নিজক ভালে ৰখাৰ সংকল্প- আৰাধনা বৰুৱা
মানসিক চাপ আৰু বিষণ্ণতাৰ জটিলতাৰ মাজতে এদিন চিত্ৰ নিৰ্মাতাজনে এখন অৰণ্যত সময় পাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷ অৰণ্যখন আছিল আটলাণ্টিক মহাসাগৰৰ তলিত৷ মহাসাগৰৰ গভীৰতাত তেওঁ এদিন শামুকৰ খোলাৰে আবৃত্ত এক আশ্বৰ্যকৰ জীৱ দেখা পালে৷ সেয়া আছিল তেওঁক দেখি সন্ত্ৰস্ত হৈ নিজক শামুকৰ খোলা নিৰাপত্তা বেষ্টনীৰে লুকুৱাব খোজা এটা অক্টোপাছ৷ অক্টোপাছটোৰ এই আচৰণে তেওঁক ইমান অনুসন্ধিৎসু কৰি তুলিলে যে তেওঁ প্ৰতিদিনে মহাসাগৰৰ তলিলৈ আহি তাক অসুবিধা নিদিয়াকৈ অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে৷ লাহে লাহে অক্টোপাছটোৱেও তেওঁক বিশ্বাসত ল’বলৈ ধৰিলে৷ লাহে লাহে তেওঁলোকৰ মাজত
Read more