ভাই – দ্যা আনচিন ব’ণ্ড – ৰামানুজ গোস্বামী
অৰ্ডাৰ.. অৰ্ডাৰ অৰ্ডাৰ.. ন্যায়াধীশৰ কাঠৰ হাঁতুৰীৰ কোবত ক্ষন্তেকৰ বাবে আদালত কক্ষত কথাৰ গুণগুণনি স্তব্ধ হৈ গ’ল। তেওঁৰ কাষতে থকা আইনৰক্ষী, ক’লা কাপোৰেৰে চকুত বান্ধি ৰখা প্ৰস্তৰ ন্যায়দেৱী মূৰ্ত্তিৰ চক্ষু-বন্ধনৰ ক’লা বস্ত্র সামান্য লৰি উঠিল। : দুয়ো পক্ষৰে বাদ বিবাদ, যুক্তি, আৰ্জি, খণ্ডন আদি বিচাৰ বিবেচনা কৰি এই আদালত এই সিদ্ধান্তত উপনীত হৈছে যে অপৰাধী মদন কলিতাৰ হাততে তেওঁৰ পত্নী সৱিতা ডেকা কলিতাৰ মৃত্যু হৈছে। নিজ পত্নীক হত্যা কৰি হাতে-লোটে পুলিচৰ হাতত ধৰা পৰা শ্ৰীকলিতাক আদালতে দোষী সাব্যস্ত কৰে আৰু শিক্ষকতাৰ
Read more