ফটাঢোল

ফটাপ্ৰেম – অভিজিত কলিতা

হোষ্টেলত লাইফ আৰু প্ৰেম অভিন্ন বস্তু, প্ৰেম অবিহনে হোষ্টেলৰ কথাৰ অৰ্থই নাই। সেইকাৰণে আজি মোৰ হোষ্টেলৰ কথা ক’ব খুজি কেৱল প্ৰেমৰ কথাই কওঁ বুলি ভাৱিছোঁ। হোষ্টেলৰ কথা বাদেই, বুজা হোৱাৰ পৰাই মোৰ বদ্ধমূল ধাৰণা আছিল, এই প্ৰেম বোলা মালটো মোৰ বাবে নহয়। মোৰ নিজৰ চেহেৰা, ঔকাত, বাপকা মালৰ পৰিমাণ আৰু মোৰ স্বভাৱ সম্পৰ্কে অতি স্পষ্ট ধাৰণা আছিল, আজিও আছে; গতিকে কোনো সুন্দৰী আৰু বুদ্ধিমান ছোৱালী যে মূৰত বিকৃতি নঘটালৈকে মোৰ প্ৰেমত নপৰে, সেই বিষয়ে মোৰ কোনো সন্দেহ নাছিল। তাতে মোৰ

Read more

ফটাপ্ৰেম – মিতালি চহৰীয়া

: তই কি তাৰ লগত বিয়া হ’ম বুলি ভাবিছ নেকি? ইয়েছ ক’ম নে নক’ম যে মোক সুধিছ! : দৰকাৰ পৰিছে মোৰ। ডিল কি গম ভূলানে কে লিয়ে লাগে অ’ এজন। কটা ঘাত মলম লগোৱাৰ দৰে। তাতে সি যেতিয়া নিজেই আগ্ৰহ দেখুৱাইছে। : অ’ হয়নে? আৎসা, তই কচোন এইজন লিষ্টৰ কিমান নম্বৰত পৰিব। : এ, ৰাখ ফোন। তই নুবুজিবি এইবোৰ কথা। : তই যি কৰ কৰ। মই ৰাখিলো। ফোনটো কাটি দি ভাবিলোঁ, কি কৰা যায় এতিয়া! কি উত্তৰ দিওঁ। ল’ৰাজন ইমান

Read more

ফটাপ্ৰেম – পঞ্চী প্ৰিয়া দাস

১/ তেতিয়া ক্লাছ নাইনত মই। মামাৰ ল’ৰাটোৰ জন্ম হৈছে মে মাহত। তাৰ পিছতেই লগালে আমাৰ ঘৰত এয়াৰটেল ডিছ। কি ফূৰ্তি টিভি চাবলৈ পাম। কিন্তু বৰ্ডৰ পৰীক্ষাৰ কাৰণে টিভি চাবই নিদিয়ে। তথাপি স্কুলৰ পৰা আহিয়ে মামাহঁতক দেখাবলৈ ভাত পানী পটাপট খাই কিতাপ লৈ বহি যাওঁ। আন্ধাৰ হোৱালৈকে কিতাপ পঢ়ি লওঁ। হোমৱৰ্ক কৰি লওঁ। ৮ টা মানত টিভি চলে মামাহঁতৰ ৰুমত। আমিও ভণ্টিয়ে ময়ে এটি এটিকৈ যাওঁ মামীৰ কিনাৰতে বহি লওঁ। মামায়ে টেলেকাকৈ চাই, একো নকয় বাৰু। ফাইনেল পৰীক্ষাৰ আগৰ কেইদিন টিভি

Read more

মোৰ জীৱনৰ প্ৰথমটো ফটা প্ৰেম – ডলী তালুকদাৰ

প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি। এই অনুভবটি যিয়ে এবাৰ লাভ কৰিছে সিহে জানে তাৰ মাদকতা। তাতে যদি প্ৰেমৰ দেৱ বা দেৱী গৰাকী নিজৰ প্ৰিয় অভিনেতা বা অভিনেত্ৰীৰ দৰে হয় তেনেহ’লেতো কথাই নাই। মোৰ জীৱনলৈও আহিছিল তেনে এক মাদকতা। হাইস্কুলৰ শেষৰটো বছৰ পাইছো। মেট্ৰিক পৰীক্ষা দিম। স্কুলত নিয়মীয়া ক্লাচ কৰোঁ, ঘৰতো পঢ়িছোঁ। টিউচনো লৈছো অংক আৰু ইংৰাজী বিষয়ত । দেউতাৰে শিক্ষক বন্ধু এজনৰ ওচৰত। তেওঁ বহুত কাঢ়া শিক্ষক আছিল। কিন্তু তেওঁৰ ছাত্ৰ ছাত্ৰী সকলে সদায় ভাল ৰিজাল্ট কৰিছিল। বহুত কাঢ়া বাবে

Read more

নাচিমাৰ মিঠা হাঁহি – অনুৰাগ হাজৰিকা

২০০৮ চনৰ কথা মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত আগতে পঢ়ি থকা হাইস্কুল খনতে নাম ভৰ্তি কৰিলো। কাৰণ আগৰ পৰাই পঢ়ি থকাবোৰে বাকীবোৰৰ আগত লেবেল মাৰিব পাৰি। ছোৱালীৰ কথা বেলেগ। ঘৰৰ পৰা১ কিলোমিটাৰ আতঁৰৰ হাইস্কুলত সোনকালে আহি ক্লাছ ৰুমত বহি থাকো নতুন নতুন ছোৱালী বোৰৰ লগত চিনাকি হোৱা আশাত, মই সৰু পৰাই ছোৱালী বোৰক দুই এদিনতে মন ভুলাব পৰা বিধৰ ল’ৰা আছিলো। সেই সময়তো কথাই বেলেগ, পুৰণি ছাত্ৰ হয় অলপতো অহংকাৰ থাকিব‌ই। এক দুই মাহ পাৰ হ’ ল বহুতৰ লগত চিনাকি

Read more

সেই মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ল’ৰাজন – মিতালী চহৰীয়া

সকলোৱে কয় প্ৰেম জনমে জনমে। কিছুমানৰ প্ৰেম হ’লেও নজমেহে নজমে, মোৰ আকৌ প্ৰেম নজন্মেহে নজন্মে। কত জন্মিব? ডিউটি কৰা, খোৱা, ফেচবুক হোৱাটছএপ এইবোৰ কৰি থাকোঁতে প্ৰেম কৰিবলৈ সময়েই নাইকিয়া হয়। প্ৰেম জন্মাবলৈ এদিন ফেচবুকত এজনৰ লগত কথা পাতিলোঁ। হাই হেল্ল’ কৈ চিনাকি হোৱাৰ পিছত পিছৰদিনা মেছেজ কৰিলে হাই কি কৰিছা? ব্ৰেকফাষ্ট কৰিলা? মই ক’লো ব্ৰেকফাষ্ট কৰিব নাই দেই অসমীয়া ছোৱালী হয় তিনিবেলা তিনিসাজ ভাত খাওঁ আমি। উফফ..লগে লগে ব্লক কৰিলে। অন্তৰত বহুত আঘাত পালোঁ, জনম পোৱাৰ আগতেই যেন মৃত্যু। ডিউটি

Read more

লাডেন আছিল পলাই !!- নয়নমনি হালৈ

বাছষ্টেণ্ডত থিয় দিয়েই দেখা পালোঁ লীনাক। তাইক চিনোতে মোৰ এক মুহুৰ্তও পলম নহল। হয়, সেইজনী লীনাই হয়। নীলা জিন্স এটাৰ ওপৰত হালধীয়া চোলা এটা পিন্ধিছে।, চকুত ছানগ্লাছ। সৰু দোকান এখনত কিবা-কিবি কিনাত ব্যস্ত তাই। মাত এষাৰৰ বাবে এখোজ আগবঢ়াই তত্‍মুহুৰ্ততে দুখোজ পিছুৱাই আহিলোঁ। কিমান বছৰৰ মূৰত দেখিছো তাইক ? হিচাপ এটা কৰিলোঁ; পূৰা পোন্ধৰ বছৰ। চিনি বা পাবনে নাই মোক! পাব, নাপাব কিয়! কাগজৰ টুকুৰা এটাত ‘ভাল লাগে তোমাক’ বুলি লিখি দিয়া মানুহজনকে যদি পাহৰি যায়, জীৱনটোত আৰু মনত ৰাখিব

Read more

ফটা প্ৰেম – বিউটি হালৈ মেধি

ক্লাছ নাইনৰ ঘটনা। ৰাইজ মই কিন্তু নিমাখিত প্ৰাণী দেই। তেতিয়া এইবোৰৰ একো ভুৱে নাপাওঁ। ছোৱালী স্কুলত পঢ়িছিলোঁ বাবে ল’ৰাৰ পৰা সাত মাইল দূৰত অৱস্থান মোৰ। ঘৰতো বৰ শান্ত আছিলোঁ অমিতাভ বচ্চনৰ দৰে নতুন চাবোনেৰে প্ৰথম গা ধুব পালে মোৰো নিজকে লিজেণ্ড ফিল হয় বাবে এদিন ৰাতিপুৱাই বাইদেউৰ লগত কাজিয়া। কথা হ’ল মই আগতে গা ধুম। কাজিয়া গৈ এনেকুৱা পৰ্যায় পালে বাইদেৱে ক’লে, “তই যদি এতিয়াই মৰ মই গোপাল থানত এক পোৱা চেনি দিম।” মই জানো কম। মইও কলো,” তই মৰিলে

Read more

ফটা প্ৰেম ওৰফে ঠেং ভঙা প্ৰেম – ৰাজশ্ৰী শৰ্মা

২০০৬ চনৰ কথা। ডিগ্ৰী পঢ়ি আছিলো তেতিয়া কলিকতাত। লগত দেউতা আৰু সৰু দাদা, সি তেতিয়া কলিকতাতেই MBA কৰি আছিল । বঙালী ভাষাৰ ওপৰত লাহে লাহে দখল আহিব ধৰিছিলহে, একেবাৰে ৰবীন্দ্ৰ সংগীত শুনাৰ প্ৰকোপত সৰু দাদা ঘৰত নথকা হ’ল। লগৰ এজনী চেটাৰ্জী উপাধিৰ ছোৱালী আছিল, বৰ ধুনীয়া গান গায়। তাই শিকায়, পিছে মোৰ খাৰ খোৱা জিভাৰ আগত গুৰিত সুৰ বোলা জিনিছ টো নুফুটে। তেনেকুৱা এদিনত কলেজৰ বছেৰেকীয়া খেল ধেমালিৰ দিনা পৰি গ’লো প্ৰেমত। আমাতকৈ দুবছৰ চিনিয়ৰ মানে ফৰ্থ ইয়েৰৰ ল’ৰা এজন।

Read more

থেংকিউ আংকল – বিকাশ শইকীয়া

সন্ধিয়া অফিচৰ সন্মুখত বাছকেইখন ৰৈ থাকে৷ নিদিষ্ট সময়ানুসৰি বাছ চলে৷ এই সময় আকৌ কোনো ঘড়ীৰ লগত নিমিলে৷ বাছখনত যাত্ৰীৰ হেঁচা থেলা হ’লেই বাছ চলাৰ সময় হয়৷ গতিকে খৰ খেদাকৈ আহি বাছৰ চিট এটা ল’ব নোৱাৰিলে সহযাত্ৰী সকলৰ কৃপাত বজাৰত চলা সকলোবোৰ পাৰফিউমৰ গোন্ধ পোৱা যায়৷ আৰু কেতিয়াবা ভাগ্য বেয়া হ’লে ঘামৰ টেঙা টেঙা গোন্ধে আমোলমোলাই যায়৷ সিদিনাও খৰ খেদাকৈ আহি বাছত কোনো মতে চিট এটা ল’লো৷ খন্তেক পিছতে এগৰাকী সুন্দৰী আহি কাষতে বহিল৷ কাষৰ চিটত সুন্দৰী বহিলে বাকী যি হওক

Read more
1 19 20 21 22 23 31