ফটাঢোল

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(দ্বিতীয় খণ্ড) দৃশ্যপট ২ ফটাঢোলৰ বিয়নি মেল চলি আছে। পুৰুষ ঢুলীয়াসকলৰ চকুৰ পৰা আঁৰ হৈ মহিলাসকলে মন খুলি কথা পাতিছে। ইয়াত মুখ লজ্জাৰ ভয় নাই, ভদ্ৰতাৰ মুখাখন খুলি সকলো উজাৰ খাই পৰিছে। পৰচৰ্চাকে আদি কৰি কাৰ লগত কোনে চেনী খাই আছে, কোনে ৰাতি ১ বজাত কাক মেছেজ দিয়ে, কোনে আগতে পিন্ধা কাপোৰযোৰকে পিন্ধি আহিছে, কাৰ চুলি ষ্ট্ৰেইট কৰাৰ কাৰণে “লাগিছে আৰু” আদিয়েই সাধাৰণতে এই মেলৰ মূল বিষয়বস্তু হ’লেও, আজিৰ সভাত প্ৰাধান্য পাইছে পণ্ডিত আৰু ফটাঢোলৰ ৰাইজৰ উদ্ধাৰৰ উপায়ে। পণ্ডিতৰ বিষয়ে

Read more

মহাপলায়ন পৰ্ব (প্ৰথম খণ্ড) – অভিজিত কলিতা

আগকথা: আগকথাৰ আগৰখিনি নকওঁ, এই আগকথা আচলতে শেষ পৰ্বৰহে আগভাগ… বিগিনিং অৱ দি এণ্ড। এণ্ড অৱ দ্যা বিগিনিঙলৈকে সকলোৱে জানেই। গতিকে মোৰ আৰু পাঠকৰ সময় নষ্ট নকৰোঁ। আগকথাখিনিও অলপ খৰধৰ কৰিম, কাৰণ পিছকথাখিনিত বহু কাহিনী আছে। ফেচবুক মহাসমৰত জোলোকা জোলোকে পানী খাই গোৰ হাৰণ খোৱাৰ পাছত ফটাঢোলৰ মানুহবিলাকৰ মৰেল একেবাৰে ডাউন হৈ গ’ল। তেওঁলোকে নিজে কৰা ভুল মৰ্মে মৰ্মে উপলব্ধি কৰিলে আৰু অনুশোচনাৰ অগ্নিয়ে তেওঁলোকৰ দেহ মন অনবৰত দহন কৰিবলৈ ধৰিলে। এই যন্ত্ৰণাৰ পৰিত্ৰাণ কি? কি তেওঁলোকে মৃত্যুৰ পাছত অনন্ত

Read more

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ (প্ৰথম খণ্ড) – হেমন্ত কাকতি

আমেৰিকা ভ্ৰমণৰপৰা ঘূৰি আহি বহুত দিন বেকাৰ হৈ বহি আছিলোঁ৷ বেপাৰ বণিজো বেয়া৷ বাৰিষা অহাৰ লগে লগে জমা কৰি ৰখা আলু পিঁয়াজৰ বস্তাবোৰো পচিবলৈ ধৰাত কি কৰোঁ কি নকৰোঁ কৈ চিন্তাক্লিষ্ট হৈ বহি আছিলোঁ৷ আজিকালি গড়মাৰ্কাটোও অলপ বেছিকৈয়ে লগা হ’ল৷ দিন বাগৰাৰ লগে লগে পৰিমাণটোও বাঢ়ি আহিছে৷ গধূলি হ’লেই এটুপি নধৰিলে কিবা ইচাট-বিচাটখন লাগে৷ হ’ল বুলিনো মানুহজনীৰ সাঁচতীয়া টকাকেইটা কিমান দিনলৈ উৰোৱাম আৰু! মনৰ দুখতে কালি দুবটল একেলগে মাৰি দিলোঁ৷ ৰাতিপুৱা মাথাটোৰ টিংটিঙনিত সাৰ পাই উঠি জুপুকা মাৰি বহি কিবাকিবি

Read more

ফটাঢোল এডভেন্সাৰ (অন্তিম খণ্ড)—হেমন্ত কাকতি/বিজয় মহন্ত

অৱশেষত আমেৰিকা ভ্ৰমন আধাতে সাং কৰি উভতি অহটোৱেই সিদ্ধান্ত হ’ল৷ বহুত বুজোৱাৰ অন্তত চিণ্টু আৰু মনিকাও সন্মত হ’ল৷ চিণ্টুয়ে ৰিটাৰ্ন টিকেট কৰাৰ দায়িত্ব ললে৷ চান্স পাই চিণ্টুৰ লগতে মনিকাও টিকেটৰ খৱৰ লবলৈ ওলাই গ’ল৷ আমি বিজয় আৰু মই আহি ৰুমত বিচনাত বাগৰি আছোঁ৷ “কাকতী দা, মনিকাবায়ে যে সিদিনা মায়ঙৰ বেজৰ এডৰেচটো কোৱা কথাখিনি আপুনি মোবাইলত ৰেকৰ্ড কৰিছিল মনত আছেনে?” বিজয়ে শেষ আশা যে এতিয়াও এৰা নাই গম পাই হাঁহি উঠিল৷ এটা ম্লান হাঁহি মাৰি কলোঁ- “বিজয়, মনত আছে৷ পিচে অসম

Read more

বীৰেন সংবাদ –মানস শইকীয়া

“কি অ’ আইতু, সিদিনা পথাঅৰ খাল সিঁচি ইমান মাছ পালি,আমাক দেখো এটাও নিদিলি৷” ভাদমহীয়া নামত বীৰেনৰ লগৰ মুনিনৰ মাকে তামোল এখন খুজোঁতেই পুতলীয়ে মনতে গুজৰি গুমৰি থকা খংটো দমাই সুধিলে৷ আচলতে সিদিনা আইতুৰ গিৰিয়েক মনিৰামে খাল সিঁচি পোৱা মাছ বলীধৰক ভায়েকৰ ঘৰলৈ দিছিল৷ গাঁৱৰ ইঘৰে সিঘৰে এনেকুৱা আদান প্ৰদান থাকেই৷ পুতলীহঁতক নিদিয়াত সেইদিনাৰ পৰাই খং উঠি আছিল৷ “নহয় অ’ নবৌ দুটামান গয়ৈ পোনা আৰু পুঠি মাছ পাইছিল৷ শিৱককাইটি গৈ ওলোৱাত দুটামান দি পঠাইছিলোঁ আকৌ৷” “আইতু, আসৈ নামাতিবি হেই হয়িমন্দিঅত বহি৷

Read more

আকৌ কুৰুক্ষেত্ৰৰ আখৰা –

খণ্ড (৭) সন্ধ্যাৰ লগে লগে স্কুলৰ মুকলি  অডিটেৰিয়ামত ইতিমধ্যে দুই এজনকৈ আহি পাৰি থোৱা তিৰ্পালত বহিছিল হে৷ কাওবয় কেপ , বাৰ্মুডা পেন্ট আৰু কলা টিচাৰ্ট পৰিহিত ডাইৰেক্টৰ ভাস্কৰ দাস মানে ভাস্কো মহাজন আহি গপাগপ কাঠৰ চকীখনত বহি দিলেহি ৷ সকলোৰে লক্ষ্য ভাস্কৰৰ হাতত থকা কাগজখনলৈ৷ মনত উচ্‌পিচ্‌ ডাইৰেক্টৰ মহাজনে কাক বা কি ৰ’ল দিয়ে৷ সকলোৱে ভাস্কৰ বহি থকা চকীৰ চাৰিওফালে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টচিট চাবলৈ অহা ছাত্ৰ ছাত্ৰীৰ দৰে জুম বান্ধি ধৰিলেহি৷ ভাস্কৰে বোলে এতিয়ালৈ কাকো ৰ’ল দিয়া নাই৷ মই দুদিনমান

Read more

ফটাঢোল এডভেন্সাৰ (অষ্টম খণ্ড) – হেমন্ত কাকতি/বিজয় মহন্ত

মুৰ্গা ফচা যেন দেখি বিজয়ক চকু টিপ দি ওচৰৰ ৰেষ্টুৰেন্ট এখনলৈ মাতি লৈ গ’লো৷ প্ৰায় আধা ঘন্টা আলোচনাৰ মুৰত সি কলে, “মই ভাৰতৰ গুজৰাটি মানুহ, মোৰ নাম দাবাং পেটেল৷ আপোনালোকে বিশ্বাস কৰিব পাৰে৷ এইটো ‘বস্তু’ৰ খালী প্ৰমান কৰি দিয়ক, বাকী মোৰ ওপৰত এৰক৷ কীমত কী চিন্তা মত কৰো ভাই, য়ে লো হমাৰা কাৰ্ড!” “আপকা সামনে প্ৰুফ কৰ দেতা হু” বুলি কৈ বিজয়ৰ পৰা হাতৰ টিপতে তাবিজ টো লৈ ডিঙিত পিন্ধি ললোঁ৷ “মেৰে সাথ আও!” পেটেল আৰু বিজয় পিচে পিচে মোৰ

Read more

বীৰেণ সংবাদ – মানস শইকীয়া

“পঢ়াশালীত বীৰেণ” নাম লগাই দিয়াৰ পিছৰ দিনা পুৱাতে উঠি বলীধৰে গোৱৰৰ দমটোৰ কাষত গৰুগাড়ীখন ৰাখি গোৱৰ বোজাই কৰিছে৷ আগমুহূৰ্ত্তত বীৰেণক জগাই দিলে বোলে “ইচকুলীয়া লৱা ইমান দেৰী শুৱ নাপায়৷” মাঘমহীয়া জাৰত বীৰেণে আৰু এক ঘুমতি মাৰিব বিচাৰিছিল৷ দেউতাকৰ ভয়ত উঠি আহি পিৰালিতে বহি টোপনিয়াই আছে৷ মাক পুতলীৰ মনতে বেয়াও লাগিছে৷ “হেৱৈ, ৰাতিপুৱা টোপনিতো ভঙাই নাইনে?” দেউতাকৰ মাতত বীৰেন খপজপকৈ উঠি এঙাৰ এটুকুৰা লৈ চিধাই পুখুৰী পালেগৈ৷ মাক পুতলীয়ে এহাতত কাঁহি এখনত চাহ জলপান আৰু আনটো হাতত পানী এঘটি লৈ বলীধৰৰ

Read more

ফটাঢোল এডভেন্সাৰ (সপ্তম খণ্ড) – হেমন্ত কাকতি/বিজয় মহন্ত

নিউইয়ৰ্কৰ পৰা আমাৰ গাড়ী চলিছিল বাৰ্লিংটন অভিমুখে৷ বিজয় আৰু মোৰ ভিতৰুৱা কথাবোৰ অসমীয়াত পাতিবলৈ অসুবিধা পাইছিলো যদিও মহন্ত ড্ৰাইভাৰক পাই মনটো অলপ মুকলি মুকলিও লাগিছিল৷ তেওঁ কৈ গ’ল, “চাৰ, প্ৰায় দুঘণ্টা মূৰত বাৰ্লিংটন পামগৈ৷ সাধাৰণতে ইয়াৰ লোকেল টেক্সীবোৰে হ’লে ঘূৰাই পকাই নিলেহেঁতেন৷ এটা ৰাস্তা আছে, New Jersey Turnpike বুলি কয় বা নিউ জাৰ্চিয়ানবোৰে চমুকৈ টাৰ্ন পাইক বুলিয়ে কয়৷ এই জাৰ্চি চিটিখন পাৰ হৈ নেৱাৰ্ক বুলি আৰু এখন মহানগৰী আছে, তাৰ পৰা দক্ষিণলৈ বেয়ন ব্ৰিজ পাৰ হৈয়েই টাৰ্ন-পাইক এক্সিট পাম৷ আপোনালোকক

Read more

আকৌ কুৰুক্ষেত্ৰৰ আখৰা – দেৱজিত শইকীয়া / মানস শইকীয়া

বাপ্পা ঐ যেন তেন তিৰিমখাক কিবা কিবিকৈ সৈমান কৰি আহিছো দিয়া৷ গোটেইসোপাই বগৰাই লৈ মোক বখলিয়াব লৈছিল৷ পিচে মইও হেমন্ত কাকতি কম বস্তু নহয়৷ এনাই পাঠ পঢ়ালো একে আষাৰে সৱ সৈমান হৈ গ’ল৷ পিচে বুজিছা মাষ্টৰ সোপাকে নাটকত ৰ’ল লাগে৷ ৰ’ল নাপালে কিন্তু মই দিনতে ৰাষ্টাত ওলাব নোৱাৰিম৷ এই বিজয়ে টেটুত এইখন কি লগালে নাজানো কিবা এটা কৰা হে বাপ্পাহাৰে৷ মানস শইকীয়াই বোলে আমাৰ গাঁৱত যিমান মহিলা আছে ব্যাসদেৱৰ মহাভাৰততো দেখোন সিমান মহিলা ৰ’ল নাই৷ কাকতিঃ- ৰামায়ণৰ পৰা দুটামান ৰ’ল

Read more
1 4 5 6 7 8 9