ফটাঢোল

সমাজ বিজ্ঞানৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ – ড° পৰশমণি দাস

শ্ৰীমন্ত শংকৰদেৱৰ বিৰল বহুমুখী প্ৰতিভাক কেন্দ্ৰ কৰি সম্প্ৰতি দেশ-বিদেশৰ একাংশ পণ্ডিত-গৱেষক তেৰাৰ প্ৰতি আগ্ৰহী হৈ উঠা দেখা গৈছে৷ পণ্ডিত-গৱেষকসকল এই কথাত নিশ্চিত হৈছে যে শ্ৰীমন্ত শংকৰদেৱ এগৰাকী সাধাৰণ ধৰ্মগুৰু নহয়, বৰং সমাজ-সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশত তেৰাক বিচিত্ৰ ৰূপত আৱিষ্কাৰ কৰিব পাৰি৷ তেনে কাৰণতে শ্ৰীমন্ত শংকৰদেৱ বিষয়ক চিন্তা-চৰ্চা এতিয়া কেৱল ‘ধৰ্ম-কেন্দ্ৰিক’ নহৈ ‘বিচিত্ৰ বিষয়-কেন্দ্ৰিক’ হৈ পৰিছে৷ এয়া শংকৰদেৱ চৰ্চাৰ অন্যতম ইতিবাচক দিশ৷ এই কথা সঁচা যে শংকৰদেৱৰ বিষয়ে সীমিত অধ্যয়ন কৰা এচাম লোকৰ বিচাৰ অনুসৰি শ্ৰীমন্ত শংকৰদেৱ ঈশ্বৰ৷ কেন্দ্ৰিক ধৰ্মৰ লগত সম্পৰ্ক

Read more

১২ ঘণ্টীয়া সন্ত্ৰাস – অৰবিন্দ গোস্বামী

মানুহৰো কামনাবোৰ যে আৰু! কেনেকুৱা কেনেকুৱা যে কামনা কিছুমান মানুহে মনত পুহি ৰাখে! এজনৰ বাবে এসাজ ভাত ভালদৰে খোৱাৰ কামনা৷ এজনৰ আকৌ খাবলৈ সকলো উপকৰণ যোগাৰ কৰিব পৰা ক্ষমতা থাকিও, কমকৈ খাই টকাখিনি সাঁচি পাচবুকখনকে চাই সন্তোষ লভাৰ কামনা৷ এজনৰ যদি ‘ৰত্নাকৰ’ চোৱাৰ কামনা, আন এজনৰ আকৌ ৰত্নাকৰ হোৱাৰ কামনা৷ এজনৰ আকৌ নীতি-নিয়মৰ মাজত থাকি সুখী হোৱাৰ কামনা, এজনৰ আকৌ কোনো নীতি-নিয়ম নমনাকৈ সুখী হোৱাৰ কামনা৷ কি যে আজৱ এই মানুহ জাতিটো! কাৰ ইচ্ছা কি একো ধৰিবই নোৱাৰি৷ মিঠা বৰণীয়া

Read more

মহিষাসুৰ পতন – মনোজ কুমাৰ শইকীয়া

পথৰ কাষতেই মোৰ বাসস্থান৷ চাদত থিয় হ’লেই তলৰ পথটো দেখিবলৈ পোৱা যায়৷ পিচে আজি মোৰ বাটলৈ চোৱাৰ বাবে মন আৰু শৰীৰ সঠিক নাই৷ বিছনাত বহি বহিয়েই মই ঢাকৰ শব্দ শুনিছোঁ৷ গাড়ীবোৰ পাৰ হৈ গৈ আছে৷ হয়তো তাত বহি থকা দেৱীয়ে ৰঙাচকু দেখুৱাই অসুৰটোক বধিবলৈ উদ্যত হৈ আছে৷ অসুৰেও ফেপেৰি পাতি ধৰিছে৷ আহ, দাঁতটো আকৌ বিষাবলৈ আৰম্ভ কৰিছে৷ আজি দুদিন ধৰি দাঁতৰ বিষত মই কেঁকাই আছোঁ৷ মোৰ লগৰীয়াসকলে ভ্ৰাম্যমাণ পাণ দোকান নাম দিয়া মোৰ মুখখনে তামোল, পাণ, ৰজনী আদি চোবাবলৈ এই

Read more

ৰাংকুকুৰ – অমিতাভ মহন্ত

‘দাদা এইবাৰ আপোনাৰ এটা লেখা লাগিব কিন্তু, আমাৰ মেগাজিনৰ বাবে৷’ ট্ৰেইন লেইট আছিল৷ ৰাতি দহ বজাত ট্ৰেইনখন ষ্টেচনত সোমাল, অমিতাভেও খকমককৈ সাৰ পালে৷ চিটটোত বহিয়েই হাত ভৰি অলপ পোনাই ল’লে৷ অন্ধকাৰ ষ্টেচনটোৰ ফালে এবাৰ আকৌ চালে অমিতাভে৷ যদি এতিয়াই ইয়াতে এটা বিৰাট বম্ব ব্লাষ্ট হয়, কেনে লাগিব বাৰু! বিৰাট মানে ধৰক এবাৰতে দুটা প্লেটফৰ্ম নিশ্চিহ্ন হৈ যোৱাকৈ৷ কেৱল যিটো প্লেটফৰ্মত ট্ৰেইনখন আহি ৰৈছে, সেইখন কোনোমতে ৰক্ষা পৰিব৷ গোটেইখন ৰক্ষা নপৰিলেও কথা নাই, চাৰি-পাঁচটা ডবা ৰক্ষা পৰিলেও যথেষ্ট৷ এই সমস্ত ঘটনাটোৰ

Read more

গচক – বিশ্বজ্যোতি মহন্ত

“উ–ফ!” গচকটো খাই মুখেৰে স্বতঃস্ফূৰ্ত ভাবে ওলাই আহিল৷ কলেজ গৈ পাওঁতে কিছু পলমেই হৈছিল৷ আজি স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তিকৰণ আছে৷ প্ৰক্ৰিয়া দহ বজাৰ পৰা আৰম্ভ হ’বই৷ আৰম্ভণিতে অধ্যক্ষ মহোদয়ে উপস্থিত অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ ৰাখিব৷ তাৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলৰ নাম সমূহ মেধাৰ ভিত্তিত একাদিক্ৰমে মাতি থাকিব লাগিব৷ এইটো দায়িত্ব মোৰ ওপৰত পৰিছে৷ নামভৰ্তি সমিতিৰ আহ্বায়কে টানি মাতিছে, — ’চাৰে ন বজাত কলেজ পাবই লাগিব৷ ’ ঘৰৰ পৰা হাতত কিছু সময় লৈয়েই ওলাইছিলো৷ ট্ৰেফিক জামত পৰিলো৷ গুৱাহাটীৰ কোনটো ৰাস্তাত

Read more

প্রজাপতয়ে নমঃ – বিৰিঞ্চি কুমাৰ দাস

অৱশেষত যোৱাটোৱেই ঠিক হ’ল। বহু ভবাগুণাৰ অন্তত সি অৱশেষত সিদ্ধান্তলৈ আহিল, যাব লাগিবই। হওঁতে যাবলৈ বৰ মন নাছিল। কেনেকৈনো যায়! ইমানবোৰ কাম, ইমানবোৰ দায়িত্ব। ছুটীৰ কথা ক’লেই অধ্যক্ষই এনে দেখুৱায় যেন কিলোগ্রামত এহেজাৰ টকাকৈ কিনা দুই কিলোগ্রাম আঁৰি মাছহে আৱৰ্জনাৰ দমত পেলাই আহিবলৈ কোৱা হৈছে! : ক্লাছ খতি হৈ থাকিলে ছাত্র-ছাত্রীৰ কোৰ্ছ কেনেকৈ শেষ হ’ব? অথচ সি ছুটী তেনেকৈ নলয়েই, ক্লাছো বৰকৈ খতি নকৰে। কথাটো অধ্যক্ষয়ে জানে, তথাপি ক’ব লাগে কাৰণে, বা তেনেকৈ কোৱাটো তেওঁৰ অভ্যাস কাৰণে, কয়। ইফালে নিজৰে

Read more

ফোন কল, ফ্ৰম আন-নোন নাম্বাৰ – কমল তালুকদাৰ

ট্ৰিং ট্ৰিং ••• ট্ৰিং ট্ৰিং•••ট্ৰিং ••• :: হেল্লো •• কোন? :: হেল্লো, হয় •• নমস্কাৰ, মই * বেঙ্কৰ পৰা কৈছোঁ, অনুগ্ৰহ কৰি জনাবচোন মই বিজয় মহন্তৰ লগত কথা হৈ আছোঁনে? :: হয়, ময়ে বিজয় মহন্ত! কওকচোন কিহলৈ ফোন কৰিলে৷ :: ধন্যবাদ চাৰ! আপুনি যদি ব্যস্ত আছে, মই মাত্ৰ ৫ মিনিট সময় ল’ম, ••••• :: নাই, নাই, ••• মই আজি একদম ফ্ৰী আছোঁ, মানে এওঁ ঘৰত নাইতো ••••! :: ধন্যবাদ চাৰ, ••••• এতিয়া মূল কথালৈ আহিছোঁ, আপুনি আমাৰ বেঙ্কৰ বহুদিনৰ পুৰণি

Read more

আঁঠুৰ মগজু – ৰীতা লীনা সোণোৱাল

নতুন কৈ বিয়া হোৱাৰ পাছত এওঁৰ লগত গৈ কিছুবছৰ হোজাইৰ লংকাত আছিলোঁ। এওঁ, মই কিবা এটা খেলি মেলি কৈ কাম কৰিলেই পাছফালৰ পৰা চিঞৰি কয়, : ছোৱালীবোৰৰ মগজুটো আঁঠুত থাকে জানানে? প্ৰথমতে  বুজি পোৱা নাছিলোঁ, পাছত এদিন সুধিলোঁ, : কিয় ছোৱালীৰ মগজু আঁঠুত থাকে বুলি চিঞৰি থাকা হে? ইয়াৰ উত্তৰত তেওঁ এটা কাহিনী শুনালে৷ : আমাৰ অফিচৰ অমুক দাদাক চিনি পোৱা নহয়? মই বোলোঁ, : অঁ পাওঁ। : সেই দাদাজনৰ, বৌৰ কাহিনী এয়া। দাদাজনৰ ঘৰ আছিল নগাঁও চহৰত। বৌৰ ইণ্টাৰভিউ

Read more

আবৰ্তন – নয়নমণি হালৈ

তেতিয়া মই বেকাৰ৷ হাতত পইচা প্ৰায় নাথাকেই৷ দেউতাৰ সৰু চাকৰি, ভাইটি তিনিজন৷ শিক্ষকৰ ল’ৰা যেতিয়া ভাল মানুহ হ’ব লাগিব, এয়া দেউতাৰ সৰ্বশেষ কথা৷ দেউতাই পঢ়াৰ নামত পইচা খৰচ কৰিবলৈ কৃপনালি নকৰে৷ কিন্তু কিমান? চিন্তাত হতাশ দেউতাৰ মুখখন দেখি মই উচ্চশিক্ষাৰ আশা এৰিলোঁ, ভাবিলোঁ পাৰিলে দেউতাৰ ডাঙৰ সংসাৰখন চলোৱাত কেনেবাকে মই সহায় কৰিম, নোৱাৰিলে নাই, কিন্তু দেউতাৰ পইচা খৰচ নকৰোঁ আৰু মই৷ কিন্তু কৰিম কি! চুবুৰীয়া দুঘৰমানৰ ল’ৰা-ছোৱালী পঢ়াবলৈ ল’লোঁ, মানে ‘টিউছন’৷ পুৱা টিউছন, গধূলি টিউছন, বাকী দিনটো ঘৰত৷ ঘৰত থকা

Read more

বেচেৰা ইন্দ্ৰ – বৰ্ণালী ফুকন

অমৰাৱতীত…… ইন্দ্ৰৰাজৰ ৰাজসভাত নৰ্তকী ৰম্ভা আৰু মেনকাৰ নৃত্যই তেওঁৰ মনটো প্ৰশমিত কৰিব পৰা নাই৷ বাৰেবাৰে উৰি যায় ইন্দ্ৰৰ মন মুণি পত্নী অহল্যাৰ কাষলৈ৷ মেনকাই নুবুজিলেও ৰম্ভাই যেন বুজি পাই প্ৰেমিক ইন্দ্ৰৰ কপালৰ ৰেখা পঢ়ি৷ কিহৰ চিন্তাত আছে ইন্দ্ৰ? কিহে খুলি খুলি খাইছে৷ স্বৰ্গৰ অপেশ্বৰী হলেও মন পঢ়াৰ ক্ষমতা দিয়া হোৱা নাই ৰম্ভাক৷ সেইয়াও ইন্দ্ৰৰে বুদ্ধি৷ মন পঢ়িব পাৰিলেই ৰম্ভাই অথন্তৰৰ সৃষ্টি কৰিব৷ তেওঁৰ লিষ্ট কৰি থোৱা কামবোৰত বাধাৰ সৃষ্টি কৰিব ৰম্ভাই৷ আনফালে মেনকাৰ চকুৰ সন্মুখত ইন্দ্ৰই ভালপোৱাৰ মায়াজাল পেলাই থৈছে৷

Read more
1 4 5 6 7