ফটাঢোল

হেপ্পী ভেলেণ্টাইন ডেʼ-শ্ৰুতিমালা মিশ্ৰ

বাপুটি খুড়া আমাৰ অলপ দূৰ সম্পৰ্কীয় যদিও আমাৰ ওচৰতে ঘৰ। দশম শ্ৰেণীমানতে যি ভাঁজে কিতাপ-বহী জপাই সৰস্বতী আইক নিজৰ জীৱনৰপৰা বিদায় দিলে সেইভাঁজেই আৰু সেইমুৱা হোৱাই নাই তেওঁ। বৰ সহজ-সৰল মানুহ আমাৰ বাপুটি খুড়া, গাঁওখনক নিজৰ আপোন বুলি ভবা মানুহ। পঢ়া-শুনাত বৰকৈ মন-কাণ নিদিলে বাবে মাকে তেওঁক ডেকেৰুৱা তেলাল হাঁহে আঘোণত তেল ধৰাৰ দৰে হোৱাৰ নিচিনাকৈ গাত তেল ধৰোঁতেই বগুৰীহাতীৰ ফালে একেবাৰে হোজা সহজ-সৰল কইনা এজনী বিচাৰি আনি বিয়া পাতি দিলে। স্বভাৱতে বৰ সহজ-সৰল হʼলেও বাপুটি খুড়াৰ আকৌ এটা অকৰা

Read more

ফটাপ্ৰেমৰ কাহিনী-বন্দিতা জৈন

মোৰ হায়াৰ চেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছৰ কথা। মোৰ মামা এজনৰ বিয়া আছিল। আচলতে মামাজন মোৰ নিজৰ মাহী এজনীৰ কলেজৰ বন্ধু। আৰু কইনাজনী মাহীৰ বেষ্ট ফ্ৰেণ্ড আছিল আৰু নিজৰ মাহীৰ বন্ধু বান্ধৱী বাবে মামা-মাহী বুলি মাতিছিলোঁ‌। মাহী আমাৰ ঘৰতে আছিলেহি গতিকে অহা-যোৱাবোৰ চলি সম্পৰ্কবোৰ নিজতকৈয়ো বেছি আপোন হৈছিল। ধৰি লওঁ‌ক, মোৰ নিজৰ মাহীৰ নাম ৰীতা, মাহীৰ বান্ধৱী (কইনাগৰাকীৰ) নাম গীতা, মামাজন (দৰা) জয়। জয় মামাৰ বায়েক এজনী মীনা,ভায়েক মিলন। মীনা মাহী বৰ মৰমিয়াল আছিল আৰু মোক বহুত ভাল পাইছিল। মই

Read more

ব্ৰেক-আপ-হিমাদ্ৰি বি গোস্বামী 

চৎচ্চা প্ৰেম বগলীৰ দৰে বগা৷ অকলুষ, পাখি লগা৷ চঞ্চল। নিলাজী বনৰ দৰে লাজুক, ৰবাব টেঙাৰ দৰে গোলাকাৰ। প্ৰেমৰ অলৌকিক শক্তিৰ বলতে প্ৰেমিক প্ৰেমিকাই পাৰ্থিৱ গেৰেকণি নেফেনোৱাকৈ পছোৱা বতাহত ভাঁহি ফুৰিব পাৰে। কুৰুৱাত পাখি মেলি ভৈয়ামৰপৰা পাহাৰলৈ, পাহাৰৰপৰা সাগৰলৈ ভ্ৰমিব পাৰে৷ প্ৰেম স্বৰ্গীয় বস্তু৷ প্ৰেমিক দেৱদূত। প্ৰেমিকা অপ্সৰা৷ উৰ্বশী। ভৰি দুটা চকীখনত তুলি আঁঠু দুটাৰ মাজৰ ফাঁকটোত থুতৰিটো সুমুৱাই দি বহি হেৰেম্ব কাকতিয়ে পুৰণি কথাবোৰ পাগুলিয়াই আছে৷ : বা দা ম!  ইণ্টাৰভেলত কিনি অনা হাতৰ বাদামৰ ঠোঙাটো কাকতিয়ে উৰ্বশীৰ ফালে আগুৱাই

Read more

অপদাৰ্থ প্ৰেমৰ গাঁথা-অৰ্চন

হাজাৰ হওক তাই মোৰ ছাত্ৰী। মনটোৱে বাৰু কেনেকৈ মানি লয়। কিন্তু, তাইক পঢ়াবলৈ ল’লে দেখোন অংক সূত্ৰবোৰতকৈ বেছি বলিউডৰ ৰোমাণ্টিক গানবোৰহে মনত পৰে।    তাই প্ৰথমতে ছাৰ বুলিয়ে মাতিছিল, এদিন ময়ে ক’লোঁ‌, “ছাৰ বুলি ভবাতকৈ মোক বন্ধু হিচাপে ভাবি নিঃসংকোচে সকলো কথা সুধিব পাৰা। মই ভাবিছিলোঁ তাই চাগে মোৰ সৈতে ফ্ৰী হৈ ল’ব পাৰিলে বুজি নোপোৱা অংকবোৰ ভালকৈ সুধি-পুচি ল’ব পাৰিব। : হ’ব ছাৰ, ছাৰ এটা কথা কওঁ‌নে?  অলপ হুহকা-পিছলা কৰি তাই সুধিলে।  : উম, কোৱা কোৱা। : আপোনাক যে মোৰ

Read more

ৰাণ আউট-যোগেশ ভট্টাচাৰ্য

বাইকখন বাটতে ৰখাই গেটখন খুলি ধুনীয়া বাগিচাখনৰ মাজেৰে খোজকাঢ়ি গৈ কলিংবে’লটো দবাই দিলে ৰূপমে। আজিয়েই হেস্ত নেস্ত কিবা এটা কৰিবই বুলি সি লগৰকেইটাকো কৈ আহিছিল। ঘটনাটো ঘটিছিল ছমাহমান আগতেই। সি তেতিয়া বিএ পাছ কৰি উঠিছিল মাত্ৰ। এজন অলৰাউণ্ডাৰ ক্ৰিকেটাৰ হিচাপে ইতিমধ্যেই নাম কৰিছিল সি। এদিন দুপৰীয়া ভাত খাই উঠি প্ৰেক্টিচলৈ ওলাই যাবলৈ বাইকৰ চাবিপাট হাতত লৈ একে দৌৰে গেটৰ ওচৰ পাই হঠাৎ থমকি ৰ’ল সি। তীব্ৰবেগত বল কৰিবলৈ দৌৰি অহা বলাৰ এটাই বলটো এৰাৰ আগমুহূৰ্তত আম্পায়াৰে কেনচেল কৰি দিলে যেনেকুৱা

Read more

পেট আৰু পাপী-দেৱজিত শইকীয়া

সঁচাকৈয়ে এই পাপী পেটটোৰ বাবে মানুহে কি কি কৰিব লগা নহয়৷ পেটৰ দৰে প্ৰেমৰ বাবেও বহুত কিবা কিবি ভুগিবলগীয়া হয়৷ পিছে আজি মই বেলেগ এটা পেট আৰু পাপীৰ কথাহে লিখিবলৈ ওলাইছোঁ৷ ৰ’ব অলপ আগৰপৰা আৰম্ভ কৰোঁ৷ মোৰ কলেজীয়া দিনৰ বান্ধৱী এগৰাকী মোৰ খুব পচন্দ হৈছিল৷ দুচকুৰ মিলনো হৈছিল, পিছে চাৰি চকুৰ সেই মিলন চকু পাৰি দেখিব পৰা নাছিল তাইৰ পোহনীয়া কুকুৰটোৱে৷ টমিক ফুৰাবলৈ নিয়াৰ সময়কণত ময়ো ঘৰত টিউচন আছে বুলি জিয়া ফাঁকি এটা দি পাতি চাইকেল মাৰি সেইখিনি ওলাওঁগৈ৷ টমিক

Read more

ৰাসতে ৰাসলীলা-অৰ্চন শৰ্মা 

লকডাউন দিয়াৰপৰা ঘৰতে আছোঁ, আমনি লাগি গৈছে ঘৰত সোমাই সোমাই, ওলাই মেলি যাবলৈ লগ নাই তেনেকৈ, সুবিধাও মিলা নাই। তাকে কেইদিনমান আগতে কলেজীয়া বন্ধু এজনে ফোন কৰি ক’লে, : ঘৰত আছ যদি দুদিনমান আমাৰ ঘৰত থকাকৈ গুচি আহ। মই বোলো “কিবা সকাম নিকাম আছে নেকি?” : নাই ঘৰৰ কাষতে ৰাস পাতিছে, সেইকাৰণে মাতিছোঁ। তই টাউনীয়া পোৱালি, জীৱনত ৰাস দেখি পাইছ জানো? : হেৰৌ, টিভিত দেখোঁ নহয় বৰষাৰাণী ওলাই, মোহন ওলাই, প্ৰীতিকংকণা ওলাই, সেয়াই নহয় জানো? : অ’ সেয়াই, পিছে টিভিৰ

Read more

চাঁধা, এক প্ৰেম কথা-দেবজিত শৰ্মা

কাহিনীটো হোৱাটচ এপ, ফেইচবুক, অৰকুট আদি যুগৰ আগৰ কথা৷ কাহিনীৰ নায়ক আমাৰ ঘৰৰ ওচৰৰে পুতুল খুৰা৷ অঞ্চলটোত বিহুৱা বুলিলে পুতুল খুৰাৰ সমকক্ষ কোনো নাই৷ ঘৰে ঘৰে বহাগত বিহু মৰাৰপৰা আৰম্ভ কৰি মঞ্চৰ বিহুলৈকে পুতুল খুৰাই নিজৰ সৱল অস্তিত্ব ৰাখি থৈ গৈছিল৷ সেই পুতুল খুৰা কিন্তু বহুদিনলৈ অবিবাহিত হৈ আছিল৷ কাৰণ?  বিফল  প্ৰেম? হয় আছিল৷ ঠিক হওঁ হওঁকৈ ভাঙি যোৱা এটা প্ৰেম কাহিনী৷ কৈছোঁ শুনক। পুতুল খুৰাৰ বিহুদলৰ পূৰ্বৰ নাচনীগৰাকীৰ বিয়া হৈ যোৱাত নতুন নাচনীৰ সন্ধানত থকাৰ সময়তে গাঁৱৰ আনটো মূৰৰ

Read more

প্ৰেমৰ অস্ত্ৰোপ্ৰচাৰ-হৃষিকেশ ডেকা

2008 চনৰ মে’ মাহৰ ঘটনা। মেট্ৰিক পৰীক্ষাত প্ৰথম ডিভিছনত পাছ কৰাৰ পিছত দেউতাই সুধিলে, “কিহত এডমিছন লবি, চাইন্স, আৰ্টছ নে কমাৰ্চ?” মই চাইন্স ল’ম বুলি ক’লোঁ।  কিছুদিন পিছতেই নলবাৰী কলেজলৈ গৈ এডমিছনৰ ফৰ্ম  লৈ আহিলোঁ। যথা সময়ত এডমিছনো হৈ গ’ল। আমাৰ চাইন্সৰ বেছিভাগ ক্লাছ গেলাৰীতেই হৈছিল। এনেকৈ দিন গৈ থাকিল। প্ৰথম বছৰত আমাৰ প্ৰেক্টিকেল ক্লাছ নাছিল। দ্বিতীয় বৰ্ষতহে প্ৰেক্টিকেলবোৰ আৰম্ভ হৈছিল। সকলোৱে জানেই হায়াৰ চেকেণ্ডাৰীত ইংৰাজী আৰু অসমীয়াৰ বাহিৰে বাকী চাৰিটা বিষয়ৰ যিকোনো এটা ফৰ্থ চাবজেক্ট কৰিব পাৰি। মই বায়োলজি

Read more

বিশেষ দ্ৰষ্টব্য টু স্বৰস্বতী দেৱী-জয়ন্ত কুমাৰ ডেকা

ঠাই টুকুৰাত সিনহা ছাৰ বুলি ক’লে চিনি নোপোৱা ব্যক্তি হয়তো এজনো নোলাব। পেচাত এজন চৰকাৰী চাকৰিয়াল যদিও, মনৰ এক অদম্য হেঁপাহৰ বাবে ঠাইখিনিৰ নৱম আৰু দশম শ্ৰেণীৰ ল’ৰা-ছোৱালীখিনিক তেওঁ ঘৰতে গণিত পঢ়ুৱায়। দক্ষিণাৰ অৰ্থাৎ টিউচন ফিজৰ কোনো ধৰা-বন্ধা নিয়ম নাই। কোনোবাই দিলে দিব; নিদিলে নাই। পাঁচযোৰা ডেক্স-বেঞ্চ আৰু এখন ব্লেক বৰ্ডেৰে পৰিপূৰ্ণ ৰূমটোত সদায় আবেলিৰ ৫ বজাৰ পৰা নিশা ৭ বজালৈ গণিত বিষয়ৰ এখন মেলা বহে বুলি ক’লেও ভুল নহ’ব। তেতিয়া আমি দশম মানত। আমি মানে ঠাইখিনিৰ মই, ৰঞ্জন, দিগন্ত,

Read more
1 4 5 6 7 8 31