ফটাঢোল

সোণাৰুৰ হালধীয়া হাঁহি (ষষ্ঠ খণ্ড)-মৃদুল নাথ

একেলেথাৰিয়ে তিনিটা ক্লাছ কৰাৰ পিছত অবিনাশে আজি কিছু ভাগৰুৱা অনুভৱ কৰিলে। বিশেষকৈ প্ৰথম শাৰীত বহি ক্লাছ কৰিলে যে মগজুটোৰ ওপৰত জোখতকৈ অলপ বেছিয়েই বোজা পৰে, সেয়া আজি সি খুব ভালকৈ অনুভৱ কৰিছে। সেয়ে চতুৰ্থ ক্লাছটো আজি নহয় বুলি খবৰটো পোৱাত অবিনাশে হাতত সৰগ ঢুকি পোৱা যেন পালে। দীপকৰ লগত সি কেণ্টিনৰ ফালে আগবাঢ়িল, এতিয়া তাৰ গৰম চাহ একাপৰ খুবেই প্ৰয়োজন। : চাহ দিবচোন হৰিকাই। : চাহৰ লগত কিবা দিমনে? গৰম চিংৰা আছিল। : দিয়ক। কেণ্টিনৰ চাহকাপৰ সোৱাদ সাধাৰণ চাহকাপৰ দৰেই,

Read more

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি 

এদিন ভক্ত এজনে আহি মন্দিৰত সেৱা ল’লে৷ কণ্ঠস্বৰটো অলপ গভীৰ কৰি সুধিলোঁঁ, : বৎস তোমাৰ নামটো কোৱাচোন৷ নামটো কোৱাৰ পাছত অলপ সময় ধ্যানমগ্ন হৈ ক’লোঁ, : পুত্ৰ তোমাৰ ঘৰ কল্যাণ নগৰত, ঘৰৰ অৱস্থা ভাল , তিনিমহলীয়া বিল্ডিং, ভাল চাকৰি, বাহিৰা উপাৰ্জনো বহুত, গাড়ী, বাৰী, নাৰী সকলো আছে কিন্তু থাকিও নথকাৰ দৰে, বহুত চেষ্টা কৰিছা সন্তান এটি লাভ কৰিবলৈ কিন্তু সফল হোৱা নাই, হয় নে নহয় বৎস! মোৰ গভীৰ কণ্ঠস্বৰ শুনি তেওঁ মোৰ চৰণত লুটিখাই পৰিল। দুয়ো ভৰিত ধৰি ক’বলৈ ধৰিলে,

Read more

ধাৰাবাহিক সােণাৰুৰ হালধীয়া হাঁহি-মৃদুল নাথ (পঞ্চম খণ্ড)

“অঁ… হুজুৰ…..” ম’বাইলটোৰ কর্কশ মাতত অবিনাশে সাৰপাই সময়টো চালে, ছটা বাজিবলৈ দহ মিনিট বাকী। হিমেশ ৰেশমীয়াৰ কণ্ঠৰ গীত অবিনাশৰ বৰ এটা ভাল নালাগে, সেয়া কণ্ঠস্বৰ নে নাসিকাস্বৰ সেইটো আজিলৈকে সি অনুধাৱন কৰিব নােৱাৰিলে। অথচ সেই হিমেশৰ নাসিকাস্বৰেই অবিনাশৰ ম’বাইলত ঠাই পাইছে। পিচে তাৰ কাৰণ নথকা নহয়। টোপনি গধুৰ অবিনাশৰ বাবে ৰাতিপুৱা সােনকালে সাৰ পােৱাটো প্রায় অসম্ভৱ কথা। অবিনাশৰ মতে প্রিয়াৰ আলিংগণ এৰি আহিবলৈ সিমান কষ্ট নহয়, যিমান ৰাতিপুৱা বিছনাখন এৰাৰ সময়ত হয়। ৰাতিপুৱা আঠবজাৰপৰা ক্লাছ, প্রথম ক্লাছটো পােৱাটো অবিনাশৰ বাবে

Read more

বাল্মিকী বৰুৱাৰ মহাজীৱনী : ড° সৰোজ কাকতি (চতুৰ্থ অধ্যায়)

তাৰপাছত আমাৰ আশ্ৰম নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিবলৈ ধৰিলে৷ দুজন শিষ্য দূৰৰ গাঁও এখনৰপৰা লৈ অহা হ’ল। প্ৰথম অৱস্থাত আমাৰ অলপ কষ্ট হৈছিল বাপু। এইবোৰ কথাক লৈ দুখ কৰিও লাভ নাই। বান্দৰ কেঁকোৰা চেকচেকনি, হাড়িয়া বৰলৰ কামোৰ, কাঁইটৰ খোঁচ, এইবোৰ অতিক্ৰম কৰিব লগা হৈছিল। অৱশ্যে দুখ কৰিও লাভ নাই, আগৰ দিনৰ ঋষিমুনিসকলেও আমাৰ দৰে কষ্ট কৰি আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। আশ্ৰমৰ কাষেৰে এখনি সৰু  নৈ বৈ গৈছিল, নিজকে তাহানিৰ সেই বশিষ্ঠ মুনি যেন লাগিছিল, যিগৰাকী তপস্বীয়ে সন্ধ্যা ললিতা কান্তা আৰু কামৰূপৰ

Read more

বাল্মিকী বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি (চতুৰ্থ অধ্যায়)

তাৰপাছত আমাৰ আশ্ৰম নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিবলৈ ধৰিলে৷ দুজন শিষ্য দূৰৰ গাঁও এখনৰপৰা লৈ অহা হ’ল। প্ৰথম অৱস্থাত আমাৰ অলপ কষ্ট হৈছিল বাপু। এইবোৰ কথাক লৈ দুখ কৰিও লাভ নাই। বান্দৰ কেঁকোৰা চেকচেকনি, হাড়িয়া বৰলৰ কামোৰ, কাঁইটৰ খোঁচ, এইবোৰ অতিক্ৰম কৰিব লগা হৈছিল। অৱশ্যে দুখ কৰিও লাভ নাই, আগৰ দিনৰ ঋষিমুনিসকলেও আমাৰ দৰে কষ্ট কৰি আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। আশ্ৰমৰ কাষেৰে এখনি সৰু  নৈ বৈ গৈছিল, নিজকে তাহানিৰ সেই বশিষ্ঠ মুনি যেন লাগিছিল, যিগৰাকী তপস্বীয়ে সন্ধ্যা ললিতা কান্তা আৰু কামৰূপৰ

Read more

সোণাৰুৰ হালধীয়া হাঁহি : মৃদুল নাথ (চতুৰ্থ খণ্ড)

: হাইঠা বুলিয়ে কোৱা, বা আন কিবায়ে কোৱা, একো আপত্তি নাই। এতিয়া কোৱা কি খুৱাবা? অবিনাশৰ চকুত চকু থৈ সাগৰিকাই ক’লে, চকুত তাইৰ দুষ্টামী ভৰা হাঁহি। এই হাঁহিৰ অৰ্থ অবিনাশে ভালকৈয়ে বুজি পায়। : আজি নিজকে পানবজাৰৰ ‘চানফ্লাৱাৰ’ত বহা যেন লাগিছে। এতিয়াই যেন কোনোবা এজনক মাতিম, “ৱেইটাৰ মেন্যুখন দিয়া”। কিন্তু দুৰ্ভাগ্য যে তুমি ইয়াত মুখত মিঠা হাঁহি এটা লৈ ৰৈ থকা ৱেইটাৰ নাপাবা, হয়তো মনে বিচৰা মেন্যুখনো তুমি ইয়াত নাপাবা। তথাপি তোমাক আজি ইয়াত গৰম চাহ একাপৰ লগত গৰম শিংৰা

Read more

বাল্মিকী বৰুৱাৰ মহাজীৱনী : ড° সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা) এইদৰে মই চহৰত শিষ্যৰ সংখ্যা বৃদ্ধি কৰিলোঁঁ৷ অৱশ্যে চাইচিতি বিশ্বাসী কেইজনমান ওচৰত ৰাখিলোঁ। এবাৰ চান্দাৰ ভাগ এগৰাকী পুলিচে আশা কৰা মতে নোপোৱাৰ কাৰণে মোক বৰকৈ দণ্ডাঘাত কৰিছিল। এই কথাটোৱে মনত বৰ বিমৰিষ দি আছিল। মোৰ শিষ্য এজনে আনি দিয়া খবৰ অনুসৰি সেই পুলিচ অফিচাৰৰ হেনো পাঁচজনী কন্যা আছিল। তাৰে এজনীক কিবাকৈ প্ৰেমৰ বৰশী গিলাব পাৰিলে মই ভবাৰ দৰে উত্তম প্ৰতিশোধ ল’ব পাৰিলোঁহেঁতেন। আকৌ এবাৰ ভাবিলোঁ অফিচাৰৰ ঘৰত এটা অপাৰেচন চলাব পাৰিলেও লাভ হয়, খবৰ মতে তেওঁৰ

Read more

সোণাৰুৰ হালধীয়া হাঁহি-মৃদুল নাথ

(তৃতীয় খণ্ড)  তিনিমহলীয়া হোষ্টেলটোৰ একেবাৰে ওপৰ মহলাত অবিনাশ আৰু দীপকৰ ৰূমটো। হোষ্টেলৰ সন্মুখত খেল পথাৰখন, পিছফালে টুকুৰা টুকুৰ পাহাৰবোৰ। টুকুৰা পাহাৰবোৰ গৈ গৈ ইউনিভাৰ্চিটি পাইছেগৈ। কাষতে পাঁচ নম্বৰ হোষ্টেল, সন্মুখৰ ডাঙৰ খেলপথাৰখন পাঁচ নম্বৰ হোষ্টেলৰ লগত ভাগ বতৰা কৰা হৈছে। নাতিদূৰৈত দীপৰ বিল, শীতৰ আগমনৰ লগে লগে  জাক জাক আলহী চৰাইবোৰে আহি ঠাইখিনি মুখৰ কৰি তোলে। সেই পৰিবেশটো অবিনাশৰ খুব ভাল লাগে।   : দাদা, সোমাব পাৰিম নে? অচিনাকি মাতটোত অবিনাশৰ চিন্তাত যতি পৰে। ৰূমটোৰ বাহিৰত হোৱা সৰু হুলস্থূলটোত অবিনাশে বুজিব

Read more

বাল্মিকী বৰুৱাৰ মহাজীৱনী-ডঃ সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা) বিদ্যালয়ৰ পৰা মুক্ত হৈ বুজিব পাৰিলোঁ মই ইতিমধ্যে ডাঙৰ হৈছোঁ। মুখৰ মাতৰ পৰিৱৰ্তন হৈছে। মিহি মেকুৰীৰ মাতৰ সলনি ভতুৱা কুকুৰৰ দৰে মাতটো হুটা হৈ ওলাল। নাকৰ তলত দুবৰি বনে কোমল গজালি মেলাৰ দৰে গোফে ভুমুকি মাৰিলে। মনটো আগতকৈ অধিক ৰঙিয়াল হ’ল। শৰীৰৰ বলো বৃদ্ধি পালে। আগতে স্ত্ৰীলিংগসকলক দৰ্শন কৰি যিটো তৃপ্তি পাইছিলোঁ এতিয়া তাতকৈ অন্য ৰকমৰ তৃপ্তি অনুভৱ কৰা হ’লোঁ। গাঁওখনত থকা আটাইবোৰ জীয়ৰী-বোৱাৰীকে দেখোন মৰম কৰিবলৈ মন যোৱা হ’ল। পিচে দেউতাই বাৰে বাৰে কৈ গৈছে

Read more

সোণাৰুৰ হালধীয়া হাঁহি – মৃদুল কুমাৰ নাথ

 (যোৱা সংখ্যাৰ পিছৰ পৰা) : বৰষুণ এৰিলে, ৰেবটীত খাৱ যদি জল্দি ব’ল, ঘূৰি আহি বাছখন নাপালে আৰু এঘণ্টা অপেক্ষা কৰিব লাগিব। দীপকৰ মাতত ইমান পৰে তন্ময় হৈ সোণাৰু জোপাৰ ফালে চাই থকা অবিনাশৰ সম্বিৎ ঘূৰি আহিল। বৰষুণৰ পিছত সোণাৰুজোপাৰ হালধীয়াখিনি আৰু ধুনীয়াকৈ তাৰ চকুত ধৰা দিছে। অপেক্ষা! অপেক্ষা হয়তো সি কৰিব লাগিব সঠিক সময়ৰ বাবে, মনত সৃষ্টি হোৱা মৃদু বতাহজাক ধুমুহা হ’বলৈ নিদিয়াকৈ ৰাখিব পৰাটোৱে এতিয়া মূল কাম। কিছু সময় আগত তাৰ অজানিতে সৃষ্টি হোৱা ধূসৰ ছবিখন এতিয়া ক্ৰমাত স্পষ্ট,

Read more
1 2 3 4 8
error: Content is protected !!