ফটাঢোল

ফটাপ্ৰেম- মৌচুমী গগৈ

প্ৰেম এক স্বৰ্গীয় অনুভূতি। যাক অনুভৱ কৰিবলৈ এক পৈনত মনৰো প্ৰয়োজন৷ কিন্তু সেই সময়ত মই এই বিষয়ে একেবাৰেই অজ্ঞ আছিলোঁঁ৷ সেই সময়ত মই নৱম মানৰ ছাত্ৰী আছিলোঁঁ৷ দেউতাৰ চৰকাৰী চাকৰি সূত্ৰে আমি সৰুৰেপৰাই এঠাইৰ পৰা আন এঠাইলৈ বাগৰি ফুৰিব লগা হৈছিল৷ অংকত মোৰ অসামান্য পাৰদৰ্শিতা দেখি দেউতাই মোৰ ভবিষ্যত অন্ধকাৰ হোৱাৰ আগতেই অংকৰ টিউচন এটা ঠিক কৰি দিলে৷ ৰাতিপুৱা সাত বজাৰ পৰা আঠ বজালৈ টিউচন আছিল। ছাৰৰ ঘৰ আমাৰ ঘৰৰ পৰা আধা ঘণ্টামানৰ ব্যৱধান আছিল। অকলে যাবলৈ ভাল নালাগে বাবে

Read more

ফটাপ্ৰেম-দেৱজিত নাথ

সেয়া কলেজত পঢ়ি থকা দিনৰ কথা৷ সম্ভৱত ডিগ্ৰী ছেকেণ্ড ইয়েৰৰ শেষৰ ফালৰ কথা। আমাৰ বন্ধুৰ গ্ৰুপটো বহুত ডাঙৰ আছিল৷ কম্পিউটাৰ চাইন্স আৰু ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্টৰ প্ৰায় ত্ৰিশজনীয়া এটা গ্ৰুপ আছিল আমাৰ। কলেজ কেম্পাছৰ ভিতৰত বেচ আড্ডা জমি থাকিছিল আমাৰ মাজত৷ দুই এজনক বাদ দি বাকীবোৰৰ গাৰ্লফ্ৰেণ্ড জাতীয় বস্তুটো নাছিল৷ সেয়ে বহুতে আৰ্টছৰ ডিপাৰ্টমেণ্টবোৰৰ য’ত ধুনীয়া ধুনীয়া ছোৱালী আছিল, তাৰ আগেদি প্ৰায়ে সঘন আহ যাহ চলাইছিল কিন্তু কাম হ’লে সিজা নাছিল কাৰো৷ নাজানো কিয় আমাৰ ইমেজবোৰ ভালেই নাছিল নেকি ছোৱালীবোৰৰ মাজত..! নিজৰ

Read more

ৰিয়াৰ প্ৰেম- বৰ্ণালী এচ মুদৈ

সম্পৰ্কীয় মামাৰ ছোৱালী ৰিয়াই একেৰাহে ফোন কৰি আছে, মইহে ৰিচিভ কৰা নাই। আজি তিনিদিন ধৰি তাই মোক গৰু বিচৰাৰ দৰে বিচাৰি আছে। কথাটো কি বুজিব পৰা নাই। এনেয়ে মোৰ খবৰ ল’বলৈ তাইৰ সময়েই নাথাকে। নিশ্চয় দৰকাৰী কিবা কাৰণ। মোৰ জৰিয়তে তাই নিজৰ কিবা উদ্দেশ্য পূৰণ কৰিব বিচাৰিছে চাগৈ। ধুনীয়া ছোৱালীবোৰে আমাৰ দৰে ঠাণ্ডা-মুণ্ডা ল’ৰাবোৰক নাকত ধৰি চাকত ঘূৰোৱাত বেছ ওস্তাদ! মোৰ ধাৰণা, পৃথিৱীৰ বুকুত ধুনীয়া ছোৱালীবোৰতকৈ বিপদজনক প্রাণী আৰু এটাও নাই! ফোন ধৰাৰ লগে লগে সিপাৰৰপৰা ৰিয়াই চিঞৰিলে, : ঐ

Read more

তুম বিন- বাগ্মিতা ৰাজখোৱা বৰকাকতি(বাৰ্বী)

ঘটনাতো মই দশম শ্ৰেণীত পঢ়ি থকা সময়ৰে। স্কুল তিনি বজাত ছুটী হয় আৰু স্কুলৰ পৰা আহিয়েই নাকে মুখে ভাতকেইটা গুজি চাৰি বজাত অংকৰ টিউচন কৰিবলৈ যাওঁ৷ আমাৰ টিউচন দুমাহমান যাওঁতেই গ্রুপটোত নতুনকৈ ল’ৰা এজন আহিল৷ কথা-বতৰা পাতি গম পালোঁ সিহঁত এনেই শিৱসাগৰৰ যদিও দেউতাকৰ পুলিচৰ চাকৰি আৰু ট্ৰেন্সফাৰ হৈ নতুনকৈ আমাৰফালে আহিছে৷ ল’ৰাটো দেখাই শুনাই, ৰঙে-বৰণে বৰ আকৰ্ষণীয় আছিল। সেইটো বছৰতে ‘তুম বিন’ চিনেমাখন ৰিলিজ হৈছিল আৰু তাৰ টাইটেল চং “তুম বিন জিয়া জায়ে কেইছে.. কেইছে জিয়া জায়ে তুম বিন

Read more

চেকেণ্ড হেণ্ড প্ৰেমপত্ৰ- দিম্পল কলিতা

আমি যিমানেই আধুনিক হৈ আহিছোঁ লাগিলে তথাপিও কিন্তু প্ৰেমৰ ক্ষেত্ৰখনত সেই বগা কাগজৰ চিয়াঁহীৰ আৱেগৰ শব্দবোৰৰ এক সুকীয়া পৰিচয় আছে। মোবাইলৰ কিপেইডত ভাল পোৱাৰ প্ৰকাশখিনি কৰিবলৈ যিমান সহজ তাতকৈ অধিক কঠিন এখন উকা কাগজত শব্দবোৰেৰে প্ৰেমৰ প্ৰকাশ কৰা৷ এতিয়াৰ গুড মৰ্নিংৰ পৰা ৰাতি শুই যোৱাৰ সময়ত দিয়া চুমাৰ চিম্বলটোৰ মেছেজটো সকলো যেন তেনেই সহজলভ্য। প্ৰতিটো বিষয়, প্ৰতি সময়ৰ খবৰ প্ৰিয়জনৰ ওচৰত। কিবা যেন ভাললগাৰ মাজতো কিবা ভাল নলগা৷ অলপ দূৰত্বৰ প্ৰয়োজন আছে যি দূৰত্ব চিঠিয়ে দিছিল সেই সময়বোৰত প্ৰেমক৷ সঁচা

Read more

উদৰস্থ প্ৰেম- সৃষ্টি শ্বৱনম

ৰমেশৰ এইকেইদিন ভীষণ ট্ৰেজেদি। ৰমলাৰ লগত যি পকা কঁঠালৰ দৰে মলমলাই থকা পীৰিতি চলাই আছিল, মাজতে দুফাল হ’ল‌। হওঁতে তিনিমাহমান পাৰেই হ’ল। কিন্তু তাক এৰাৰ পৰা মৰতীয়ে ফেচবুকত যিহে ফটো দিবলৈ ধৰিছে। লগৰকেইটাই দেখুৱালে তাৰ গাটো গৰম তেলত পানী মাৰি পঠোৱাৰ দৰে ছটছটাই উঠে। নিজকে কাৰ্তিক বুলি ভবা ৰমেশে বুজি পোৱা নাই সদায় পেটুলি পেটুলি বুলি কৈ থকা ৰমলা তিনিমাহতে তাৰ বাৰীৰ পাছফালৰ কুমলীয়া বাঁহকেইডালৰ দৰে কেনেকৈ হ’ল? তাৰ লগত ৱাটছএপ কৰি থকা কেইজনীয়েও তাক এতিয়া গুৰুত্ব নিদিয়া হৈছে। সদায়নো

Read more

ৰ’বাচোন, কথা এটা আছে- নিৰ্মালী বৰমুদৈ

: অয়ে নিৰ্মালী উঠ যায়ৌ য়াৰ। কলচে হমলগো কা অচ্ছে দিন খটম হ’গা। শ্বিল্ংৰ বান্ধৱীজনীৰ মাতত ঘপহকৈ সাৰ পাই গ’লোঁ। : কিউ ৰে? ক্যা হুৱা? : অউৰ ক্যা হোগা! কলচে হম লগো কা জিমচি (গুৱাহাটী মেডিকেল কলেজ) কা ডিউটি খটম। অউৰ ধীৰেনপাৰা MCH মে ডিউটি ষ্টাৰ্ট হ’গা। : হোৱাট দ্য হেল! এইবুলি  চিঞৰ মাৰি একেজাঁপে বিছনাত বহি ল’লোঁ। কিবা অকন বিষাদৰ আইচবাৰ্গে যেন খুন্দিয়াই গ’ল। দুখ নালাগিবনো কিয়? ডিউটিৰ নামত কিমান যে ইণ্টাৰ্ণ ডক্টৰকেইটাৰ লগত কথাৰে মিহি মিহিকৈ চুগাৰ অকন

Read more

এনেকৈয়ে ভাগেনে সপোন-পৰীস্মিতা দাস

প্ৰেম হেনো মানুহৰ জীৱনলৈ আহে সংগোপনে৷ ময়ো বিচাৰিছিলোঁ, মোৰ জীৱনলৈও প্ৰেম আহক৷ আহিছিল৷ বাৰিষাৰ বানৰ দৰে প্ৰেম আহি বাৰে বাৰে খহাইছিল মোৰ বুকুৰ গঢ়া৷ কিন্তু প্ৰেম চিৰস্থায়ী হ’লেও সম্পৰ্কবোৰ যেন ক্ষন্তেকীয়া৷ চাৰিবছৰ ধৰি মৰহি যোৱা সম্পৰ্ক এটাৰ স্মৃতিকেই মনৰ মাজত সামৰি আছোঁ৷ ভাবিছিলোঁ, আৰু প্ৰেমত নপৰোঁ৷ কিন্তু প্ৰতিবাৰ বহাগী মলয়াই অলপ অলপকৈ জোকাই যোৱা মনটোক এইবাৰ যেন বেছিকৈয়েই চুই গ’ল৷ আকৌ প্ৰেমত পৰিবলৈ মন গৈছে মোৰ৷ ভাল লগা হৈছে কোনোবা এজনক৷ তেওঁৰ কথা ভাবি থকা সময়ত পাহৰি যোৱা হৈছোঁ পুৰণি

Read more

 বিয়েৰিং চিঠি- দেৱজিত শইকীয়া

কলেজত প্ৰথম নামভৰ্তি কৰাৰ সময়ৰ কথা৷ কলেজৰপৰা দুপৰীয়া আহি পাইছোঁ। মায়ে বোলে বাবা, তোৰ চিঠি এখন আহিছে, টেবুলতে আছে৷ চিঠি বুলি শুনিয়েই বুকুখন ধিপিংকৈ মাৰিলে৷ ধিপিং মানে ষ্ট্ৰ’ক মাৰিবলৈহে বাকী৷ হে হৰি আজিও আহিছে? এই মৰতীয়ে মোক মাৰিহে এৰিব৷ চাল্লা বাঘে খাইতিয়ে নিজৰ এড্ৰেছটোও নিদিয়ে নহয়৷ দৌৰ মাৰি গৈ পঢ়া টেবুলৰ ওপৰত মায়ে প্ৰেক্টিকেল বক্সটোৰে ঢাকি থোৱা চিঠিখন লৈয়েই কোনেও নেদেখাকৈ পকেটত ভৰালো৷ বাহিৰৰপৰা মাৰ প্ৰশ্ন “কাৰ চিঠি?” মই সেপ এটা ঢুকি বোলো, “মা, দিগন্তৰ৷” মায়ে বোলে, কোন দিগন্ত? “ধেই,

Read more

ধৈ জিন্দেগী- খনিন্দ্র ভূষণ মহন্ত।

“আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব…” মঞ্চৰ পৰা আহি থকা ৰিণি-ৰিণি মাতটোৱে মোক বাৰুকৈয়ে টানিলে। এনেও গানটো অত্যন্ত প্রিয় বাবেই কিজানি আকুলতাখিনি অলপ বেছিয়েই আছিল। নাজানিলোঁ। মই কিবা এটা কামত আই.টি. বিল্ডিঙত আছিলোঁ, প্রতিযোগিতা হৈ আছিল অ’পেন ষ্টেজত। লগত যিটো আছিল সেইফেৰাই দুই-এটা ভঙা-ভঙা অসমীয়া ক’ব পাৰে। সেইটোৰ আগত কি অসমীয়া গানৰ গুণ বখানিম! ইফালে মনেও মনা নাই। ইমান ধুনীয়াকৈ গোৱা ছোৱালীজনী যে আমাৰ লগৰতো নহয়েই, এটা বেটচ্ তলৰো নহয় মই চিয়’ৰ। “কোন হ’ব পাৰে বাৰু?”- মনে ঘৰে এই

Read more
1 8 9 10 11 12 31