ফটাঢোল

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ (প্ৰথম খণ্ড) – হেমন্ত কাকতি

আমেৰিকা ভ্ৰমণৰপৰা ঘূৰি আহি বহুত দিন বেকাৰ হৈ বহি আছিলোঁ৷ বেপাৰ বণিজো বেয়া৷ বাৰিষা অহাৰ লগে লগে জমা কৰি ৰখা আলু পিঁয়াজৰ বস্তাবোৰো পচিবলৈ ধৰাত কি কৰোঁ কি নকৰোঁ কৈ চিন্তাক্লিষ্ট হৈ বহি আছিলোঁ৷ আজিকালি গড়মাৰ্কাটোও অলপ বেছিকৈয়ে লগা হ’ল৷ দিন বাগৰাৰ লগে লগে পৰিমাণটোও বাঢ়ি আহিছে৷ গধূলি হ’লেই এটুপি নধৰিলে কিবা ইচাট-বিচাটখন লাগে৷ হ’ল বুলিনো মানুহজনীৰ সাঁচতীয়া টকাকেইটা কিমান দিনলৈ উৰোৱাম আৰু! মনৰ দুখতে কালি দুবটল একেলগে মাৰি দিলোঁ৷ ৰাতিপুৱা মাথাটোৰ টিংটিঙনিত সাৰ পাই উঠি জুপুকা মাৰি বহি কিবাকিবি ভাবি আছোঁ৷ ৰন্টুৱেও চাগে বেয়াই পালে, ফোন-চোন নকৰা হ’ল৷ বিজয়কো হেনো ঘৈণীয়েকে দম দি থৈছে মোৰ সঙ্গ নল’বলৈ৷ লাহে লাহে মানুহবোৰে মোক একাষৰীয়া কৰা হেন লাগিছে৷ অনুভৱ হ’ল টকা পইচা নাথাকিলে আজিকালি কোনেও পাট্টা নিদিয়ে৷ টকা পইচাইহে মান-সন্মান সকলো আনে৷ এইবোৰ ভাবি ভাবি এপাক মৰ্নিংৱাকতে ওলাই যাওঁ বুলি ৰাস্তাৰ ফালে খোজ দিলোঁ৷

সিফালৰপৰা দেখিলো, ছোৱালী এজনী কাণত হেডফোন লগাই বৰ ষ্টাইলত কিবা গাই গাই খোজ কাঢ়ি (যেন নাচি বাগিহে) আহি আছে৷ লগত ল’ৰা এজনেও পিচে পিচে মোবাইলত গান লগাই আহি আছে৷ যিমানে ওচৰ পাইছে সিমানে তাইৰ চিঞৰটোও বেচিকৈ শুনা গৈছে৷

“ৱাকা ৱাকা, এ এ! ৱাকা ৱাকা, এ এ! ডিচ টাইম ফৰ আফ্ৰিকা! ৱাকা ৱাকা, এ এ! ……”

ল’ৰাছোৱালীহাল লাহে লাহে মোৰ কাষেদি পাৰ হৈ গ’ল৷ অলপ সময় তাঁহাতৰ ফালে চাইয়েই থাকিলোঁ৷ ল’ৰাটোৰ পিন্ধনত আঠুৰ তললৈকে এটা হাফপেন্ট আৰু গাত ছে গুৱেভৰাৰ চিত্ৰ অকা টি চাৰ্ট, মুখত কাণৰ কাষৰপৰা থুতৰিলৈকে দীঘল দাড়ি, কাণৰপৰা মূৰটোৰ আধামান চুলি খুৰাই লৈছে৷ ওপৰৰ চুলিখিনি জোঙা হৈ ঠিয় ঠিয় হৈ আছে৷ যেন চেলুনৰপৰা আধাকটা চুলিৰে হঠাৎ মূৰৰ বিকৃতি ঘটাত পলাই আহিছে৷ হঠাৎ লাগিল ল’ৰাজনৰ অলপ-চলপ আমাৰ ডিম্পুৰ লগত মিল আছে, মাতো নেকি বুলি ভাবিও বাদ দিলোঁ৷ ছোৱালীজনী কোন ধৰিবই নোৱাৰিলোঁ৷ অলপ চিনাকি যেনো লাগিছিল৷ চশমা নিপিন্ধা বাবে পটকৈ মুখখন চিনি নোপোৱাত বাদ দিলোঁ৷ আজিকালি মানুহে মোক আগবাঢ়ি আহি কোনেও নামাতে৷ চিনাকিবোৰেও অচিনাকিৰ ভাও ধৰা হ’ল৷

তেনেতে মবাইলটোত চিনাকি নম্বৰ এটাৰপৰা ৰিং আহিল৷ বিজিত কলিতা৷ বহুদিনৰ মূৰত তাৰ ফোন পালোঁ৷

— দাদা, কি খৱৰ?
— আছোঁহে৷ তোমাৰ কোৱা৷
— কিবা এটা কৰিব লাগিছিলহে৷ ধামাকা এটাই কৰোঁ দিয়ক৷ চিকা মাৰি কি হাত গোন্ধাব?
সি কিহৰ ইঙ্গিত দিছে বুজিব নোৱাৰি পুনৰ সুধিলোঁ,
— কি ধামাকা কোৱাচোন?
— ডাঙৰ ইভেন্ট এটাকে পাতো দিয়ক! ছাকচেছ হ’লে কিন্তু মালামাল হৈ যাম৷ আপুনি ইয়েছ ক’লে আগবাঢ়ো৷ বাকী চোৱাচিতা কৰিবলৈ বিজয়হঁতক লগাম, আপুনি আৰু মই ক্ৰিমখিনি খাই যাম৷
বিজিতৰ স্বভাৱ মই জানোঁ৷ শেষত যে মোকো গাড্ডাৰি কৰি আচলতে পূৰা মালটো সিয়েই খোৱাৰ ধান্দা কৰিছে মই বুজি পাওঁ৷ কিন্তু যিকোনো ডাঙৰ কামত সি নহ’লে কামো নহয়৷ তাৰ আইডিয়া আছে, তাক বাদ দি ডাঙৰ কিবা কৰাৰ কথা ভাবিবই নোৱাৰি৷ আমেৰিকা ভ্ৰমণৰ সময়তো বিজইৰ বুদ্ধি শুনি তাক বাদ দিয়া বাবেই পূৰা ফ্লপ হৈছিলোঁ৷ গতিকে কি নো কৰিব ওলাইছে আইডিয়াটোৱেই শুনো বুলি পুনৰ সুধিলোঁ –

— আচ্ছা, মূল কথাটো কোৱা৷ যদি ভাল লাগে চিন্তা কৰিম৷
— দাদা, ফটাঢোলত বিহু পাতো আৰু ছাকিৰাক মাতো এজ গেষ্ট আৰ্টিষ্ট

কথাটো শুনি চৰ্চৰনি খাই উঠিলোঁ৷ অলপ সহজ হ’বৰ চেষ্টা কৰি আকৌ সুধিলোঁ –

— ছাকিৰা, মানে সেই বিশ্বকাপ ফুটবলত গান গাই তোলপাৰ লগোৱাজনী?
— হয়, একদম অৰিজিনেল ছাকিৰাজনীৰে কথা কৈছোঁ৷ এইবোৰ জুবিন পাপনক লৈ আৰু কিমান খেলিব? ছাকিৰাক যদি আনিব পাৰো বচ হৈ গ’ল আমাৰ, লাইফ বনি যাব৷ দুই কোটি টকা লাগে৷ মোৰ চেনেল আছে৷ ডেৰ কোটিত ফিটিং কৰিম৷ বাকী ইভেন্ট মেনেজমেন্ট পাৰ্টি এটা ঠিক কৰিম৷ পাব্লিচিটিত বিশ লাখমান যাব, বাকী ধৰক আৰু দহ বাৰ লাখ খৰচ হ’ব, ইটো সিটোত৷ বিজয়হঁতৰ নামত দহ বাৰহাজাৰমান খৰচ কৰিলে হ’ল৷ বচ, বাকী থকাখিনি আমাৰ দুটাৰ ফিফটি ফিফটি৷

— কিন্তু ইমান টকা পাবা ক’ত? কোনে দিব? ক’ত পাতিবা? এনেকুৱা ডাঙৰ ফাংচন পাতিবলৈ কিবা ষ্টেডিয়াম বা ডাঙৰ খেল পথাৰ নালাগিব জানো?

— আৰে দাদা, সব হৈ যাব খালি আপুনি ‘হা’ বুলি কওক!

— বাৰু মই হা-না একো ভাবিবই পৰা নাই৷ আজি ৰাতিটো মোক ভাবিবলৈ দিয়া ৷

ফোনটো এৰি অলপ ভাবিবলৈ ধৰিলোঁ বিজিতৰ প্ৰপোজেলটো৷ মোক ইমান তেলমৰা ধৰণে জনালে কিয়! সি গোটেইখিনি কৰি মোক খবৰটো দিলেয়ো হ’লহেঁতেন! তথাপি এক অনুসন্ধিৎসু মন এটা লৈ বিজয়ক জনালো কথাটো৷ বিজয়ৰপৰা মূল কথাটো ওলাল৷ মোৰ গাঁৱৰ চন পৰি থকা মাটি আঠ বিঘাত সিহঁতে ছাকিৰাৰ ফাংচনৰ পেণ্ডেল বনোৱাৰ প্লেন ফাইনেল কৰিছে৷ ষ্টেডিয়াম বা ডাঙৰ চহৰত মাটি পোৱা টান৷ গাড়ী মটৰ পাৰ্কিঙৰ বাবেও বহুত ঠাই লাগে৷ খৰছ বচাবলৈ এই প্লেন৷ এনেই পৰি থকা মাটি যেতিয়া মোৰো আপত্তি কৰিবলগীয়া নাই৷ বাকী ফিফটি ফিফটি পাৰ্টনাৰশ্বিপ যেতিয়া মই বিশেষ কাম নকৰোৱেই৷ মাটিখিনিহে দিম৷ পিচে বিজিতৰ মোৰ চন পৰি থকা মাটিখিনিত চকু পৰাতহে অলপ চিন্তা হ’ল৷ বিজয়ৰ কথাত পূৰা আশ্বস্ত হ’ব নোৱাৰিলেও যিহওক, ‘ওকে’ কৰিম বুলি শেষত বিজিতক খবৰ দিলোঁ৷

দুদিন পিচত ফটাঢোল এডমিন পেনেলৰ এখন জৰুৰী সভা আহ্বান কৰা হ’ল৷ কামটো যিহেতু যথেষ্ঠ ডাঙৰ, গতিকে এডমিন পেনেলত তিনিজন নতুন কামৰ মানুহ নিযুক্তি দিয়া হ’ল৷ অভিয়ে কাণত ফুচফুচাই ক’লে – দাদা, নতুন কেইজনক অলপ জেক মাৰি উঠাই থাকিব, সকলো কাম সিহঁতক দিয়েই কৰাম৷ বাকী ৰিতুপৰ্না, মান্তাহঁতকো পাব্লিচিটিত লগাই দিম৷ মই বোলো বেলেগ যি কৰা কৰিবা, কিন্তু মেইন কথা ‘ফিফটি ফিফটি’টো নাপাহৰিবা৷

— আৰে দাদা, চিন্তাই নকৰিব ৷ সকলো হৈ যাব ৷ আপুনি ‘হা’ কৈছে যেতিয়া চিন্তা নাই ৷

যথা সময়ত সকলো প্লেনিং হৈ গ’ল৷ মিটিংখন নামতহে হ’ল যদিও কোনেও মুখ মেলিবলৈ চান্সেই নাপালে৷ বিজিতৰ কথা শিলৰ ৰেখা৷ কোনেও ‘না’ কৰাৰ সাহসেই নাই৷ কামবোৰ ভাগ কৰি দিয়া হ’ল৷ বিজিতৰ দিহা মতে যাৱতীয় কামবোৰৰ বাবে গ্ৰুপ বনোৱা হ’ল৷ গ্ৰুপত এজনকৈ গ্ৰুপ লিডাৰ থাকিব আৰু লগত থাকিব দুজনকৈ সহায়কাৰী৷ কামবোৰ ভাগ কৰি দিয়া হ’ল৷ নামৰ তালিকাখন এনে ধৰণৰ৷

ইভেন্ট অৰ্গেনাইজাৰ – বিজিত আৰু মই
ধন ভঁড়ালী – বিজিত এণ্ড পল্লু
পাব্লিচিটি – মিদুল (মেঘ, মান্তা)
মিডিয়া মেনেজমেন্ট – বিপ্লৱ এণ্ড জে আৰ ডি
লায়েচনিং উয়িথ এডমিনিস্ট্ৰেচন – ইৰানী এণ্ড অমিতাভ
এফ এণ্ড বি মেনেজমেন্ট – ৰন্টু (জিউমনি, মৌচুমী)
ষ্টেজ – মন্ত বৰুৱা (কৌচিক, চুইটী)
পোহৰ আৰু সাজসজ্জা – ভাস্কো (ডিম্পু, ৰিতুপৰ্না)
শব্দ – চিখৰ এণ্ড কম্পেনী
চিকিউৰিটি – হাজেলা মেধি এণ্ড কম্পেনী
কনভেয়েন্স এণ্ড ট্ৰান্সপোৰ্ট – সঞ্জু বাবা এণ্ড কম্পেনী
ফাইনান্স – বিজই (ৰামানুজ, চুণ্টু, আদিত্য আৰু দহ, বাৰজন দাদা টাইপ ভাই লোগ)
পাব্লিক এণ্ড অডিয়েন্স মেনেজমেন্ট – পলা, বন্দিতা এণ্ড কম্পেনী৷

বাকীবোৰ যাৱতীয় কামো ভাগ-বতৰা কৰা হ’ল৷ গ্ৰুপত বহুত এক্টিভ সদস্যক, বিশেষকৈ মহিলাসকলক তালিকাত নেদেখি অলপ আচৰিত হ’লো৷ তাৰে ভিতৰত বালিকা আৰু মনিচাকো নেদেখিলো৷ বিশেষ একো নুসুধি মিটিং শেষ হোৱাৰ পিচত ৰাতি বিজিতক ফোন লগালোঁ –

— কমিটিখন ঠিকেই আছে, পিচে বিজয়ক আমাৰ লগত নাৰাখিলা যে?

— বিজয়ক লগত ৰাখিলে জেং হ’ব৷ পিচত মই মেনেজ কৰি লম৷ তাক ফাইনান্স মানে চান্দা কালেকচনৰ কামত দিছোঁ৷ বাকী গ্ৰুপটোতো দাদাকেইজনক মিলাই দিছোঁ, কাক কেতিয়া দম দি মাল উলিয়াব লাগিব ঠিক নাই৷ লগত ৰামানুজ গোঁসাইক দিছোঁ, ৰাজনীতি জনা মানুহ, গতিকে ছলে-বলে-কৌশলে মেনেজ কৰি ল’ব৷ সংগত মানুহবোৰ পচন্দৰ হ’লে জী জান দি কামত লাগিব৷ আউটপুট পাম৷ বাকী বালিকা আৰু মনিচাই আমাৰ মেইন কাম কৰিব লাগিব৷

— মেইন কাম মানে?
— আৰে দাদা, ভগবানৰ আশীৰ্বাদ হ’লে সেই দুজনেই আমাৰ চাকচেছৰ মুলমন্ত্ৰ হ’ব৷
— মেইন কথাটোৱেই মই ভাবি উলিয়াব পৰা নাইহে৷ ইমান কোটি টকাৰ পৰিকল্পনা লৈছা, কিন্তু টকা পাবা ক’ত? তোমাৰ কনফিডেন্সটো বাৰু মই বুজিছোঁ৷ তথাপি অলপ হ’লেও আভাষ পালে ভাল আছিল৷ ইমান ডাঙৰ ইভেন্ট এটা অৰ্গেনাইজ কৰিব গৈ আছোঁ, মানুহে সুধিলে কি কম?
— আৰে লেভেল দাদা লেভেল দিয়ক৷ ক’ব অমুক কম্পেনীয়ে স্পনচৰ কৰিব, অমুক মিনিষ্টাৰে ইমান লাখ দিলে, তমুক বিজনেছ হাউছে ইমান দিছে৷ সব মিছা মাতক৷ দেখিব টকাৰ সোত বব৷ তাতে আমাৰ ভাই লোগক এনেই ৰাখিম নেকি? দম দি চান্দা উলিয়াম৷ ফাঁচীবজাৰ, পাণবজাৰ, গনেশগুৰিৰপৰা নগাওঁ, যোৰহাট, তিনিচুকীয়ালৈ বেপাৰীমখাই নিদি পাৰিব নেকি৷ বিহুহে পাতিম৷ নিদিলে অসমত থকা সম্ভৱ হ’ব জানোঁ৷ জীনা হাৰাম কৰি দিম নহয়! কলা-সংস্কৃতি জীয়াই ৰখাৰ কাৰণে এইকণ কষ্ট স্বীকাৰ নকৰিলে সিহঁতক শান্তিত থাকিব দিম জানো? বাকী মোৰ অনুমান মতে বিশৰপৰা ত্ৰিশহাজাৰ অ’ডিয়েন্স হ’ব৷ ডেকা ল’ৰা-ছোৱালী হিলদ’ল ভাঙি আহিব৷ গড়ে একহাজাৰ টিকেটৰ দাম ৰাখিলে ৩০০০০ x ১০০০ কিমান হয়৷ তিনিকোটি৷ বাকী ডোনেচন আৰু স্পনচৰ লৈ ধৰক পাঁচকোটি৷ ভি আই পি টিকেট বেলেগ আছেই৷ খৰচ হ’ব এককোটি – এট দ্যা ম’ষ্ট ধৰক দুইকোটি৷ বাকী তিনিকোটিৰ ফিফটি ফিফটি, মানে ডেৰ আপোনাৰ আৰু ডেৰ মোৰ!

ডেৰকোটিৰ সপোনটো বেয়া নালাগিল৷ এক ডেৰমাহ অলপ ইফাল-সিফাল কৰি যদি এক ডেৰকোটি আহে কিনো বেয়া? চাৰা জিন্দেগী বেপাৰ কৰিও খাবলৈ নাটে, গতিকে পূৰা কামত লাগিম বুলি থিৰ কৰিলোঁ৷

(আগলৈ)

☆★☆★☆

7 Comments

  • ৰাজশ্ৰী শৰ্মা

    বাপৰে, এইগৰাকী চাকিৰাক চাবই লাগিব।আৰম্ভণি খণ্ড টো ভাল লাগিল ।

    Reply
  • Prasanta Borah

    সুন্দৰ, মোক ও ভৰাই লওঁক চোন, আপোনাৰ বডিগাদ লাগিব নহয়,ইমান টকা পালে শত্ৰু বাঢ়িব নহয়,আপোনাৰ বন্ধুৱে
    ঠগিব

    Reply
  • Mridula

    ভাল লাগিল । ছাকিৰাক চাবলে বাট চালো ।

    Reply
  • অনুৰূপ মহন্ত

    এইটো খণ্ড পঢ়িলেই পৰৱৰ্তী খণ্ডলৈ আগ্ৰহেৰে অপেক্ষা কৰিব সকলোৱে। বঢ়িয়া লাগিছে।

    Reply
  • Anjan Sadhanidar

    যামেই যাম

    Reply
  • ৰিণ্টু

    ফটঢোলৰ অন্যতম সম্পদ এইখন

    Reply
  • Manash Saikia

    ফটাঢোলৰ এক অন্যতম জনপ্ৰিয় ছিৰিজ৷ পঢ়ি থাকিলে আমনি নালাগে৷ আকৌ পঢ়িলোঁ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *