ফটাঢোল

ৰূপাংকৰৰ বিড়ি (ৰহস্য গল্প) – জ্যোতিৰূপম দত্ত

-১- : বিড়ি এটা দিয়া! – ৰূপাংকৰে দোকানীজনক উদ্দেশ্য কৰি ফুচফুচাই কথাষাৰ কৈয়েই চকু টিপ এটা মাৰিলে৷ আধা-অন্ধকাৰ গলিটোৰ অলপ ভিতৰলৈ থকা সৰু পাণদোকান এখন৷ টুল এখনত বহি থকা আদহীয়া দোকানীজনৰ সমুখত এটা বিবৰ্ণ বাকচ৷ কোনোবা ইলেকট্ৰনিকছ কোম্পানীৰ বিজ্ঞাপনৰ ফ্লেক্স এখন বাঁহৰ কামীকেইটামানেৰে বান্ধি কোনোমতে চালি এখন কৰি লৈছে৷ দোকানখন প্ৰায় অন্ধকাৰ, চাৰ্জ শেষ হবলৈ ধৰা এটা সস্তীয়া চাৰ্জলাইটে সামান্য পোহৰ বিলাইছে৷ দোকানীজনে ৰূপাংকৰৰ ইংগিতটো বুজি নোপোৱাৰ ভাওঁ ধৰাৰ বৃথা চেষ্টা এটা কৰিলে৷ আচলতে সেই সময়তে ৰূপাংকৰৰ সৈতে একেলগে অহা

Read more

লটি-ঘটি – ডলী তালুকদাৰ

চাহ বাগানত থকা সময়খিনি মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। চাহ বাগানত কিছুমান এনেকুৱা ৰসাল অভিজ্ঞতা বা লটি-ঘটি হৈছিল যিবোৰ কাহিনী মনত পৰিলে মোৰ আজিও হাঁহি উঠে। আমি পাৱৈ চাহ বাগানত থকাৰ সময়ৰে কথা। এইখন বাগানত কিছুমান এনেকুৱা মানুহ লগ পাইছোঁ যে কেতিয়াবা যদি মোৰ কোনো কাৰণত বাকীবোৰ স্মৃতি মগজুৰ পৰা লুপ্ত হৈ যায় তথাপিও এওঁলোক বা সেই লটি-ঘটিবোৰ কেতিয়াও লুপ্ত নহয়। আমি বাগানলৈ অহাৰ ছমাহ মান পিছতে এজন সহ -পৰিচালকে নতুনকৈ জইন কৰে। আমাৰ কাষৰ বাংলোটোত দত্ত উপাধিৰ মেনেজাৰজনে নববিবাহিতা

Read more

চেকগেট – সঞ্জীৱ কুমাৰ ভট্টচাৰ্য

আপুনি যদি গাঁও বা চুবুৰী বা ক’লনি আদিৰ দৰে যিকোনো এটা স্থানত পৰিয়ালসহ স্থায়ীভাৱে বসবাস কৰে আৰু যোৱা কিছুবছৰ ধৰি কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হৈছে তেনেহ’লে আপুনি আপোনাৰ গাঁওত সোমাওতে বিভিন্নধৰণৰ চেকগেটৰ মুখামুখি হব।আহকচোন তেনেকুৱা কেইখনমান চেকগেটৰ কথা আলোচনা কৰো। বুদ্ধিজীৱিৰ গেটঃ আপোনাৰ গাঁওখনত থকা অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল সকলে এইটো ফৈদ প্ৰধানত নিয়ন্ত্ৰন কৰে যদিও দুই এজন অৱসৰ হৱলগীয়া মানুহো এইটো ফৈদত সোমাই থাকে।এইটো ফৈদৰ গড় বয়স ষাঠি আৰু সদস্যৰ সংখ্যাও বৰ বেছি নহয়।নিজৰ ফৈদটো মুষ্টিমেয় কেইজনমানৰ ভিতৰতে সীমাবদ্ধ

Read more

ৰিভাইটেল – মণিষা কাকতি

-ইছ ভাগ দৌড় ভৰী লাইফ মে থকনা মনা হেঁ৷ খানে কে চাথ চাহিয়ে কুচ্ছ্ এক্সট্ৰা৷ ইচিলিয়ে মেৰা ভৰৌছা – ৰিভাইটেল৷ জিয়ৌ জী ভৰকে৷ আগতে য়ুৱৰাজ সিং ওলোৱা এই এডটো টিভিত দেখিলেই কথাটো মনলৈ আহিছিল৷ এনেয়ো য়ুবি ফে’ভাৰেট প্লেয়াৰ৷ ছয়টা বলত ছয়টা ছিক্স মাৰি হৃদয় জিনি থৈছেই৷ সেয়ে এডটো দেখি মনত আশাৰ সঞ্চাৰ হৈছিল৷ ময়ো ৰিভাইটেল ব্যৱহাৰ কৰিবলৈ লওঁ নেকি? ইমান ভাগৰ, ইমান অৱসাদ৷ দিনটো হামিয়াই হেঁকটিয়াই থাকোঁতেই পাৰ হয় দেখোন৷ ৰিভাইটেল ব্যৱহাৰ কৰি একদম স্ফূৰ্ত্তিলা, জৌশ্বিলা হৈ পৰিলে কেনে আনন্দ

Read more

‘পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ’ – অভিজিত দত্ত

১ সপোনৰ আৱিৰ্ভাৱ—- কাউণ্টাৰৰ খিৰিকীখনেৰে মই হাতখন বাহিৰলৈ মেলি দিলো৷ কাগজখন আৰু খমখমীয়া নোটকেইখন মোৰ হাতত গুজি দিয়া হ’ল৷ মই নোটকেইখন গণি চালো৷ ঠিকেই আছে৷ ডিপজিত ফৰ্মত লিখি থোৱা অঙ্কটোৱেই নোটকেইখনে দেখুৱাইছে৷ ফৰ্মখনৰ নিৰ্দিষ্ট স্থানত চিল-মোহৰ মাৰি মই ফৰ্মৰ অৱশিষ্ট অংশ ঘূৰাই দিবলৈ উদ্যত হওঁতেই মোৰ চকু চাত মাৰি ধৰিলে৷ এগৰাকী অতীৱ সুন্দৰী নাৰী কাউণ্টাৰৰ মুখত থিয় হৈ আছে৷ নাৰীৰ মুখত এটি জান-নেজান হাঁহিয়ে ঢৌ খেলি আছে৷ হয়, এই অপৰূপ দৃশ্যত মই বাকৰুদ্ধ হৈ পৰিছো৷ নাৰীগৰাকীৰ নান্দনিক সৌন্দৰ্যত মই মোৰ

Read more

সময়ৰ খণ্ডচিত্ৰ – হিমাংশু শৰ্মা

সেয়া আছিল ২০০৫ কি ৬ চনৰ কথা। ব’হাগ পাৰ হৈ যোৱাৰ পিছত চেগাচোৰোকাকৈ আহি থকা দুই এজাক বৰষুণ পৃথিৱীখন জীপাল কৰি তুলিছে। পথাৰবোৰত অলপ অচৰপ পানী উঠিছে। নতুনকৈ পৰা পানী পাই ঘাঁহ-বনবোৰ সজীৱ হৈ উঠিছে, ঠিক স্কুলীয়া শিশু এজাকৰ দৰে। চৌদিশে এক সুন্দৰ পৰিৱেশ। কিন্তু প্ৰাকৃতিক পৰিৱেশ সুন্দৰ হ’লেও দেশৰ অৱস্থা সিমান এটা ঠিক নহয়। হাতত উদ্যত অস্ত্ৰ লৈ স্বাধীনতাৰ সন্ধানত ওলাই আহিছে এজাক পাহোৱাল অসমীয়া ডেকা। মই তেতিয়া কলেজীয়া ছাত্ৰ। দেহত নতুন তেজৰ পিৰপিৰণি আৰম্ভ হৈছে। এই বিপ্লৱত ইতিমধ্যে

Read more
1 5 6 7