ফটাঢোল

সাহিত্য, ভাষা, ডিজিটেল মিডিয়া ইত্যাদি

“লিখিলেই সাহিত্য নহয়, ঠিক যিদৰে আঁকিলেই ছবি নহয়, গুণগুণালেই গান নহয়, অথবা কঁকালটো ভাঙিলেই নাচ নহয়।”(১) অথচ কোনবোৰ লেখা সাহিত্যত পৰিব বা কোনবোৰ লেখা সাহিত্যৰ পৰিসৰৰ বাহিৰত থাকিব সেই সম্পৰ্কে ধাৰণা কৰাটোও প্ৰকৃতাৰ্থত বৰ জটিল কাম। বহুতেই সাহিত্যক বিভিন্ন সংজ্ঞাৰে বান্ধিবলৈ যত্ন কৰিছে যদিও প্ৰায়বোৰ সংজ্ঞাই আমাক সাহিত্য সম্পৰ্কে ধূঁৱলি-কুঁৱলী ধাৰণা এটাহে দিয়ে। উদাহৰণস্বৰূপে,কোনোৱে কৈছে-“সাহিত্য হ’ল জীৱন বীক্ষা” অথবা “সাহিত্য জীৱনৰ অভিজ্ঞতাৰ বৰ্ণনা।” কিন্তু জীৱনৰ অভিব্যক্তি হ’লেই জানো সাহিত্য হয়! সাহিত্যৰ বাবে কেৱল জীৱনৰ অভিজ্ঞতাই একমাত্ৰ উপাদান বুলি ধৰিলে প্ৰত্যেকগৰাকী

Read more

বসন্তৰ আগমন, সাম্প্ৰতিক সময় আৰু আমাৰ ভৱিষ্যত- অঞ্জলি গগৈ বৰগোহাঞি

তিতা ধানখেৰৰ ছাই সমনীয়া তিতা ধানখেৰৰ ছাই; অতি চেনেহৰ বহাগৰ বিহুটি হাততে মলঙি যায়৷ “ ভয়ত ম্ৰিয়মান হৈ ঘৰত বন্দী হৈ থাকিলেও প্ৰকৃতিয়ে আমাক বসন্তৰ আগমনৰ বতৰা দিলে৷ কুলিজনীয়ে পাতৰ আঁৰৰ পৰা বিনালে, দুভাগ নিশা কেতেকীৰ বিননি শুনি সাৰ পালোঁ, গছৰ ডালত কপৌ ফুলিল, নাহৰ-তগৰৰ গোন্ধত ধৰণী আমোলমোল হ’ল, গছ-বিৰিখত কোমল কুঁহিপাতে হাঁহিলে৷ চিৰাচৰিত প্ৰকৃতিৰ নিয়ম অনুসৰি আমাৰ সকলোৰে প্ৰিয় ঋতু বসন্ত আমাৰ মাজলৈ আহিল৷ পৃথিৱীৰ সমস্ত মানৱ জাতিৰ মাজত নীৰৱতা, ভয়, উদ্বিগ্নতা আদিৰ মাজত চেপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিলেও

Read more

ভবিষ্যত অনাগত নহয়, বৰ্তমানেই ভবিষ্যত- হিমাংশু ৰাজখোৱা

প্ৰাণৱন্ত নগৰখনক যেন নিশাৰ ভিতৰতে যাদুকৰে ৰুমাল জোকাৰি পৰিণত কৰিলে এখন মৃত নগৰীত! নগৰৰ মুখ্য প্ৰবেশ বন্ধ, জনশূন্য স্থলপথ, ৰুদ্ধ আকাশী পথ, বন্ধ পোহাৰ, নিৰ্জন খেলপথাৰ, স্তব্ধ সকলো কাৰ্যালয়, নিষিদ্ধ সকলো সমাবেশ। নগৰৰ প্ৰতিটো কোণত কেৱল তহলদাৰী আৰক্ষীৰ বাহন আৰু মহাকাশচাৰীৰ পোচাকেৰে তৎপৰ চিকিৎসাকৰ্মীৰ দল।আতংকিত নগৰবাসী গৃহবন্দী। চাৰিওফালে মাথো ফুচফুচ আলোচনা, কোন পথেৰে আহি এইবাৰ সোমাব সেই অদৃশ্য শত্ৰু! ঠিক যেন বিজ্ঞানভিত্তিক কোনো কল্প কাহিনীৰ পটভূমি! পিচে পৃথিবীৰ প্ৰায় সকলো ডাঙৰ মহানগৰীৰ এনে ৰূপান্তৰেই যেন সকলোৱে দেখিছে সম্প্ৰতি। যেন এক

Read more

সম্পাদকীয়–সোনটো ৰঞ্জন বৰুৱা

“আহ আহ ওলাই আহ সজাগ জনতা আহ আহ ওলাই আহ পোহৰ আনোতা …………..” – ভূপেন দা এটা আন্দোলনৰ প্ৰয়োজনীয়তাঃ- হয়, আন্দোলন এটাৰ খুবেই প্ৰয়োজন হৈছে৷ ইমানবোৰ আন্দোলনৰ মাজতো আকৌ আন এটা আন্দোলনৰ এটাৰ খুবেই প্ৰয়োজন হৈছে৷ অপ্ৰিয় যদিও সত্য যে বিগত কেইদশকমান ধৰি জাতিটোৱে মূলত এটা দিশতে নিজৰ অস্তিত্ব খুব সবলকৈ জাহিৰ কৰিব পাৰিছে; সেয়া হৈছে আন্দোলন৷ অন্যায় অনিয়মৰ প্ৰতিবাদ হ’ব লাগে৷ কিন্তু আমি সঠিক দিশত আন্দোলনবোৰ আগবঢ়াই নিব পাৰিছোঁনে? সমস্যাবোৰ শেষ হ’লনে?  এই আন্দোলনবোৰ নেতা, মন্ত্ৰী, এমএলএ গঢ়াৰ কমাৰশাল

Read more

সম্পাদকৰ মেজৰ পৰা: ভাৰণ্ড পক্ষীৰ সাধু আৰু এমুঠি চিন্তা – আৰাধনা বৰুৱা

খহি পৰিলেও কাজল আকাশ, পকনীয়াত নেহেৰুৱাব হাঁহি দুৱাৰত কঠোৰ টোকৰত ৰাতিবোৰ ছেদেলি ভেদেলি হয়৷ ধুমুহা এজাকৰ দৰে কেইবাজনো সোমাই আহে৷ ৰাতি দুই বজাত পাকঘৰৰ চৌকা জ্বলে৷ চূড়ান্ত ধৃষ্টতাৰে উদ্যত মাৰণাস্ত্ৰ ডাইনিং টেবুলত ৰাখি সিহঁতবোৰে ধোঁৱাবলি থকা ভাত খায়৷ কেতিয়াবা দুদিন তিনিদিন ধৰি কোনোবা এটা কোঠাৰ দুৱাৰ বন্ধ কৰি সিহঁত সোমাই থাকে৷ ঘৰৰ গৰাকীৰ অনুমতি লোৱাৰ প্ৰয়োজনবোধৰ প্ৰশ্নই নুঠে! বন্ধ দুৱাৰৰ ফাঁকেৰে গুলীয়াগুলী, জাতীয় পতাকা জ্বলাই দিয়া ইত্যাদি টুকুৰা টুকুৰ বাক্যবোৰ চিগাৰেটৰ ধোঁৱাৰ লগত উৰি আহে৷ কেতিয়াবা আহে গোটেই ঘৰখনকে গুলীয়াই

Read more

সম্পাদকীয় – দেবজিত শৰ্মা

জীৱন যুঁজ, সুখ-দুখ আৰু Windows 10 অপাৰেটিং চিষ্টেম জীৱনৰ যুঁজ! খুব পৰিচিত শব্দ, নহয় নে? হয়, আপুনি বা মই, আমি সকলোৱে নিজৰ নিজৰ জীৱনটোত ক’ৰবাত নহয় ক’ৰবাত এখন যুঁজত অৱতীৰ্ণ হৈ আছোঁ৷ খুবেই স্বাভাবিক, নিজৰাৰ সৌন্দৰ্য্যও শিলত ঠেকা খালেহে প্ৰতিস্ফুত হয়৷ শিশুৰ প্ৰথম কান্দোনৰপৰা যৌৱনৰ জীৱিকা, ঘৰ-সংসাৰৰ ঘাত প্ৰতিঘাতৰ মাজতেই জীৱনটো নিজৰ গতিৰে সুন্দৰ! পোৱা নোপোৱা, সুখ-দুখ, প্ৰাপ্তি-প্ৰত্যাখ্যান আদিৰ মাজতেই জীৱনৰ পৃষ্ঠাবোৰত যোগ হৈ যায় দিন-মাহ-বছৰ ইত্যাদি৷ ক’ৰবাত পঢ়া মনত আছে “add life to your days, not days to your

Read more

সম্পাদকীয়–ৰূপাংকৰ চৌধুৰী

গ্ৰন্থৰ সুবাস, চ’ছিয়েল মিডিয়া আৰু আমি প্ৰতিটো লেখাৰ মাজত সোমাই থাকে লেখক/লেখিকাৰ নিজস্ব অধ্যয়ন, অধ্যৱসায়, সামাজিক অন্বেষণ আৰু নিজস্ব উপস্থাপন শৈলী৷ অধ্যয়ন-পিপাসু ব্যক্তিৰ লেখাত এক বিশেষ মাত্ৰা দিয়ে তেওঁলোকে অধ্যয়ন কৰি আৰ্জন কৰা অভিজ্ঞতাৰ ভাণ্ডাৰে আৰু তেওঁলোকৰ একাণপতীয়াভাৱে লাগি থকা মানসিকতাই৷ তদুপৰি অতি গুৰুত্বপূৰ্ণভাৱে, লিখকজনৰ সমল বুলিবলৈ তেখেতৰ চৌদিশৰ সমাজ আৰু সামাজিক বাতাবৰণৰ এক বিশেষ অৰিহণা থাকে৷ চৌদিশৰ সমাজখনক বুজিবলৈ ব্যক্তিজন সামাজিকভাৱে দায়বদ্ধ হোৱাৰ লগতেই প্ৰয়োজন হয় তেখেতৰ চৌদিশৰ সমাজ ব্যৱস্থাৰ প্ৰতি এক কৌতূহলী মনোভাৱ৷ সেই কৌতূহলী মনোভাৱ লিখকজনৰ মাজত

Read more

সাম্প্ৰতিক: সম্পাদকৰ একলম– শ্ৰী ৰক্তাভ কুমাৰ

* জীৱন তোক বৰ ভাল পাওঁ * পৰিস্থিতি – ১ প্ৰশান্ত মহাসাগৰৰ বিশাল বক্ষত এটি জনপ্ৰাণীহীন দ্বীপত যদি দুৰ্ভাগ্যক্ৰমে আপুনি অকলশৰীয়া দিন কটাবলগীয়া হয়! তেন্তে কি কৰিব? পৰিস্থিতি – ২ আপুনি এজন অন্তৰ্মুখী ব্যক্তি। আধুনিক সমাজখনৰ জীৱন-প্ৰণালীৰ লগত আপুনি একাত্মতা ৰাখিব পৰা নাই। গতিকে এই সকলোবোৰৰ পৰা আঁতৰত গৈ স্ব-ইচ্ছাই নিজৰ ঘৰ-দুৱাৰ এৰি, পৰিয়াল-বন্ধুবৰ্গৰ সান্নিধ্যৰ পৰা বহু নিলগত প্ৰকৃতিৰ মাজত অকলশৰীয়াকৈ এটি দুঃসাহসিক জীৱন কটোৱাৰ আপুনি হেঁপাহ ৰাখিছে। প্ৰথম পৰিস্থিতিত ভয় নাখাব। এয়া যদি আপোনাৰ লগতো হয় তেন্তে তাৰ লগত

Read more

সম্পাদকীয়–ডা° পাৰ্থ সাৰথি ভূঞা

চিঞাহীৰ প্ৰাচীন সুগন্ধি : সম্পাদক মহোদয়, সোমাব পাৰোঁনে? চেম্বাৰৰ দুৱাৰখন কিঞ্চিৎ ফাঁক কৰি মূৰটো সুমুৱাই ফূৰ্তিবাজ বন্ধুজনে মাত দিলে। : হাঃ হাঃ, ধেই, আহা আহা৷ বন্ধুক ভিতৰলৈ মাতি চকীখনৰ ফালে দেখুৱাই বহিবলৈ ইংগিত দিলোঁ। বন্ধু সোমাই অহাৰ সময়ত মই লেপটপটো খুলি লগতে কাগজ কলম লৈ কিবা ন’ট কৰি আছিলোঁ ফটাঢোল ই আলোচনীৰ কামত। : হয় দিয়া, ডাক্তৰৰ চেম্বাৰত আছোঁ নে সম্পাদকৰ কোঠালিত আছোঁ ধৰিবলৈকে দিগদাৰ হৈছে৷ চকীখনত বহি লৈ বন্ধুৱে হাঁহি হাঁহি আকৌ ক’লে৷ বন্ধুৰ কথা শুনি মোৰ মনটো ভৱেন্দ্ৰনাথ

Read more

সম্পাদকীয়—অভিজিত দত্ত

ভাল মানুহৰ প্ৰেম পঢ়ি থকা দিনৰ কথা। কেতিয়াবা ঘৰত জনাই আৰু কেতিয়াবা ঘৰত নোকোৱাকৈ চিনেমা হললৈ যাওঁ। সেয়া ১৯৯২ চনৰ পৰা ১৯৯৭ চনমানৰ কথা। সেই সময়ত আমি উপভোগ কৰা অধিকাংশ বোলছবিত নায়ক আৰু নায়িকাৰ মাজত থকা প্ৰেমক মহান ৰূপত প্ৰদৰ্শন কৰা হয়। অৰ্থাৎ নায়ক আৰু নায়িকাৰ প্ৰেম ইমানেই শক্তিশালী আৰু পবিত্ৰ হয় যে এই প্ৰেমে সকলোবোৰ বাধা নিষেধ পাৰ কৰি সমাজ এখনৰ ধ্বজা বাহক হৈ পৰে। সেই সময়তেই মনত প্ৰশ্ন এটাৰ উদয় হৈছিল। সমাজৰ শ্ৰেণী ভিন্নতা, জাত-পাতৰ ভিন্নতা আদি বাদ

Read more
1 2 3 4 5 6 7