ফটাঢোল

ৰাজনৈতিক চেতনা আৰু ৰাজনৈতিক বৰ্ণনা- হিতেশ্বৰ শৰ্মা 

আমাৰ ৰাজনৈতিক চেতনা কিমান? নাইবা ৰাজনৈতিক ভাৱে আমি কিমান সচেতন? আমি কোনো কালেই নিজকে প্ৰশ্ন কৰি চোৱা নাই। চাবলৈ গ’লে গোটেই ৰাজনৈতিক ধাৰণাটোৱে আমাৰ জীৱন ধাৰণৰ প্ৰয়োজনীয় উপাদানসমূহৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। এটা সাঁথৰ হ’ল ছক্ৰেটিছৰ ভেড়াৰ পাল আৰু  ভেৰাৰখীয়াৰ সম্বন্ধটো। ৰিপাব্লিক নামৰ পুথিখনত ছক্ৰেটিছে কথোপকথনৰ জড়িয়তে এটা ধাৰণা উত্থাপন কৰিছিল যে ভেড়াৰখীয়াই নিজৰ স্বাৰ্থৰ বাবে ভেড়াৰ পালন কৰে যদিও যিহেতু ভেড়াৰ পালটোৰ উৎকৃষ্ট ভাৱে লালন-পালন হোৱাটোতেই  মালিকৰ প্ৰকৃত স্বাৰ্থ সিদ্ধি হোৱাৰ সম্ভাৱনা থাকে সেয়হে মালিকে সদায়ে ভেড়াৰ স্বাৰ্থতেই

Read more

আত্মোপলব্ধি- চুমী মহন্ত

চাৰিওফালে ধ্বংস যজ্ঞ, মৃত্যুৰ লেলিহান শিখাই আক্ৰমণ কৰিছে সমগ্ৰ জগত, ধুমুহা বলিছে সংকটৰ, ইয়াৰ মহিমাত মানৱীয় অস্তিত্বই হাৰ মানিব লগা হৈছে। চাৰিওফালে কৰ’ণাৰ বিভীষিকা, মৃত্যুৰ তাণ্ডৱলীলাত সমগ্ৰ জগত জৰ্জৰিত। সমান্তৰালভাবে নিৰৱ ধৰিত্ৰীয়েও প্ৰতাৰিত হৈ চৰম ৰূপ ধাৰণ কৰিছে। বানপানী, ভূমিকম্প, বনজুই, কৃষিভূমিত বিষাক্ত কীট-পতঙ্গৰ আক্ৰমণ আদিৰ দৰে ঘটনাও সঘনে ঘটি থকা দেখা গৈছে। মানৱ জাতিৰ ভৱিষ্যত আৰু শ্ৰেষ্ঠত্বৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। প্ৰকৃততে মানৱ জাতি শ্ৰেষ্ঠত্বৰৰ যোগ্য নে? আচলতে ঘোষণাটো কোনে দিছিল? স্বয়ং মানুহেই নহয় জানো? কিন্তু এই শ্ৰেষ্ঠত্বৰ

Read more

এখন কিতাপ আৰু শিশুনাটৰ গুৰুত্ব- অনামিকা বড়া

গ্ৰন্থৰ নামঃ শিশুনাট ৰচনা, পৰিচালনা আৰু অভিনয় লেখকঃ প্ৰভাত গোস্বামী প্ৰকাশনঃ সঞ্জীৱন প্ৰকাশন প্ৰথম প্ৰকাশঃ ডিচেম্বৰ,২০১৯ মূল্যঃ ১২০ টকা মুঠ পৃষ্ঠাঃ ১১৫ সৰুতে বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহত কৰা একক অভিনয়, মুকাভিনয় আৰু একাংকিকা নাটেই আছিল অভিনয়ৰ নামত দুই এটা খোজ। শিকাওঁতা কোনো নাছিল। লগৰ বন্ধু বান্ধৱী মিলিত হৈ আমি নিজেই নাটকৰ বিষয়বস্তুৰ পৰা সংলাপলৈকে, মঞ্চসজ্জাৰ পৰা ৰূপসজ্জালৈকে সকলোখিনি আমি লগ হৈ কৰিছিলোঁ। স্বাভাৱিকতেই আমাৰ একমাত্ৰ লক্ষ্য আছিল পুৰষ্কাৰ। তাৰ বাহিৰে নাটকক লৈ একোৱে নাজানিছিলোঁ আৰু শিশুনাট বুলি যে এক সুকীয়া

Read more

মহাকবি কালিদাসৰ কিংবদন্তিমূলক জীৱন কাহিনী-চবিনা ইয়াছমিন

মহাকবি কালিদাসক সংস্কৃত সাহিত্যৰ অদ্বিতীয় কবি বুলি কোৱা হয়৷ কিন্তু তেওঁৰ জীৱন সম্পৰ্কে বৰ বিশেষ তথ্য পোৱা নাযায়৷ যিবোৰ তথ্য পোৱা গৈছে, সেইবোৰ পৰস্পৰ বিৰোধী৷ ইতিহাসতো এইবোৰৰ বিশেষ গুৰুত্ব নাই৷ বৰ্তমানলৈকে আমি এই কথাই নিশ্চিতকৈ ক’ব নোৱাৰোঁ যে মহাকবি কালিদাস কোন সময়ৰ কবি আছিল৷ কোনো কোনো পণ্ডিতৰ মতে তেওঁ প্ৰথম শতাব্দীৰ কাশ্মীৰৰ কবি৷ আন এচাম পণ্ডিতৰ মতে তেওঁ গুপ্ত বংশৰ সম্ৰাট চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ এজন৷ আৰু কিছু লোকৰ মতে তেওঁ দশম শতাব্দীৰ ধাৰা নগৰৰ ৰজা ভোজৰ বন্ধু৷ তদুপৰি কিংবদন্তিমূলক

Read more

জানো আহকচোন আমাৰ চিনাকি বেলিটোৰ দৰে নক্ষত্ৰবোৰৰ_জীৱন চক্ৰৰ বিষয়ে- পঙ্কজ বৰুৱা

আমি দেখা বা অস্তিত্ব অনুভৱ কৰা অস্তিত্ব অনুভৱ নকৰা, কিন্তু প্ৰকৃততি থকা গ্ৰহ নক্ষত্ৰ, উপগ্ৰহ নীহাৰিকা, তাৰকা ৰাজ্য, ধূমকেতু, উল্কা আদিকৰি সমষ্ট মহাকাশীয় বাসিন্দাক লৈ কল্পনা কৰা জগতখনেই হ’ল বিশ্বব্ৰহ্মাণ্ড৷ এই বিশ্বব্ৰহ্মাণ্ডৰ  যি বোৰ পিণ্ডৰ নিজা শক্তি উৎপন্ন কৰাৰ ক্ষমতা থাকে সেইবোৰে হ’ল নক্ষত্ৰ৷  এই নক্ষত্ৰ বোৰৰ সৃষ্টি হয় নীহাৰিকাৰ পৰা যি গেছ আৰু মহাকাশীয় ধূলীকণাৰে পৰিপূৰ্ণ৷ যেতিয়া কোনো এটা মহাকাশীয় পিণ্ড সৃষ্টিৰ পাছত তাত পাৰমাণৱিক বিক্ৰিয়া আৰম্ভ হ’ব ধৰে আৰু শক্তি আৰু তাপ উৎপন্ন কৰিব লয় তেতিয়াই এটা নক্ষত্ৰৰ

Read more

সেউজবোৰ বচাওঁ আহক- মনালিছা শৰ্মা                      

“Trees are poems that the earth writes upon the sky.” ― Kahlil Gibran আৰম্ভণিৰ পৰা এতিয়াৰ অৱস্থালৈ আহি পোৱালৈকে কেইবা কোটি বছৰৰো পৰিক্ৰমা অতিক্ৰম কৰা আমাৰ প্ৰায় ৪৫ কোটি বয়সীয়া ‘পৃথিৱী’ নামৰ গ্ৰহটোত জীৱৰ অস্তিত্বৰ কেতিয়াৰ পৰা আৰম্ভণি হৈছিল সেইটো সঠিককৈ কোৱা টান। ক্ষুদ্ৰাদিক্ষুদ্ৰ এককোষী জীৱৰ পৰা আৰম্ভ কৰি ডাইন’চৰৰ যুগলৈকে পৃথিৱীয়ে কেইবাটাও কঠিন পৰিস্থিতিৰ মাজেৰে বিৱৰ্তনৰ দিশে সদায় গতি কৰি আছে তথা প্ৰতিদিনে পৰিৱৰ্তনো হৈ গৈ আছে। আমাৰ পৃথিৱীৰ জলচৰ আৰু স্থলচৰ জীৱৰ অস্তিত্ব বজাই ৰখাত গছ-গছনিৰ ভূমিকাৰ বিষয়ে

Read more

হাঁ‌হি- ৰূপালীম শৰ্মা

“হাঁহি থাকক। অসমীয়া মানুহে হাঁহিব নাজানে বুলি বদনাম এটা আছে।” ব্যক্তি এজনে মোক তেনেকৈ কোৱা কথাখিনিৰ আগমূহুৰ্তত তেওঁৰ হাঁহি বিষয়ক লৈ দিয়া ফেচবুক পোষ্ট এটাত মই কমেণ্ট কৰিছিলোঁ- “হাঁহি ভাল পাও, কিন্তু হাঁহি উঠেহে কমকৈ।” এই যে মই কমেণ্টটো দিছিলোঁ‌, তাৰ আগৰ কিছু মুহুৰ্ততো মই হাঁহি বিষয়ক কথা কিছুমান লৈ নিজক জুকিয়াই চাইছিলোঁ‌ আৰু তেওঁ দিয়া কমেণ্ট ৰিপ্লাইটোৰ পিছতো বহুসময় ধৰি এই হাঁহি বিষয়ক কথাটো জুকিয়াই আছোঁ। কথাটো একেবাৰে হয় দেই, নিজকে ধৰি বেছিভাগ মানুহক সামৰি কথাটো প্ৰযোজ্য হয়। আমাৰ

Read more

দ্যা কিং অৱ বানানা- ৰূপম নাথ

দৰাচলতে আজিৰ দুমুখীয়া ব্যক্তিত্বৰ মূলতেই আমি এইবিধ ফলক স্বীকৃতি দিবই লাগিব। এইবিধ ফলৰ হেতুকেই আজিৰ তজবজীয়া জনসমাজত দপদপাই ফুৰা ব্যক্তিসকলে ভিন্ন বিষয়ত উজলি উঠাটো ইতিবাচক। কিন্তু ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু ৰচনা প্ৰস্তুত কৰি শৈশৱৰ অজেয় ফলবিধক তেওঁলোকৰ পিছৰ প্ৰজন্মক চিনাকি কৰাই দিয়াত দ্বিধাগ্ৰস্ত হোৱা দেখা যায়। এসময়ৰ বন্দিত ফলবিধ আজিৰ পাশ্চাত্য খাদ্যাভাসৰ বাবেই নিন্দিত হৈ থাকিল। সচাঁকৈয়ে লজ্জাৰ বিষয় আমাৰ কাৰণে। কেঁচা মাটিৰ গোন্ধ বুটলি ফুৰা চেচুকীয়া ঠাইৰ পৰা আটোমটোকাৰীকৈ ঘৰোৱাহি কৰি ৰক্ষণাবেক্ষণ দিব লগা অৱস্থাই বাৰুকৈয়ে হতচকিত কৰি

Read more

বিজ্ঞাপনৰ নাৰী আৰু নাৰীৰ ৰূপচর্চা- ৰ’দালি চেতিয়া

এখন ৰংচঙীয়া কৃত্রিম পৃথিৱী; যাৰ চিক্ মিকনি আৰু অবাস্তৱ সুন্দৰতাই সততে বিমুগ্ধ কৰে আমাক। আমি ভােল যাওঁ, বুর্বক সজাওঁ নিজকে বিজ্ঞাপনে মেলি দিয়া সেই ৰং-বিৰঙী পােহাৰত বিমুগ্ধ হৈ। বিজ্ঞাপনৰ সফলতা আচলতে সেইখিনিতেই; সেইখিনিতেই নিহিত হৈ থাকে ব্যৱসায়িক লাভা-লাভৰ অংকৰ মূল সূত্র। আমি বুজি নাপাওঁ, বুজাৰ প্ৰয়ােজনবােধেই নকৰোঁ অথবা বুজি পালেও সেই মায়াময় পৃথিৱীখনত আমি ইমানেই মােহাবিষ্ট হৈ থাকোঁ যে, সঁচা-মিছাৰ প্রভেদ অনুধাৱন কৰাটো আমাৰ বাবে হৈ পৰে দুৰূঢ়। এক কথাত আমাক অন্ধ কৰি তােলে বিজ্ঞাপন জগতখনৰ চকু চাট মাৰি ধৰা

Read more

সুখ, দুখ আৰু অন্যান্য- দিব্যজ্যোতি শৰ্মা

সৰুতে প্ৰাথমিক বিদ্যালয়ত থাকোঁতে এটি পদ্য পঢ়া মনত আছে। পদ্যটোৰ এটা শাৰী আছিল, “সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পাই জীৱনত দুখৰ উপৰি দুখ৷” তেতিয়া পৰীক্ষাত প্ৰথম আঠশাৰী মুখস্থ লিখিবলৈ আৰু পুৱা গধূলি মনোযোগেৰে পঢ়া দেখুৱাবলৈকে এই পদ্যসমূহ উৰাই-ঘূৰাই চিঞৰি চিঞৰি মাতিছিলোঁ৷ সেই সময়ত তাৰ গূঢ়াৰ্থ বুজি পোৱা নাছিলোঁ। পিছে এতিয়া বুজিছোঁ যে আচলতে সুখ-দুখ আদিবোৰ একোটা আপেক্ষিক ধাৰণাহে মাত্ৰ৷ এইবোৰ বিচাৰি অযথা হাবাথুৰি খাই থাকি লাভ নাই৷ প্ৰকৃতাৰ্থত সুখ বা দুখৰ কোনো নিৰ্দিষ্ট সীমাৰেখা নাথাকে৷

Read more
1 7 8 9 10 11 27