পৃথিৱীৰ অসুখ – সূৰুয আকাশ পাঠক
পৃথিৱীৰ দেহা পৰে বাঢ়ি অহা নৰিয়াত ভাইৰাছে কণী পাৰে ছ’লি মুতা চৰিয়াত… খেতি কৰি সুজে হেনো জমিদাৰৰ ধাৰ ৰংমনে হাল মাৰে চাহাবৰ পথাৰত, তথাপি মৰি নাহে সুতে-মূলে চবখিনি জমিদাৰে খুটা পোতে ৰংমনৰ চোতালত… ফচলৰ দাম নাই, কৃষকৰ নাম নাই মধ্যভোগীৰ পেট দিনে দিনে বাঢ়ি যায়, উচিত ধন নাপাই দুখতে হৈ একো নাই কৃষকে পন্তা ভাতত ফুৰাদন মিহলায়… -“টিকা ফটা ৰ’দ বুলি বেছিকৈ পাঁচটা টকা দিয়ক না দাদা দীঘলীয়া ৰাস্তা!” -“ফুটনি নেমাৰিবি লোকেল হয় মই দিনে আহো দহ টকা, বেছিহে হয়!”
Read more