ফটাঢোল

ভিতৰ আৰু বাহিৰ (মূল: ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘সদৰ ও অন্দৰ’) – অনুবাদ: নয়নমণি হালৈ

বিপিনকিশোৰ ধনীঘৰত জন্ম পোৱা ল’ৰা, সেইকাৰণে সি খৰচ কৰিবলৈ শিকিলে যিমান, তাৰ আধাও কিন্তু উপাৰ্জন কৰিবলৈ নিশিকিলে| আনকি যিটো ঘৰত তাৰ জন্ম, সেই ঘৰটোকো সি নিজৰ কৰি ৰাখিবলৈ সক্ষম নহ’ল| কিন্তু সি দেখাই-শুনাই সুন্দৰ সুঠাম, গান, বাজনা এইবোৰত সিদ্ধহস্ত, সুকুমাৰ কলাত ৰাপ থকা তৰুণ যুৱক আছিল| মাত্ৰ জীৱনযাত্ৰাৰ ৰথখন চলিবলৈ যি বিপুল আয়োজন লাগে, সেইখিনি কৰাটো তাৰ আয়ত্তৰ বাহিৰত, গতিকে জগন্নাথৰ ৰথখনৰ দৰেই তাৰ ৰথখন অচল| তাৰ বিপৰীতে ৰজা চিত্তৰঞ্জন আছিল সৌভাগ্যশালী| তেওঁ বহুদিনীয়া মোকৰ্দমা এটাৰ পৰাও বহু বিষয়-সম্পত্তিৰ অধিকাৰী

Read more

জীৱনৰ পাঁচটা বৰদান (মূল : মাৰ্ক টোৱেইন) – ভাবানুবাদ – ৰাজশ্ৰী শৰ্মা

এবাৰ এটি জীৱনৰ প্ৰত্যুষতে এগৰাকী ভাল পৰীয়ে আহি দেখা দিলে তেওঁৰ বৰদানৰ জোলোঙাটো লৈ। তেওঁ আহিয়েই কনমানিটিক ক’লে, “এয়া চোৱা, এইবোৰ তোমাৰ পুৰস্কাৰ।এটাই ল’বা কিন্তু, বাকীকেইটা বাদ দিবা। চাবা দেই,সিহঁতৰ মাজত মাত্ৰ এটাহে অমূল্য। গতিকে কোনটো লোৱা আগতে ভাবি ল’বা।“ টোপোলাটোত পাঁচটা পুৰস্কাৰ আছিল : প্ৰেম, ঐশ্বৰ্য্য, ৰং- ধেমালি,খ্যাতি আৰু মৃত্যু। কণমানিটিয়ে এবাৰ চায়েই ক’লে, “ ইমান ভাবি থাকিবলৈ দৰকাৰেই নাই।” আৰু সি ৰং-ধেমালি বাচি ল’লে। কণমানি শিশুটিয়ে তাৰ পিছত এই বহল পৃথিৱীৰ মাজলৈ খোজ ল’লে আৰু এটা এটাকৈ সকলো

Read more

জ্যোতিষীৰ এদিন (মূল: আৰ কে নাৰায়ণ) – অনুবাদ: অনুৰূপ মহন্ত

ঠিক দুপৰীয়া হোৱাৰ লগে লগে তেওঁ নিজৰ টোপোলাটো খোলে আৰু নিজৰ জ্যোতিষৰ দোকানখন আৰম্ভ কৰে। টোপোলাটোৰ ভিতৰত থকা সম্পত্তিৰ ভিতৰত আছে কেইখনমান গোলকৈ কটা কাপোৰ, য’ত কিছুমান ৰহস্যময় ৰেখা টনা আছে, এখন ‘নোটবুক’ আৰু এখন জ্যোতিষৰ পুৰণা কিতাপ। তেওঁৰ কপালত ছাই আৰু সেন্দুৰ সনা থাকে আৰু চকুত এটা বেঁকা চাৱনি যিটো গ্ৰাহক তেওঁৰ ফালে আহিছেনে নাই চাবৰ বাবে তেওঁ ব্যৱহাৰ কৰে, কিন্তু সহজ সৰল মানুহে এইয়া কোনো দৈৱিক শক্তিৰ প্ৰভাৱ বুলিহে ভাবে। আচলতে তেওঁৰ চকু দুটাই মানুহক তেওঁৰ প্ৰতি আকৰ্ষিত

Read more

তলাচাবিৰ গল্প (মূল: বৰুণ কুমাৰ সাহা) – অনুবাদ: অভিজিত দত্ত

তলাৰ মন বেয়া । অকলে অকলে দুৱাৰত ওলমি থাকিবলৈ একেবাৰে ভাল নালাগে। তাইৰো ইচ্ছা যায় খোলা আকাশৰ তলত উশাহ লবলৈ। কিন্তু ই কেনেকৈ সম্ভৱ! যি চাবিৰ প্ৰতি তাইৰ অযুত মৰম, অযুত অভিমান, সেই চাবিয়ে অদ্ভূত বশীকৰণ মন্ত্ৰ জানে। এটি আলফুলীয়া আদৰত সি আতৰাই পেলায় তলাৰ মান অভিমান। মন্ত্ৰমুগ্ধ তলাই সপি দিয়ে তাইৰ দেহ-মন। আৰু সেই সুযোগতেই চাবি তাইৰ অভ্যন্তৰত প্ৰৱেশ কৰি এনেদৰে মোচৰ মাৰে যে তাইৰ হাত বান্ধ খাই যায়। দায়িত্বৰ অন্ধকাৰ গহ্বৰত তাইৰ হাত উন্মুখ হৈ পৰে। আৰু বিদায়

Read more

অফিচ চৌহদত মৰি থকা ক’লী ম’হজনী (মূল: পূৰণ শৰ্মা) – অনুবাদ – মৌচুমী গগৈ

“হেল্ল’, সমাজ কল্যাণ বিভাগ?” “হয়, মই সমাজ কল্যাণ বিভাগৰ সঞ্চালকে কৈছোঁ। আপুনি কোন?” “নমস্কাৰ ছাৰ। আপোনাক এটা কথা ক’ব লগা আছিল।” “কওকচোন, কি কথা আছিল?” “ছাৰ, আপোনালোকৰ অফিচৰ যিটো “বি” ব্লক বিল্ডিং আছে, তাৰ সন্মুখতে ক’লী ম’হ এজনী মৰি আছে।” “ক’লী ম’হ?” “হয়, ক’লী ম’হ!” “মাফ কৰিব ছাৰ, মই নিজৰ নামটো আপোনাক ক’ব নোৱাৰিম কাৰণ এইটো মাৰ্ডাৰ কেছ। মিছামিছিকৈ মোৰ ওপৰত সোধা -পোছা হ’ব পাৰে।” “হেল্ল, কিন্তু ম’হজনী মৰিল কেনেকৈ?” “সেইটো মই গম নাপাওঁ ছাৰ। মই এইবাবেই জনালো যে মৃতদেহটো

Read more

প্ৰেমচান্দৰ ফটা জোতা (মূল:হৰিশংকৰ পৰছাই) – অনুবাদ : পূৰবী এম কটকী

প্ৰেমচান্দৰ এখন আলোকচিত্ৰ মোৰ সম্মুখত আছে, পত্নীৰ সৈতে উঠা ফটো। মূৰত এবিধ ডাঠ কাপোৰৰ টুপী, কুৰ্তা আৰু চুৰিয়া পিন্ধি আছে। গালদুখন সোমাই আৰু গালৰ হনু দুটা ওলাই আছে, ডাঠ মোছখিনিয়ে চেহেৰাটো পূৰ কৰি পেলাইছে। ভৰিত কেনভাছৰ জোতা, য’ত ফিটাকেইডাল বন্ধা হয় তাত মনোযোগ নিদিয়াৰ বাবে লোহাৰ চিৰিটো ওলায় গৈছে আৰু ফুটাকেইটাত ফিটা ভৰাৱলৈ অসুবিধা হৈ যায়। এতিয়া ফিটাকেইডাল যেনেতেনে টানি ৰখা হৈছে। সোঁ ভৰিৰ জোতা থিকেই আছে কিন্তু বাওঁভৰিৰ জোতাপাতত ডাঙৰ ফুটা হৈ গৈছে। সেইখিনিতেই আঙুলি বাহিৰলৈ ওলায় গৈছে। মোৰ

Read more

ইঞ্জিনটোৰ বাবে হোৱা সমস্যা – মূল: আৰ কে নাৰায়ণ অনুবাদ – অনুৰূপ মহন্ত

মহাবাতুনিয়ে কৈছিল, আজি বহু বছৰ আগতে আমাৰ ঠাইখনলৈ ‘গেটলেণ্ড’ নামৰ মেলা এখন আহিছিল। ৰাতিৰ ভিতৰতে জিমখানা ক্লাবৰ ফিল্ডখন বিভিন্ন ৰঙৰ পতাকা, লাইটৰ বাল্ব আৰু পোষ্টাৰেৰে সজাই পৰাই তোলা হ’ল। মেলা চাবলৈ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিবলৈ ধৰিলে। মেলা আৰম্ভ হোৱাৰ এসপ্তাহৰ পৰাই প্ৰতি দিনে মেলাৰ মালিকৰ উপাৰ্জন পাঁচশ টকা পৰ্যন্ত হ’বলৈ ধৰিলে। মেলাত বিভিন্ন ধৰণৰ খেল, যাদু, নৃত্য আদিৰ প্ৰদৰ্শন হ’বলৈ ধৰিলে। মাত্ৰ দুইঅনা পইচাৰে মেলাত সোমোৱাৰ টিকট কিনি ভাটৌবিলাকে প্ৰদৰ্শন কৰা সৰু সৰু খেলৰপৰা আৰম্ভ কৰি ‘মৌত কা

Read more

ক্লকৱৰ্ক (মূল: হাৱাৰ্ড ব্ৰেচলিন) – অনুবাদ : অলকেশ ভাগৱতী

(ঘটনাৰ পটভূমি দ্বিতীয় মহাযুদ্ধৰ সময়ৰ লণ্ডন চহৰ) চহৰখনৰ এক ব্যস্ত ৰাজপথৰ কাষতেই থকা দোকানখনৰ সন্মুখৰ সৰু খিৰিকীখনত চাৰিওকাষে কাগজ কিছুমান নুৰা কৰি কৰি আঠা মাৰি দিয়া হৈছে৷ যুদ্ধৰ এই ভয়াবহ সময়ত শত্ৰুৰ বিমানে কৰা বোমাবৰ্ষণৰ শব্দত খিৰিকীৰ কাঁচবোৰ ভাঙি নাযাবলৈ এয়া এক সাধাৰণ ব্যৱস্থা৷ দোকানখনৰ সোঁমাজতে থকা বাকচটোৰ পিছপিনে ঠিয় হৈ চশমা পিন্ধা এজন ক্ষীণকায় লোকে গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ ঘড়ীবোৰ সজাবলৈ আৰম্ভ কৰিছে৷ তেওঁ নিজ কামত ইমানেই মগ্ন যে লণ্ডন চহৰৰ এই ৰাতিপুৱা এটা নতুন দিনৰ বাবে ওলাই অহা

Read more

চৰকাৰী ভোজ (মূল: কমল কিশোৰ বাৰ্মা কন্নৌদ) – অনুবাদঃ-পূৰৱী এম কটকী

এখন দেশ আছিল, দেশতটো ৰজা থাকেই। গতিকে সেইখন দেশটো আছিল। তাত চৰকাৰো আছিল, চৰকাৰখনত গাঁৱৰ পঞ্চায়তৰ পৰা প্ৰধানমন্ত্ৰীলৈকে সকলো নিযুক্ত আছিল। তেওঁলোকে জনতাৰ উন্নতিৰ কাৰণে জনতাক বহুতো অধিকাৰ দিছিল। উদাহৰণ স্বৰূপে জীয়াই থকাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, নপঢ়াকৈ উত্তীৰ্ণ হোৱাৰ অধিকাৰ ইত্যাদি ইত্যাদি … চাবলৈ গ’লে তেওঁ জনকল্যাণকাৰী ৰজা আছিল, গতিকে তেওঁৰো কিছুমান অধিকাৰৰ প্ৰয়োজন আছিল। সেইবাবে তেওঁ নিজৰ বাবেও কিছুমান অধিকাৰ নিৰ্ণয় কৰি লৈছিল…যেনে, কেলেঙ্কাৰীৰ অধিকাৰ, দালালীৰ অধিকাৰ, ভোট বেংকৰ অধিকাৰ, বিপক্ষৰ প্ৰতিটো কথাকেই মিছা বা বেয়া বুলি কোৱাৰ অধিকাৰ,

Read more

খং (মূল: অনুপ শুক্লা) – অনুবাদ: প্ৰণীতা গোস্বামী বৰঠাকুৰ

সভাখন ঠিকে-ঠাকে চলি আছিল। চাৰৰ হঠাৎ কিবা কথাত খং উঠি গ’ল। এনেয়ে তেওঁ খং উঠিলে কেতিয়াও কাৰোলৈ ভ্ৰূক্ষেপ নকৰে, যি মন যায় কৰি পেলায়। কেতিয়াবা বিনাকাৰণত খঙত পৰি তেওঁ কাবাদী খেলিবলৈ লাগি যায়। কিন্তু অনাহকত খং কৰাটো তেওঁৰ সিমান ভাল নালাগে। ভাবে, খং নকৰি তেওঁ কেৱল পাৰিশ্ৰমিক লৈহে আছে! খঙৰ ভমকত তেওঁৰ বিবেকবোৰ কৰ্পূৰৰ দৰে উৰি গ’ল। আৰু অলপ গধুৰ বিবেক, যি উৰি যাব নোৱাৰিলে সেয়া তললৈ নামি আঁঠুৰ মাজত লুকাই ৰ’ল। মূৰৰ পৰা আঁঠুলৈ নামি যোৱাৰ সময়ত সেই বিবেকে

Read more
1 13 14 15 16 17 22