ফটাঢোল

কৌতুক – মনিদীপ শৰ্মা

এজন যুৱ ভাৰতীয় ব্যৱসায়ীয়ে চীন দেশৰ এগৰাকী যুৱতীৰ সৈতে ফেচবুকীয়া প্ৰেম হয় অাৰু প্ৰেমৰ অন্তত তেঁওলোকে বিয়া পাতি সুখেৰে জীৱন অতিবাহিত কৰি আছিল। কিন্তু বিয়াৰ চাৰিটা বছৰৰ পিছত ব্যৱসায়ী জনৰ পত্নীৰ এক অচিন ৰোগত মৃত্যু হয়। যি ৰোগ অামাৰ অসমৰ কোনো এক্স ৰে, অাল্ট্ৰাচাউণ্ড অাৰু অান অান পৰীক্ষাতো ধৰা নপৰিল। মানুহজন এদিন দুখ মনেৰে সুৰাৰ বাৰত বহি থকা দেখি বন্ধু এজনে সান্তনা দি কয় “দুখ নকৰিবা বন্ধু Chiness মালৰ কোনো গেৰাণ্টি নাথাকে। চাৰি বছৰ যে টিকিল, বহুত দিন গল কপাল

Read more

হৰিণ – ৰিমঝিম বৰঠাকুৰ

গাৰ্লফ্ৰেইণ্ড: হৰিণবোৰ যে দেখিবলৈ ইমান ধুনীয়া। বইফ্ৰেইণ্ড: সিহঁত তোমাৰ নিচিনাকৈ বিউটি পাৰ্লাৰলৈ নাযায় যে। গাৰ্লফ্ৰেইণ্ড চকচ্ বইফ্ৰেইণ্ড ৰকচ্। ☆★☆★☆

Read more

ইংৰাজী পঢ়াৰ সহজ উপায় – ব্ৰক্ষ্মানন্দ পাটিৰি

হেকা: ঐ বিজয়, এই পুৱাই তই ধৰিলিনে? বিজয়: নহয় মানে আজি হকাৰটোৱে ভুলতে অসমীয়া বাতৰিখনৰ সলনি ইংৰাজী এখনহে দি গ’ল। হেকা: তাতে কি হ’ল? বিজয়: নহয় মানে সেইবিধ নধৰিলে মোৰ ইংৰাজী পঢ়োঁ‌তে অসুবিধা হয়। ☆★☆★☆

Read more

কৌতুক – মনজিৎ বৰা

(১) : হেল্ল’ ৰিচেপচন! মই মহন্তই ৰুম নাম্বাৰ ৪২০ ৰ পৰা কৈছোঁ। মোৰ মানুহজনীয়ে মোৰ লগত কাজিয়া লাগি খিৰিকীৰে জঁপিয়াই দিম কৈছে। প্লিজ হেল্প। : চৰি ছাৰ আমি এই বিষয়ত সহায় কৰিব নোৱাৰিম। সেয়া আপোনাৰ পাৰচনেল প্ৰব্লেম। : আবে চন ৰুমৰ খিৰিকীখন খোল খোৱা নাই বেং। সেয়া তহঁতৰ মেইটেনেন্স প্ৰবলেম। খং কমাৰ আগতে সোনকালে পথা কাৰোবাক। (২) পাউদাৰ গাখীৰৰ চাহ নাখাওঁ বুলি পেচ পতা দেখি মায়ে ভেকাহি মাৰি ক’লে-“যা গৰুৰ গাখীৰ খীৰাই আনি দে। চাহ বনাই খুৱাম।” কথাটো ইগ’ত লাগি

Read more

তীৰ্থ যাত্ৰাত হেৰালে – সৌৰভ শৰ্মা

কিছু দিন আগতে মধ্য অসমৰ পৰা এটা গোট তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল। এই গোটৰ এগৰাকী মহিলাই মাতা বৈষ্ণদেৱী মন্দিৰত পূজা শেষ কৰিছেহে মাত্ৰ। তেনেতে পূজাৰীয়ে ক’লে। আজি আপুনি ভালপোৱা যিকোনো এটা বস্তু ত্যাগ কৰক। যিটো বস্তু নিজৰ পতিদেৱক সুধিহে এৰিব লাগিব। মানে আপোনাৰ প্ৰিয় কিন্তু পতিয়ে বাচি দিব। মহিলা : ত্যাগ মানে কিয়া হে? পূজাৰী : মতলব কোয়ি এক প্যায়াৰা চিজ চোৰ দৌ, পতি কো পুচকে। মহিলা : মানে এৰিব লাগতা হে কিয়া? এনেতে সতীৰ্থ যাত্ৰী এজনে ক’লে। হয় ভালপোৱা

Read more

কৌতুক – মন্দিৰা শৰ্মা

ছোৱালী জনীৰ হাফ ইয়েৰলি পৰীক্ষা চলি আছে। গণিতৰ পৰীক্ষা দি আহি.. তাই: মা, আজি পৰীক্ষা বিৰাট ভাল হৈছে। ফুল মাৰ্ক্স পাব লাগে। মা: বৰ ভাল কথা। সব শুদ্ধ হৈছেনে?? তাই: অ, মা। আধা ঘন্টা সময় থাকোতেই শেষ হ’ল।মই ৰিভাইজ কৰিও চালোঁ। এতিয়া তুমি এবাৰ চাই দিয়াচোন, মই উত্তৰ বোৰ কাষতে লিখি আনিছোঁ। এফালৰ পৰা প্ৰশ্ন কাকতখন চাই যাওঁতে মাকৰ বেছ ভাল লাগিল। শুদ্ধই কৰিছে। কিন্তু একেবাৰে শেষৰ আগৰ অংকটোৰ উত্তৰটো অলপ ভুল যেন লাগিল।মাকে নিজে কৰি চাই দেখিলে, হয় ভুল

Read more

জতুৱা-ঠাঁচ (ঠাঁচ মানে চৰ) – পল্লৱী কলিতা

নতুনকৈ বিয়া হৈ গৈছোঁ। ভাত খাবলৈ গোটেইবোৰ একেলগে বহোঁ। ভাত নাওমান লওঁ‌ আৰু। প্ৰথম দুদিনমান আকৌ এবাৰ ভাত খোজাৰ লাজত আধা পেটী হৈ মনে মনে শুই থাকোঁগৈ। তৃতীয় দিনলৈ নোৱাৰিলোঁ আৰু৷ খুজিলোঁ নহয় আকৌ এবাৰ ভাত। সৱৰে মুখত হাঁহি, বোলে ন-কইনাই ভাত লৈছে প্ৰথম বাৰ। ভাত খাই শেষ কৰোঁ মানে শাহুৱে জোৰ কৰি আকৌ এবাৰ দি দিয়ে- “আজি ইমান ভাল পাইছোঁ তুমি যে তৃপ্তিৰে ভাত সাজ খাইছা!” “মা আৰু নোৱাৰিম পেট ভৰি গল।” এই বুলি কৈ আছোঁ৷ কিন্তু মায়ে মৰম

Read more

সঁচা কথা – ব্ৰজেন বৰদলৈ

জিনা মাষ্টৰণী আৰু এই অভাগী একে বিদ্যালয়ৰ শিক্ষক হিচাপে আছোঁ। মই অসমীয়া পঢ়ুৱাওঁ। জিনায়ে আকৌ দ্বিতীয় শ্ৰেণীৰ অংক পঢ়ায়। ওচৰত থকা ক্লাচ বাবে ছাত্র-ছাত্ৰীকেইজনক কিবা এটা লিখিবলৈ দি কেতিয়াবা জিনাৰ ক্লাচৰ মুখতে ৰৈ থাকোঁ। এদিন জিনায়ে অংক পৰীক্ষা লৈ আছে। মই হুলস্থুল নাই বাবে গৈ চালোঁ। এটা ল’ৰাই থিয় হৈ এঘণ্টা অংক কৰি আছে। আকৌ এবাৰ গৈ দেখা পালোঁ যে সেই ল’ৰাজনেই পথালি হৈ টেবুলত অংক কৰিছে। কথাটো কি! ভালকৈ চাই দেখিলোঁ যে ব’ৰ্ডত বাইদেউৱে লিখি থৈছে, ১/থিয়কৈ যোগ কৰা।

Read more

গান দুটামান গালোঁ – ইফতিখাৰ হুছেইন

কাৰ্যালয়ৰ ডাঙৰ হলটোত অস্থায়ী মঞ্চ সাজি বিশ্বকৰ্মা পূজাৰ দিনা আবেলি সাংস্কৃতিক অনুষ্ঠান পতা হৈছিল। সকলোৱে ভাল গাইছে। হলৰ ভিতৰত চকীত বহি থকা মানুহখিনিৰ উপৰিও খিৰিকীৰ বাহিৰৰ পৰাও কিছুমানে থিয় হৈ অনুষ্ঠান চাইছিল। দৰ্শকৰ আনন্দত মইও মঞ্চত নাচি বাগি আপোন পাহৰা হৈ গ’লোঁ। মোৰ অনুষ্ঠান শেষ হোৱাৰ পিছত অফিচৰ এজনে ক’লে – “ছাৰ, আপোনাৰ গান শুনি খিৰিকীৰ মুখত ঠিয় হৈ থকা ছোৱালীজনী পলাল। কিয়?” “মই তেতিয়া গাই আছিলোঁ – মেৰে চামনেৱালী খিৰকী মে, এক চান্দ্ কা টুকৰা ৰেহতা হে!” ধেৎ তেৰি!

Read more

কৌতুক – ফটিক বৰা

এবাৰ ককাইদেউ (বৰ দেউতাৰ ল’ৰা) এজনৰ এভাৰেডি টৰ্চ এটা নতুন বেটাৰি থাকোঁতেও নজ্বলাত মোক দি ক’লে, “চা চোন এইডালৰ কি হৈছে?” মই পিছ পিনে দহ নয়া পইচা এটা ভৰাই দি জ্বলাই দিলোঁ। ওচৰতে ৰৈ চাই থকা ককাইদেৱে ক’লে, “চালা পইচা নিদিলে আজি কালি কেনেও কাম নকৰে।” ☆★☆★☆

Read more
1 19 20 21 22 23 32