অসমীয়া ব্যংগ সাহিত্য : এক চমু অৱলোকন-শ্ৰী মুনিন্দ্ৰ বৈশ্য
সুখ-দুখ, হাঁহি-অশ্ৰু, বিৰহ-বেদনা, আনন্দ-ফূৰ্তি, ব্যংগ-কৌতুক, খং-ৰাগ, ঠাট্টা-মস্কৰা, উপলুঙা-পেংলাই আদিৰ সমষ্টিয়েই আমাৰ জীৱন। ইয়াৰপৰা কোনেও পৰিত্ৰাণ নাপায়। জীৱন মানেই সংগ্ৰাম- জীয়াই থকাৰ সংগ্ৰাম। লাগিলে মানুহেই হওক কিম্বা ইতৰ প্ৰাণী। মানুহ হ’লে সুন্দৰ জীৱন যাপনৰ সংগ্ৰাম। স্বচ্ছল জীৱন যাপনৰ সংগ্ৰাম। সুখ প্ৰাপ্তিৰ সংগ্ৰাম। মানুহ সুখ প্ৰত্যাশি। হাঁহি-ফূৰ্তি-আনন্দ কৰি এটা সাৰ্থক জীৱন কটাবলৈ বিচাৰে। কিন্তু সুখ জানো গছত লগা বস্তু? সুখ প্ৰাপ্তিৰ মূল মন্ত্ৰই হৈছে জীৱনটো উপভোগ আৰু উদযাপন কৰাৰ কৌশল আহৰণ কৰা। এই কৌশলবোৰ হৈছে মানুহৰ জীৱনৰ একো একোটা অভিন্ন আৰু অবিচ্ছিন্ন
Read more