ফটাঢোল

প্ৰথম প্ৰেম – স্মৃতিৰেখা দাস

প্ৰথমতেই কৈ থওঁ‌ যি ক’ম সঁচা ক’ম, সঁচাৰ বাহিৰে একো নক’ম। সেয়া প্ৰেমক প্ৰথম প্ৰেমে বুলিবয়ে পাৰি, যদিও আজিলৈ বিভিন্ন সময়ত বিভিন্নজনৰ প্ৰেমত পৰি আহিছোঁ। সেয়া লাগে হৃত্বিকে হওক, সনু নিগমে হওক বা চলমান খানে হওক। মোৰ বয়স তেতিয়া ১৩/১৪ বছৰমান হ’ব চাগে, ঠিক মনত নাই। মামাহঁতৰ ঘৰ ওদালগুৰি জিলাৰ হৰিশিঙাত। অষ্টম শ্ৰেণীৰ পৰীক্ষা দি উঠাৰ পিছত মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। কেইদিনমানৰ পিছত মাজু মামায়ে ঘৰলৈ থ’বলৈ আহিল। ৰাতিপুৱা গা-পা ধুই, খাই বৈ ষ্টেচনলৈ আহিলোঁ। যথা সময়ত ট্ৰেইনত উঠি আহি আছোঁ,

Read more

মন যায়, মন গৈছিল – দিগন্ত কুমাৰ ভট্টাচাৰ্য

হঠাতেই মোৰ চিনেমাৰ হিৰোৰ দৰে হ’বলৈ মন গৈছিল। মন গৈছিল ছলমান খানৰ দৰে হ’বলৈ। প্ৰায় পঁচিশ বছৰমানৰ আগৰ কথা সেয়া। পিতাক নোকোৱাকৈ সন্ধিয়া ঘৰৰপৰা ওলোৱাটো মোৰ বাবে অসম্ভৱ আছিল। চিনেমা চাবলৈ গ’লে টাউনলৈ অহা-যোৱা মিলাই মুঠতে চাৰি ঘন্টা। নাই, ঘৰত গম পালে সম্ভাব্য বিপদৰ চিন্তাটো আগতেই আহিছিল। সিদিনা আছিল হায়াৰ-ছেকেণ্ডাৰী পৰীক্ষাৰ অন্তিমখন কাকত। ‘কি চিনেমা চাবলৈ যাব সি?’ -আনটো কোঠাৰ পৰা মাক সুধিলে পিতাই। ‘মেইনে প্যাৰ কিয়া’ নামটো ক’বলৈ ঠিক নালাগিল। ‘অসমীয়া চিনেমা বুলি কৈ দিয়া, মা’- মাক ক’লোঁ। মোনা

Read more

ফটিকাৰ ফটা ঢৌ সোমৰসে চৌ চৌ – ধনজিত বৰুৱা

১ মাইমনে  যিদিনা মাৰি দিলে এনে এটি ডেন্স কলা ছ্যুট-বগা ছাৰ্ট তাৰ দুচকুত কলা লেন্স আগলৈ খোজেৰে পাছলৈ গ’ল ৰেম্পৰ পৰা মাইমন পৰি ৰ’ল নিচাত সিদিনা নাছিল হেনো তাৰ কোনো চেন্স   ২ পাতাল ফাটি যেন সেয়া বাসুকী হে উলালে দুই হাত ফণা কৰি এনেকৈ যে কোবালে নৃত্য হল জোৰদাৰ সকলো যে হুছিয়াৰ নাগ-নাগিনৰ মিউজিক কোনে বাৰু বজালে ৩ দেশ জাতি উদ্ধাৰ আমি কৰিম টিলিকি চাটত বিদেশী খেদিম ঘুৰাই গদা বৰ কথাৰ মাতত ঘূৰণীয়া মেজ মেল জমিব এতিয়া খেল আৰু

Read more

ডাবল ইনকামৰ অংক – দীপাংকৰ চৌধুৰী

“কোনে জানে তোমাৰ সপোন হ’বনে পূৰণ আকাশতে থকাজনে  লিখে কপালৰ লিখন।” এৰা নাজানে বুইছেনে কোনেও নাজানে, কেতিয়া কাৰ সপোন ক’ত কেনেকৈ পূৰণ হয়। আশাত বন্দী আমিবোৰে মানে মোৰ নিচিনা বৰলাবোৰে বিয়া পাতিবলৈ ছোৱালী এজনী বিচাৰি নেটৱৰ্ক মিলাই থাকোঁ। বিয়া ঘৰ, ফাংছন আদিৰ বাহিৰেও ফেচবুকো সাৰি নাযায়। বাকী নৰ’লগৈ SSA ৰ প্ৰশিক্ষণো। এই প্ৰশিক্ষণসমূহ বৰিং  যদিও আমাৰ লগৰ বৰলা মাষ্টৰ কেইটাৰ তাতো আশাৰ চাকি এগছি ধিমিকধামাককৈ জ্বলি থাকে। পাই যাম নেকি চকুৱে বিচাৰি ফুৰা সেই বিশেষগৰাকী। সেইবাবে প্ৰশিক্ষণ বুলি ক’লেই আমাৰ

Read more

থুপৰী_কইনা – নাজিয়া হাচান

— হেৰি নহয় বোৱাৰী, ময়দাখিনি মাৰি তুমি লুচী কেইখনমানো বেলি থোৱা। মই ফটাফট ভাজি দিম। আমৰ আচাৰ আৰু আলু মটৰৰ ভাজিখন আছেই নহয়, আলহীৰ বাবে হৈ যাব। –অ’ মা, লুচী কেইখন ময়ে ভাজিম দিয়ক। আপুনি..। –এহ! নেলাগে, তুমি ইমান গৰমত জুইত পৰি পৰি লুচী ভাজিবলৈ নেলাগেহে। তুমি ধুনীয়াকৈ সাজি-কাচি ওলাই থাকিবা। নহ’লে ন কইনাৰ মুখখন শাহুৱেকে কাম কৰোৱাই কৰোৱাই ক’লা কৰি পেলালে বুলি ক’ব আলহীয়ে দেখি। আজিকালি মানুহহে যি! শাহু বোৱাৰীৰ মাজত মিল দেখিব পৰাকৈ চকুহাল চাফা নহয় নহয়! বুলি

Read more

ফটা পোষ্টাৰ নিকলা হিৰো (দ্বিতীয় ভাগ) – অভিজিত দত্ত

ফটা পোষ্টাৰ নিকলা হিৰো (দ্বিতীয় ভাগ) ফটাঢোল RASDS চিনে প্ৰডাকশ্বনৰ নিবেদন – হোঁকা বুঢ়াৰ মাইচেনা কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: অভিজিত দত্ত৷ সহঃ পৰিচালনা: ডলী তালুকদাৰ৷ সঙ্গীত পৰিচালনা: ৰামানুজ জি৷ সহকাৰী সঙ্গীত পৰিচালনা: ভাস্কৰজ্যোতি দাস৷ কণ্ঠ: প্ৰৱাল খাটনিয়াৰ আৰু চাবিনা ইয়াচমিন৷ কাষ্টিং ডিৰেক্টৰ: অভিজিত কলিতা৷ একচন: শংকৰজ্যোতি বৰা৷ চাউণ্ড: অলকেশ ভাগৱতী৷ কাৰ্টুন: আৰাধনা বৰুৱা৷ এডিটৰ: দিগন্ত ভট্টাচাৰ্য৷ স্পট বয়: পাৰ্থপ্ৰতিম চৌধুৰী৷ স্পট গাৰ্ল: বৰ্ণালী চৌধুৰী৷ কষ্টিউম: হেমন্ত কাকতি৷ কৰিঅগ্ৰাফী: ডাঃ পাৰ্থ সাৰথি ভূঞা৷ লাইট: ৰিতন বৰুৱা৷ খাদ্য: তবিবৰ ৰহমান৷ ষ্টাণ্টমেন: সুকুমাৰ

Read more

গৃহিণীৰ হুমুনিয়াহ – জিতা ফুকন

বাগানত বোনাচ কোম্পানীত বোনাচ চৰকাৰী চাকৰিয়ালৰ বোনাচ কিন্তু গৃহিণীৰ বাবে চব ফুচফাচ   এদিন নকৰিলেই কাম গৃহিণীৰ যাব নাম ৰন্ধা বঢ়া, ধোৱা পখলা সেয়াই যেন কাম৷   ভাবিছোঁ এখন আইন উলিয়াওঁ চাপৰ্টাৰ বিচাৰি ঘৰে ঘৰে যাওঁ নকৰোঁ একো ঘৰৰ কাম কোনে কি কৰে ময়ো চাম   মহিলাসকল আগবাঢ়ি আহক পাৰিলে মোক সহায় কৰক বিহুৱে পূজায়ে একো এটা নাপাওঁ বিচাৰিলে স্বামীৰ গালিহে খাওঁ৷   এইবাৰ পূজাত লাগিবই শাৰী নহ’লে গুচি যাম ঘৰবাৰী এৰি৷ কোনে খুৱাই খুৱাব কোনে ৰান্ধে ৰান্ধিব অমুকী নহ’লে

Read more

কবি – অনুবাদ : মুনমুন সৰকাৰ শইকীয়া (মূল : হুমায়ুন আহমেদ)

টাউন প্ৰেছৰ অধিকাৰী সিৰাজুল ইচলাম ডাঙৰীয়াই খঙতে মুখখন ফুলাই বহি আছিল। তেওঁৰ খঙৰ বহুকেইটা কাৰণ আছিল। প্ৰুফ ৰীডাৰ জোবেদ আলী এতিয়াও আহি পোৱাহি নাই। মেচিন চলোৱাজনে একো কাম নথকাত এনেই বহি আছে। ইয়াৰ উপৰিও বতৰৰ অৱস্থা ভাল নহয়। ধুমুহা, বৰষুণ অহাৰ সম্ভাৱনাই দেখা দিছে। ধুমুহা আহিলে সিৰাজুল ইচলাম ডাঙৰীয়া ঘৰলৈ ঘূৰি যাব লাগিব। আজিৰ নিশাটো তেওঁ বিন্তি নামৰ ছোৱালীজনীৰ লগত কটাব বুলি ভাবি থৈছিল। মাহত এবাৰ হ’লেও তেওঁ বিন্তিৰ লগত এটি নিশা কটায়। এই ছোৱালীজনী ভাল, একো জঞ্জাল নাই। জঞ্জালবোৰ

Read more

পাদেই লখিমী – মনজিত

দুপৰীয়াৰ সময়। বেলিটোৱ HD qualityৰে ৰ’দ এজাক এৰিছে। বাছেৰে এফালে যাত্ৰা। বহুত নহ’লেও মোটাড়মুটি ভিৰ এটাই আছিল বাছখনত। কপালৰ বলত অলপ দূৰ যাওতেই বহিবলৈ চিট এটা পালো যেনিবা। দূৰণি-বটীয়া যাত্ৰাত বহিবলৈ নাপালে দিগদাৰ । তাতে গৰমো বেছি। খিৰিকী কাষৰ চিট পাই ফূৰ্তিতে সুহুৰি এটি ওলাই গ’ল। ভাবিলো দীঘলীয়া বাট যেতিয়া অলপ শুয়ে লোৱা যাওক। চিলমিলকৈ টোপনিটো আহিছিল হে। ঢেৰেকনি যেন শব্দত উচপ খাই উঠিলো। ক’ত কিনো হ’ল বুলি চাই দেখো পিছৰ চিটৰ ৰূপহী বাইদেউক ফোনতে কোনোবাই এন্টাৰটেইন কৰি আছে। হাঁহিৰ

Read more
1 3 4 5 6 7 12