ফটাঢোল

এজ ইজ জাষ্ট এ নাম্বাৰ – মিতালি চহৰীয়া

:: ঐ তই বিয়ালৈ ওলাবিনে? পিং পিং পাং জাং ছু এইবোৰ কি ভাষাৰ ভিডিঅ’ চাই থাকানো। মোৰ শুনি থাকিবলৈয়ে অসহ্য লাগে। :: হাঃ হাঃ এবাৰ চাবিচোন তই কোৰিয়ান ড্ৰামা, পাগল হৈ যাবি , কি কিউট কিউট এক্টৰ, এক্টিংয়েই চাবানে ৰোমান্সেই চাবা। মই যে একদম ফিদা হৈ গৈছোঁ। :: থ’ থ’ তোৰ এইবোৰ কিউট ৰোমান্টিক। এনেইচোন বৰ আকৌ বিয়েৰড বয় লুকহে ভাল পাৱ। কৰবাত দেখিলেই কৱ আহি ঐ জাননে কি মজা দাড়িয়া ল’ৰা এজন দেখিলোঁ। :: ষ্টপ ষ্টপ ষ্টপ…. মই এতিয়াও

Read more

আমেৰিকাৰ দৰা – দিগন্ত কুমাৰ ভট্টাচাৰ্য

হেমন্ত বৰ্মন দুপৰীয়া অফিচত থাকোঁতে ককায়েক নৃপতি বৰ্মনৰ ফোন আহিল তেওঁলৈ। উঠাবলৈ মন নাছিল যদিও নম্বৰটো চিনি নাপালে। সাধাৰণতে ককায়েকে সৰুজনী জীয়েকৰ ফোনৰপৰাই কৰে। জীয়েকৰ ফোনটোক আচলতে ম’বাইল ফোন বুলি ক’ব নোৱাৰি। সেইটো ঘৰতে থাকে, যেন লেণ্ড লাইন ফোনহে। হেমন্ত বৰ্মনে পৰাপক্ষত নৃপতি বৰ্মনৰ জীয়েকৰ ফোন নধৰে। ভুলতে ধৰিলেও এক মিনিট কথা পাতি “হেল্লো হেল্লো, ইমান বেয়া নেটৱৰ্ক” বুলি কাটি দিয়ে। আবেলিলৈ বৰ্মনৰ মিনিষ্টাৰৰ লগত মিটিং আছে। নৃপতি বৰ্মনৰ লগত কথা পতাৰ পাছত হেমন্ত বৰ্মনৰ একো কৰিবলৈ মন নোযোৱা হ’ল।

Read more

ফটা লিমাৰিক – ধনজিত বৰুৱা

অফিছ কথা নহয় বিষয়াৰ যেন শকুনিৰ পাশাৰ গুটি বিভাগীয় মেৰপেচ হেনো টকাই দিয়ে কুটি কাপোৰ কানি ক’লা হ’ল পিতনিৰ পৰা পলাই ব’ল দেউতাকৰ পেঞ্চন ফাইলটোহে তাৰ আশাৰ খুটি।     উৰহ দম্পতি কাম বেক পুৰণি খেতি খোলাৰ ফফৌ ফৌ বেঙেনা লেবৰা ভাজিত মিলি লৈ কিয় দিয়া বেদনা তথাপি তুমি পাবা আদৰ ঠিকাত দিবা আইৰ চাদৰ আমিবোৰে হাঁ বিধি বুলি আকৌ ল’ম প্ৰেৰণা।   এঞ্জেলবাবুৰ লাভ মেৰেজ পাছতহে ওলাল বোলে জোঁৱাইৰ ৰেগুলাৰ ভাং সপ্ত আকাশত সপ্ত ভাগে নিতৌ পাতে চাং পিৰিতিত

Read more

মেডিকেলৰ কৌতুক – জিতু শৰ্মা

স্বাস্থ্য বিভাগত চাকৰি সুত্ৰে নিতৌ বিভিন্ন ধৰণৰ মানুহৰ সংস্পৰ্শলৈ আহিব লগা হয়, তাৰে কিছুমান আমোদজনক কিছুমান দুখজনক। আজি আমোদজনক অভিজ্ঞতাৰ কথা ক’বলৈ লৈছো। এদিন হস্পিতাল গৈ পাইছোঁহে এজন আহিল নহয় পিন্ধনত ভব্য গব্য ফিটফাট, ওখ পাখ, হাতত এটা ফাইল কভাৰ থকা বেগ। মই সহকৰ্মী নাথক কলো আজি কোনোবা ওপৰৱালা বিষয়া আহিছে নেকি কিবা ইন্চপেকচনত অলপ সতৰ্ক হৈ থকা ভাল। নাথেও ক’লে মইও দেখিছোঁ। অলপ পাছত নাথৰ ৰুমত বহি আছো আহিল নহয় সেই ভব্য গব্য লোক জন, নাথক সুধিলে, ” ইয়াত

Read more

বৰলাৰ প্ৰেম – মণিকা এম কাশ্যপ

তেৰা বন যাওংগা… একেবাৰে লেটেষ্ট গানৰ শব্দত অনুজ টোপণিৰ পৰা সাৰ পাই গ’ল। এলাৰ্ম টিউন ৰোমাণ্টিক নাৰাখিবনো কিয়? তাৰ জীৱনো এতিয়া ফেচবুকৰ কৃপাত কবিৰ সিঙতকৈ কম ৰোমাণ্টিক নহয়! তিনি মাহৰ আগতেই ফেচবুকত চিনাকি অনন্যাৰ লগত এতিয়া তাৰ দুৰ্ঘোৰ প্ৰেম!আগত তালৈ হোৱাটচ এপত আহিছিল “অমুক মন্দিৰত পূজাৰীক আজি ভগৱানে সপোনত দেখাইছে…, এই মেছেজটো ১০ জনলৈ ফৰৱাৰ্ড কৰক ন’হলে বিপদ অনিবাৰ্য”। আজিকালি অনুজৰ গ্ৰহ নক্ষত্ৰ ভাল দিশত। ৰাতিপুৱাই “জানু উঠিলা! গুড মৰ্ণিং”… এনেদৰেহে আৰম্ভ হয়। তাৰ প্ৰেম, ভালপোৱা মিঠা নোহোৱা কাটা বিস্কুটৰ

Read more

বিভ্ৰান্তি – সূৰুয আকাশ পাঠক

বাৰিষাৰ বেঙে মূতে বাৰীৰে খালত জনতাৰ মাছ লাগে ৰজাৰে জালত, কোমোৰাৰ জালি আজি শুকায় চালত, গণতন্ত্ৰৰো আজি লেৰেলা হালত… জাতি হ’ল ফোঁপোলা নৰিয়া ডাঙৰ, বুঢ়া হেংদাঙতো লাগিছে মামৰ, আবেগৰ বেহা কৰি নেতা ৰূপী বণিয়াই সাজিছে নিজৰ গাদী মহা আৰামৰ… ডেকা যাক পঢ়ি-শুনি ৰসাতলে গ’ল, গাধমখাক দেখো ধৰ্মহে লগা হ’ল… নদীয়েও নুবুজা হৈছে পানী কেনি যায়, হালধীয়া সাংবাদিকে মুনাফা ভগাই খায়… কাক নো বুলিবা ক’কা, সকলোতো এক ৰাজহাড়বোৰ বেঁকা, মনবোৰ ঠেক… মানৱতাই দিলে টা-টা বাই-বাই শ্বপিং ম’লতো আজি বিচাৰিলে নাই… ☆★☆★☆

Read more

আহক, ওলাই যাওঁ অকণ – ৰুবী বৰা বৰদলৈ

বৰ গৰম পৰিছে। গেলেপা লগা গৰমত দিনটো ব্যস্ত থকাৰ পাছত আবেলিলৈ মনটোৱে ইচাট্-বিচাট্ কৰে। কি কৰোঁ কি নকৰোঁ কৰে। ঘৰৰ, কৰ্মক্ষেত্ৰৰ বন্ধ আৱহাৱাৰ পৰা অকণমান মনটো মুকলি হ’বলৈ বিচাৰে। আহকচোন, গাটো ধুই কম্ফৰ্টেবল ড্ৰেচ এটা কৰি লওক। আপোনাৰ পচন্দ মতে ডিঅ’, বডি স্প্ৰে’, পাৰফিউম যি লয় অকণ সানি লওক আৰু আহক, অকণ ওলাই যাওঁ। এইটো পথেৰে যাওঁ আহক। পথটোত বৰকৈ ভিৰ নাই, গতিকে হুলস্থূলো নাই। অলপ আগতেই সেইখন পাৰ্ক।যদিও চিলড্ৰেন পাৰ্ক, আমিও সোমাব পাৰিম। চিলড্ৰেন নহ’লেও আমিওতো চিলড্ৰেনৰ মাক-দেউতাক দিয়কচোন!

Read more

আপদীয়া পদ্য – জ্যোতিৰ্ময় গগৈ

১) দেওবাৰৰ বজাৰ উপচি পৰিছে এয়া পাছলি বিচৰা দিন পটল, জিকা, ভেন্দি, বিলাহী,- ‘মোক কিন, মোক কিন’ জিলিকিলেই কিন্তু সোণ নহয় নিপোটলবোৰতে বেছি দৰৱৰ ভয় লাহেকৈ বহি বিচাৰিবলৈ ল’লো, পোকেখোৱাহে মই নিম।   ২) বিজ্ঞানৰ শিক্ষক বাসৱ বৰুৱা ফিজিক্স বেছি ভাল পায় “অগ্নিযুগৰ ফিৰিঙতি মই”- গানটো প্ৰায়ে ছাৰে গায় কাণে কাণে আপোনাক কথা এটা কওঁ দৃশ্য এটা দেখিলেহে ভেবা লাগি মই ৰওঁ মেকুৰী সন্মুখেৰে পাৰ হৈ গ’লেই তিনিখোজ পাছলৈ যায়।   ৩) জম্মু-কাশ্মীৰ ৰ’ল লাডাখ বেলেগ হ’ল, মোডিৰ যাদু চোৱা

Read more

ভাগ্যে চিলেব্ৰিটী নহ’লোঁ – মণিষা কাকতি

“নমস্কাৰ প্ৰিয় দৰ্শক। ষ্টুডিঅ’ত মই আপোনালোকৰ হোষ্ট এণ্ড দোস্ত নীতু। লৈ আনিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান বুধবৰীয়া বিশেষ শ্ব’, ‘পাৰ্ছন অব্ দ্য আৱাৰ’। আপোনালোকে জানেই যে এঘন্টাৰ এই বিশেষ শ্ব’টোত আমি ৰুবৰু কৰাও এক পপুলাৰ পাৰ্ছনেলিটীক। আজি যিগৰাকী ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, তেখেতক চিনি নোপোৱা মানুহ হয়তো অসম মুলুকত এজনো নোলাব। ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰা এখেতৰ কণ্ঠত আছে এক যাদুকৰী শক্তি। ছৌ ভিউআৰ্ছ, আৰ ইউ এক্সাইটেড্? গম পাইছোঁ, প্ৰিয় ব্যক্তিগৰাকীক চাবলৈ, তেওঁৰ মনৰ কথা জানিবলৈ আপোনালোক উদ্বাউল হৈ পৰিছে।

Read more

সম্পাদকীয়–ডা° পাৰ্থ সাৰথি ভূঞা

চিঞাহীৰ প্ৰাচীন সুগন্ধি : সম্পাদক মহোদয়, সোমাব পাৰোঁনে? চেম্বাৰৰ দুৱাৰখন কিঞ্চিৎ ফাঁক কৰি মূৰটো সুমুৱাই ফূৰ্তিবাজ বন্ধুজনে মাত দিলে। : হাঃ হাঃ, ধেই, আহা আহা৷ বন্ধুক ভিতৰলৈ মাতি চকীখনৰ ফালে দেখুৱাই বহিবলৈ ইংগিত দিলোঁ। বন্ধু সোমাই অহাৰ সময়ত মই লেপটপটো খুলি লগতে কাগজ কলম লৈ কিবা ন’ট কৰি আছিলোঁ ফটাঢোল ই আলোচনীৰ কামত। : হয় দিয়া, ডাক্তৰৰ চেম্বাৰত আছোঁ নে সম্পাদকৰ কোঠালিত আছোঁ ধৰিবলৈকে দিগদাৰ হৈছে৷ চকীখনত বহি লৈ বন্ধুৱে হাঁহি হাঁহি আকৌ ক’লে৷ বন্ধুৰ কথা শুনি মোৰ মনটো ভৱেন্দ্ৰনাথ

Read more
1 2 3 4 5 15