ফটাঢোল

ডেমকেয়াৰণীৰ প্ৰেমত-নীলাঞ্জনা মহন্ত

হোষ্টেলৰ ডাঙৰ গে’টখনৰ সিপাৰে ছোৱালীবোৰে পাৰ্টি কৰি আছিল৷ ইপাৰে ৰাতি বাৰ বজাৰ লগে লগে ল’ৰাৰ হোষ্টেলবোৰৰ পৰা কেইটামান সৰু সৰু জাকৰ লাহে লাহে আগমন হ’বলৈ ধৰিলে৷ তাৰ ভিতৰত বিজয়ো আছে৷ এইবছৰ কলেজত তাৰ শেষ ছেমিষ্টাৰ৷ গতিকে লগৰবোৰে জোকাই থকা দুবছৰ জুনিয়ৰ ডেমকেয়াৰণী ভন্টিজনীক মনৰ কথা আৰু পিছত কোৱাৰ সুযোগ নাপাব সি৷ লগৰকেইটাৰ জেক খাই বিজয়ে সিহঁতৰ হোষ্টেলৰ বাগিচাত আন্ধাৰে-মুন্ধাৰে গোলাপ নে নাৰ্জিফুল যি পালে দুপাহমান ছিঙি ছাৰ্টৰ তলত লুকুৱাই আনিছে৷ গোলাপ নহয় চাগে, থকা হ’লে বুকুত কাঁইটে বিন্ধিলেহেঁতেন কিজানি! বিজয়ৰ অন্তৰখন কোমল বুলি মাকহঁতে সকলোকেই কয়চোন? যি কি নহওক, এইবোৰ কামত গোলাপে পৰম্পৰাৰ সিংহাসনত বহি আছে আদিম যুগৰে পৰাই৷ তাৰ অলপ চিন্তা হৈছিল গোলাপ নহৈ নাৰ্জি হোৱাৰ বাবে কামটো চেটেপ হ’বগৈ নেকি?
বিজয়ৰ মনৰ কথাৰ উমান পাই ‘মে হুঁ না’ বুলি কৈ বন্ধু অজয়ে তাক বুজালে—

‘চিন্তা নকৰিবি, বিন্দাচ দিবি৷ আৰু কথা এষাৰ আছে নহয় ‘ইফ য়ু লভ চামৱান চেট ইট ফ্ৰি ইফ ইট ইজ ইয়ৰ্চ ইট উইল কামবেক, ইফ ইট ৱাজ নট ইট উইল নট’৷ তায়ো কিজানি আশা পালি আছে তই আজিয়ে কবি বুলি৷ নাৰ্জি হ’লেও যে কিবা আনিছ সেইটোহে ডাঙৰ কথা৷ তাইৰ অন্তৰখন ভাল হ’লে বুজি পাব৷’

গে’টৰ সিপাৰে বহুত ছোৱালী৷ নিউ ইয়েৰ ইভ! গান বাজনা, নাচ চলিয়েই আছে৷ বাৰ বাজিলনে বুলি বিজয়ে নিশা দহ বজাৰ পৰাই অজয়ক বাৰে বাৰে সুধি আছিল৷ কাৰণ প্লেন আছিল বাৰ বজাৰ লগে লগেই সিহঁতদুটা ছোৱালী হোষ্টেলৰ পিনে আহিব কামটো কৰিবৰ বাবে৷ বিজয়ৰ ঘড়ীটোৰ আকৌ কালি ফিটাডাল ছিগি থাকিল৷ সময়বোৰৰ উৱাদিহ নোপোৱা হৈছে সি৷ বাৰে বাৰে বাৰ বাজিল নেকি বুলি সুধি থকা দেখি লগৰ আন এজনে কৈয়েই দিছিল— ‘কিহে কাৰোবাৰ বাৰ বজোৱাৰ ধাণ্ডা কৰি আছ নেকি বুলি আমি দেখোন সুধিছিলোঁৱেই৷’ বিজয়ৰ একো লুকঢাক নাই,  দিলখোলা ল’ৰা৷ কৈয়ে দিলে কিয় সুধি আছে৷ নতুন বছৰৰ পাৰ্টি বুলি মনটোও ৰঙীন হৈ আছে সকলোৰে৷ আচলতে ৰঙীন হৈ থাকিলে দিলৰ জপনাখনত এনেয়েও লকডাউন বুলি কনচেপ্ট এটা নাথাকে৷ মুখাও খোলা থাকে৷ দিলত কিবা ৰন্ধন চলিলে পেট নাপায়গৈ, উজাই আহি জিভাতহে নটৰাজৰ মূৰ্তি ধৰি থাকেহি৷ গতিকে কথাটো বাৰ বাজেগৈ মানে বিজয়ৰ লগৰ প্ৰায় গোটেইবোৰেই গম পালে৷ এটাই বাহিৰত উম লৈ থকা জুইকুৰাৰ পৰা জ্বলা খৰি এডাল বিজয়ৰ মূৰৰ চাৰিওপিনে ঘূৰাই অগ্নিপৰীক্ষাও কৰি কনফাৰ্ম কৰিলে যে বিজয়ৰ সঁচাকৈয়ে মন আছে তাইলৈ৷ গতিকে খাচ বন্ধু হিচাপে তাক সকলোইে সহায় কৰিবই লাগিব৷ সৰু সুৰা সমদল কৰি দলটোয়ে ছোৱালী হোষ্টেলমুখে গৈ থাকোঁতে ‘হম হোংগে কামিয়াব তুম হোংগী হাম কী লাভ’ বুলিও মাজতে কোৰাছো জুৰিলে দুটামানে৷ ‘ঐ মোৰ দেখোন প্লাম্বিংটো বাঢ়ি গৈছে?’ — বিজয়ে পাম্পিংটো প্লাম্বিং বুলিয়ে কয়৷ লগৰবোৰে জানে৷ গতিকে ছিৰিয়াচ কথা বুলি জানি কোনেও হঁহা নাই বা শুধৰাইও দিয়া নাই৷

‘একো নাই মে হুঁ না মানে আমি হুঁ না৷ আজি হয় ৰঙামাটি নহয় ৰঙামাটি৷’— অজয়ে ক’লে৷ অজয় ল’ৰাটো সঁচাকৈয়ে ভাল, আপোন যেন লাগে৷ বিজয়ৰ মাত নোলালে সিয়ে কণ্ঠদান কৰিব বুলিও কৈ থৈছে৷ কথাবোৰ হৈ গ’লে মনে মনে অজয়কে দৰাধৰাও পাতিব বুলি বিজয়ে লগে লগে মনতে খাটাঙেই কৰি পেলালে৷ মন তাৰ উগুল থুগুল৷  মাকক কথাটো পুৱাই হেপী নিউ ইয়েৰ উইচ কৰোঁতেই কৈ দিব৷ লুকুৱাবলৈ কি আছে? মাক তাৰ বন্ধুৰ দৰে৷ ককায়েক এডাল আছে, পিছে সিহে কি কৰে ধৰিব নোৱাৰি৷ কিতাপৰ পোক, আজিলেকে তাৰ নিজৰ বুলিবলৈ এজনী নাই৷ তাকে কৈ মানুহৰ আগত আকৌ গৌৰৱ কৰে৷ পৰীক্ষাত নম্বৰবোৰ বাৰু তাতকৈ দুগুণমান বেছিকে পায়৷ হ’লে কি হ’ব? মাকে কয় নহয় বিজয়ৰ অন্তৰখনহে বহল বুলি৷ পঢ়াশুনা হৈছে মোহ মায়া, আচল হৈছে এই অন্তৰখন৷ প্লাম্বিং কৰি থকালৈকে মানুহটো আছে, নহ’লে ডিগ্ৰীৰ চাৰ্টিফিকেটসোপা কিনো? ৰত্নাকৰৰ হাঁফলুৰহে খাদ্য!

দূৰৰ পৰাই সি হালধীয়া কাপোৰ এযোৰ নাচি থকা দেখিলে আন বহুত কিবা কিবি ৰং-বিৰঙৰ মাজত৷ সি জনাত ডেমকেয়াৰণী আইদেৱে খুব হালধীয়া ৰঙৰ কাপোৰ পিন্ধে৷ তিনি চাৰিযোৰমান আছে কিজানি! ধনীঘৰৰে হ’ব চাগৈ তাই! যৌতুক নেলাগে বুলিয়ে ক’ব সি৷ তথাপি চাগৈ কাপোৰ কানি এসোপামান লৈ আহিব লগত৷ হ’ব বাৰু৷ নিজৰ ইচ্ছাত আনিলে সি না নকৰে৷

মাজনিশা মুগাবৰণীয়া দেহাটোত হালধীয়া কাপোৰযোৰেৰে নাচি থকা দৃশ্যটো তাৰ বাবে দুপৰীয়াৰ বেলিৰ দৰেই উজ্জ্বল আৰু দৃঢ় আশাৰ ৰেঙণিস্বৰূপ হৈ উঠিল৷

ছোৱালীৰ হোষ্টেলত মাজনিশা, তাকো ল’ৰাৰ জাক? স্বাভাৱিকতে সোমোৱাৰ কোনো কথাই নাই৷ দুখন ডাঙৰ গে’ট৷ এখনৰ পৰা আনখনলৈ প্ৰায় পঞ্চাশফুটৰ দূৰত্ব৷ প্ৰথমখন গে’ট দিনত খোলা থাকে৷ দুখন গে’টৰ মাজত এটা অপেক্ষাগৃহ৷ কোনোবা ভিজিটৰ আহিলে তাতেই ৰয় আৰু যাক বিচাৰি যায় নাম কৈ পঠালে ছাত্ৰীগৰাকী তালৈ আহে৷ মহিলা ভিজিটৰ হ’লে ভিতৰলৈকে প্ৰৱেশ কৰিব পাৰে৷ দ্বিতীয় গে’টখন সদায়ে বন্ধ থাকে৷ দিনত তলা লগোৱা নাথাকে যদিও খুলি থোৱাৰ নিয়ম নাই৷ বিজয়ে এবাৰ এইটো হোষ্টেলৰ ওপৰ মহলাৰ পানীৰ পাইপৰ কিবা কামত ঠিকাদাৰ লগোৱা বুলি গম পাই তেল মাৰি হাজিৰা কৰা ল’ৰা হৈ হোষ্টেলৰ ভিতৰত সোমাই গৈছিল৷ সি তেতিয়া চতুৰ্থ ছেমিষ্টাৰত আছিল৷ পিছত এটা ব্ৰেকিং নিউজৰ খলনায়ক হৈ পৰিছিল বিজয়৷ বয়জ হোষ্টেলৰ ল’ৰা আহি কেনেকৈ ছোৱালীৰ হোষ্টেলত সোমালহি বুলি বিতৰ্কও হৈছিল৷ সি তাৰ লগৰ দুজনীমানৰ ৰূমৰ আগেদি যাওঁতে সিহঁত আছিল বাৰাণ্ডাত আড্ডা মাৰি৷ হঠাৎ তাক পাৰ হৈ যোৱা দেখা পাই সিহঁতৰ আড্ডা থমকি ৰৈছিল৷ বিজয়ে সিহঁতক যেন চিনিয়ে নাপায় তেনেদৰেই কাষেৰে মাত নিদিয়াকৈ পাৰ হৈ গৈছিল৷ কিন্তু বিজয়ক সিহঁতে চিনি পাইছিল৷ এটা কথা কিন্তু বিজয়ৰ চকুয়ে ভাল ধৰা পেলাইছিল৷ লগৰ কৰবী বোলাজনী বৰ ধুনীয়া বুলি সকলোৱে কয়৷ ঠোঁট ৰঙা, মুখত একো দাগ নথকা বগীকৈ ডাঠ চেলাউৰিৰ ছোৱালীজনী বুলি এই কৰবীৰ বাবে ল’ৰা হোষ্টেলত ৰাতি ৰাতি কিমানখন গীটাৰৰ যে তাঁৰ ছিঙিছিল! সেই কৰবীৰ দেখোন মুখত গোটেই দাগেই দাগ! আৰু চেলাউৰিৰ নামত এন্দুৰৰ গাত থকা নোম এডালো নাই৷ হৰি হৰি! ঠোঁটটোও চিগাৰেট খোৱা দুই নম্বৰ হোষ্টেলৰ বদনৰ ওঁঠৰ দৰে ক’লা! সি চিনিয়ে নাপালেহেঁতেন যদিহে লগত কথা পাতি থকা পৰীয়ে ‘বুইছ কৰবী’ বুলি কিবা এটা কৈ থকা নুশুনিলেহেঁতেন৷

যি কি নহওক, বৃহৎ গে’ট দুইখনেই বন্ধ৷ প্ৰথম গে’টত ধৰি ল’ৰাবোৰে দূৰৰপৰাই উইচ কৰিছে, ছোৱালী কিছুমানে অৱশ্যে সিখন গে’টৰ পৰা আগুৱাই আহিছে যেন লাগিছে৷ হয়তো নিউ ইয়েৰ বুলি অলপ ৰেহাই পাইছে আজি৷ বাকীবোৰ হোষ্টেলৰ পৰাও বহুত ল’ৰা আহিছে৷ ছোৱালীবোৰ আজি বৰ ধুনীয়াকে সাজি-কাচি আছে দেখোন৷ অজয়ক লাহেকৈ খোঁচ এটা মাৰি সি ক’লে— ‘ঐ তয়ো চা বুইছ? কপাল ফুলেই বা তোৰো!’

‘ঐ তাই চাইছে এইফালে মাত মাত’ — এনেতে লগৰ কোনোবা এটাই কৈ উঠিল৷ বিজয়ে মাতিব খুজিও ৰৈ গ’ল, কাৰণ তাইৰ চকুয়ে চকুয়ে পৰিছে তাৰ৷

‘নামাত কিয় ঐ?’— আকৌ বন্ধুৰ তাগিদা৷

কোনোমতে সেপ গিলি সি উত্তৰ দিলে — ‘তামাম প্লাম্বিং হৈছে ৰহ৷

অজয়ে বুজালে তাক— ‘চা নাৰ্ভাচ নহ’বি, আমি আছোঁ নহয় তোৰ লগত? আজি হেস্ত-নেস্ত কৰিহে যাম৷ তাই নিজেই আহিছে এইফালে৷ ফুলপাহ উলিয়াই ল৷ আৰু দায়লগ কেইটা মনত আছে নহয়? কি আছিল দায়লগ কেইটা আকৌ এবাৰ কৈ দেচোন?’

বিজয়ৰ ‘প্লাম্বিঙ’ৰ শব্দ সঁচাই  লাউড স্পীকাৰত বাজি থকা জুবিনৰ ‘য়া আলি…’ গানটোতকৈয়ো বেছি উচ্চস্বৰত যেন বাজিছে তাৰ তেনেকুৱা লাগিল৷

‘হৌৰা শুনাচোন, হেপী নিউ ইয়েৰ৷’— সি একো নোকোৱা দেখি অজয়েই আৰম্ভণিটো কৰি অলপ সহজ কৰি দিলে৷

 সঁচাই দেই দৰাধৰাৰ বাবটো তাৰ বাবে খাটাং হৈ পৰিল আকৌ এবাৰ৷ তদুপৰি আতৈৰ কোলাত পিছলৈ উমলিব যেতিয়া ইহঁতে কম সুখ পাবনে? ইমান মৰমীয়াল হ’ব আতৈটো?

তাই হাঁহি এটা মাৰি প্ৰত্যুত্তৰ দিছে, শুভেচ্ছা দিছে৷

‘দায়লগ মাত৷’— কাণত মহে কুনকুণোৱাৰ দৰে যেন বহুকেইটা দিশৰ পৰা নিৰ্দেশ আহিল৷

কঁপা কঁপা হাতেৰে ছাৰ্টৰ তলৰ পৰা ফুল দুপাহ উলিয়াই আনিলে বিজয়ে৷

‘হেপী নিউ ইয়েৰ মোৰ ফালৰ পৰা৷’—এইবুলি ফুল দুপাহ আগবঢ়াই দিলে বিজয়ে৷

‘কি এয়া?’ — হালধীয়া আইদেৱে কৈ উঠিল৷

সি চাই দেখে যে তাৰ ‘প্লাম্বিঙ’ৰ কোবতে নে কিহৰ বাবে ক’ব নোৱাৰি, ফুল দুপাহত পাহি এটাও নাছিল তেতিয়ালৈ৷

অজয়ে আকৌ পৰিস্থিতি চম্ভালি হালধীয়া আইদেউক ক’লে— ‘মানে ই ফুল দুপাহ আনিছিল৷ বহুত সময় হ’ল যে, বাটত পাহিবোৰ চিঙি পৰিল কিজানি!’

‘হয় নেকি? চ’ নাইচ অব য়ু দাদা৷’

‘মানে হেপী নিউ ইয়েৰ দেই৷ আৰু আৰু…?’— পিছৰ দায়লগটোত বিজয় ৰৈ গ’ল৷ তাইৰ নামটো কি আছিল? ডেমকেয়াৰণী বুলিহে সিহঁত সকলোয়ে কথা পাতি থাকে আচল নামটো কি আছিল তাইৰ?

‘ফুল দুপাহৰ বাবে ধন্যবাদ দেই৷’— আইদেউৰ প্ৰতি সম্ভাষণ৷

তাইৰ হাঁহিটো যে ঐ! মাজৰাতিখন তলসৰা সোণাৰুফুলৰ মাজত কাউৰীৰ বগা বগা পেৰেকবোৰৰ দৰে জিলিকিছে৷’

‘আৰু আৰু…৷’— বিজয়ৰ কণ্ঠৰথ আগবঢ়া নাই৷

‘কি আৰু আৰু কৈ আছে? কওক দাদা কি ক’ব খুজিছে?’

‘ঐ কৈ দে কৈ দে৷’ — লগৰকেইটাই অলপ দূৰলৈ আঁতৰি বিজয়ক সুবিধা কৰি দিলে৷

বিজয়ৰ হেড অফিচ আৰু দাটা চেন্টাৰ চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে৷ ইহঁতকেইটাইও চকুয়ে চকুয়ে নোচোৱা হ’ল৷ কোনে এতিয়া তাক সহায় কৰে? বিজয়ে নিজকে প্ৰশ্ন কৰিলে— ‘এইৰ নামটো কি আছিল? ডেমকেয়াৰণীৰ নামটোহে মনত নপৰেহে নপৰে চোন? কি কৰা যায় এতিয়া?’

উপায় নাপাই তাৰ প্লাম্বিঙৰ শব্দতকৈয়ো ডাঙৰকৈ সি তাইকে সুধি দিলে— ‘ডেমকেয়াৰণী, তোমাৰ আচল নামটো কি আছিলনো?’

‘কি…ই?’— তাই ইমান জোৰকৈ সুধিলে যে বিজয় উজুটি খাই পৰো পৰো হ’ল৷ সি ঘূৰি চাই দেখে যে এভাৰেষ্ট বিজয় কৰিবলৈ লগত লৈ অনা ‘শ্বেৰ্পা’কেইটাইও ইতিমধ্যেই ফৰিংছিটিকা দিছেই৷ উপায়বিহীন হৈ বিজয়েও নিজৰ হোষ্টেললৈ পৃষ্ঠভংগ দিলে৷

☆ ★ ☆ ★ ☆

10 Comments

  • Minati Mahanta

    বেচেৰাটো বিজয়লৈ বৰ্দুখ লাগিল দেই ! লগৰ কিটাই পমটাৰ কৰা হলে সি বিপদৰ পৰা ৰক্ষা পালেহেঁতেন ।
    ভাল লাগিল জুন ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বেচেৰা বিজয় জন! একেবাৰে আমাৰ ফটাঢোলৰ বিজয়দাৰ দৰেই কাণ্ড বোৰ।

    Reply
  • জিতু

    এইজন ফটাঢোলৰ বিজয় জন নেকি বাৰু?

    Reply
  • Bijoy Mahanta

    মজ্জা লাগিল।এইটো বৰ্তমান যোৰহাটৰ মানুহ এজনীৰ কাহিনী নেকি

    Reply
  • ৰামানুজ

    মনত পৰি গ’ল…বহু কথা

    Reply
  • ডলী

    হি হি। মজ্জা লাগিল

    Reply
  • প্ৰদীপ বৰা

    সুন্দৰ প্লাম্বিং হ’ল দে ৷

    Reply
  • বন্দিতা জৈন

    ???মজা।

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া ৰসাল দেই৷ মহৰ কুনকুননিবোৰ ??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *