ফটাঢোল

প্ৰেমতে পৰিলো নেকি -অনামিকা চৌধুৰী

যদিও ভূপেনদাই গাই গৈছে, “জয় বা পৰাজয়, সময় অসময় কপালত জিলিকাই প্ৰেম নাহে, প্ৰেমে সময় নুবুজে, প্ৰেমে বয়স যে আৰু নুবুজে……” তথাপিও, বয়স সন্ধিৰপৰা আৰম্ভ হোৱা অনুভূতি, অনুভৱবোৰে এটা নিৰ্দ্দিষ্ট বয়সলৈকে ল’ৰা-ছোৱালীবোৰৰ মাজত একোজন দুৰ্দান্ত প্ৰেমিক হোৱাৰ বাসনা জগায়।

সেইটো বয়সত গ্লেমাৰ জগতৰ বিভিন্ন তাৰকাৰ প্ৰতিও বহুতেই আকৰ্ষিত হয়, তাৰকাসকলক নিজৰ কৰি পাব বিচাৰে, নাপায় বুলি জানিও তেওঁলোকৰ ফটো সংগ্ৰহ কৰে, তেওঁলোকৰ সপোনত বিভোৰ হৈ থাকে!

তাৰকাৰ প্ৰতি আকৰ্ষিত হোৱা এনে এজন প্ৰেমিকৰ বাবে মোৰ জীৱনত হোৱা এক ঘটনাৰ কাহিনী এয়া।
এখন সৰু নগৰৰ ল’ৰা। বয়স প্ৰায় ২২ বছৰ। মোবাইল ফোন অসমৰ চহৰ, নগৰ, গাঁও-ভূঁইত সহজলভ্য হৈ পৰাৰ সময় সেয়া। তেনে এটা দিনতে মোলৈ এটা ফোন আহিলে, মোৰ মোবাইল নম্বৰটো তেওঁ ক’ৰপৰা কেনেকৈ সংগ্ৰহ কৰিছিল নাজানো। ফোন কৰাজনে সুধিলে, ‘এইটো অনামিকাৰ নম্বৰ হয়নে?’ মই হয় বুলি ক’লো। মই তাক সি কোন, কি কথা বুলি সুধিলো, তাৰ নাম ঠিকনা সকলো জনালে।

মই চিনি নাপাওঁ বুলিও ক’লো, সি ক’লে চিনি নোপোৱাই স্বাভাৱিক, মই ফোন নকৰিবা বুলিও ক’লো, সি নাচোৰবান্দা, ফোন কৰিবই, মোৰ সৈতে কথা পাতি হেনো তাৰ ভাল লাগিছে! মোৰো উপায় নাই, তেতিয়া মোৰ মোবাইলত ব্লক কৰিব পৰা সুবিধা উপলব্ধ নাছিল, ৰিচিভ নকৰালৈকে ফোন কৰিয়ে থাকে আৰু সৰু ল’ৰাই ফোন কৰে যেতিয়া ময়ো একো ভাবিবলৈ বাদ দি সি ফোন কৰিলে ভালকৈয়ে কথা পতা আৰম্ভ কৰিলো। দিনটো কৰ্মক্ষেত্রত থাকি গধূলি ঘৰ পোৱাৰপৰা কম্পিউটাৰটোৰ লগতেই লাগি থাকো, ঘৰৰ কামত সহায় কৰা ছোৱালীজনীয়ে সকলো কাম কৰেই গতিকে মোৰ অফুৰন্ত সময়, শ্ৰীমান অফিচৰপৰা প্ৰায় দেৰিকৈ ঘৰলৈ আহে, কথা ক’বলৈ কোনোবা এজন পোৱাত হয়তো মোৰো লাহে লাহে ভালেই লাগিছিল।

প্ৰথম অৱস্থাত মোলৈ সাধাৰণভাৱে ফোন কৰে, ভাল বেয়া খা-খবৰ কৰে, পিছলৈ সি কথা কমকৈ কয়, মোকেই কিবা কিবি কৈ থাকিবলৈ কয়, মোৰ মাতটো শুনি থাকিলে হেনো তাক আৰু একোৱেই নালাগে! লাহে লাহে প্ৰেম নিবেদনৰ কৌশলসমূহ এপ্লাই কৰিবলৈ ধৰিলে। মই তাক বহুত বুজালো যে মই বিবাহিতা, মোৰ এখন সংসাৰ আছে, সি কোনো মতে বিশ্বাস নকৰে। মোৰ বাধা নেওচি মোবাইল ফোনতে সি এজন দুৰ্দান্ত প্ৰেমিক হৈ পৰিল। মোক লগ কৰিবলৈ বিচাৰে, মইও তাৰিখ পে তাৰিখ দি পিছুৱাই থাকিলো। মোৰ বন্ধু মহলত সি আমাৰ আড্ডাৰ বিষয়বস্তু হৈ পৰিল, তাৰ প্ৰেম নিবেদনৰ কৌশলবোৰ আমাৰ হাঁহিৰ বিষয়বস্তু হৈ পৰিল। পিছে তাৰ প্ৰেম কাহিনীয়ে যে তাৰ মনত এক সাংঘাতিক ৰূপ লৈ বহিছে সেইকথাৰ উমান মই অৱশ্যে পোৱা নাছিলো, বা লোৱা নাছিলো। মই সাধাৰণভাৱে কোনোবা অকৰা মৈত উঠি ননমা ভকত বুলি ভাবিয়েই তাৰ লগত কথা পাতিছিলো। কাহিনীৰ মাজতেই তাৰ আৰু এগৰাকী প্ৰেমিকাই মোক ফোন কৰি দুই তিনি দিনমান দমো দিলে, মই হেনো তাইৰ প্ৰেমিকক তাইৰপৰা আতৰাই আনিলো! মই বোলো তোমাৰ প্ৰেমিকক তুমি লৈ যোৱা হে, তাক আৰু তাৰ প্ৰেম মোক একোৱেই প্ৰয়োজন নাই, সিহে নাচোৰবান্দা হৈ মোক আমনি কৰি আছে। মই ইচ্ছা কৰিলে পুলিচৰ সহায় ল’ব পাৰো, কিন্তু তেনে কৰিলে তাৰ জীৱনলৈ এটা কলংক ৰৈ যাব আৰু সৰু ল’ৰা এজনৰ লগত অন্যায় হোৱাতো মই নিবিচাৰো।

লাহে লাহে তাৰ কথাবোৰে গুৰুতৰ ৰূপ লোৱাত মই চিন্তিত হৈ পৰিলোঁ আৰু তাক এবাৰ লগ ধৰি মই যে সঁচাই বিবাহিত সেইটো প্ৰমাণ দিবলৈকে মোৰ কৰ্মস্থানলৈ মাতি পঠিয়ালো। নিৰ্দ্দিষ্ট দিনটোত মই দিয়া সময়টোতে সি আহি ওলালহি। আমি কেণ্টিনত বহিলো। তাক ক’লো, ‘চোৱা মই বিবাহিতা তুমি কিয় বিশ্বাস নকৰিলা মোৰ কথা!’

সপ্তকাণ্ড ৰামায়ণখন পঢ়ি ৰামৰ মাক সীতা বুলি কোৱাৰ নিচিনাকৈ, সকলো কথা জনাৰ পিছত সি ক’লে যে সি আচলতে মোক লিটল্ চেম্প অনামিকা চৌধুৰী বুলিহে ভাৱিছিলে! কিন্তু যি হ’ল হ’ল মই লিটল্ চেম্প অনামিকা চৌধুৰী নহ’লেও নাই কিন্তু সি মোৰ মাতৰ প্ৰেমত পৰিছে গতিকে মোক লৈ যাবলৈও প্ৰস্তুত! বহু সময় কেণ্টিনতে বহি বহুত কথা পাতিলো তাৰ লগত। জীৱন সম্পৰ্কে, সময় জড়িত তত্বগধুৰ কথাৰে তাৰ মন আৰু চিন্তাধাৰাক অন্য এটা ৰূপ দিবলৈ চেষ্টা কৰিলো। মানুহৰ মনক, মানুহৰ চিন্তাধাৰাক বেলেগ এটা দিশলৈ ঢাল খোৱাবলৈ মই জনা সকলো টেকনিক এপ্লাই কৰি তাৰ চিন্তাধাৰাক সলনি কৰিবলৈ চেষ্টা কৰিছিলো। নাজানো কিমান সফল হৈছিলো, তাৰ চকুত চাবলৈ চেষ্টা কৰিছিলো, কিন্তু সি মোৰ চকুত চকু থৈ কথা ক’ব পৰা অৱস্থাত নাছিল। কিবা কিবি অকণমান খাই তাক বিদায় দিবলৈ মই নিজেই তাৰ লগত গৈ তাক তাৰ নিৰ্দ্দিষ্ট নগৰখনলৈ যোৱা গাড়ীখনত উঠাই দিছিলো, গাড়ীৰ ভাড়াটোও ময়েই দিছিলো। গাড়ীখনে গতি কৰালৈকে মই বহুত পৰলৈকে তাতে ৰৈ চাই থাকিলো।

☆ ★ ☆ ★ ☆

2 Comments

  • Dhruba Jjyoti Das

    Val lagil

    Reply
  • Barbie Punnag

    ভাল লাগিল দেই পঢ়ি…কি কি যে নঘটে জীৱনত??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *