই কওঁ, সকলোৱে এবাৰ হ’লেও অন্ততঃ বিয়া পতা উচিত। কাৰণ জীৱনত সুখেই সকলো নহয়”। এই বাক্যশাৰী পঢ়ি মোৰদৰে ডাংবৰলাৰ মূৰৰ অৱশিষ্ট ত্ৰিশডাল চুলি দাং খোৱাৰে কথা। যিস্থলত এবাৰ বিয়া পাতিলেই মানুহৰ সুখ, শান্তি ধূলিসাৎ হৈ যায়, তেনেস্থলত আমাৰ গাঁৱৰ ‘সতেনে’ কি সাহসত ইমানবাৰ বিয়া পাতিছিল! অ’ ৰ’ব ৰ’ব, এই সতেন বোলা মহাপুৰুষজনৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়াই হোৱা

Read more

কৌতুক – ডাঃ পার্থসাৰথি ভূঞা

নগেনে বিয়া পাতিবলৈ ছোৱালী বিচাৰি আছিল। কোনোবা ছোৱালীৰ সন্ধান পালেই সি তাইৰ জন্ম কুণ্ডলীখন লৈ চহৰৰ বিখ্যাত জ্যোতিষীজনৰ ওচৰলৈ যায়। সেই সময়ত সৰু-সুৰা ব্যৱসায় কৰি চলি থকা নগেনৰ আৰ্থিক অৱস্থা বৰ এটা ভাল নাছিল। সেয়েহে সি জ্যোতিষীৰপৰা প্ৰধানকৈ এইটো কথা জানিব বিচাৰে যে বিয়া পাতিবলৈ ওলোৱা ছোৱালীজনীয়ে তাৰ আৰ্থিক ভাগ্য সুপ্ৰসন্ন কৰিবনে নাই। কেইবাজনীও ছোৱালী কেঞ্চেল হোৱাৰ পাছত মালতীৰ কুণ্ডলী চাই জ্যোতিষীয়ে ক’লে যে এইগৰাকীয়ে তোমাৰ বাবে হাতী, ঘোঁৰা, জাহাজ লৈ অহাৰ যোগ দেখিছোঁ কিন্তু! মালতীক বিয়া কৰালে সম্পত্তি বৃদ্ধি

Read more

বেলেগৰ এওঁ – জীতা ফুকন

সদায়নো আমাৰ এওঁৰ কথা কিমান লিখিম। আজি বেলেগৰ এওঁৰ কথাকে লিখোঁ‌ বুলি ভাবিলোঁ‌। আমাৰ এওঁতো সাতঘাটৰ চেঙেলী। পিছে বেলেগৰ এওঁবোৰ যে ইম্মান ভাল। মৰম দয়াৰ সাগৰ। উদাহৰণস্বৰূপে আমাৰ ওচৰৰ বৰুৱানীৰ এওঁ। আযৌ ঘৈণীয়েকজনীক ইমান মৰম কৰে। পানীলগা জ্বৰ হ’লে গৰমপানী কৰি ভৰি ধুৱাই দিয়ে, নহৰু তেল মালিচ কৰে, জালুক দি তৰকাৰী বনাই খুৱায়। আৰু চুলি ধুবলৈ খাৰণি বনাই দিয়ে। মোৰ দেখিয়েই মনটো হিংসা লাগি যায়। হ’ল বুলিনো আৰু ইমান পেনপেনীয়া হ’ব লাগেনে। তথাপিও মৰম চেনেহৰ কথা দিয়কচোন। আৰু আমাৰতো সেইবোৰক

Read more

চন্দ্ৰযান-২: ইছৰোৰ এক অভূতপূৰ্ব সাফল্য – অনামিকা বড়া

মানৱ সভ্যতাই প্ৰথম ভুমুকি মৰা দিনৰ পৰা আজিলৈকে সভ্যতাৰ ইতিহাস খুঁচৰিলে আমি দেখা পাঁও যে বিভিন্ন অভাব, সৃষ্টি, আৱিষ্কাৰ, উদ্ভাৱনৰ মাজেৰে আহি আজিৰ অৱস্থা পাইছেহি। অঘৰী অৱস্থাৰ পৰা আৰম্ভ কৰি জুইৰ আৱিষ্কাৰে আনি দিয়া আমূল পৰিবৰ্তনৰ পিছৰে পৰা মানৱ সভ্যতাৰ উত্তৰণ ঘটিয়েই আছে, য’ত বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে উত্তৰণৰ হাৰ বৃদ্ধিত দ্ৰুত অৰিহণা যোগাইছে। নজনাক জানিবৰ বাবে জীবশ্রেষ্ঠ মানুহৰ যি হাবিয়াস, তাৰেই ফলশ্ৰুতিত জ্ঞান আহৰণৰ ক্ষেত্ৰই পৃথিবীক পাৰ হৈ সৌৰজগত, মহাকাশ পাইছেগৈ। অন্য উন্নত দেশসমূহৰ লগতে তৃতীয় বিশ্বৰ দেশ ভাৰতবৰ্ষইও

Read more
1 2 3 4 5 13