দুটি অনুপ্ৰেৰণামূলক গল্প – অনুবাদক: ছা-হা-বা হাৰ্টি
১)মূল: জ্যাক মাঃ পৃথিৱীৰ শ্ৰেষ্ঠ অনুপ্ৰেৰণামূলক জীৱন কাহিনী
প্ৰাক-প্ৰাথমিকত দুবাৰ ফেইল, মাধ্যমিকত তিনিবাৰ ফেইল, বিশ্ববিদ্যালয়ৰ ভৰ্তি পৰীক্ষাত তিনিবাৰ ফেইল, চাকৰিৰ বাবে পৰীক্ষা দি ত্ৰিশবাৰ ব্যৰ্থ হয়৷ চীনত তেতিয়া নতুনকৈ কে.এফ.চি. আহে। তাত চৌবিশজনে চাকৰিৰ বাবে আবেদন কৰে৷ তাৰ মাজত তেইশজনৰ চাকৰি হয়৷ একমাত্ৰ তেওঁ বাহিৰে৷ এনেকুৱাও দেখা গৈছে চাকৰিৰ বাবে পাঁচজনে আবেদন কৰিছে তাৰ মাজত চাৰিজনৰ চাকৰি হৈছে, মাথোঁ তেওঁৰ হোৱা নাই৷ প্ৰত্যাখ্যানৰ পাছত প্ৰত্যাখ্যান দেখিছে তেওঁ৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ভৰ্তিৰ বাবে দহবাৰ আবেদন কৰি দহবাৰেই প্ৰত্যাখ্যান হৈছে তেওঁৰ আবেদন৷ ইমান সময় যাৰ কথা কৈছিলো তেওঁ হ’ল – পৃথিৱীৰ অন্যতম বৃহৎ অনলাইনভিত্তিক কোম্পানী “আলিবাবা ডট কম”ৰ প্ৰতিষ্ঠাতা আৰু চেয়াৰমেন জ্যাক মা৷
জ্যাক মা প্ৰত্যাখ্যানৰ পাছত প্ৰত্যাখ্যান হোৱাৰ পাছতো আজি পৃথিৱীৰ তেত্ৰিশতম শীৰ্ষ ধনী ব্যক্তি (ফোৰ্বচ মেগাজিনৰ তথ্য মতে)৷ তেওঁৰ আচল নাম মা ইয়ুন। চীনৰ জিজিয়াং প্ৰদেশত ১৯৬৪ চনৰ ১০ ছেপ্টেম্বৰত জ্যাক মাৰ জন্ম হয়৷
জ্যাক মা’ৰ নিজৰ কথাৰেঃ
পোন্ধৰবছৰ আগতে মোৰ একোৱেই নাছিল৷ পোন্ধৰবছৰ আগৰ কথা ভাবিলে “আলিবাবা” এতিয়া বহুত ডাঙৰ কোম্পানী। কিন্তু আগন্তুক পোন্ধৰবছৰৰ পিচৰ কথা চিন্তা কৰিলে আলিবাবা এতিয়াও সৰু শিশু৷ মোৰ বিশ্বাস, পোন্ধৰবছৰৰ পিচত মানুহে ই-কমাৰ্চৰ কথা পাহৰি যাব৷ আমাৰ কোম্পানী আলিবাবাৰ আইপিৰ মূল্যৰ পৰিমাণ সামান্য, মাত্ৰ পঁচিশ বিলিয়ন৷ আমাৰ দল আৰু মোক মই মাজে মাজে কওঁ, -“আমি (আলিবাবা) ইমান ডাঙৰ নহওঁ, যিমান দেখুৱাওঁ৷ মই সকলোকে ক’ব বিচাৰো, আমাৰ কোম্পানী ইমান ডাঙৰ নহয়৷ পোন্ধৰবছৰত ভৰি দিয়া এটি কোম্পানীহে মাত্ৰ৷”
১৯৬৪ চনত মোৰ জন্ম৷ চীনত তেতিয়া মাত্ৰ সাংস্কৃতিক আন্দোলনৰ সমাপ্তি হৈছে৷ বিশ্ববিদ্যালয়ত ভৰ্তিৰ বাবে পৰীক্ষা দিব লাগে, তাত মই তিনিবাৰ ফেইল কৰিছিলো৷ প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাত দুবাৰ ফেইল কৰিছিলো৷ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত তিনিবাৰ৷ বাৰে বাৰে প্ৰত্যাখ্যান হৈ মোৰ উপকাৰেই হৈছিল৷
এতিয়াও মোক মানুহে প্ৰত্যাখ্যান কৰে৷ বিশ্ববিদ্যালয়ৰ ভৰ্তিৰ আগত মই চাকৰিৰ বাবে চেষ্টা কৰিছিলো৷ তাতো মই ত্ৰিশবাৰ মান প্ৰত্যাখ্যান হৈছিলো৷
মই বাৰ-তেৰ বছৰ বয়সৰ পৰা ইংৰাজী শিকিবলৈ আৰম্ভ কৰোঁ৷ চীনত তেতিয়া ইংৰাজী শিকাবলৈ সুযোগ নাছিল৷ কোনো ইংৰাজী কিতাপো পোৱা নগৈছিল৷ যি হোটেলত বিদেশী পৰ্যটক আহিছিলে, তালৈ গৈ বিনা টকাৰে পৰ্যটকৰ গাইডৰ কাম কৰিছিলো৷ন-বছৰ এনেকৈ কাম কৰিছিলো, মাথোঁ ইংৰাজী শিকিবলৈ! স্কুল আৰু মা-দেউতাৰ পৰা যি শিকিছিলো, আৰু পৰ্যটকৰ পৰা যি জানিছিলো, সেয়া আছিল ভিন্ন৷ সেই বাবেই মই নিজৰ বাবে ভিন্ন এক অভ্যাস গঢ়ি তোলোঁ নিজৰ মাজতে৷ মই যি দেখো, যি পঢ়োঁ, সেয়া মন দিয়ে পঢ়োঁ, চিন্তা কৰোঁ৷
১৯৯৫ চনত যুক্তৰাষ্ট্ৰলৈ অহাৰ পাছত মই প্ৰথম ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সুযোগ পাওঁ৷ মোৰ বন্ধু এজনে মোক ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ সুযোগ দিয়ে৷ ভয়ত কম্পিউটাৰ স্পৰ্শ কৰা নাই প্ৰথম দিনা৷ চীনত কম্পিউটাৰৰ বহুত দাম আছিল, কিবা নষ্ট হৈ গ’লে টকা দিব পৰা ক্ষমতা মোৰ নাছিল৷ বন্ধুৰ উৎসাহেৰে ইণ্টাৰনেটত চাৰ্চ কৰো৷ তেতিয়াই প্ৰথমবাৰ ই-মেইল শব্দটো শুনোঁ৷
মই ইণ্টাৰনেটভিত্তিক কিছু কাম কৰিবলৈ চেষ্টা আৰম্ভ কৰোঁ৷ সেই সময়ত ইণ্টাৰনেটত বহু জনপ্ৰিয় এটা নাম আছিল ইয়াহু৷ আমাৰ কোম্পানীৰ নাম “আলিবাবা” দিব বিছাৰিছিলোঁ৷দহ-পোন্ধৰজন মান মানুহক সুধিছিলোঁ, “আলিবাবা”ক সিহঁতে জানে নেকি? সকলোৱে কৈছিলে “হয়”। “আলিবাবা আৰু চল্লিশ চোৰ”, গল্পৰ কাৰণে সকলোৱে “আলিবাবা”ক জানে৷
সেয়ে মই এই নামটোৱেই গ্ৰহণ কৰোঁ৷ আৰম্ভণিতে আমি অনলাইনত বিশ্বাসৰ এটি স্থান তৈয়াৰ কৰাৰ চেষ্টা কৰি গৈছো৷ মানুহ এজনে আনজনক কম বিশ্বাস কৰে৷ এনেকুৱা এটা পৰিস্থিতিত “আলিবাবা”ই প্ৰতিদিনে ষাঠি মিলিয়নবাৰ লেনদেন কৰে৷ অনলাইনত এজন মানুহে আনজনক চিনি নাপায়৷ মই আপোনাক চিনি নাপাওঁ, কিন্তু মই আপোনাক বস্তু পঠিয়াওঁ৷ আপুনি আমাক চিনি নাপায়, কিন্তু আপুনি আমাক টকা পঠিয়ায়৷ বিশ্বাসৰ ঠাইটুকুৰা ডাঙৰ কৰাৰ চেষ্টা কৰি গৈছো৷
“আলিবাবা”ৰ সাফল্যৰ অন্যতম গোপন সূত্ৰ হৈছে আমাৰ ইয়াত বহুতো মহিলাই চাকৰি কৰে৷ কেৱল “আলিবাবা”তে ৪৭ শতাংশ কৰ্মী হৈছে নাৰী৷ আমাৰ সকলো অফিচ মিলি ৫৩ শতাংশ কৰ্মী নাৰী৷ আমাৰ মেনেজমেণ্টত ৩৩ শতাংশ নাৰী আৰু উচ্চ পৰ্যায়ত আছে ২৪ শতাংশ৷ একবিংশ শতিকাত আপুনি জয়ী হ’ব বিচাৰিলে বেলেগক স্বাৱলম্বী কৰিবই লাগিব৷ নাৰী-পুৰুষ সকলোকে লগত লৈ আপোনালোক আগুৱাই যাব লাগিব৷ চীনৰ ৮০ শতাংশ যুৱক-যুৱতী সফল হৈছে মাথোঁ নিজৰ কৰ্মৰ গুণে৷ সিহঁতৰ মাজত সম্পত্তিশালী দেউতা নাই বা বেংকৰ লগত লেনদেন নাই, মাথোঁ কাম কৰিয়েই সিহঁত আজি সফল৷ জীৱনত সফল হ’ব বিচাৰিলে সময়ৰ সদব্যৱহাৰ কৰি নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাব লাগে৷
আৰম্ভণিতে মোক সকলোৱে পাগল কৈছিল । “টাইম” আলোচনীত মোক “পাগল জ্যাক” বুলি মাতিছিল৷ মোৰ মতে পাগল হোৱাই ভাল৷ আমি পাগল, কিন্তু আমি নিৰ্বোধ নহওঁ৷ কেতিয়াবা মই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক মোৰ কথা শুনাম৷ মই সিহঁতক ক’ব বিচাৰোঁ যে নিজৰ মনটোক ডাঙৰ কৰা, নিজৰ সংস্কৃতিক ডাঙৰ কৰা৷ নিজৰ মূল্যবোধক শক্তিশালী কৰা, নিজৰ বুদ্ধি বিকাশ কৰা৷ যদি তুমি কিবা এটা কৰিব বিচৰা, তেন্তে প্ৰত্যাশা কৰিবলৈ শিকিব লাগিব৷
******
২)
মূল :বাংলা ইউটিউব চেনেল
অনুবাদক:ছা-হা-বা হাৰ্টি
অজিত দাস এজন স্কুল শিক্ষক৷ ছাত্ৰ-ছাত্ৰীৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ আৰু শিক্ষাদানৰ অভিনৱ কৌশলৰ বাবে তেখেত ছাত্ৰ-ছাত্ৰীৰ মাজত বহু জনপ্ৰিয়৷ এদিনাখন ক্লাছত আহি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি ক’লে, –
“মই তোমালোকৰ লগত এটা গেইম খেলিব বিচাৰো, খেলিবানে?”
ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰ সীমা নাই৷ গেইম কোনে খেলিব নিবিচাৰে! সকলোৱে লগে লগে উত্তৰ দিলে খেলিব বিচাৰে বুলি৷
“ঠিক আছে৷ কাইলৈ তোমালোকে মোনা এটাত অলপ বিলাহী লৈ আহিবা৷ ঠিক আছে?”
পিচদিনা ছাত্ৰ-ছাত্ৰীসকলে মোনা ভৰ্তি কৰি বিলাহী লৈ আহিল,-
“এতিয়া কি কৰিম ছাৰ?”- ছাত্ৰ-ছাত্ৰীয়ে উৎসাহিত হৈ সুধিলে৷
“তোমালোকে যাক সহ্য কৰিব নোৱাৰা বা ঘৃণা কৰা সিহঁতৰ নাম এটাকৈ এটাকৈ বিলাহীৰ ওপৰত লিখা।”
ছাত্ৰ-ছাত্ৰীবোৰে উৎসাহিত হৈ বিলাহীৰ ওপৰত নাম লিখিলে৷ কোনো কোনোৱে ১টা, ২টা, কোনোবাই ৫টা পৰ্যন্ত বিলাহীৰ ওপৰত নাম লিখিলে৷
“যিয়ে যিমানবোৰ বিলাহীৰ ওপৰত নাম লিখিছা সেইবোৰ আকৌ নিজৰ নিজৰ বেগত ভৰাই থোৱা৷ এই বিলাহীখিনি অহা এসপ্তাহৰ বাবে সকলো সময়তে তোমালোকৰ লগতেই ৰাখিবা৷ যিয়েই নকৰা কিয়, য’তেই নোযোৱা কিয় যাতে তোমালোকৰ লগত থাকে৷“
এনেকৈ কেইদিনমান যোৱাৰ পাছত বিলাহীবোৰৰ পৰা প্ৰচণ্ড দূৰ্গন্ধ আহিছে বুলি অভিযোগ কৰিলে ছাত্ৰ-ছাত্ৰীবোৰে৷ যি উৎসাহ লৈ ছাত্ৰ-ছাত্ৰীয়ে গেইমটো আৰম্ভ কৰিছিলে সেয়া দিনক দিনে বিৰক্তিতে পৰিণতি হ’ল৷ অৱশেষত এসপ্তাহ সম্পূৰ্ণ হ’ল৷
ছাৰে সুধিলে, -“এই এসপ্তাহ সময় কেনেকুৱা লাগিল তোমালোকৰ?”
ছাত্ৰ-ছাত্ৰী সকলে সিহঁতৰ হতাশা আৰু অসুবিধাৰ কথা খুলি ক’লে ছাৰক৷
ছাৰে তেতিয়া সিহঁতৰ গেইমটোৰ গোপন অৰ্থ খুলি ক’লে৷ এই ঘটনাটো হৃদয়ত কাৰো প্ৰতি খং আৰু ঘৃণা লৈ ঘূৰি ফুৰাৰ ঘটনাৰ নিচিনা৷ খং বা ঘৃণা লাহে লাহে তোমালোকৰ হৃদয়ক দূষিত আৰু কলুষিত কৰি তোলে, যিটো তোমালোকে সকলো সময়তেই লৈ ফুৰিব লাগে৷ মাত্ৰ এসপ্তাহ গেলা বিলাহীখিনি তোমালোকৰ লগত লৈ ফুৰোঁতেই তোমালোকক অতিষ্ঠ কৰি তুলিছে৷ কাৰোবাক যদি তোমালোকে ঘৃণা কৰা, বহুদিন কাৰো প্ৰতি খং কৰি থকা, তেতিয়া হ’লে তোমালোকৰ হৃদয়ৰ কি অৱস্থা হ’ব কল্পনা কৰিব পাৰা? “
মৰেলঃ হৃদয়ৰ পৰা কাৰো প্ৰতি থকা খং বা ঘৃণা ত্যাগ কৰা, যাতে গোটেই জীৱন কোনো পাপ লৈ ফুৰিব লগা নহয়৷ ক্ষমা কৰাৰ গুণে মানুহক সুখী হ’বলৈ সহায় কৰে৷
☆★☆★☆