ফটাঢোল

ফটাপ্ৰেম- অভিজিৎ গোস্বামী

কাহিনী কলেজৰ দিনৰে। অসমৰ পৰা বাহিৰত পঢ়িবলৈ যোৱা সময়ৰ ঘটনা, ২০০৫ চনৰে কথা। তেতিয়া মোবাইল ফোনটো আজিৰ দৰে ইমান সহজলভ্য হোৱা নাছিল। গতিকে পিতায়ে দিয়া পইচাৰে কিবাকৈ নকীয়া ১১০০ মডেলৰ ফোন এটা যোগাৰ হ’ল। প্ৰথম ফোন জীৱনৰ, যথেষ্ট আনন্দ পাইছিলোঁ সেইটো জেপত লৈ ফুৰি। জীৱনৰ প্ৰথম চিমখন আছিল তেতিয়াৰ হাটছ উৰফে আজিকালি ভডাফোনৰ। তেতিয়া আজিকালিৰ দৰে হোৱাতচআপও নাছিল, গতিকে ফোন কৰাটো অলপ খৰচীয়ে আছিল। কিন্তু তেতিয়া প্ৰায়বোৰ কোম্পানীৰ মেছেজৰ ভাল অফাৰ পোৱা গৈছিল। এদিনৰ বাবে প্ৰায় ১০০ বিনামূলীয়া মেছেজ পোৱা

Read more

প্ৰেমত ফুলিছে শতদল- দেবজিত শৰ্মা

সেয়া ২০০৩ চন মানৰ কাহিনী৷ আমাৰ কলেজৰ বকুল আৰু কৃষ্ণচুড়াই মায়াবী পৰিবেশ এটাৰ সৃষ্টি কৰিছে, অৱশ্যে কলা শাখাৰ কাৰণেহে এই পৰিবেশটোৰ প্ৰাসংগিকতা আছে৷ আমাৰ বিজ্ঞান শাখাৰ বেছি ভাগ শিক্ষাৰ্থীয়েই তেতিয়া কোৱাৰেণ্টাইনত থকাৰ দৰেই পৰিবেশ এটা বিৰাজ কৰিছিল৷ দুই এজনে সেই পৰিবেশত নিজকে বিলীন কৰি দিছিল যদিও পৰীক্ষাৰ নম্বৰৰ ক্ষেত্ৰত ফ’ল’ অন কৰি থকা আমাৰ দৰে মধ্যমীয়াবোৰে ‘আইচ’লেচন’তে দিন পাৰ কৰিব লগা হৈছিল৷ আমাৰ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত শিক্ষাৰ্থীৰ সংখ্যা কম আছিল আৰু স্নাতক বৰ্ষৰ যিকোনো শাখা বা নিজৰ শ্ৰেণীৰো অন্য শাখাৰ

Read more

ইংৰাজী চাৰ-নীলাক্ষী কাকতি

:বচোৱা বৰুণ মোক বচোৱা৷ :মই ধৰিছো ৰীমা৷ তুমি মাত্ৰ মোৰ হাতখন নেৰিবা৷ : অ মা –মা–৷ কি হ’ব মোৰ এতিয়া? বিয়া নোহোৱাকৈয়ে মৰিম মই এতিয়া৷ পাটৰ কাপোৰ, সোণৰ গহণা পোৱাৰ  চব আশা মোৰ এনেয়ে গ’ল৷ :ধেই নিচিঞৰিবা৷ মই আছো নহয়৷ :আ..আ পৰিলোঁ৷ ক’তা? মই পৰা নাইচোন! পানী ক’ৰ পৰা আহিল? ৰীমাই চকু মোহাৰি মোহাৰি চাৰিওফালে এবাৰ চালে৷ :অই অসনীজাতী৷ বেলি মূৰৰ ওপৰত উঠিল৷ মহাৰাণীৰ বিচনাৰ পৰা উঠিবই হোৱা নাইনে? : অহ! মোক মানে আজিও মাদাৰ ইণ্ডিয়াই পানী ঢালিলে৷ ধেই৷ ইমান

Read more

বাটৰ ঘাঁহ বন চাফা- জ্যোতিৰ্ময় কলিতা

প্ৰেম কাৰ জীৱনলৈ নাহে৷ হয়তো কিছুমান প্ৰেম অপ্ৰকাশিত হিচাপে ৰৈ যায়৷ এই ধৰক ছোৱালীজনী বা ল’ৰাজনক ভাল লাগে ক’বলৈ সাহস নহয় বা লাজ সংকোচ ভাবৰ বাবে নিজৰ বন্ধু বান্ধৱীৰ মাজতো প্ৰকাশ কৰা নহয়৷ কিজানি সিহঁতে জোকাবলৈ লয়৷ কিন্তু মই প্ৰাণীটো অলপ ভিন্ন। ৰাস্তাত ছোৱালী এজনী ভাল লাগিলেই লগৰ দুই তিনিজন মানক লগালগ ফোন কৰি জনাই বিৰাট ভাল পাওঁ৷ এনেকৈয়ে এদিন আমাৰ গাঁৱৰে ছোৱালী এজনীক হঠাৎ ভাল লাগিল৷ মই কথাটো লগৰ দুজনক নিশাৰ আড্ডাৰ সময়ত ক’লোঁ৷ দুদিনলৈ ঠিকেই আছিল৷ মই জনা

Read more

জীৱনৰ ইটো সিটো- চবিনা ইয়াছমিন

লক ডাউনৰ সময়চোৱাত সময়সূচীৰ তালিকাখনৰ বিশেষ পৰিৱৰ্তন ঘটা নাই৷ সদায়ৰ দৰে আজিও বিছনাৰ পৰা উঠি বেলকনিলৈ আহি বহিলোঁ৷ সময় সেয়াই; পুৱা ৫ মান বাজিছে৷ আজিকালি সেইটো সময়ত নিজেই সাৰ পাই যাওঁ৷ আগতে এলাৰ্ম দিব লগা হৈছিল৷ দেখিলোঁ আজি পকা আলিটোত ঢেৰ পাৰ চৰাই৷ আনকালে ইমান নেদেখোঁ৷ পটকৈ মনত পৰিল৷ যোৱা নিশা শোৱাৰ আগতে ৰাস্তালৈ কেইটামান চাউল চটিয়াইছিলোঁ৷ এইবাৰ বিহু বুলি ঢোলৰ চাপৰ এটাকে নুশুনিলোঁঁ৷ এনেই হোৱাহ’লে এই সময়ত দূৰদূৰণিৰ পৰা একো নহ’লেও ঢোলৰ মাত এটা ভাঁহি আহিলে হয়৷ এতিয়া সময়বোৰেই

Read more

আই লাভ ইউ -অৰুণাভ পাপ-অফ-মহন্ত

২০০২ চনৰ ঘটনা, অসমৰ বাহিৰত পঢ়ি আছোঁ, হোষ্টেলত থাকোঁ। তেতিয়াই এজন ব্যতিক্ৰমী অসমীয়া চিনিয়ৰৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য হৈছিল- কাৰ্তিক শৰ্মা দা। কাৰ্তিক মানে সঁচাকৈয়ে কাৰ্তিক, তাতে আকৌ দুৰ্দান্ত প্ৰেমিক। খুব কম সময়ৰ ভিতৰতেই অনেক লেখত লবলগীয়া বিফল প্ৰেম কাহানীৰ নায়ক হৈ পৰিছিল তেখেত। তেখেতে জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে প্ৰেম কৰি যায়, বেছিভাগেই ৱান-চাইডেদ যদিও কৰি যায়৷ (প্ৰেম মানে প্ৰথম দৰ্শনতেই পৰিয়াল পৰিকল্পনালৈকে ভাবি দিয়ে)। দেখনীয়াৰ আৰু স্মাৰ্ট হোৱা স্বত্বেও কিয়নো বাৰে বাৰে বিফল হৈ থাকিছিল আমিও ভাবি নাপাইছিলোঁ। সেই সময়ত দূৰণিৰ

Read more

ব্লুটুথ, এক ফটাপ্ৰেম : দেবজিত শইকীয়া

হঠাত চকু পৰিল মোৰ পৰা তিনিটামান চিটৰ পিছত বহি অহা খিৰিকীৰ কাষেৰে বাহিৰলৈ চাই একান্ত মনে গান শুনি যোৱা মৰম লগা ছোৱালীজনী৷ যিমানেই দৃষ্টি আঁতৰাব খুজিছোঁ সিমানেই মোৰ দৃষ্টি তাইৰ গালৰ দিম্পল আৰু অবাধ্য বতাহজাকে আমনি কৰা চুলিখিনিলৈ যাবলৈ ধৰিছিল৷ : দাদা, বহক৷ অৱশেষত মই ঠিয়হৈ থকা ঠাইকণৰ কাষৰ ছিটটোৰ ল’ৰাজনৰ নামিবৰ হোৱাত যেন তেন ছিটটো পালোঁ৷ ঘূৰি চালোঁ, নাই সেই সৌন্দৰ্য্যতা ভিৰৰ বাবে নেদেখা হ’লোঁ৷ আজি দেওবাৰ, অন্য সকলোৱে আজিৰ দিনটোত কামৰ পৰা আজৰিহৈ আপোনজনৰ লগত সময় কটাই, পিচে

Read more

ফটাপ্ৰেম -অংকুমণি ডেকা

‘কৃষ্ণচূড়া নগৰী’ এনে এখন ঠাই য’ত ভালপোৱাৰ বৰষুণজাকত নিতিটো বুলিও তিতাই যায়। প্ৰেমতো কৰা নাযায়! হৈ যায় হঠাৎ! কোৱা হয়, “কাৰোবাৰ এষাৰ কথাতো প্ৰেম হৈ যাব পাৰে।” মোৰো হ’ল। প্ৰেমত পৰিলোঁ মই। পিচে হ’লে কি হ’ব? মই যাৰ প্ৰেমত পৰিলোঁ, তেওঁ আগৰে পৰাই প্ৰেম পাশত বান্ধ খাই আছিল। সেইগুণে, মোৰ প্ৰেমৰ অভিমানবোৰ মোৰ ডায়েৰীখনেই সামৰি থ’লে। পিচে অমুকীয়ে প্ৰেম নকৰিব নেকি? কৰিলে দেই, হওক না সেই প্ৰেম একপক্ষীয়। প্ৰেমৰ সেই মিঠা অনুভূতিক পুনৰ ৰোমন্থন কৰিবলৈ আমি ঘূৰি যাব লাগিব, বিশ্ববিদ্যালয়ৰ

Read more

প্ৰেমতে পৰিলো নেকি -অনামিকা চৌধুৰী

যদিও ভূপেনদাই গাই গৈছে, “জয় বা পৰাজয়, সময় অসময় কপালত জিলিকাই প্ৰেম নাহে, প্ৰেমে সময় নুবুজে, প্ৰেমে বয়স যে আৰু নুবুজে……” তথাপিও, বয়স সন্ধিৰপৰা আৰম্ভ হোৱা অনুভূতি, অনুভৱবোৰে এটা নিৰ্দ্দিষ্ট বয়সলৈকে ল’ৰা-ছোৱালীবোৰৰ মাজত একোজন দুৰ্দান্ত প্ৰেমিক হোৱাৰ বাসনা জগায়। সেইটো বয়সত গ্লেমাৰ জগতৰ বিভিন্ন তাৰকাৰ প্ৰতিও বহুতেই আকৰ্ষিত হয়, তাৰকাসকলক নিজৰ কৰি পাব বিচাৰে, নাপায় বুলি জানিও তেওঁলোকৰ ফটো সংগ্ৰহ কৰে, তেওঁলোকৰ সপোনত বিভোৰ হৈ থাকে! তাৰকাৰ প্ৰতি আকৰ্ষিত হোৱা এনে এজন প্ৰেমিকৰ বাবে মোৰ জীৱনত হোৱা এক ঘটনাৰ কাহিনী

Read more

বৰদৈচিলাই উৰুৱাই নিয়া মোৰ প্ৰেম-মৃদুলা গগৈ

: আপোনাৰ প্ৰেম বিবাহ হৈছিল নে? : হয় মোৰ প্ৰেম বিবাহ হৈছিল। : আপোনাৰ জীৱনলৈ প্ৰথম প্ৰেম কেতিয়া আহিছিল? : আপোনাৰ প্ৰথম প্ৰেম সফল হৈছিল নে? : প্লিজ… কৈ আছোঁ সকলোবোৰ। ইমান ওপৰা-ওপৰিকৈ প্ৰশ্ন কৰিলে মই কেনেকৈ উত্তৰ দিম! লাহে-ধীৰে সকলোবোৰ ক’ম। ধুনীয়াকৈ বহি লৈছোঁ ক’বলৈ বুলি। চকুকেইটাও ডাঙৰকৈ মেলি লৈছোঁ। ধেৎতেৰি, সপোনহে দেখি আছিলোঁ। হওক তেওঁ সপোনতে আজি সাংবাদিকৰ ইমানবোৰ প্ৰশ্নৰ মুখামুখি হ’লোঁ। এই প্ৰথম প্ৰেমৰ প্ৰশ্নটোৱে মোক পিছ নেৰিছে অ’। কাৰোবাৰ লগত প্ৰেমৰ বিষয়ে কথা এষাৰ পাতিবা, সুধিবই

Read more
1 9 10 11 12 13 31