ফটাঢোল

সোণাৰুৰ হালধীয়া হাঁহি (অষ্টম খণ্ড)-মৃদুল নাথ

কেবিনটোৰপৰা অলপ আঁতৰতে নাৰ্ছিং ষ্টেচনটো, নাৰ্চ দুগৰাকীয়ে নিজৰ মাজতে কথা পাতি আছিল, পদুমক আগবাঢ়ি যোৱা দেখি দুয়ো কথা বন্ধ কৰি পদুমলৈ চালে। পদুমে নিজৰ চিনাকিটো দি ৰোগীৰ বিষয়ে জানিবলৈ বিচাৰিলে। অবিনাশ অলপ আঁতৰত ৰ’ল।

 নাৰ্চ দুজনীৰ লগত কিছু কথা পাতি পদুম অবিনাশৰ কাষলৈ ঘূৰি আহিল। অবিনাশে আশাৰে পদুমৰ মুখলৈ চালে।

: অৱস্থা বৰ এটা ভাল নহয় অবিনাশ। মাল্টিপুল অৰ্গেনত ইনফেকশ্যন, তাতে মেডিচিনে বৰ শ্ল’ ৰেচপণ্ড কৰিছে। 

: এনি প্ৰ’গ্ৰেছ?

: বিশেষ নাই, স্বাস্থ্যৰ অধিক অৱনতি ঘটে বুলিহে ভয় আছে। আই চি ইউত ভৰ্তি কৰিবলগীয়া হ’ব পাৰে যদিহে ডিট’ৰিয়েট কৰে।

: অহ্!

অবিনাশৰ কঁপালত চিন্তাৰ ৰেখাবোৰ প্ৰকট হৈ পৰিল। মনৰ ভাৱ লুকুৱাই দুয়ো পুনৰ কেবিনলৈ সোমাই গ’ল। মিলি আৰু সাগৰিকা অবিনাশৰফালে আগবাঢ়ি আহিল।

 

: চিন্তা কৰিব নালাগে। তোমাৰ আৰু বিশেষকৈ খুড়ীদেউৰ বিশ্ৰামৰ প্ৰয়োজন। এতিয়া ঘৰলৈ যোৱা, আমি আছোঁ। ৰাতিপুৱা আহি যাবা।

: তোমালোক দুটাও যোৱাগৈ। অবিনাশে সাগৰিকা আৰু সংঘমিত্রাক উদ্দেশ্যি ক’লে।

অবিনাশৰ কথাত আটাইকেইজনে যাবলৈ সাজু হ’ল। মিলিয়ে দেউতাকৰ মূৰত হাত বুলাই ক’লে,

: পাপা, তুমি চিন্তা নকৰিবা। ভাল হৈ যাবা বুলি ডাক্তৰে কৈছে। আমি ৰাতিপুৱাই আকৌ আহিম।

দেউতাকে একো নকলে, মাথোঁ উদাস দৃষ্টিৰে চাই থাকিল। চকুলো মচি মিলিয়ে মাকক লৈ ওলাই গ’ল, পিছে পিছে সাগৰিকা আৰু সংঘমিত্রা।

: দীপক, তয়ো নহ’লে পদুমৰ লগত তাৰ হোষ্টেললৈকে যা, দুয়ো খাই বৈ আহিবি আৰু শুন, মোৰ বাবেও কিবা অলপ লৈ আনিবি, ভোক লাগিছে।

অবিনাশৰ কথাত দীপক আৰু পদুম দুয়ো ওলাই গ’ল। পদুমৰ হোষ্টেলটো বেছি দূৰত নহয়, খোজ কাঢ়ি যাব পাৰি। কেবিনটোৰ ভিতৰত অবিনাশ অকলশৰীয়া হৈ ৰ’ল। অবিনাশে এবাৰ মিলিৰ দেউতাকৰফালে চালে, মানুহজনে টোপনি গৈছে। মানুহজনৰ স্বাস্থ্য একেবাৰে ভাঙি পৰিছে, পিন্ধি থকা চাৰ্টটোৱে ভাগিপৰা স্বাস্থ্য লুকুৱাব পৰা নাই। কংকাল সদৃশ বুকুখন উশাহৰ তালে তালে উঠা নমা কৰিছে, মুখেৰে মাজে মাজে অস্ফুট শব্দ কিছুমান বাহিৰ হৈছে। মানুহজনে যে যথেষ্ট যন্ত্ৰণা পাই আছে সেয়া বেঁকা মুখখন দেখিলে অনুভৱ কৰিব পাৰি। সেই যন্ত্ৰণা কাতৰ মুখখন অবিনাশে বেছি সময় চাই থাকিব নোৱাৰিলে। কেবিনটোৰ ভিতৰত সি এক আচৰিত নীৰৱতা অনুভৱ কৰিলে। নীৰৱতা অবিনাশৰ ভালেই লাগে, পিচে এই নীৰৱতা সেই ভাল লগা নীৰৱতা নহয়। এই নীৰৱতাই তাক যেন গ্ৰাস কৰি পেলাব এনে অনুভৱ হ’ল তাৰ। পাতল ব্লেংকেটখনেৰে গাটো ভালকৈ ঢাকি দি কেবিনটোৰ খিৰিকীখন মেলি দি অবিনাশে বাহিৰলৈ চালে। বিজুলী বাতিৰ পোহৰেৰে নৈশ মহানগৰীখন জিলিকি আছে, কোলাহলবোৰ এতিয়াও কমা নাই। এইবাৰ অবিনাশৰ অলপ মুকলি মুকলি লাগিল, অলপ পিছত খিৰিকীখন সি বন্ধ কৰি দিলে।

অবিনাশ হস্পিটালত ৰোগীৰ লগত আগতে থাকি পোৱা নাই, প্ৰথমবাৰৰ বাবে আছে। চাৰিওফালে দুখ যন্ত্ৰণাৰে ভাৰাক্ৰান্ত মুখবোৰ ভৰি আছে, এইবোৰ দেখি অবিনাশে কষ্ট পায়, এনে পৰিবেশৰ মাজত সদায় থাকিব পৰাটো সহজ কথা নহয়। এইবাৰ অবিনাশৰ নাৰ্চ দুজনীৰ কথা মনলৈ আহিল, সেই নাৰ্চ দুজনীৰ বাবে এই দুখ কষ্টবোৰ দেখা পোৱাটো নিত্য নৈমিত্তিক ঘটনা। 

হঠাতে মবাইলটো বাজি উঠাত অবিনাশে দেখিলে সাগৰিকাৰ ফ’ন, ফ’নটো ৰিচিভ কৰি অবিনাশে ক’লে,

: হোষ্টেল গৈ পালানে?

: এইমাত্ৰ পালোঁ, তুমি কি কৰি আছা? কিবা খালানে? 

প্ৰশ্নটো শুনি অবিনাশৰ হাঁহি উঠিলে। হাঁহি হাঁহিয়ে সি ক’লে,

: ইমান কেয়াৰ নকৰিবা মোৰ, প্ৰেমত পৰি যাম তোমাৰ।

: পাগল, কিবা খালানে?

: নাই, খাম অলপ পিছত, দীপকে লৈ আনি আছে। তোমালোক দুয়ো আজি মিলিৰ লগতে থাকিবা বুলি ভাবিছিলোঁ!

: কৈছিলোঁ, পিচে তাইৰ মামাকৰ পৰিয়ালটো আহিছে থকাকৈ। সেয়ে আমি গুচি আহিলোঁ। খুড়াৰ অৱস্থা কেনেকুৱা অবিনাশ? 

: বৰ এটা ভাল নহয়, অত্যন্ত দুৰ্বল, গোটেই ভাইটেল অৰ্গেনবোৰত ইনফেকশ্যন, ইমান হাই চুগাৰ, কি হয় ক’ব নোৱাৰি। কাইলৈ মানে ইম্প্ৰুভ নহ’লে আই চি ইউ লৈ শ্বিফ্ট কৰিব চাগৈ।

: অহ, ভগৱানে চকু মেলি চালেই হয়!

: তাকেই, মিলিয়ে ফ’ন কৰিছিলে নেকি?

: নাই, কৰিব চাগৈ অলপ পিছত। ৰাখা এতিয়া।

: বাৰু, গুড নাইট।

: গুড নাইট।

ফ’নটো কাটি দি অবিনাশে আকৌ এবাৰ মিলিৰ দেউতাকৰ কাষলৈ আহিল। দেউতাকে এতিয়াও শুয়েই আছে। শুই থকাটোৱেই ভাল, কষ্টবোৰ অনুভৱ নহয়। এই টোপনিখিনিও কাৰোবাৰ ভাগ্যত লিখা নাথাকে, টোপনিৰ বাবে হাঁহাকাৰ কৰি শ্লীপিং টেবলেটৰ আশ্ৰয় ল’ব লগাত পৰে। শান্তিৰে টোপনি মাৰিবপৰা জনতকৈ সুখী আৰু কোনো নাই, অবিনাশে তেনেকৈয়ে ভাবে। কথাবোৰ ভাবি ভাবি কাষৰ বিছনাখনত অবিনাশে গাটো পেলাই দিলে। দীপকহঁত যোৱা ভালেখিনি সময় হ’ল। বোধকৰোঁ ভাগৰ লগা বাবে পদুমৰ ৰূমতে অলপ বিশ্ৰাম কৰিছে। 

কিছু সময়ৰ পিছত দীপকক ফ’ন কৰিবলৈ লওঁতে দৰ্জাত টোকৰ মাৰি দীপক আৰু পদুম সোমাই আহিল।

: তই তলত গৈ খাই আহ, ইয়ালৈ লৈ আনিবলৈ অসুবিধা। আমাৰ হোষ্টেলৰ কেণ্টিনতে খাই ল’ব পাৰিবি, মই কৈ থৈছোঁ। আমি দুয়ো আছোঁ। আৰু শুন, ৰাতি ইয়াত এটেনডেণ্ট এজনহে থাকিব পাৰিবি। ইমান সৰু বিছনাখনত দুজনৰ কষ্ট হ’ব। 

পদুমে ক’লে।

: দীপক তোৰ লগত থাকিব, মই ইয়াতে থাকিম। মই বাৰু তোৰ হোষ্টেললৈকে গৈ অলপ ফ্ৰেছ হৈ আহোঁ, খায়ো আহিম একেবাৰে।

: ৰূমৰ চাবিটো লৈ যা। 

অবিনাশ চিৰিয়েদি তললৈ নামি গ’ল, হস্পিটালৰপৰা বাহিৰলৈ ওলাই হোষ্টেলৰ গেট পাওঁতেই পুনৰ ফ’নটো বাজি উঠিল। মিলিৰ ফ’ন, ফ’নটো ৰিচিভ কৰিয়েই অবিনাশে ক’লে, 

: দেউতা ঠিকে আছে, শুইছে, ধুনীয়া টোপনি আহিছে।

: তোমালোকক যে কি বুলি ক’ম, ভাষা নাই মোৰ। তোমালোকে খোৱা-বোৱা ক’ত কৰিবা? আমি ৰাতি পুৱাই গৈ পামগৈ।

: পদুমৰ হোষ্টেলতে খাম।

: দেউতা ভাল হ’বনে অবিনাশ? তোমাৰ লগৰজনে নাৰ্চৰ লগত কি কথা পাতিলে?

: চোৱা মিলি, তুমি যথেষ্ট মেচিয়ৰ্ড বুলি মই ভাবোঁ। ডাক্তৰে তোমাক নিশ্চয় সকলোখিনি কৈছেই, সময় লাগিব যিহেতু মেডিচিনে ভালকৈ ৰেচপণ্ড কৰা নাই। তুমি ধৈৰ্য্য নেহেৰুৱাবা, প্ৰেক্টিকেল হ’বলৈ চেষ্টা কৰা।

অবিনাশে জানে, প্ৰেক্টিকেল হোৱাটো সকলোৰে বাবে সম্ভৱ নহয়, আনকি সি নিজেও সিমান প্ৰেক্টিকেল নহয়। বৰঞ্চ সি যথেষ্ট আৱেগিক কিন্তু এই মূহূৰ্তত মিলিক ক’বলৈ আৰু বেলেগ কথা সি বিচাৰি নাপালে। এনেকুৱা পৰিবেশ পৰিস্থিতিত সি বৰ অসহায় হৈ পৰে। 

জি এম চিৰ হোষ্টেল পাই পদুমৰ ৰূমত সোমাই অবিনাশে প্ৰথমে গাটো ধুই লোৱাটোকে ঠিক কৰিলে। দিনটোত শাৰীৰিক কষ্টতকৈ মানসিক চাপ বেছিকৈ পৰা বাবে সি কিছু ভাগৰুৱা অনুভৱ কৰিছে। গাটো ধুই সি ভালেখিনি সতেজ অনুভৱ কৰিলে, পিন্ধি থকা চাৰ্টটো ধুই ফেনৰ তলত শুকাবলৈ দি সি আলমিৰাৰপৰা পদুমৰ টি-চাৰ্ট এটা উলিয়াই ল’লে। 

এইবাৰ সি অনুভৱ কৰিলে, তাৰ ভোক লাগিছে। দিনটোত আজি সি ভাতেই খোৱা নাই। ভাত নহ’লে তাৰ নচলে, লাগিলে সেয়া আলুপিটিকা ভাতেই হওক, দিনটোত দুসাঁজ ভাত তাক লাগিবই। সি ঘড়ীটো চাই দেখিলে সন্ধিয়া চাৰে আঠ বাজি গৈছে, ইমান সোনকালে হোষ্টেলত ভাত হ’ব জানো! সুধি চোৱাতনো আপত্তি কিহৰ! হোষ্টেলত নাপালে বাহিৰত খাই দিব পৰা যাব। এনেও হস্পিটালৰ কেম্পাছটোৰ বাহিৰত সৰু সৰু কেইবাখনো ভাতৰ হোটেল সি দেখি আহিছে। অবিনাশ লাহেকৈ কেণ্টিনৰফালে আগবাঢ়িল। 

(ক্ৰমশঃ)

☆ ★ ☆ ★ ☆

2 Comments

  • Bindu Rajbangshi

    খুউব ভাল লাগিল।পুনৰ অপেক্ষাত।

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল৷ কাহিনীটো সুন্দৰকৈ আগবাঢ়িছে৷
    অপেক্ষা কৰিলোঁ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *