ফটাঢোল

ৰূপা (মূলঃ হূমায়ূন আহমেদ) অনুবাদ- প্রাঞ্জল অনুভৱী

“আপুনি এটা ইন্টাৰেষ্টিং গল্প শুনিব নেকি? মই মানুহজনৰ ফালে অবাক দৃষ্টিৰে চালোঁ। কিছু সময় আগতে মানুহজনৰ সৈতে মােৰ চিনাকি। সিমান কথা-বতৰাও হােৱা নাছিল। মই ট্ৰেইনৰ বাবে অপেক্ষা কৰি আছোঁ নেকি জানিব খুজিছিল। আৰু ময়াে ভদ্ৰতাৰ খাতিৰত সুধিছিলােঁ, তেখেত ক’লৈ যাব? মানুহজনে হাঁহিমুখে কৈছিল, মই ক’লৈকো নাযাওঁ। পত্নীক ৰিচিভ কৰিবলৈ আহিছোঁ। তেওঁ চিটিংগাৰ পৰা আহি আছে। ট্রেইন দুঘণ্টা লেট । উভতি যাবলৈ মন যােৱা নাই। ভাবিলোঁ, অহা-যােৱা কৰাতকৈ অপেক্ষাই কৰোঁ। তেখেতৰ সৈতে ইমানখিনিয়ে কথা বার্তা হৈছিল। এই কথা-বার্তাৰ আঁত ধৰিয়ে যেতিয়া

Read more

Three piece suit  (মূল- আলি দেব) ভাবানুবাদ- ৰাজশ্ৰী শৰ্মা

এই মাহটোত প্ৰথমবাৰৰ বাবে মোৰ ঘৰুৱা বাজেট মিলি গ’ল। মাংস অলপ অনাৰ পিছতো; আনকি দুটকামান হাতত জমাও থাকিল। কি ভাবি নাজানো মই আগে পাছে নকৰা কাম এটা কৰিলোঁ; এযোৰ বৰ ধুনীয়া থ্ৰী পিচ চুট কিনিলোঁ। কাপোৰটোও বৰ  ভাল, মিহি, ৰংটোও আকাশী নীলা, ৰ’দ পৰি জিলিকি থকা হ্ৰদৰ পানীৰ দৰে আৰু দৰ্জীজনে ইমান ধুনীয়াকৈ চিলালে যে মই পিন্ধোতে গাত বৰ সুন্দৰকৈ খাপ খাই পৰিল। ৰ’দত বুটামবোৰো কোনোবা ধনী নাবিকৰ কোটৰ ওপৰৰ তৰাৰ দৰেই জিলিকি উঠিল। ইয়াৰ বেচ অলপ বেছিয়েই আছিল যদিও

Read more

দাৰিদ্ৰ্য ৰেখাৰ কাৰ্ড(মূল : শিৱম খাড়ে) অনুবাদ- মিতালী নাৰায়ণি

সুখী নামৰ মালীজনে দাৰিদ্ৰ্য ৰেখাৰ কাৰ্ডখনৰ বাবে পঞ্চমবাৰৰ বাবে চৰকাৰী বাবুজনৰ ওচৰলৈ গ’ল। বাবু : আৰে ককাই! তুমি প্ৰমাণ কৰি দিলা যে ম’হ কেৱল দেখাতহে গাই-গাৰীয়ে ডাঙৰ, মগজটো তেনেই উদং। এতিয়ালৈ দহবাৰো কোৱা নাইনে যে যেতিয়ালৈ আটাইখিনি কাগজ-পত্ৰ আনিব নোৱাৰা তেতিয়ালৈ কাৰ্ড কৰি দিব নোৱাৰিম। সুখী : মহাশয়, এই গৰীব ডেৰহাজাৰ টকাৰহে মানুহ। এইখিনিকে ৰাখক আৰু এই গৰীবৰ মিনতি শুনক দেউতা ঈশ্বৰ! বাবু : হাৰে মাৰিবলৈ ওলাইছ নেকি? নিজৰ কোনো সততা-চততা নাথাকিল বুলিয়ে সকলোকে নিজৰ দৰে বুলিয়ে ভাবিছ নেকি? চাওঁ

Read more

দেউতাকৰ সহায়(মূল – আৰ কে নাৰায়ণ) অনুবাদ – অনুৰূপ মহন্ত

বিচনাত থাকোতেই স্বামীৰ মনত পৰিল আজিচোন সোমবাৰৰ ৰাতিপুৱা! লগে লগে তাৰ কঁপনি উঠিবলৈ ধৰিলে। তাৰ এনেকুৱা লাগিল যেন অলপ সময় আগতেই শুক্ৰবাৰ আছিল! সি শেষৰ পিৰিয়ডত শ্ৰেণীত বহি আছিল আৰু ইমান সোনকালেই সোমবাৰ হৈয়েই গ’ল! সি মনতে ভাবিলে ডাঙৰ ভূমিকম্প এটা আহি তাৰ স্কুলখন মাটি ফুটি সোমাই যোৱা হ’লে! কিন্তু ‘এলবাৰ্ট মিছন স্কুল’খনৰ ঘৰটো ইমান প্ৰকাণ্ড আৰু মজবুত আছিল যে তেনেকুৱা কিমানবোৰ প্ৰাৰ্থনা ইমানদিনে ঘৰটোৱে হেলাৰঙে পাৰ কৰি আহিছে, ঠিকনা নাই। এইবোৰ ভাবি থাকোতেই ন বাজিল। স্বামীয়ে কন্দনামুৱা মাত এটা

Read more

নীল হাতী (গল্পকাৰ : হুমায়ূন আহমেদ) ভাবানুবাদ- মুনমুন সৰকাৰ শইকীয়া

নীলুৰ যিজন মোমায়েক আমেৰিকাত থাকে সেইজনক তাই কেতিয়াও লগ পোৱা নাই। নীলুৰ জন্মৰ পূৰ্বেই তেওঁ গুচি গৈছিল। ঘূৰি নাহিল। নীলুৰ এইজন মোমায়েকৰ কথা ঘৰত সবেই পাতি থাকে। মাকে প্ৰায়েই কৈ থাকে, আসস্, সঞ্জু যদি এবাৰলৈ ঘূৰি আহিলহেঁতেন। কিন্তু নীলুৰ মোমায়েকজন হেনো আৰু দেশলৈ ঘূৰি নাহে। কেতিয়াও নাহে। এবাৰ নীলুৰ মামাআইতা খুব অসুখত পৰিল। সঞ্জু মামালৈ টেলিগ্ৰাম‌ পঠিওৱা হ’ল। সবেই ভাবিলে এইবাৰ হয়তো আহিব, কিন্তু তথাপিও নাহিল। নীলুৰ দেউতাকে গুৰু গম্ভীৰ সুৰত ক’লে, : মেমচাহাব বিয়া পাতিলে এতিয়ানো আৰু কি ঘূৰি

Read more

দুই পালোৱান (মূল বাংলা: শীৰ্ষেন্দু মুখোপাধ্যায়) ভাবানুবাদ: ৰাজশ্ৰী শৰ্মা

কিশোৰী সিং পালোৱানৰ যে ভূতলৈ বৰ ভয় সেয়া আগতে কাউৰী কুকুৰেও নাজানিছিল। কিশোৰী সিঙে নিজেও যে খুব ভালদৰে উপলব্ধি কৰিছিল সেইটোও নহয়। আচলতে কিশোৰী সৰুকালৰ পৰাই বিখ্যাত। অনবৰতে চেলা- চামচাবোৰেৰে পৰিবেষ্টিত হৈ থাকে। অকলে থকাৰ কোনোধৰণৰ সুবিধাই নাই তেওঁৰ।আৰু এইটো তো সকলোৱে জানে যে যেতিয়ালৈকে কোনোবা অকলে নাথাকে, তেতিয়ালৈকে ভূতেও দিগদাৰ দিবলৈ নাহে। জোৰে নাপায় হেনো। ব্ৰহ্মপুৱা উঠিয়েই কিশোৰী আৰু তাৰ পালি পহৰীয়াবোৰে প্ৰায় এহাজাৰ বুকডন আৰু বৈঠক মাৰে। সেয়াও এক দৃশ্য। তাৰ পাছত আৰম্ভ হয় মল্লযুদ্ধ। কুস্তি মহাৰণত ঘামৰ

Read more

মূল : শ্বায়েৰ ৰাহত ইনদোৰী অনুবাদ – দেৱাংগ পল্লৱ শইকীয়া

প্ৰিয় কবি, শ্বায়েৰ ৰাহত ইনদোৰী চাহাবৰ ‘নাৰাজ’ সংকলনৰ পৰা দুটিমান পংক্তি অসমীয়ালৈ অনুবাদ কৰিবলৈ মৰসাহ কৰিছোঁ ১) প্ৰথম স্বৰ্তটোৱেই বিচ্ছেদ প্ৰেম সঁচাকৈয়ে অঘৰী! ২) হৃদয়ৰ দুৱাৰত কোনে টুকুৰিয়াইছে মোৰ? তুমি নে নিঃসংগতাই! ৩) জীৱনটো আচলতে কি তেতিয়াহে বুজিবা বৰষুণৰ বতৰতো চিলা উৰুৱাবলৈ শিকা৷ ৪) বৰষুণেও যেতিয়া তৃষ্ণা দূৰ কৰিব পৰা নাই আহা! এইবাৰ বিষপাণ কৰি চাওঁ! ৫) বৰষুণ, নদী, সাগৰ প্ৰথম পানী চকুলো। ৬) নদী, মোৰ চকুত চকু থোৱা আৰু কোৱা কিমান পানী! ৭) নিজৰ চকুলোৰ হিচাপ নিজেই ৰাখিম সুধিবলৈ

Read more

খাদক (মূল- হুমায়ুন আহমেদ)- ভাবানুবাদ : মুনমুন সৰকাৰ শইকীয়া

মই মানুহজনৰ বয়সটো আন্দাজ কৰিবলৈ চেষ্টা চলাই আছোঁ। আচলতে বয়সটো লৈ মোৰ একো মতলব নাই যদিও প্ৰথমবাৰ দেখোঁতেই বয়সটো জানিবলৈ কিয় জানো মন গ’ল। মানুহজনক যেন প্ৰদৰ্শনীত সজাই থোৱা কিবা এটা বস্তু হিচাপে মোৰ আগত আনি থিয় কৰাই দিয়া হৈছিল। আমাক ঘেৰি বহু মানুহ ইতিমধ্যেই জুম বান্ধিছিল। মানুহজনে ঢেলা চকুৰে মোলৈ চাই আছে। মুখত অহংকাৰ মিশ্ৰিত হাঁহি। কিহৰ অহংকাৰ সেয়া মোৰ বোধশক্তিৰ বাহিৰত আছিল। খোন্দাকাৰ মহাশয়ে মোৰ ফালে চাই গলগলীয়া মাতেৰে ক’লে, : এইজনেই সেইজন। মই কলোঁ, : কোনজন? :

Read more

চেকমেট(মূল গল্প: চেকমেট,গল্পকাৰ : জেফ্ৰি আৰ্ছাৰ)- অনুবাদ : অলকেশ ভাগৱতী 

তেখেত কোঠাটোত সোমোৱাৰ লগে লগেই সকলোৱে তেওঁৰ ফালে আগ্ৰহেৰে ঘূৰি চালে৷ সাধাৰণতে মহিলাসকলক নয়নভৰাই চাবলৈ বেছিভাগ লোকেই মহিলাগৰাকীৰ মুখৰ পৰা আৰম্ভ কৰি দৃষ্টি তললৈ নমাই গৈ থাকে৷ মই পিচে ওলোটাহে কৰিলোঁ৷ মই তেওঁৰ ভৰিৰ পৰা আৰম্ভ কৰি লাহে লাহে ওপৰলৈ গ’লোঁ৷  লিপিট খাই ধৰা ক’লা পোচাকযোৰৰ সৈতে ভেলভেটৰ ওখ হাই হিল জোতাৰে তেওঁক অপূৰ্ব সুন্দৰী দেখাইছিল৷ মোৰ দৃষ্টিয়ে তেওঁৰ শৰীৰত বগুৱাবাই গৈ তেওঁৰ খামুচীয়া কঁকাল আৰু সুষম দেহবল্লৱীত থমকি ৰ’ল। কিন্তু তেওঁৰ দেহৰ আটাইতকৈ আকৰ্ষণীয় অংশটো আছিল তেওঁৰ মুখমণ্ডল। ডিম্বাকৃতিৰ

Read more

কাঠপুতলাৰ ৰূপকথা (মূল (বাংলা): আনিসুল হক)- ভাবানুবাদ: নীলাক্ষি দেৱী ডেকা

সেই তাহানি দিনৰেই কথা৷ এখন দেশত আছিল এক আজৱ ৰজা৷ তেওঁৰ নাম আছিল কাঠৰজা৷ এই ৰজাজনৰ এক যাদুকৰী শক্তি আছিল৷ তেওঁৰ সোঁহাতৰ তৰ্জনী আঙুলিৰে যি বস্তুকেই চুই দিয়ক লাগে সেই বস্তু নিমিষতে পৰিণত হৈ পৰে কাঠত৷ এদিন ৰজাই নিজ ৰাজসিংহাসন হাতেৰে চুই পৰিণত কৰিলে কাঠত৷ একেদৰেই ৰজাৰ অনিচ্ছাসত্ত্বেও গোটেই ৰাজমহলটোৱেই হৈ পৰিল কাঠৰ৷ কাঠৰ ৰাজমহলত কাঠৰজাই বাস কৰিবলৈ ধৰিলে৷ এদিন ৰজাই মৃগয়ালৈ যাবলৈ ওলাওঁতে ভুলবশতঃ নিজৰ তৰ্জনী আঙুলি লাগিল নিজৰ ঘোঁৰাটোৰ গাত৷ পলকতে ঘোঁৰাটোও ৰূপান্তৰিত হ’ল কাঠৰ ঘোঁৰালৈ৷ তীব্ৰ খঙ

Read more
1 8 9 10 11 12 22