মূল : দ্য ৰেন্চম অফ দা ৰেড চীফ,লেখক : অ’ হেনৰি,ভাবানুবাদ-দুলুমণি গগৈ
দেখাত ভালেই যেন লাগে, কিন্তু আগতে মোৰ কথা শুনি লওক। আমি, মানে বিল ড্ৰিচক’ল আৰু মই তেতিয়া সেই দক্ষিণৰ ফালে আলবানিয়াত আছিলোঁ, যেতিয়া এই অপহৰণৰ বুদ্ধিটো আমাৰ মূৰত খেলাইছিল। বিলে পিছলৈ কোৱাৰ দৰে “এক মানসিক বিভ্ৰান্তিৰ সময়ত” বুলি ক’ব পাৰি; অৱশ্যে আমি পাছলৈ সেই মানসিক বিভ্ৰান্তিটো বিচাৰি নাপালোঁ। চেপেটা পিঠাখনৰ দৰে টাউনখনৰ নাম অৱশ্যে শিখৰ আছিল। কিন্তু তাত বাস কৰা লোকসকল মে মাহৰ প্ৰথম দিনা পোল-নৃত্যত মগ্ন একেবাৰে নিমাখিত আৰু আত্মসন্তুষ্ট মানুহ আছিল। বিল আৰু মোৰ যুটীয়াভাৱে প্ৰায় ছশ ডলাৰ
Read more