ফটাঢোল

 গ্ৰন্থ, গ্ৰন্থ অধ্যয়ন, গ্ৰন্থমেলা ইত্যাদি- অদিতি গোস্বামী

“পুথি অধ্যয়ন বিদ্যা অৰ্জনৰ ঘাই উপায়”, সাহিত্যিক সত্যনাথ বৰাদেৱৰ ‘পুথি অধ্যয়ন’ পাঠটি পঞ্চম শ্ৰেণীত পঢ়োঁতে এই কথাষাৰ পাইছিলোঁ। তাৰ আগতেই কিতাপ পঢ়াৰ এটা চখ আমাৰ ঘৰৰ পৰিবেশতে গঢ় লৈ উঠিছিল। মোৰ মায়ে দুপৰীয়া ভাত খাই আজৰি হৈ কিতাপ এখন হাতত নোলোৱাকৈ বিছনাত নপৰিছিল। “শিক্ষাৰ ঘাই কঠিয়াতলী ঘৰখন” সেয়া নিজৰ ক্ষেত্ৰতে প্ৰমাণ হৈছিল।   মাক দেখি দেখি কিতাপ পঢ়াৰ আগ্ৰহ বাঢ়িছিল। বিছনালৈ যাওঁতে ময়ো সাধু কিতাপ এখন হাতত তুলি লৈছিলোঁ। ঘৰত থকা সাধু কিতাপ সকলো পঢ়ি শেষ কৰিছিলোঁ। দেউতাই চান্দমামা, সঁফুৰা, মৌচাক

Read more

কৃত্ৰিম কাহিনী প্ৰধান গীত হিচাবে বেজবৰুৱাৰ ধনবৰ আৰু ৰতনী -ড° চাহিন জাফ্ৰি

লেখকৰ নাম নোহোৱা অনাখৰী লোকসকলৰ মুখে মুখে চলি অহা কাহিনী প্ৰধান গীতৰ আদৰ্শত আধুনিক যুগৰ কবিসকলে দুই এটা কাহিনীগীত ৰচনা কৰা দেখা যায়। আধুনিক কবিসকলে ৰচনা কৰা এই গীতত কাহিনী প্ৰধান গীতৰ প্ৰায়বোৰ বৈশিষ্ট্য পৰিদৃশ্য হ’লেও এইবোৰক বিশুদ্ধ বা অবিমিশ্ৰ কাহিনী গীতৰ শাৰীত পেলাব নোৱাৰি। এই জাতীয় কবিতাক সমালোচকসকলে কৃত্ৰিম কাহিনী প্ৰধান গীত বা কৃত্ৰিম বেলাড হিচাবে অভিহিত কৰিছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোকো কৃত্ৰিম কাহিনী প্ৰধান গীত বা বেলাডৰ আখ্যা দিব পাৰি। প্ৰথমতেই ইয়াত

Read more

অসমৰ সংবাদ মাধ্যমত  ইতিবাচক বাতৰিৰ ইতিহাস-ধীৰেন শইকীয়া

বৰ্তমান সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিবোৰৰ বেছিভাগেই অতিৰঞ্জিত, মুখৰোচক আৰু হত্যা, ধৰ্ষণ, চুৰি, ডকাইতি, কেলেংকাৰীৰ বাতৰি। এনেবোৰ বাতৰিৰ সমান্তৰালকৈ অসমৰ  সংবাদ মাধ্যমত ইতিবাচক খবৰৰ প্ৰচাৰ একেবাৰেই কম। আজিৰ সময়ত  প্ৰিণ্ট আৰু ইলেকট্ৰনিক দুয়োটা মাধ্যমে নেতিবাচক বাতৰিতকৈ ইতিবাচক বাতৰি সবল ভাৱে প্ৰকাশ কৰিব লাগে। আজিৰ প্ৰজন্ময়ো ইতিবাচক খবৰ বিচাৰে। আচলতে, আমাৰ সমাজত আজিও কৃষি-উদ্যোগ বাণিজ্যৰ দুই-এটা হ’লেও ইতিবাচক বাতৰি আছে। একেদৰে আছে সমাজত চলি থকা ভাল সামাজিক কৰ্মবোৰৰো। মাজে মাজে দুই এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ লগতে দুৰ্গত ৰাইজক স্বেচ্ছাসেৱী অনুষ্ঠানে সহায় সাহাৰ্য দিয়া

Read more

বাতৰিৰ বতৰা : বিলাসিনীৰ সময় আৰু এতিয়াৰ বিলাসিতা : ভাস্কৰজ্যোতি দাস

অসমত ছপা আখৰত বাতৰি ওলোৱা ব্যৱস্থাটোৱে এইবছৰ ১৭৭ বছৰত ভৰি থ’লে৷ ১৮৪৩ চনত শিৱসাগৰত মিছনেৰীসকলে মিছন প্ৰেছ স্থাপন কৰাৰ তিনি বছৰৰ পাছত ১৮৪৬ চনত “অৰুনোদয়” কাকতে অসমত নতুন বাট এটা মুকলি কৰিলে৷ লগতে অসমৰ থলুৱা লোকক সংবাদ পত্ৰ প্ৰকাশৰ দিশটোও চিন্তা কৰাৰ বাট মোকলালে৷ ইয়াৰে ২৫ বছৰৰ পাছত অৰ্থাত ১৮৭১ চনত মাজুলিৰ আউনীআটী সত্ৰৰ ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰা মুদ্ৰিত হৈ ওলাল অসম বিলাসিনী৷ পিচে, বিভিন্ন কাৰণত ১৮৮৩ চনমানত অৰুনোদই কাকতে শেষ পথৰ দিশে বাট লয়৷ ১৮৭৩ চনত অসমীয়া ভাষাই স্কুল, অফিচত

Read more

আহিন বুলীয়া অনুভৱ : সমীৰ সূৰ্য্যনীল বৰা

প্ৰকৃতিয়ে সময়ে সময়ে আৱৰণ সলায়, তাৰেই মূৰ্ত প্ৰকাশত পৃথিৱী এক নতুন ৰূপত দৃশ্যমান হয়, সমগ্ৰ জীৱসমাজেই অনুভৱৰ গভীৰ জোৱাৰত পৃথিৱীক ভাল পাবলৈ শিকে আৰু সেই পৰিবৰ্তিত সময়ৰ লগত নিজকে খাপ খুৱাই জীৱনটোক এক নতুন গতিৰে সজাই আগুৱাই লৈ যোৱাৰ এক প্ৰেৰণা বিচাৰি পায়৷ কেতিয়াবা ফাগুনৰ গভীৰ অনুভৱেৰে জীৱনক বিচাৰি চোৱাৰ হেঁপাহ, কেতিয়াবা বহাগৰ উতলা অনুভৱত জীৱনৰ প্ৰতিটো বসন্তক চুই চোৱাৰ এক গভীৰ মাদকতা আৰু কেতিয়াবা শাওনৰ উত্তাল বৰষাত সেউজীয়াৰ সপোনেৰে জীয়াই থকাৰ বাসনা। এনেকৈয়ে প্ৰকৃতিৰ বুকুলৈ সময়ে সময়ে ঋতুৰ আগমন

Read more

সাম্প্ৰতিক সময়ৰ অসমীয়া জাতীয় জীৱনত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰাসংগিকতা : ড° চাহিন জাফ্ৰি

সাম্প্ৰতিক সময়ৰ অসমীয়া জাতীয় জীৱন বুলিলে নানা সমস্যাৰে জৰ্জৰিত এক জটিল সন্ধিক্ষণৰ কথাই মনলৈ আহে। সমসাময়িক অসমৰ সমাজ-জীৱনত এক অস্থিৰ বাতাবৰণৰ সৃষ্টি হৈছে, যাৰ মূলতে দেশীয় ৰাজনীতি বা সাম্ৰাজ্যবাদৰ কথাকে ক’ব লাগিব। এই পৰিস্থিতিয়ে আমাৰ জাতীয় জীৱন বিপদাপন্ন কৰি তোলাৰ লগতে জাতীয় ভাষা-সংস্কৃতি যে কলুষিত কৰিছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কথা হ’ল, আমাৰ এই জটিল সন্ধিক্ষণত বেজবৰুৱাৰ প্ৰাসংগিকতাই জাতিটোক উদ্ধাৰ কৰিব পাৰিবনে?এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবৰ নিমিত্তে আজিৰ পৰা ডেৰশ বছৰৰ আগতেই তেওঁ যি ব্যৱস্থা লৈছিল, সেয়া আজিৰ সমাজত

Read more

মাৰ্ঘেৰিটাৰ বিননি শুনো ৰিণি ৰিণি -ধীৰেন শইকীয়া

মাৰ্ঘেৰিটা তিনিচুকীয়া  জিলাৰ মহকুমা। কয়লাৰাণী চহৰখন ব্ৰিটিছ শাসনকালতেই গঢ়ি উঠিছিল। ইতিহাসপ্ৰসিদ্ধ বুঢ়ীদিহিং, পাটকাই পৰ্বত, কেইবাখনো অৰণ্যভূমি আৰু চাহ-বাগিচাৰ সৌন্দৰ্যই আজিও মনোমোহা কৰি ৰাখিছে মাৰ্ঘেৰিটাক। ইটালীৰ ৰাণী মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জ্য’ভানা  দি চভিয়া (Margherita Maria Teresa Giovanna di Savoia)ৰ নাম অনুসৰি তেতিয়াই সাত সাগৰ তেৰ নদীৰ ইপাৰৰ অসমৰ তিনিচুকীয়া জিলাৰ সৰু ঠাইখনৰ নাম ৰাখিছিল মাৰ্ঘেৰিটা, তেওঁৰ জীৱনকাল আছিল  ১৮৫১-১৯২৬ বৰ্ষৰ ভিতৰত, তেওঁ আছিল ‘the Queen consort of the Kingdom of Italy’ তেওঁৰ নামৰ পৰাই ঠাইখনৰ নাম হ’লগৈ মাৰ্ঘেৰিটা। ৰাংৰি পাহাৰ আৰু পাটকাই পাহাৰৰ ঠাল-ঠেঙুলিয়ে  মাৰ্ঘেৰিটাক আৱৰি

Read more

উভটি চাওঁ- ডা° অঞ্জনজ্যোতি চৌধুৰী

২০১৬ চনৰ ১৯ আগষ্ট৷ দুপৰীয়া সময়ত নগাঁৱৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভালৈ মোক সন্মানীয় অতিথিৰূপে যাবলৈ অনুৰোধ কৰি অধ্যক্ষ শ্ৰীযুত দিলীপ কুমাৰ বৰাই ফোন কৰিছিল। ২০১৫ চনত মোৰ দাদা ড° অমৰজ্যোতি চৌধুৰীক সেই মহাবিদ্যালয়লৈ মাতিছিল বুলি খবৰ পাইছিলোঁ৷ যিহেতু মই দাদাৰ দৰে মেধাবীৰ তালিকাত নপৰোঁ সেইবাবে তেনে এখন শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰা বাবে আনন্দত অধীৰ হোৱাটো স্বাভাৱিক যদিও আচৰিতো হৈছিলোঁ। দাদাক তালৈ নিমন্ত্ৰণ কৰাটো গম পোৱাৰ পিছৰে পৰা ময়ো মনতে বৰকৈ আশা পুহি

Read more

কিম্বদন্তী তথা ইতিহাসে গৰকা মেৰবিল- ঋতুপৰ্ণা মহন্ত

প্ৰতিখন ঠাইৰে নামৰ আঁৰত একোটাহঁত কাহিনী থাকে। কোনোবাখন ঠায়ে যদি ইতিহাসজড়িত কাহিনী কঢ়িয়াই লৈ ফুৰে, কোনোবাখনে কঢ়িয়াই কিম্বদন্তী। অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত চাচনী মৌজাত অৱস্থিত অৰণ্যৰে আৱৰা মাজুলীসদৃশ ভূখণ্ড “মেৰবিল”ৰ সৃষ্টিক লৈয়ো ইতিহাস আৰু কিম্বদন্তী সংমিশ্ৰিত এটি মনোৰম কাহিনী যুগ যুগ ধৰি জনমানসত প্ৰচলিত হৈ আহিছে। কিম্বদন্তী অনুসৰি সোতৰশ শতিকাত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীৰাম আতাই বুঢ়ীদিহিং নদীৰ পাৰত বৰ্তমানৰ দুলীয়াজানৰ মহমাৰী অঞ্চলত সত্ৰ স্থাপন কৰি সপৰিয়ালে বসবাস কৰিছিল। শ্ৰীশ্ৰীৰামআতাৰ দ্বিতী (ঘৰুৱা নাম আইটি) নামেৰে এগৰাকী ৰূপে

Read more

ক্ৰমবিৱৰ্তন- বিকাশ ভৰালী

আমিবোৰ আকৌ কুঁজা হৈ গৈ আছোঁ৷ কালৰ চকৰিত ঘূৰি ঘূৰি আমিবোৰে নিজক শিক্ষিত মানৱ বুলি ক’বলৈ গৌৰৱবোধ কৰোঁ৷ নিজেই নাজানো আমি কিমান জানো, কিমান শিকিলোঁ৷ সাম্প্ৰতিক যুগত আমাৰ একমাত্ৰ লগৰী, আমাৰ অতিকে আপোন Smart Phone টো৷ এক কথাত ই আমাৰ বিপদৰো বন্ধু৷ পুভাৰ শেতেলি এৰাৰ পৰা ৰাতি চকুহাল জাপ নোখোৱালৈকে আমাৰ ছাঁ হৈ থাকে এইবিধ বিশেষ যন্ত্ৰ৷ অতি কম দিনৰ ভিতৰত অত্যাধুনিক বৈশিষ্ট্যৰ দ্বাৰা সমৃদ্ধ এইবিধ যন্ত্ৰই যেন নৱপ্ৰজন্মৰ দ্বিতীয়খন হৃদয়৷ অৱশ্যে বিশ্বায়নৰ যুগত এইবোৰ তেলেই সাধাৰণ কথা৷ বিশ্বৰ গতিৰ

Read more
1 6 7 8 9 10 27