ফটাঢোল

দুটি অনুপ্ৰেৰণামূলক গল্প – অনুবাদক: ছা-হা-বা হাৰ্টি

১)মূল: জ্যাক মাঃ পৃথিৱীৰ শ্ৰেষ্ঠ অনুপ্ৰেৰণামূলক জীৱন কাহিনী প্ৰাক-প্ৰাথমিকত দুবাৰ ফেইল,  মাধ্যমিকত তিনিবাৰ ফেইল, বিশ্ববিদ্যালয়ৰ ভৰ্তি পৰীক্ষাত তিনিবাৰ ফেইল,  চাকৰিৰ বাবে পৰীক্ষা দি ত্ৰিশবাৰ ব্যৰ্থ হয়৷ চীনত তেতিয়া নতুনকৈ কে.এফ.চি. আহে। তাত চৌবিশজনে চাকৰিৰ বাবে আবেদন কৰে৷ তাৰ মাজত তেইশজনৰ চাকৰি হয়৷ একমাত্ৰ তেওঁ বাহিৰে৷ এনেকুৱাও দেখা গৈছে চাকৰিৰ বাবে পাঁচজনে আবেদন কৰিছে তাৰ মাজত চাৰিজনৰ চাকৰি হৈছে, মাথোঁ তেওঁৰ হোৱা নাই৷ প্ৰত্যাখ্যানৰ পাছত প্ৰত্যাখ্যান দেখিছে তেওঁ৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ভৰ্তিৰ বাবে দহবাৰ আবেদন কৰি দহবাৰেই প্ৰত্যাখ্যান হৈছে তেওঁৰ আবেদন৷ ইমান

Read more

খেতি (মূলঃ হৰিশংকৰ পৰছায়) – অনুবাদঃ সোণটো ৰঞ্জন বৰুৱা

চৰকাৰে ঘোষণা কৰিলে যে এইবাৰ আমি অধিক শস্য উৎপাদন কৰিম আৰু এবছৰত খাদ্যশস্যত আত্মনিৰ্ভৰশীল হ’ম। পিচদিনাই কাগজকলত দহলাখ একৰ কাগজৰ অৰ্ডাৰ দিয়া হৈ গ’ল। যেতিয়া সেই কাগজ আহিল তাৰে ফাইল বনোৱা হ’ল। প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ পৰা নামাকৰণ কৰি ফাইল খাদ্য বিভাগলৈ প্ৰেৰণ কৰা হ’ল। খাদ্য বিভাগত সেই ফাইলত কিমান শস্য উৎপাদন হ’ব লাগিব লিখি বিত্ত বিভাগলৈ প্ৰেৰণ কৰিলে। বিত্ত বিভাগে কিমান টকা মঞ্জুৰ কৰিব তাক লিখি কৃষিবিভাগলৈ প্ৰেৰণ কৰিলে। কৃষি বিভাগে তাত বীজ আৰু সাৰ সিঁচি বিদ্যুৎ বিভাগলৈ প্ৰেৰণ কৰিলে। বিদ্যুৎ

Read more

সপোনত লোৱা সাক্ষাৎকাৰটো (মূল- গুৰমিত বেদী) – অনুবাদ: ৰিণ্টুমনি দত্ত

বহুত দিনৰ পিছত কালি শ্ৰীমতী মাকৰ ঘৰলৈ গ’ল, বহুত দিনৰ পিছত কালি এটা স্বাধীন নিশা উপভোগ কৰিলোঁ। সুন্দৰ টোপনি অহাৰ লগতে বহুত দিনৰ পিছত এটা সপোনো দেখিলোঁ। শ্ৰীমতী লগত থকা কেইদিন সুন্দৰ টোপনিতো বাদেই, সপোন দেখাৰ ওপৰতো ‘কাৰ্ফিউ’ লাগি থাকে। কালি ৰাতি মনটোৱে অলপ আজাদী পোৱাৰ লগে লগে বিচনাত পৰা পিছতেই সপোনৰ ৰীলটো চলিবলৈ আৰম্ভ কৰি দিলে। সপোনটো না ভয়ানক আছিল, না মিঠা আছিল – মানে সপোনত মোক মুল্যবৃদ্ধিয়েও হেঁচা মাৰি ধৰা নাছিল নাইবা কোনো ষোড়শী নীলনয়নাই আহি মোৰ লগত

Read more

মোৰ অসফলতাবোৰ (মূল হিন্দীঃ যশোবন্ত কোঠাৰী) – ভাবানুবাদঃ ধ্ৰুৱ কাশ্যপ

লিখা-মেলা কৰা মানুহৰ এতিয়া বেয়া দিন৷ হাস্য-ব্যঙ্গত বিষয়বস্তুৰ আকাল পৰিছে৷ সংবাদ বেচোঁতাসকলে সংবাদৰ অভাৱত ইণ্টাৰনেটত পোৱা Hoaxবোৰকে ‘সংবাদ’ হিচাপে বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে৷ একেবোৰ ব্যঙ্গ লিখকেই একেবোৰ বিষয়বস্তুকেই একেবোৰ জেগাতে প্ৰকাশ কৰি একেবোৰ চেককে লৈ আছে৷ কিছুমান লেখকক Ghost writing ৰ ভূতটোৱে পাইছে৷ সকলো মানুহে নিজকে সফল বুলি ভাবে আৰু বাকী সকলোকে অসফল, ভুল, বেকাৰ, কামচোৰ বুলি সাব্যস্ত কৰিবলৈ লাগি থাকে৷ পিছে মই নিজকে চূড়ান্তই অসফল হিচাপে গণ্য কৰোঁ৷ আপোনালোকে জানে যে সকলো সফল পুৰুষৰ পিছত এগৰাকী নাৰীৰ হাত

Read more

এ লেটাৰ টু গড – গীতিকা শইকীয়া

(মূল : গ্ৰেগ‘ৰিয়া ল‘পেক্স ৱাই ফুয়েণ্টেচ মেক্সিকো‘ ভাষাৰপৰা ইংৰাজীলৈ অনুবাদ : ড‘নাল্ড এ য়েট্চ) সমগ্ৰ উপত্যকাটোত সেই একমাত্ৰ ঘৰটো পাহাৰৰ সামান্য তলৰ ফালে আছে। ঘৰটো থকা ঠাইখনৰ উচ্চতাৰপৰা তলেদি এঁকা-বেঁকাকৈ বৈ যোৱা নদীখন বৰ সুন্দৰকৈ দেখা পোৱা যায়। ঘৰটোৰ ঠিক কাষতে থকা ভেড়া-ছাগলীবিলাক বান্ধি থোৱা গঁড়ালটো আছে। গঁড়ালৰ সিফালে পকিবলৈ ধৰা গোমধানৰ গছবোৰৰ লগতে থকা ৰাজমাহৰ বাগানখনে সেই সময়ত হ‘বলগীয়া ভাল ফচলৰ সম্ভাৱনীয়তাকে সূচায় আছে। অৱশ্যে ধৰালৈ সামান্যভাৱে যদি এজাক বৰষুণ অথবা কমকৈ ধুমুহা বৰষুণো আহিলহেঁতেন, শস্যৰ গুণগত মানদণ্ড আৰু

Read more

জীৱিত আৰু মৃত – সঞ্জীৱ মজুমদাৰ

(মূল : জীবিত ও মৃত লেখক : ৰবীন্দ্ৰনাথ ঠাকুৰ) ৰাণীহাটৰ জমিদাৰ, শাৰদাশংকৰ ডাঙৰীয়াৰ বিধৱা ভাই-বোৱাৰীগৰাকীৰ পিতৃকুলত জীৱিত বুলিবলৈ কোনো নাছিল। পতিকুলতো আপোন কোনো নাছিল, না পতি, না পুত্ৰ। বৰজনাকৰ সৰু ল’ৰা, মাইনা আছিল তাইৰ নয়নৰ মণি। ল’ৰাটোৰ জন্মৰ পিছতেই মাকৰ দীৰ্ঘদিনীয়া অসুখৰ বাবে বিধৱা সৰু মাক কাদম্বিনীয়ে তাক তুলি-তালি ডাঙৰ কৰিলে। পৰৰ সন্তানক ডাঙৰ দীঘল কৰাৰো এক অব্যক্ত বেদনা থাকে, কাৰণ কোনোধৰণৰ দাবী বা অধিকাৰ নাথাকে, নাথাকে সামাজিক স্বীকৃতি, থাকে মাথো চেনেহৰ দাবী আৰু দিনক দিনে বাঢ়ি গৈ থকা অপ্ৰতিৰোধ্য

Read more

দি ফল্চ জেমচ্–গ্যে দ্যা মোপাছাঁ, অনুবাদ- গীতিকা শইকীয়া

  মিষ্টাৰ লেণ্টিনে তেওঁ কাম কৰা অফিচৰ সহকাৰী মুখ্য সচিবৰ ঘৰত আয়োজন কৰা সন্ধিয়াৰ এক অনুষ্ঠানত সেই কমবয়সীয়া সুন্দৰী যুৱতীগৰাকীক প্ৰথমবাৰৰ বাবে লগ পাইছিল। লগ পোৱাৰ লগে লগেই মিষ্টাৰ লেণ্টিন সেই সুন্দৰী যুৱতীগৰাকীৰ প্ৰেমত আচ্ছন্ন হৈ পৰিছিল। সেই সুন্দৰী যুৱতীগৰাকীৰ দেউতাক পেছাত এজন চিকিত্সক আছিল। চিকিত্সক পিতৃৰ কেইমাহমানৰ আগতে মৃত্যু হোৱাৰ পাছত সুন্দৰী যুৱতীয়ে তেওঁৰ মাতৃৰ লগত পেৰিচত থাকিবলৈ আহিছিল। যুৱতীৰ মাতৃৰ পেৰিচলৈ অহাৰ উদ্দেশ্যই আছিল জীয়েকক কোনো সুপাত্ৰত বিয়া দিয়া। সেয়ে ভদ্ৰ মহিলাই জীয়েকক লগত লৈ তেওঁৰ চিনা-জনা পেৰিচৰ

Read more

সন্ত্ৰাসবাদক চেলিব্ৰেট কৰক–অভিৰঞ্জন কুমাৰ, অনুবাদ- হিমাংশু ভাগৱতী

চহৰৰ এঠাইত বোমা বিস্ফোৰণ হৈ হতাহত হোৱাৰ খবৰ আহিছে। লগে লগে নিউজ ৰূম চঞ্চল হৈ উঠিল। হত্যা আৰু বলাৎকাৰৰ খবৰৰ অভাবত আজি দিনটো পেঘেনিয়াই থাকিবলৈ একো নাছিল। সম্পাদকে চিন্তাত পাৰ পোৱা নাছিল হেডলাইন কি হ’ব। পৰিবেশ ঠাণ্ডা হৈ আছিল, সকলো শান্ত। কোনেবাই যদি এঙামুৰি কাঢ়ি আছিল কোনোবাই আকৌ হাওঁ‌ফাও ফুলাবলৈ তলৰ স্ম’কিং জ’ন পাইছিলগৈ। কিছুমানক আকৌ ফেচবুক আৰু ব্লগৰ বেমাৰে পাইছিল, তাৰেই চৰ্চাত মচগুল আছিল। কিন্তু এই বোমা আক্ৰমণৰ কথাটোৱে সকলোকে নিজৰ ঠাইলৈ লৈ আহিল। নিউজৰুমত সৰু সুৰা হাহাকাৰ আৰম্ভ

Read more

প্ৰেমাস্পদৰ প্ৰত্যাবৰ্ত্তন (মূল কাহিনীঃ- হৰিশঙ্কৰ পৰছাই) – অনুবাদঃ- পূৰৱী কটকী

নৈৰ পাৰত বহি দুয়োজনেই শেষৰখন চিঠি লিখিলে,- “এই পৃথিৱীখন বৰ নিষ্ঠুৰ, প্ৰেমিকসকলক লগ হ’বলৈ নিদিয়ে। আমি এই পৃথিৱী এৰি পৰলোকলৈ যাবলৈ ওলায়ছোঁ,  য’ত প্ৰেমৰ পথত কোনো বাধা নাই।” প্ৰেমেন্দ্ৰই ক’লে, – “এই পৃথিৱী বহুত নিষ্ঠুৰ নহয়নে ৰঞ্জনা?” ৰঞ্জনাই সমৰ্থন কৰিলে, – “হয় বহুত নিষ্ঠুৰ।” প্ৰেমেন্দ্ৰই আকৌ ক’লে, – “ইয়াত জুই লাগি নাযায় কিয়, ৰঞ্জনা?” “কাৰণ জুই লগোৱাসকলে আত্মহত্যা কৰি লয় “- ৰঞ্জনাই উত্তৰ দিলে। প্ৰেমিকে অলপ সময় একো ক’ব নোৱাৰিলে। পাছত ক’লে, – “আমি অনন্তকাললৈ পৰলোকত সুখত থাকিম।” প্ৰেমিকাই ক’লে,

Read more

এনেকৈয়ে বাধা দিব লাগিব বিয়াৰ অযথা খৰচক (মূল- য়্যেছে ৰোকে শাদী কি ফিজুল খৰ্চে, লেখক- ড° বেদপ্ৰ্তাপ বৈদিক) – অনুবাদ- পৰিস্মীতা গগৈ

ভাৰতীয় সমাজত তিনিটাক বৰ ডাঙৰ খৰচ বুলি ধৰা হয়। জন্ম,  মৃত্যু আৰু বিবাহ! যিমানেই দুখীয়া নহওক লাগে,  তেওঁৰো মনত হেঁ‌পাহ থাকে যে যদি তেওঁৰ সন্তান জন্ম হয় বা কাৰোবাৰ বিয়া পাতিব লগা হয়, নহ’লে কোনোবা বয়োজ্যেষ্ঠজন ঢুকাই তেন্তে তেওঁৰ সকলোবিলাক সম্পৰ্কীয় মানুহক নিমন্ত্ৰণ কৰি কমচে কম ভোজনটো কৰাবই। এই হেঁ‌পাহটো নিশ্চয় ভুল হ’ব নোৱাৰে। এইয়াতো স্বাভাৱিক মানৱীয় ইচ্ছা। কিন্তু এই ইচ্ছাই কেতিয়াবা সীমা অতিক্ৰম কৰে আৰু প্ৰায় মানুহেই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিবলৈ ধৰে। নৱজাত শিশুৰ আগমণত মানুহে ইমান ডাঙৰ

Read more
1 18 19 20 21 22