ফটাঢোল

গালি খাব নেকি?-জয়ন্ত কুমাৰ ডেকা

ভাস্কৰ আৰু মোৰ দাদা দেখাত প্ৰায় একে। দাদা অলপ ক্ষীণ, সি অলপ শকত। বহুতেই কেতিয়াবা চিনি পোৱাত ভুল কৰে। ঘটনাটো অক্টোবৰ মাহৰ আছিল। চন পাহৰিছোঁ। মোৰ দূৰ সম্পৰ্কীয় মাহীৰ (মা’ৰ মোমায়েকৰ নাতিনী) ডাঙৰজনী ছোৱালীৰ বিয়া। মাহীৰ দুজনী ছোৱালী। এজনী মোৰ সমসাময়িক, আনজনী সৰু। দুয়োজনীৰে লগত মোৰ বৰ বেছি ক্ল’জো নহয়, বৰ বেছি গেপো নহয়। দাদাৰ লগত কিন্তু দুয়োজনীৰে খুবেই ভাল। বিয়া হৈছিল উজান বজাৰৰ কণিকা বিবাহ ভৱনত। মা অৰু দেউতা দুপৰীয়াতে গ’ল। দাদা আৰু মই ঠিক কৰিলোঁ কাম শেষ কৰি

Read more

হিচাব-ডলী তালুকদাৰ

“গজেনে আজিকালি সকাল সময়তে কলা চচমা মাৰি  হিৰো হৈ থাকে দুখুনে গম পাইছানা নৰেন?” বুলি হাতৰ চিগাৰেটটো জোৰকৈ হোপা মাৰি নৰেনলৈ বুলি আগবঢ়াই দিলে ৰতনে।  একে টানে চিগাৰেটটো নি জোৰকৈ হোপা মাৰি ওপৰলৈ  ধোঁৱাবোৰ এৰি দি নৰেনে সমুখত থকা নাৰিকল জোপাৰ ফালে চাই থাকিল। যেন নাৰিকল কেইটা আছে গণিহে আছে সি।  ৰতনে নৰেনৰ পৰা একো উত্তৰ নাপাই আকৌ ক’লে ” আৰু এই মৰ গৰমতো ফুল চাৰ্ট আৰু লংপেন্ট পিন্ধি থাকে আজিকালি? সিদ্নাখান তাক দেখাপালো পূব মুৰোৰ চকোত থিয়া দি থাকাতে।

Read more

মোৰ মনৰে কল্পনাত-শ্ৰুতিমালা মিশ্ৰ

নটা বাজিল। বিভিন্ন বয়সৰ লʼৰা-ছোৱালীৰ কিৰিলি, দৌৰা-ঢপৰাই নিকেতনৰ আহল-বহল প্ৰাংগণটো চঞ্চল কৰি তুলিছে। চহৰৰ প্ৰায় মাজমজিয়াত অৱস্থিত বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰৰ সন্মুখভাগত অভিভাৱকৰ বিভিন্ন জুম। কোনোবাই নিজৰ সন্তানক চাইকেলৰ কেৰিয়াৰত বহুৱাই থʼবলৈ আহিছে, আন কোনোবাই বাইক বা স্কুটীত থʼবলৈ, কাৰোবাক আকৌ মাক বা দেউতাকে হাতত ধৰিয়েই থʼবলৈ আহিছে, কোনোবাজন আকৌ লগৰীয়াৰ লগতেই খোজকাঢ়ি আহিছে। বিদ্যালয়ৰ সন্মানীয় আচাৰ্য-আচাৰ্যাসকল প্ৰৱেশদ্বাৰৰ ওচৰে-পাজৰে থাকি সকলো ছাত্ৰ-ছাত্ৰীকে প্ৰভাতী সম্ভাষণ জনোৱাৰ সমান্তৰালকৈ বিভিন্ন মাতৰ একে সমন্বিত স্বৰেৰে হাতযোৰ কৰি নমস্কাৰ ভংগীত ছাত্ৰ-ছাত্ৰীসকলেও বিশেষ এটা তানত সুৰ লগাইছে,  “আচাৰ্য

Read more

ভূতীয়া প্ৰেম-বিপুল শৰ্মা

কাহিনীটো একপ্ৰকাৰ ভূতৰো আৰু ফটাপ্ৰেমৰো৷ পূৰাকৈ ক’বলৈ গ’লে ভূতৰ লগত ফটাপ্ৰেমৰ। মোৰ নহয় বন্ধুৰ, এতিয়া কলিকতাত থাকে। এয়া কলেজৰ প্ৰথম বাৰ্ষিকৰ কাহিনী। সেইসময়ত আমাৰ পাছকৰ্ছৰ গণিতৰ টিউচন আছিল শিলপুখুৰীত। টিউচনৰ পাছত আমি চাৰিজন ল’ৰা পুখুৰীটোৰ পাৰত বেন্সত বহি এঘণ্টামান আদ্দা দি ঘৰলৈ আহোঁ৷ সেইসময়তে দুজনী ছোৱালীয়েও কৰবাত টিউচনেই কৰি হ’বলা পুখুৰীৰ কাষৰ ৰাষ্টাটোৰে ঘৰমুৱা হয়৷ এদিন লগৰ এটাই ক’লে, : ঐ, মোক চায় বে’৷ তেতিয়া বিপৰীত লিংগৰ কাৰোবাক দুবাৰমান দেখিলেই প্ৰেমত পৰা বয়স, তাতে নিজেই চাইছে বোলে। ছোৱালী দুজনীও একেবাৰে

Read more

ডিজিটেল দুনিয়াৰ কাহিনী-ৰাজশ্ৰী শৰ্মা

প্ৰেমত ফুলে শতদল, প্ৰেমত ঘূৰে ভূমণ্ডল। সৰুৰে পৰাই হিন্দী চিনেমা চাই, চিত্ৰহাৰ, ৰংগোলী  চাই ডাঙৰ হোৱা আমি। প্ৰেমৰ নামত শ্ল’ মোচনত ‘পেহলা নচা’ গানৰ ষ্টাইলত বহী ছিঙি নদলিয়ালেও বিশেষ কোনোবা কোনোবাজনৰ চকুত চকু পৰিলে গাৰ মাজেৰে কাৰেণ্ট পাছ নোহোৱা বুলি ক’লেও ভুলেই হ’ব। কিন্তু কাৰেণ্ট লাগক বা বান্দৰকেঁকোৱা, সেই প্ৰেম আৰু স্কুলীয়া জীৱনত কৰা নহ’ল। স্কুলত লগৰ কিছুমানৰ কাহিনী শুনি আহি মুখ মেলি ভাবি থাকোঁ‌ পঢ়া টেবুলত, সেইটো সময়ত বিখ্যাত FLAMES বুলি খেলাখনো খেলি চাইছোঁ‌ বাহিৰা বহীৰ পিছফালে। কিন্তু সেইখিনিতেই

Read more

পৰকীয়া প্ৰেম- ৰীতা লীণা সোণোৱাল

দুদিনমানৰ পৰা শইকীয়ানী চিকাৰলৈ চুপ লৈ থকা বাঘিনীজনীৰ দৰে হৈ আছে। গিৰিয়েকৰ মতিগতি বৰ ভাল দেখা নাই। কোনদিনা গৈ গিৰিয়েকৰ ডিঙিত টেপা মাৰি ধৰে ঠিক নাই। শইকীয়া মানুহটো এনেই ভালেই আছিল। এই বাৰে বাৰে দিয়া লকডাউনেহে মানুহটোৰ আচল চৰিত্ৰ উদঙাই দিছে পত্নীৰ সন্মুখত। আগতে শইকীয়াই কিয় অফিচৰ কাম আছে বুলি নিশা ন, দহ বজাত ঘৰ সোমাইহি এতিয়াহে শইকীয়ানীয়ে বুজিছে। মানুহৰ চেহেৰা যিয়ে নহওঁক, তাতে মতা মানুহ। ভাল চাকৰি এটা থাকিলেই হ’ল। এই কথাষাৰ শইকীয়ানীয়ে অগাধ বিশ্বাস কৰে। দুই তিনিবাৰ লকডাউনৰ

Read more

পৰম বীৰ চক্ৰ-কাবেৰী মহন্ত

টিউশ্যনলৈ যোৱাৰ ৰাস্তাটোতে পৰীহঁতৰ ঘৰ৷ সেইখিনি একেলগে যোৱাটো নিয়মৰ দৰেই হৈছেগৈ আমাৰ৷ মই গৈ পোৱাৰ পাছতহে কাপোৰ কানি পিন্ধি ৰেডি হোৱাটো তাইৰ অভ্যাস হৈছেগৈ আৰু সেই দহ পোন্ধৰ মিনিট তাইৰ বাবে খাপ পিটি অনিচ্ছা স্বত্বেও ৰৈ থকাটো মোৰ বাবে বাধ্যতামূলক হৈছেগৈ৷ যিমানেই নকওঁ তাইক সাজু হৈ থাকিবলৈ, নাই- মোৰ যোৱা নহ’লে তাই টিউশ্যনেই নাযায় সেইদিনা৷ পৰীহঁতৰ ঘৰটো পুৰণা অসম আৰ্হিৰে এখন বাৰাণ্ডাৰে সৈতে ভাল লাগে৷ আমাৰ টিউশ্যন আৰম্ভ হোৱাৰ সময়তে টিভিত দেশৰ ফৌজী সকলৰ ওপৰত উচৰ্গিত “পৰম বীৰ চক্ৰ” অনুষ্ঠানটোও

Read more

ৰং নাম্বাৰ – শ্ৰুতিমালা মিশ্ৰ

ধমধমাই বাজি উঠিল নʼকিয়াৰ সৰু হেণ্ডচেটটো। পঢ়ি থকা কিতাপতে বৰ মনোযোগেৰে ৰঙা চিঞাহীৰে আণ্ডাৰলাইন কৰি থকাৰ পৰা মূৰ তুলি চালোঁ। আননʼউন নম্বৰ। মুখখন বেকেটাই দি আকৌ কিতাপত ৰঙা লাইন টনাৰ কাম চালু হ’ল। বিকট শব্দেৰে পুনৰাই ফোনটো বাজি উঠিল। আগৰ আননʼউন নম্বৰটোৱেই আকৌ ফোন লগাইছে। এইবাৰ গহীনত কলমৰ মূৰত সাঁফৰটো লাগিল, চকু কিতাপৰ পাতৰ পৰা আঁতৰিল। নাকৰ পৰা পিচলি অহা চছমাযোৰ ঠেলি পৰম বিৰক্তিৰে ফ’নটোলৈ চালোঁ। ৰিচিভ কৰিলোঁ।   : হেল্ল’ : হেল্লʼ কোনে কৈছে? ক’ৰ পৰা কৈছে? : ৱেইট ৱেইট।

Read more

ফটাপ্ৰেমৰ ফটা সংসাৰ-বন্দিতা জৈন

ক্ৰিং….১ক্ৰিং….ক্ৰিং… এটা অচিনাকি নম্বৰ। নম্বৰটো কাৰ হ’ব পাৰে চাই থাকোঁতে বন্ধ হৈ গ’ল আকৌ নবজা দেখি থৈ দিলোঁ। কিজানি কোনোবা কামোৰ কাষ্ট’মাৰেই হ’ব! কি যে কামত সোমাই পৰিলোঁ। বুজালে নুবুজে মোক কাষ্ট’মাৰ কেয়াৰত কৰোঁ বুলি ভাবি দিনটোত ইমান কমপ্লেইন আহে! টাটা ইণ্ডিকমৰ টেলিকম বিভাগ। বিয়াৰ দুই বছৰ মানৰ আগত জইন কৰিছিলোঁ। ডাটা কানেকশ্যন, ফোন, কৰ্ডলেছ ফোনৰ চাহিদা বাঢ়িছিল আজিৰ পৰা দহ বছৰ আগতে। এতিয়া গম নাপাওঁ। তাতেই বিভাগীয় কাম এটাত মূৰ গুজি পেটে-ভাতে খাই আছিলোঁ। ইয়াৰ আগতে ৰিলায়েন্স লাইফ ইনচিউৰেঞ্চত

Read more

তাই অকলে আছিল-অৰ্চন শৰ্মা

“আজি আহিবা, আজি মই ঘৰত একদম অকলে” মেছেজটোৰ লগতে দুটা ৰঙা পাণ৷ মেছেজটো দেখিয়েই চক খাই উঠিলোঁ৷ কালি মানে নিচাটো অকণ বেছিয়ে হ’ল৷ ধেৎ, পৰৰ পালে জ্বৰৰ গাৰে খাব নালাগে বুলি মানুহে কয়, আজিহে বুজিলোঁ কিয়। বাথৰূমত গৈ হৰহৰকৈ এক বাল্টি পানী ঢালি দিলোঁ৷ যাওক, পটিয়ালা পেগৰ যিমান নিচা আছে ইয়াতেই উটি-ভাঁহি যাওক৷ বাথৰূমৰ পৰা ওলাই আহি ভয়ে ভয়ে মোবাইলটো তুলি ল’লোঁ৷ চাওঁ নাচাওঁকৈ লাহেকৈ খুলি চালোঁ মেছেজটো৷ “আজি আহিবা, আজি মই ঘৰত একদম অকলে” একেদৰেই আছে, এটা শব্দৰো হৰণ

Read more
1 2 3 4 5 6 31