ফটাঢোল

ফটাপ্ৰশ্ন

১) ৰাজশ্ৰী শৰ্মা : ফটহু কাই, মানুহে আপোনাক ইমান ফটাপ্ৰশ্ন সোধে! আপুনিও উপদেশ দিয়ে মিলাই মিলাই। তাৰে আধাও তেওঁলোকে নিজৰ জীৱনত পালন কৰে বুলি ভাবেনে? যদি নকৰে কিয় নকৰে বাৰু? উত্তৰ :  উপদেশ কোনেনো পালন কৰে হে! উপদেশ হ’ল দিওঁতাজনক সন্তুষ্ট কৰিবলৈ একাণে শুনি একাণে উলিয়াউ দিয়া বস্তু। পৃথিৱীত আজিলৈকে যিমান উপদেশ দিয়া হ’ল- মানুহে সকলোবোৰ শুনিলে, মানৱ জাতি বাচি নেথাকিলেইহেঁতেন। ২) নাং বিজু বৰগোঁহাই : এফ.আৰ.পি. কেনেকৈ বঢ়াব পাৰি? উত্তৰ : কেইবাটাও উপায় আছে, কিন্তু সকলোতকৈ জৰুৰী দিনে ৰাতিয়ে

Read more

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) চাও খুন শিবা : এজন মানুহৰ দুটা চকু, ৰাৱণৰ বিশটা চকু৷ এজোপা গছত  সাধাৰণ মানুহ এজনৰ দৃষ্টিত ১০ টা চৰাই আছিল, এতিয়া ৰাৱণে গাছজোপাত কেইটা চৰাই দেখিব? উত্তৰ : কথাটো নিৰ্ভৰ কৰিব ৰাৱণৰ মানসিক অৱস্থাৰ ওপৰত। কেনেবাকে মহাদেৱৰ প্ৰসাদকণ কৰি থাকিলে, কিমান চৰাই দেখিব তাৰ হিচাপ নাই। ২) অনুৰূপ মহন্ত : জীৱ জন্তুবিলাকৰো যদি মানুহৰ দৰে নাম আৰু উপাধি থাকিলহেঁতেন, তেতিয়া ভাল হ’লহেঁতেন নে বেয়া? উত্তৰ : বেয়া। তেতিয়া কি ঠিক, জন্তুবিলাকৰ মাজতো উপাধি ভিত্তিক স্বায়ত্ব শাসনৰ দাবী উঠিলহেঁতেন,

Read more

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১)চন্দনা শৰ্মা: ফটহুকাই ঔ, মহন্তৰ চিন মাহনিত যদি শইকীয়াৰ চিন শাকনিত নেকি? উত্তৰঃ- খেনো খেনো শইকীয়াৰ চিন হেনো ফেচবুকৰ ইনবক্স বা হোৱাটচ এপতহে বুলি হিংসাকুৰীয়া বিলাকে কয়। ২) কমলা দাস: কঁপনি উঠা ঠাণ্ডাত জুইৰ ওচৰত হাত সেকিবলৈ বহিলে, মুখেৰে কিয় সাঁ সাঁ শব্দ ওলায়? উত্তৰঃ- কাৰণ ‘কা’ ‘কা’ শব্দ ওলালে মানুহে আপোনাক কাউৰী বুলি ক’ব যে। ৩) পৰীস্মিতা বৰদলৈ: ফটহু কাই, কেতিয়াবা মাংসৰ তৰকাৰীত পানী বেছি হ’লে, নতুবা ভাত লেপলেপীয়া হৈ গ’লে তলৰ কোনটো সঁজুলিয়ে বেছি খৰতকীয়াকৈ পানী শুকুৱাব পাৰিব-

Read more

ফটাপ্ৰশ্ন – ডিচেম্বৰ ২০১৯

১) কমলা দাসঃ- ফকৰা বচন মতে “আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা, আদাৰ কেনেকৈ গা উঠে নো?” উত্তৰঃ- আদাৰ নুঠে হে, কেতুৰীৰ হে উঠ। আদাই জাহাজত উঠি ফুৰবলৈ যোৱা বুলি গম পালে কেতুৰীৰো মন যায়, কবিয়ে তাকেহে কৈছে। ২) অভিজিত দত্তঃ- কথিত আছে যে মহাকবি কালিদাসে বিয়াৰ প্ৰথম নিশা তেওঁৰ পত্নীৰ সাক্ষাৎ লাভৰ বাবে আঠুৱাৰ ওপৰেৰে যাবলৈ বিচৰাত আঠুৱাৰ ৰচি চিঙি বিচনাত সৰি পৰিছিল। কালিদাসে কেনেদৰে আঠুৱা বগাই আঠুৱাৰ ওপৰলৈ উঠিছিল? উত্তৰঃ- আঠুৱা খনৰ HAZOP STUDY কৰিছিল হয়তো,

Read more

ফটাপ্ৰশ্ন

 ১. পূৰ্ণাময়ী মেধি: হিন্দীত খানা খাতা হু, অসমীয়া তো খানা খাওঁএতিয়া প্ৰশ্ন হ’ল, হিন্দীত পানী পীতা হু হয়৷ অসমীয়াত কিন্তু পানী খাওঁ হয় কিয়? ফটহু: জানেই দেখোন অসমীয়া মানুহবোৰ এলেহুৱা হয়৷ গতিকে বাহিৰা মানুহৰ দৰে খানা আৰু পিনা দুটা কাম কৰি কষ্ট নকৰে৷ এটাই কাম কৰে মানে অকল খোৱা কামতোৱে কৰে, খাদ্যও খায়, পানীও খায়৷ এটা গুলিতে দুটা চিকাৰ ২. নীলাঞ্জনা কাশ্যপ: অসমত যিকোনো বিষয়ৰ ওপৰত আও-ভাও নজনাকৈ মাত মতা “পণ্ডিত“ৰ সংখ্যা বেলেগ ৰাজ্যৰ তুলনাতকৈ বেছি কিয়? ফটহু: আচলতে সেইসকল

Read more

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) জিতা ফুকন : মানুহে ব্যস্ততাৰ দোহাই দি সম্বন্ধবোৰ মাৰি পেলায় কিন্তু পৰুৱাবোৰে ইমান ব্যস্ত হৈ লাইনত গৈ থাকোঁতেও সন্মুখত পোৱা প্ৰত্যেকটো পৰুৱাকে কাণে কাণে কি কৈ যায় বাৰু? উত্তৰ : শ্ৰমিক পৰুৱাবোৰ মতা পৰুৱা, গতিকে লাইনত গৈ থাকোঁতে নিশ্চয় ৰাতি পাৰ্টি ক’ত আছে সেইটো কথাকে ইটোৱে সিটোক কৈ যায়। দিনটো কাম কৰি গধূলি অলপ ফূৰ্তি কৰিবৰ মন যাবই দিয়কচোন। ২) সোণটো ৰঞ্জন বৰুৱা : কাপোৰ ফাটিলে শব্দ হয় কিন্তু গাখীৰ ফাটিলে শব্দ নহয় কিয়? উত্তৰ : ফটা কাপোৰ চিলাব

Read more

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১)বিকাশ লাহন : মানুহবোৰে কেতিয়াবা সোধে যে চাহ-তাহ খালেনে বুলি, চাহটো বুজিলোঁ তাহটো কি? উত্তৰ : অনুৰূপ শব্দ। ২) নীতুমণি দেৱী : এই বাৰ গৰম কিয় বেছি পৰিছে? মেদিনী আদিত্যৰ বেছিকৈ ওচৰ চাপি আহিছে নেকি? উত্তৰ : নহয় হে, এই যে ধৰণীহঁতৰ মানৱ বোলাটোৱে গোটেই বাৰীখনৰ লাগনি গছবোৰ কাটি খৰি খোৱা নাই জানো? তাৰে কিবা ভিতৰুৱা খং আছে চাগে। ৩) নিৰ্মালি বৰমুদৈ : ঘৰিয়ালৰ চকুপানী বুলি কিয় কয়? সাপ, নেউল, জেঠী, বেং, বাঘ, গৰু এইবোৰৰ চকুপানী হ’বও পাৰিলে হয়। উত্তৰ

Read more

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) দ্বিজেন তামূলী : ঢোলৰ লগত টেমকা বুলি আমি সকলোৱে কওঁ৷ মোৰ প্ৰশ্ন হ’ল, এই টেমকাটো কি বস্তু? উত্তৰ : বাদ দিয়কহে টেমেকা, ভাল পুৰঠ কঁঠাল কাঠৰ ঢোলেই পাবলে নাইকিয়া হ’ল আজিকালি, টেমেকাটো জানিয়েই বা কি কৰিব? ২) নীলক্ষি কাকতি : ফটহুকাই ধৰি লওক আপুনি লটাৰীত এক কৌটি টকা জিকিলে৷ আপুনি প্ৰথমে কি কৰিব? উত্তৰ : আই চি ইউত সোমাম। অৱশ্যে আই চি ইউৰ পৰা ওলাই অহাৰ পাছত সেই কোটিটো নেথাকিবগৈ বুলি হে সংশয় নহয়। ৩) (ক) জিতা ফুকন :

Read more

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) নিলাক্ষী কাকতি : ফটহুকাই আপুনি ঘৰখনত শান্তিৰ বাতাবৰণ ধৰি ৰাখিবলৈ কি কি কৰে? উত্তৰ : মই শান্তি বোলা শব্দটোৰ সংজ্ঞাকে সলাই লৈছোঁ। কপৌ চৰাইৰ ঠাইত বেলনা মাৰিক শান্তিৰ প্ৰতীক সাজি লৈছোঁ। গতিকে মোৰ সংসাৰত শান্তিয়েই শান্তি। ২) ৰিণ্টুমণি দত্ত : মোৰ এটাই প্ৰশ্ন, বিজয় মহন্তৰ  মুখখন ইমান ফটা কিয়, চিলোৱাৰ কিবা উপায় আছে নেকি? উত্তৰ : একেবাৰে হাড়ৰ মজ্জাত সোমাই থকা বেমাৰ সেইটো, চিলোৱাৰ কোনো উপায় নাই। থাকিলেনো মই এই গেলা গৰমত প্ৰশ্নোত্তৰ লিখি থাকোনে? ৩) সৌৰভ শৰ্মা :

Read more

ফটা প্ৰশ্নোত্তৰ – ফটহু কাই

১) অঞ্জন সাধনিদাৰ :- চিনেমা হলত চকীবোৰৰ মাজত থকা armrest ডাল আচলতে বাওঁফালৰজনৰ বাবে নে সোঁফালে বহাজনৰ বাবে? উত্তৰঃ- যি প্ৰথমতে আহি তাত হাতখন ৰাখিব পাৰে তেওঁৰ বাবেই। ২) জিতা ফুকন :- ক) ডাঙৰ ধুমুহাবোৰৰ নামবোৰ কিয় স্ত্ৰীলিংগত দিয়ে? উত্তৰ : নাম আচলতে পুংলিংগ আৰু স্ত্ৰীলিংগ দুইবিধেই দিয়ে, সলাই সলায়। পিছে স্ত্ৰীলিংগ নামধাৰী ধুমুহাবোৰ কিয় বেছি ভয়ংকৰ সেয়া সকলো বিবাহিত পুৰুষেই জানে, যিকোনো এজনক সুধি ল’লেই হ’ল। খ) ডাঙৰ ভূমিকম্পবোৰ মাজনিশা কিয় আহে? উত্তৰ : কিয় আহে নেজানো, কিন্তু ৰাতি

Read more
1 2 3 4 5 6