ফটাঢোল

ডলী ক্ৰিয়েশ্যনৰ ষষ্ঠদশ নিবেদন,ছবি: কইনা মোৰ ৱাণ্ডাৰফুল-ডলী তালুকদাৰ

কাহিনী, পৰিচালনা, চিত্ৰনাট্য, সংলাপ, প্ৰযোজনা, পৰিকল্পনা ডলী তালুকদাৰ।

সহ পৰিচালনা: দীক্ষিতা বৰা

কষ্টিউম ডিজাইন: অৰ্চন শৰ্মা

কৰিঅ’গ্ৰাফী: অনামিকা গগৈ

মেকআপ: শ্ৰুতিমালা মিশ্ৰ

একশ্যন: ৰিণ্টুমণি দত্ত

পোষ্টাৰ ডিজাইন: যোগেশ ভট্টাচাৰ্য

অভিনয়ত: নিতাশ্ৰী নেওগ, উৎপলা শইকীয়া, ৰিমঝিম বৰঠাকুৰ, ইলি তালুকদাৰ, আদিত্যজ্যোতি বৰঠাকুৰ, দেৱজিত শৰ্মা,ৰঞ্জিত শৰ্মা, সঞ্জীব ভট্টাচাৰ্য।

ইলি তালুকদাৰ: মাধবী দেৱী

হেমন্ত কাকতি: পৰেশ(মাধবীৰ ভায়েক)

ৰঞ্জিত কুমাৰ শৰ্মা: বৰুৱা

কমলা দাস: বৰুৱানী

নিতাশ্ৰী নেওগ: ৰুণা ( বৰুৱা বৰুৱানীৰ ছোৱালী)

উৎপলা শইকীয়া: উৰ্মি( বৰুৱা বৰুৱানীৰ ছোৱালী)

ৰিমঝিম বৰঠাকুৰ: ৰুবী( ৰুণাৰ বান্ধবী)

আদিত্যজ্যোতি বৰঠাকুৰ: অৰুণ

সঞ্জীব ভট্টাচাৰ্য: ৰাজা ( মাধবী আৰু পৰেশৰ ভতিজা)

দেৱজিত শৰ্মা: ৰবি ( মাধবীৰ পুতেক )

বিশেষ ভূমিকাত: কাবেৰী মহন্ত

    ১নং দৃশ্যঃ

এটা চৰকাৰী অফিচৰ ভিতৰখন দেখুওৱা হ’ব। এটা ডাঙৰ কোঠাত  চাৰিকোণত চাৰিজন মানুহে কাম কৰি থাকিব। কেমেৰাই চুকৰ ফালে থকা টেবুল এখন দেখাব। তাত এজন মানুহে  টেবুলৰ তলত চাধা মাৰি থাকিব। ক্ল’জআপত তেওঁক চাধাখিনি তলৰ ওঁঠত সুমুৱাই দিয়া দেখাব (সঞ্জীব ভট্টাচাৰ্য, চৰিত্ৰ ৰাজা)। হঠাতে তেওঁৰ ফোনটো বাজে আৰু ৰাজাই উঠায়।

ডায়লগঃ

ৰাজা: নাই অ’। মই নোৱাৰিম। মানে মই বহুত বিজি জাননে?

…………………..
ৰাজা: আৰে নক’বি ভাই! ৰাতিপুৱাৰপৰা ফাইলৰ পৰা মূৰ দাঙিবই পৰা নাই। এতিয়ালৈ পঞ্চাশটাৰ ওপৰত ফাইল চালোঁ। কি ক’ম তোক মই, চাধা এপালি খাব পোৱা নাই।

……………………
ৰাজা: আৰে ভাই বিশ্বাস নকৰ যদি চাই যা অফিচত।

: চাইয়ে আছোঁ এঘণ্টা ধৰি তোক দুৱাৰ চুকৰপৰা। আহিছ দহটা বজাত। তাৰ পিছত চহী দুটামান মাৰি মোবাইলত কেণ্ডি ক্ৰাচ খেলিলি আৰু মাজতে তিনিবাৰ চাহ খালি আৰু দুবাৰ চাধা খালি।

হঠাত ওচৰতে মাতটো শুনি ৰাজা আচৰিত হয়। আৰু সমুখত অৰুণক দেখি চক খাই উঠে। আৰু সেমেনা সেমেনি কৰি হাঁহে।

অৰুণে ( আদিত্যজ্যোতি বৰঠাকুৰ)সমুখৰ চকীখন টানি আনি বহে।

অৰুণ: তোৰ মানে ফাঁকি মাৰা স্বভাৱটো নগ’ল ন?

ৰাজা: আবে ক’ত ফাঁকি মাৰিছোঁ! এইবোৰ কি চা?

ৰাজাৰ খং উঠে আৰু  চাৰিটামান ফাইল দেখুৱাই দিয়ে।

অৰুণ: হ’ব হ’ব!

ৰাজা: বাৰু! কিয় আহিছিলি ক?

অৰুণ মনে মনে থাকে।

ৰাজা: হাৰে নকৱ কিয়? যদি একো কাম নাই তেন্তে যা ইয়াৰপৰা।

অৰুণ: মানে ঘৰৰ পৰা আকৌ জোৰ কৰিছে। মায়ে কৈছে এইবাৰ বোৱাৰী নাপালে হেনো মোক ঘৰৰপৰা উলিয়াই দিব। বয়স বোলে মোৰ কমি আহিছে।

ৰাজা: বয়স কমা নাই বাঢ়িছেহে। নিজৰ লেবেলটো মানে নেৰ ন? পিচে মই এইবাৰ তোৰ লগত কইনা চাব যাব নোৱাৰিম।

অৰুণ: ৰাজা মোৰ ভাই, তই নগ’লে কোন যাব? তই যাবই লাগিব।

ৰাজা: নাযাওঁ মই। এতিয়ালৈ বাইশজনী কইনা চালি কিন্তু তোৰ পছন্দ নহ’ল। তোৰ পছন্দ হ’লে তোৰ মায়েৰৰ নহয়। মানুহে মোক তোতকৈ বেছি চিনি পাই কইনা চাবলৈ যোৱা বুলি। তোৰ কাৰণে মোৰো কইনা ঠিক হোৱা নাই। নাযাওঁ মই।

অৰুণ: না নক’বি না। এইবাৰ মোৰ মন পছন্দৰ কইনা পামেই চাই থাক। ব’ল হোটেলত ভালকৈ চাহ খাই খয়েৰ দিয়া পান খাম।

ৰাজা ওলাই আহে আৰু পিছে পিছে অৰুণ।

২য় দৃশ্যঃ

সৰু গলি এটাৰপৰা ওলাই আহিব এখন বাইক। বাইকৰ আৰোহীজনে হেলমেট পিন্ধি থাকিব। পিছত এজনী ছোৱালী বহি থাকিব। আৰোহী আৰু ছোৱালীজনীৰ পিন্ধনত জিনচ পেণ্ট, বুট জোতা। হাতত ৰঙা নীলা খাৰু। পিছৰ ছিটত বহা ছোৱালীজনীৰ ৰঙা, সেউজীয়া কালাৰ কৰা চুলিখিনি উৰি থাকিব।

মুখখন চূৰ্ণী এখনেৰে ঢকা থাকিব। বাইকখন ওলাই অহাৰ লগে লগে আনটো ফালৰপৰা আহি থকা ৰাজাক খুন্দিয়াব খুজিব। ৰাজাই  জাঁপ মাৰি কাষলৈ আঁতৰি দিয়ে যদিও পৰি যায়। অৰুণ দৌৰি আহে কাষলৈ আৰু বাইকৰ আৰোহীক গালি পাৰি দিয়ে। বাইকখন ৰৈ যায় কেৰেচকৈ শব্দ কৰি।

এনেতে ৰাজা উঠে অৰুণৰ হাতত ধৰি।

ৰাজা: চকু নাই নেকিহে? এতিয়াই চেপেটা কৰি পেলালেহেঁতেন!

অৰুণ: আৰে চলাব নাজানিলে চলায় কিয় বাইক? দিয়ক  দুহেজাৰ টকা হস্পিতাললৈ যাওঁ।

ছোৱালীজনী আৰু বাইক আৰোহী নামি আহে বাইকৰপৰা। ছোৱালীজনীয়ে মুখৰ পৰা কাপোৰ নুগুছোৱাকৈয়ে কাজিয়া কৰে।

কাক দেখা নোপোৱাৰ কথা ক’বলৈ আহে হে? আমি দেখা নাছিলোঁনে আপোনালোকে দেখা নাছিল? ভালকৈ খোজ কাঢ়িব নোৱাৰে ৰাস্তাত?

অৰুণ: আপুনি শিকাব নালাগে আমাক খোজ কেনেকৈ কাঢ়ে। দিয়ক টকা দুহেজাৰ। হস্পিতাললৈ যাওঁ।
বাইক আৰোহী আগবাঢ়ি আহে। আৰু হেলমেট নোখোলাকৈ কয়….

আপোনালোকে দিয়ক আমাক পইচা। আমাৰ দেৰী হৈ গ’ল আপোনালোকৰ বাবে। যদি দিব নোৱাৰে আমি যাওঁ। আমাৰ চুপতি মৰাৰ সময় নাই।

যাবলৈ ওলায়…..

ৰাজা: কি পইচা লাগেহে আমাৰপৰা? উল্টা চোৰে কটোৱালক কাটিব আহিছে? নিজৰ মুখৰ ঢাকনি এতিয়ালৈ গুচাবলৈ সাহস হোৱা নাই আৰু দম দিব আহে?

অৰুণ: পলৰীয়া কৰবাৰ?

লগে লগে ছোৱালীজনীয়ে মুখৰপৰা চূৰ্ণীখন আঁতৰাই দিয়ে। দীঘল চুলিৰে এজনী ধুনীয়া ছোৱালী  দুয়োৰে সমুখত দেখা দিয়ে। ক্ল’জআপত ছোৱালী জনীৰ মুখখন দেখায়(ৰুণা, নীতাশ্ৰী নেওগ)।

অৰুণে কথা ক’বলৈ এৰি মুখমেলি চাই থাকে ছোৱালীজনীলৈ আৰু তায়ো অৰুণলৈ চাই থাকে।

(বেকগ্ৰাউণ্ডত লা..লা..লা..লা বাজে)

আনফালে বাইক আৰোহীয়েও হেলমেট খুলি দিয়াত এজনী দীঘল চুলিৰে ধুনীয়া ছোৱালীৰ মুখ ওলায়।

ক্ল’জআপত ছোৱালীজনীৰ ধুনীয়া চকুযুৰী দেখুওৱা  হয় কিন্তু খঙত ( উৰ্মি, উৎপলা শইকীয়া)

লগে লগে ৰাজা আৰু অৰুণ দুয়ো একেমুখে কয়….

“আৰে দুয়োজনী ছোৱালী দেখোন?”

ৰাজা: এইজনীক মই মতা বুলি ভাবিছিলোঁ অ'( উৰ্মিক দেখুৱাই কয়)।

উৰ্মি: মতা মানুহে অকল বাইক চলাব পাৰে নেকি? এই উৰ্মি ইমান কমজোৰ নহয়। মই আজিৰ নাৰী হয়।

ৰাজা: বাৰু আজিৰ নাৰী, চৰী বাইদেউ এতিয়া পুলিচ থানাত যাব নে মোক ডাক্তৰৰ ওচৰলৈ নিব?

উৰ্মি: কিয় যাম পুলিচ থানালৈ? আপোনাৰ আঙুলী এটাও একো হোৱা নাই গতিকে ডাক্তৰৰ ওচৰলৈও নিনিওঁ। চাওঁ গুচক কাষৰপৰা।

এইবুলি উৰ্মিয়ে আঁতৰি আহিব খোজে আৰু ঘূৰি চাই দেখে ৰুণা আৰু অৰুণে দুয়োৰে চকুলৈ ৰ লাগি চাই আছে।

ৰুণাৰ চূৰ্ণীখন তলত পৰি থকাত অৰুণে বুটলি দিয়ে। ৰুণাই লাজ লাজকৈ হাতত তুলি লয়।

উৰ্মি: ৰুণা ব’ল ইয়াৰপৰা? ইয়াত থাকিলে পাগল হ’ম।

অৰুণ: ৰুণা! ইমান মিঠা নামটো। মোৰো নাম অৰুণ।

ৰুণাই লাহেকৈ কয় …অৰুণ!!…

ৰাজা: পাগল আকৌ নতুনকৈ পাগল বুলি ক’ব আহে। হাঃ হাঃ।

উৰ্মি: তোক মই…

তেনেতে ৰুণাই টানি আনে হাতত ধৰি আনহাতে ৰাজাইও খেদি যাব বিচৰাত অৰুণে তাক টানি লৈ যায়।

যাওঁতে পিছফালে ঘূৰি চাই ৰুণাক বাই বাই দিয়ে অৰুণে। ৰুণাই মিচিকিয়াই হাঁহে।

 ৩য় দৃশ্যঃ

এটা দুমহলীয়া ঘৰৰ বাৰাণ্ডা দেখুওৱা হ’ব। বাৰাণ্ডাত থকা ট্ৰেডমিলখনত এজন মানুহ দৌৰি থাকিব। তেওঁৰ পিন্ধনত ৰঙা টিচাৰ্ট আৰু ট্ৰেকপেণ্ট। মূৰত এটা টুপী আৰু কাণত হেডফোন, চকুত গগলচ। দৌৰাৰ লগে লগে তেওঁ গান এটা চিঞৰি চিঞৰি গাই থাকিব। তেনেতে ছোৱালী এজনী ওপৰলৈ উঠি অহা দেখুওৱা হ’ব।

ছোৱালীজনীক দেখাৰ লগে লগে মানুহজনে মিচিককৈ হাঁহিব (চৰিত্ৰ পৰেশ, হেমন্ত কাকতি) তেওঁ বাৰাণ্ডাত সজাই থোৱা আইনাখনত নিজৰ চেহেৰাটো চাব এবাৰ।

ছোৱালীজনী সোমাই আহিব (ৰুবী, ৰিমঝিম বৰঠাকুৰ)।

 : এক্সকিউজ মী, আই এম ৰুবী তালুকদাৰ। কথা এটা সুধিব পাৰিমনে?

লগে লগে পৰেশে ঘূৰি চাব আৰু ট্ৰেডমিলখনৰপৰা জাঁপ মাৰি মাইকেল জেকচনৰ দৰে ভৰিখন পিছলাই দিব খোজে কিন্তু তেওঁ পিছলি যাই কোনোমতে নপৰাকে থাকে।

ৰুবীয়ে কোনোমতে হাঁহিটো ৰখায়।

পৰেশ: ইয়েচ, হাউ কেন আই হেল্প ইউ মিচ?

ৰুবী: মোৰ নাম ৰুবী আৰু আপোনাৰ পৰা সহায় এটা বিচাৰিছিলোঁ। এই ঘৰটো আপোনাৰনে?

পৰেশ: ও..ও..মই এই ঘৰৰ মালিক। কওকচোন?

ৰুবী: মোক মানে ৰূম এটা লাগিছিল। মই নতুনকৈ চাকৰিত সোমাইছোঁ। সেয়েহে তলত Tolet দেখা পায় আহিলোঁ। পামনে বাৰু?

পৰেশ: চিওৰ বেবী আই মিন ভণ্টী। ৰ’বা মই ভিতৰৰপৰা চাবিটো আনো। গ্ৰাউণ্ড ফ্লৰত দুটা ৰূম আছে।

পৰেশে ভিতৰত সোমাব খোজে তেনেতে..

ৰুবী: থেংকিউ আংকল। মোৰ বহুত ডাঙৰ সমস্যা এটা সমাধান হ’ল।

পৰেশে ভিতৰত সোমাব খুজি ৰৈ যায়। আৰু হঠাত ভবাৰ দৰে কৰি কয়….

: ৰূম খালী নাই নহয়! তুমি যোৱা।

ৰুবী: হাৰে এইমাত্ৰ থকা বুলি ক’লেচোন দুটা ৰূম? হঠাত নাই ক’লে যে আংকল।
পৰেশ: হঠাত আছে ক’লোঁ আৰু এতিয়া হঠাত নাই বুলিও ক’লোঁ। বাই…
পৰেশ ভিতৰলৈ সোমাই যায়। ৰুবী ঠাইতে থিয় দি থাকে আচৰিত হৈ।
: ‘কি আচৰিত মানুহ’ বুলি কৈ লাহে লাহে ৰুবী নামি আহে তললৈ।
কেমেৰাই তাইক বাহিৰলৈ ওলাই যোৱা দেখাব। কিছু সময় খালী চোতাল আৰু গেটখন দেখুওৱা হ’ব। গেটৰ কাষত থকা আমলখী জোপা বতাহত হালি জালি থাকিব।

এনেতে গাড়ী এখন সোমাই আহিব আৰু চোতালত ৰ’ব। ল’ৰা এজন নামিব গাড়ীৰপৰা। আৰু খৰ খোজেৰে ওপৰলৈ উঠি আহিব(ৰবি, দেৱজিত শৰ্মা) বাৰাণ্ডাত থিয় হৈ চিঞৰিব আৰু চকীত বহি পেপাৰ পঢ়ি থকা পৰেশলৈ খঙেৰে চাব।

ৰবি: মা ..মা…মা..

চিঞৰ শুনি এগৰাকী ধুনীয়া মহিলা ভিতৰৰ পৰা ওলাই আহিব। পিন্ধনত চিল্কৰ গাউন, খোপাটো ওপৰত বান্ধি থোৱা।

ৰবিক ঈঙ্গিতেৰে থিয় হৈ থাকিবলৈ দিয়ে।

হাতত অনা ফেচপেকৰ বাতিৰ পৰা  বাৰাণ্ডাত বহি থকা পৰেশৰ মুখত সানি দিয়ে( চৰিত্ৰ মাধবী, ইলি তালুকদাৰে)।

মাধবী: ক! কিয় এনেকৈ টেঁটু ফালিছ? মাৰ হেৰোৱা নাইতো।

ৰবি: জানো হেৰোৱা নাই কিন্তু তোমালোকৰ অত্যাচাৰত মই এদিন পলাম ঘৰৰপৰা।

মাধবী: যা তা নবকিবি। কি কৰিলোঁ আমি?

ৰবি: তোমাৰ ভায়েৰাক সোধা? আজিও ভাৰা ঘৰৰ মানুহ খেদিলে।

মাধবী: কেতিয়া? গমেই নাপাওঁ দেখোন!

ৰবি: মুখত লেপন সানি টিভি চাই থাকিলে কেনেকে গম পাবা যে বাহিৰত তোমাৰ ভায়েৰে কি গুল খিলায়?

মাধবী: হয় বাবু! আজি আকৌ কাক খেদিলি?

পৰেশ: কিয় নেখেদিম বাইদেউ! তাই মোক আংকল কৈছিল। মোৰ খং উঠি গ’ল সেইবাবে।

ৰবি: আংকল নকয় কি ক’ব মামা তোমাক? মায়ে বাবু ক’লে গোটেই জগতখনে বাবু ক’ব নেকি?

মাধবী: হয়তো! ইহ আংকল কোৱা বয়স হৈছে নেকি তাৰ কিবা? মই সৰুতে বিয়া হোৱা বাবেহে তই ইমান ডাঙৰ হ’লি। নিয়মৰ কাৰণেহে মামা ক’ব লাগে।

ৰবি: হ’ব মা মনে মনে থাকা। মানুহে শুনিলে হাঁহিব।

মাধবী: কি হাঁহিব। তোৰ মামাৰৰ বয়স কিমাননো হৈছে? দাঁড়ি, মোচ ভালকৈ গজাই নাই এতিয়াও।

পৰেশ: (গান গাই কয়) অভি তো মে জৱান হু… ভাগিন।

ৰবি: মনে মনে থাকা। আঠচল্লিশ বছৰীয়া ডেকা ল’ৰা তোমাৰ ভায়েৰা। মা, মামা দুয়ো শুনা, ছোৱালীজনী আকৌ আহিব কালিলৈ। একেবাৰে লাগেজ লৈ আহিব। একো যাতে গৰবৰ নকৰা।

ৰবি সোমাই যায় ভিতৰলৈ।

৪ৰ্থ দৃশ্যঃ

ৰাতিপুৱাৰ দৃশ্য। কেমেৰাই জুম কৰি প্ৰথমতে এটা তুলসীৰ পুলি দেখুৱাব। লাহে লাহে তুলসী তলৰ চাকি গছি দেখাব আৰু এগৰাকী মহিলাক সেৱা লৈ থকা দেখুৱাব।

কেমেৰাই লাহে লাহে মহিলা গৰাকীৰ মুখৰ ওচৰলৈ নিব আৰু ক্ল’জআপত দেখুৱাব (বৰুৱানী, কমলা দাস)।
লাহে লাহে তেওঁৰ মুখত প্ৰাৰ্থনা এটা শুনা যাব।

তেনেতে ভিতৰৰপৰা মানুহ এজন ওলাই আহিব আৰু চোতাললৈ আহিব আৰু চোতালতে কঠ এখন পাৰি প্ৰাণায়ম কৰিবলৈ ধৰিব।(চৰিত্ৰ বৰুৱা, ৰঞ্জিত কুমাৰ শৰ্মা)।

বৰুৱানীয়ে কেঁৰাকৈ বৰুৱাক চাই ভিতৰ সোমাব।

বৰুৱাই চিঞৰি চাহ আনিবলৈ দিব বৰুৱানীক আৰু কঠখন সামৰি ঘৰৰ পিছফালে যায়। কিছু সময় পিছত ট্ৰে এখনত চাহ আৰু লুচী ভাজি লৈ আহে বৰুৱানীয়ে। বৰুৱাই কেঁচা তামোলৰ বাকলিৰে দাঁত মাজি মাজি চোতালত আহি থিয় হয় আৰু তাকে দেখি বৰুৱানীয়ে মুখখন বেকেটাই দিয়ে।

ডায়লগ…

বৰুৱানী: কিনো তামোলৰ বাকলিৰে দাঁত মাজে আজিৰ যুগতো। ব্ৰাছ এডাল কিনি ল’ব নোৱাৰে মানুহটোৱে? চাফা হয়নে বাৰু দাঁত।

বৰুৱা: এইবোৰ প্ৰাকৃতিক বস্তু। তোমালোকে ক’ত বুজি পাবাহে? আগৰ মানুহে নিমৰ ঠাৰিৰে দাঁত মাজিছিল বুজিছা?

বৰুৱানী: নিমৰ ঠাৰিৰে মাজিলে একো নক’লোঁহেঁতেন। কিন্তু তামোলৰ বাকলিৰে দাঁত মাজিলে কৃপণ বুলি ক’ম। কেতিয়াবা বেলেগ কথা অভাবত মাজাটো। আহক সোনকালে চাহ খাওক। ঠাণ্ডা হ’ব নহ’লে।

বৰুৱাই কাষতে থকা মগৰ পানীৰে মুখ কুলিকুলি কৰি আহে আৰু বাৰাণ্ডাত চকীত থকা গামোছাৰে মুখ মচি বৰুৱানীৰ কাষত বহে।

এনেতে ৰুণা আহে বাহিৰলৈ। হাতত টুথব্ৰাছ।

বৰুৱা: উঠিলি ৰাণী। আৰু সিগৰাকী মহাৰাণী ক’ত? দিনৰ দিনটো বাইকৰ তেল পুৰি দুয়ো ভনীয়েৰে ঘূৰি ফুৰিবি। মই বাইকখন চুবই নাপাওঁ।

ৰুণা: দেউতা মোক কিয় কৈছা? মই বাইক নচলাওঁ নহয়। বাক ক’বা।

বৰুৱানী: পাইছে মজাটো? বৰ মোৰ ডাঙৰ ল’ৰা বুলি বৰ জীয়ৰীক সদায় কৈছিল নহয়। এতিয়া ল’ৰাৰ দৰে হৈছে ডেমকেয়াৰ।  সিদিনা বোলে কোনোবা দুটা গুণ্ডাৰ লগত কাজিয়া কৰি আহিছে।

ৰুণা: মা, সেই দুজন গুণ্ডা নাছিল। দুজন হেণ্ডচাম ডেকা আছিল।

(ৰুণাই লেনিয়াই কয় আৰু অৰুণৰ মুখখন চকুৰ আগত ভাঁহি উঠে তাইৰ। সপোনত গান এটা দুয়ো নাচি নাচি গাব নদীৰ পাৰত, কহুৱাৰ মাজত)।

বৰুৱানী: (ৰুণাক গাত ঢকিয়াই দি) হ’ব! তই সপোন সাগৰত বুৰ যাব নালাগে। ডেকা ল’ৰা দেখিলেই ভোল যোৱা স্বভাৱটো এৰ। এজনীয়ে ল’ৰা দেখিলেই প্ৰেমত পৰে আৰু আনজনীয়ে ল’ৰাৰ নাম শুনিলেই তিনি জাঁপ মাৰে। কেইজন ল’ৰা খেদিলে বিয়াৰ প্ৰস্তাব লৈ অহা।

ৰুণা: মা তোমাৰ এটাই ডায়লগ সদায়। বাইদেউৱে বিয়া নহয় যদি মোকে বিয়া দিয়া। এজনীৰ দায়িত্বৰ পৰা মুক্ত হ’বা।

বৰুৱা: আগতে উৰ্মিৰ বিয়া হ’ব। তাৰ পিছত তোৰ বিয়া। আৰু উৰ্মিক ক অহা সপ্তাহত তাইক চাবলৈ মোৰ চিনাকি ল’ৰা এজন আহিব। এইবাৰ যাতে তাই একো পয়মাল নকৰে।

এনেতে উৰ্মিয়ে বাহিৰলৈ ওলায় আহে দাঁত ঘঁহি ঘঁহি আৰু দেউতাকৰ কথা শুনে।

উৰ্মি: কোন আহিব দেউতা আৰু কোনে কি পয়মাল কৰিলে?

বৰুৱা: তোক আহিব চাবলৈ আৰু তই পয়মাল নকৰিবি।

উৰ্মি: তাৰমানে তোমাৰ দৰে কৃপণে দৰা আকৌ চাইছা ন?

বৰুৱাই ঘোঁপাকৈ চাই ভিতৰলৈ সোমাই যায়। উৰ্মিয়ে মাকক কয়….

: মা দেউতাই তেওঁৰ দৰে কৰাইছ মানুহ সোপা বিচাৰি আনে। মই ইমান কৃপণ ল’ৰাৰ লগত বিয়া নহওঁ কৈ দিছোঁ।

ৰুণা: কি যে কৈ থাকা? তুমি কৃপণামী নকৰিবা। দেখা নাই মায়ে কেনেকৈ এডজাষ্ট কৰিছে। দেউতাই হাজাৰ কঞ্জুচি কৰিলেও মায়ে পুৰা খৰছ কৰে।

বৰুৱানী: হয়তো, সৰু‍ৱে ঠিকেই কৈছে। তহঁতৰ দেউতাৰই হাজাৰ চিকতামি কৰিলেও মই পুৰা খৰছ কৰোঁ। দেউতাৰে আগতে পঞ্চাশ গ্ৰাম দালিৰে মাহটো চলাইছিল।
ৰুণা: আৰু তুমি কেই  কেজি দালি আনা  এতিয়া মা?

বৰুৱানী: মই  এশ গ্ৰাম দালিৰে মাহটো চলাওঁ। পুৰাআআ পঞ্চাশ গ্ৰাম বেছি আনো। আৰু মোৰ দৰে ৱাণ্ডাৰফুল তহঁতেও হৈ যা।

ৰুণা আৰু উৰ্মিয়ে কি ..ই…ই… বুলি একেলগে কয়। লাইট অফ…।

৫ ম দৃশ্যঃ

ৰাজা আৰু অৰুণে দোকান এখনত থিয় হৈ আছে। অৰুণে চিগাৰেট এটা জ্বলাই হুপি আছে। ৰাজাই তামোল চোবাই আছে আৰু ৰাস্তাৰ সিমূৰে থকা চাইনবোৰ্ডখনলৈ চাই আছে।

অৰুণ: কি ভাবি আছ? কইনা চাবলৈ যাবিনে নাই মোৰ লগত?

ৰাজা: আমাৰ পেহীয়ে ছোৱালী এজনীৰ  খবৰ পাইছে। অহা সপ্তাহত ছোৱালীৰ ঘৰলৈ যাব লাগে।

অৰুণ: বাঃ হিৰো! মোৰ আগত বিয়া নাপাতো বুলি লেবেল দি মনে মনে কইনা চাবলৈ ওলাইছ? আৰু মোৰ কইনাজনী কি হ’ব?

ৰাজা: ধুৰ! এইবোৰ বিয়া চিয়াৰ ঝামেলাত কোন সোমাব বে? মই বিন্দাছ মানুহ বিন্দাছ হৈ থাকিম।

ৰাজা: তোৰ কইনা পোৱাটো ইমান সহজ জানো? পটকৈ পছন্দ হ’লেহে! তাতে তোক হিচাবত চলা কইনা লাগে। মানে সহজ কথাত কৃপণ কইনা লাগে।

অৰুণ: কৃপণ নহয় অ’ ঘৰধৰা ছোৱালী লাগে মানে মিতব্যয়ী ছোৱালী। মই মানে পইচা, বস্তুৰ আদৰ কৰা ছোৱালী বিচাৰোঁ।

ৰাজা: আচলতে পেহীয়ে মোৰ কাৰণে ছোৱালী এজনী চাইছে কিন্তু তাইৰ বোলে ভনীয়েক এজনীও আছে। গতিকে তোকো নিম লগত।

অৰুণ: পিচে তোৰ পেহীয়েৰে লগত গ’লে কইনা চাব পাৰিম জানো ভালকৈ? দৰাক কথা পাতিব সুযোগেই নিদিয়ে। আৰু ইমান বঢ়ায় কয় কথা। তাতে তোৰ পৰেশ খুৰা কম জানো? দাদা মাতিলেও বেয়া পায়।

ৰাজা: খুৰা নাযাবনে কিবা? ছোৱালী বাচোঁতে বাচোঁতে তেওঁ এসময়ত চোৱা ছোৱালীবোৰ এতিয়া বিয়া দিবপৰা ছোৱালীৰ মাক হ’ল। গতিকে তয়ো বাচি বাচি কইনা চোৱা বাদ দে। সোনকালে বিয়া পাত।

অৰুণ: হ’ব মোক শুনাব নালাগে।

ৰাজা: আৰে সঁচা কৈছোঁ! আমাৰ পৰেশ খুৰাই কইনা চাবলৈ গ’লে এতিয়া বহুত কইনাৰ মাকে দাদা মাতে। দুজনীমান কইনাই চাহ দিওঁতে আংকল খাওক বুলি কৈছিল।

অৰুণ: মোৰো সেই গতিয়ে হ’ব যেন লাগিছে। দেউতাই মোক সোনকালে বিয়া নাপাতিলে সম্পত্তিৰ লগতে দহখন জে.চি.বি.ৰ এখোনো নিদিয়ে। জানই নহয় জে.চি.বি. চলাইয়ে মই উপাৰ্জন কৰোঁ।

ৰাজা: পেহীয়ে ৰবিলৈ চাইছিল কইনাজনী। পিচে ৰবিয়ে সিহঁতৰ ভাৰা ঘৰতে থকাজনীক পেটে পেটে চিলেক্ট কৰি থৈছে। গতিকে মোৰ মূৰত পৰিছে ভাৰটো।

অৰুণ: আৰে তই বিয়া নাপাতো বুলি ক। কি ডাঙৰ কথানো?

ৰাজা: নহয় অ’। পেহা আৰু ছোৱালীৰ বাপেক সখীয়েক। পেহাই কথা দি থৈছে যে তেওঁৰ বন্ধুৰ জীয়েক এজনীক আমাৰ বংশত আনিবই। সেইবাবে কথা ৰাখিব লগা হৈছে।

অৰুণ: বাপৰে কি কথাৰ মানুহ ৰে! পিচে তোৰ পেহাৰে দেখোন সন্যাস লৈছে। গতিকে ক’ত বচন ৰাখিব লাগে?

ৰাজা: ধেত! পেহা শ্বিলঙত চাকৰিহে কৰে।

অৰুণ: সন্যাসে দেচোন একপ্ৰকাৰ। নহ’লে তোৰ পেহীয়েৰে আৰু খুলশালিয়েক মানে তোৰ পৰেশ খুৰাৰে কম মাথা খাইনে বাৰু?

ৰাজা আৰু অৰুণে হাঁহে একেলগে। ৰাজাই বাইক ষ্টাৰ্ট কৰে আৰু দুয়ো যায়।

 ৬ষ্ঠ দৃশ্যঃ
মাধবী দেৱীৰ ঘৰ। চোতালত পৰেশে গাড়ীখন ধুই আছে।


ৰুবীয়ে তাইৰ ৰূমৰ বাৰাণ্ডাত থকা ফুলৰ টাবকেইটা আপদাল কৰি আছে। মাজে মাজে ওপৰলৈ চাই আছে ৰবীক দেখিব পাৰে নেকি ভাবি। কাষতে পৰেশে “এক অজনবী হচিনা চে ইউ মুলাকাত হো গয়ে” গানটো চিঞৰি গাই আছে আৰু কেঁৰাকৈ ৰুবীক চাই আছে। ৰুবীয়ে শুনিও নুশুনাৰ ভাও ধৰি আছে। কেমেৰা ৰুবীৰ ফালে ঘূৰিব আৰু ডায়লগ দিব..
ৰুবী: আংকল, আপোনাৰ মাতটো ইমান মিঠা। বৰ সুন্দৰ গায় আপুনি?

পৰেশে পুণৰ আংকল শুনি পৰিব খোজে আৰু সেই সময়তে ৰবি আহি থাপ মাৰি ধৰে।

ৰবি: কি হ’ল মামা?

পৰেশ: হঠাত মূৰটো আচন্দ্ৰাই কৰিছিল। পৰিব ওলাইছিলোঁ। মই ওপৰলৈ যাওঁ দে।

ৰবিয়ে পৰেশ যোৱাৰ পিছত ৰুবীৰ ওচৰলৈ আহি লাহেকৈ কয়…

: মামাক চাগে আংকল কৈছিলা ন?

ৰুবী: উম। তুমি কেনেকৈ জানিলা?

ৰবি: সুন্দৰী নাৰীয়ে আংকল ক’লে তেওঁ সহ্য কৰিব নোৱাৰে।

ৰুবীয়ে খিলখিলাই হাঁহে। ৰবিয়ে ৰ লাগি চাই থাকে। তেনেতে ৰাজা আৰু অৰুণ আহে। গাড়ীৰ হৰ্ণ শুনি ৰবিয়ে ঘূৰি চায় আৰু ৰুবী ভিতৰলৈ সোমায়।


ৰাজা: পেহী আৰু মামা ৰেডীনে ৰবি? তই নাযাৱ নেকি?
ৰবি: মই নাযাওঁ। ৰুবী অকলে আছে।

অৰুণ: পৰেশ মামা ক’ত? নাযায় নেকি তেওঁ ?

ৰবি: নাযাবনে তেওঁ? পুৱাৰপৰা কেইযোৰ কাপোৰ সলালে।

মাধবী আৰু পৰেশ ওপৰৰপৰা নামি আহে। ৰাজাক দেখি মাধবীয়ে ‘আহিলি’ বুলি মাত লগায়।

পৰেশ: ৰাজা, তাত তই এংগ্ৰি ইয়ংমেন নহ’বি। ভালকে কথা পাতিবি। আৰু কিবা মন পছন্দৰ কথা নহ’লে উঠি নাহিবি।

অৰুণৰ ফালে চাই কয় পৰেশে…

: দাদা ভালনে?

অৰুণে ঘোঁপাকৈ চাই সকলোকে। মাধবীয়ে দেৰী হৈছে কোৱাত গাড়ীত বহে সকলোৱে।

৭ম দৃশ্যঃ

বৰুৱাৰ ঘৰৰ ভিতৰচ’ৰা দেখুৱাব। বেডৰূমত আইনাৰ সমুখত বহি থাকিব উৰ্মি। ৰুণাই মেকআপ কৰি দি থাকে। মাজে মাজে তাই নিজেও সানে। এনেতে বৰুৱানী সোমায় আহে আৰু ৰুণাক মেকআপ কৰি থকা দেখি কয়…

বৰুৱানী: দৰা কাৰ আহিব ৰুণা?


তই ইমান সাজিছ যে? আৰু তয়ো মেখেলা চাদৰ কিয় পিন্ধিছ? তোক চাবলৈ নাহেতো?
ৰুণা: কি ঠিক! দৰাৰ লগত যদি সখীয়েক আহে? আৰু যদি দৰাৰ মোকহে পছন্দ হয় তেতিয়া!

বৰুৱানী: অমংগলীয়া কথা নক’বি। বায়েৰক ৰেডী কৰ আগতে।

উৰ্মি: মা, ৰুণাই ঠিকেই কৈছে! যদি তাইক পছন্দ হয় তেতিয়া?

বৰুৱানী: চুপচাপ দুয়ো তৈয়াৰ হ।

(এনেতে বাহিৰত গাড়ীৰ শব্দ শুনা যায়। বৰুৱানীয়ে লৰালৰিকৈ বাহিৰলৈ ওলাই আহে)

বাহিৰত বৰুৱাই সকলোকে আদৰি আনে। বৰুৱানী আহি মাত লগায় সকলোকে।

বৰুৱানী: আহক মাধবী বাইদেউ। পৰেশ দাদা আহক বহক আহি।

পৰেশে দাদা বুলি কোৱাত মুখখন ঘূৰাই দিয়ে। মাধবীয়ে অলপ বেয়া পোৱা যেন দেখায়।

মাধবী: সি আপোনাতকৈ সৰু হ’ব দিয়ক। দাদা মাতা বয়স হোৱা নাই তাৰ। মই সৰুতে বিয়া হৈছোঁ যে সেইবাবে ল’ৰা ডাঙৰ হ’ল সোনকালে। আপোনাতকৈ  সৰু হ’ম চাগে এবছৰ মান।

বৰুৱানীয়ে একো নকয়। বৰুৱাই খুক খুকাই হাঁহে।

ড্ৰয়িং ৰূমতে সকলোৱে সোমাই আহি বহে। মাধবীয়ে ৰাজাক মূৰটো পিহি দি কয়,

: কইনা বৰ ধুনীয়া আৰু গুণী।

ৰাজাই একো নকয়।

এনেতে উৰ্মিয়ে চৰ্বত আনে সকলোৰে বাবে। পিছে পিছে  ৰুণাই পানী আনে সকলোৰে বাবে। ৰুণাক দেখি অৰুণ আচৰিত হৈ যায়।

অৰুণ: (ৰাজাৰ কাণে কাণে) শহুৰ কাৰ হয় ঠিক নাই আজি।

এনেতে উৰ্মিক দেখি ৰাজাই ‘তুমি’ বুলি চিঞৰি দিয়ে আৰু উৰ্মিয়েও ‘তুমি’ বুলি চিঞৰি দিয়ে।

মাধবী: তোমালোকে চিনি পোৱা নেকি আগৰেপৰা।

ৰাজা: কি চিনি পোৱাৰ কথা কৈছে পেহী? মোৰ যে ভৰিত খুন্দিয়াই থৈ যোৱা বুলি কৈছিলোঁ এইজনী ছোৱালীয়েই।

উৰ্মি: মই জানি বুজি খুন্দিওৱা নাই নহয়। তুমি আগত আহি গ’লা মই কি কৰিম? দৰকাৰ হ’লে এখেতক সোধক? (অৰুণক দেখুৱাই দিয়ে)

অৰুণ: অঁ, এওঁলোকৰ দোষ নাছিল।

‘দোষ নাছিল ন আমাৰ’ বুলি  কাষত আহি বহে ৰুণাই। বৰুৱানীয়ে চকু পকাই দিয়াত লাহেকৈ উঠি দিয়ে।

ৰাজাই একো নকয় বহি থাকে। উৰ্মিও মাকৰ ইঙ্গিতত মনে মনে থাকে।

ভিতৰলৈ সকলোকে চাহ খাবলৈ মাতে। বিধে বিধে খোৱা বস্তু আগবঢ়াই দিয়ে বৰুৱানীয়ে।

বৰুৱানী: এই সকলোবোৰ খোৱা বস্তু আমাৰ ছোৱালী দুজনীয়ে বনাইছে। খাওক।

মাধবীয়ে লাড়ু, পিঠাবোৰ ঘূৰাই ঘূৰাই চায়।

মাধবী: লাড়ু, পিঠাকেইটা মোৰ ফেক্টৰীৰ যেন লাগিছে। মানে মোৰ সৰুকৈ এটা অসমীয়া পিঠা লাড়ুৰ ফেক্টৰী আছেতো!

বৰুৱানী: (থতমত খাই) না..না..নহয়। এইবোৰ আমাৰ ইহঁতে বনাইছে।

কথা সলাব খোৱাৰ মাজতে অৰুণ কোন হয় সোধে।

অৰুণে লগে লগে চিনাকি দি তাৰো ঘৰত কইনা বিচাৰি থকাৰ কথা কয় আৰু ৰুণালৈ চায়।

বৰুৱা বৰুৱানীয়ে চকুৰে ইঙ্গিত দিয়ে কিবা।

কিছু সময় পিছত সকলোৱে আহিবলৈ ওলায়।

বৰুৱা বৰুৱানীয়ে হাতযোৰ কৰি কয় একেলগে,

: আপোনালোকে সোনকালে বৰযাত্ৰী হৈ আহিব।

 ৰাজা: মই এতিয়াও ফাইনেল দিয়া নাই।

বৰুৱা: আমাৰ না শুনা অভ্যাস নাই। আমাৰ ছোৱালী ৱাণ্ডাৰফুল। বহুত ভাগ্য কৰি পাবা।

অৰুণ: ময়ো মা দেউতাক লৈ আহিম সোনকালে।

অৰুণে বাৰাণ্ডাত থিয় দি থকা ৰুণাক চাই বাই দিয়ে। ৰাজাই উৰ্মিক এনেই চায় আৰু উৰ্মিয়ে মুখ ঘূৰাই দিয়ে।

পৰেশ আৰু মাধবী গাড়ীত বহে।

মাধবী: পিঠা, লাড়ু মোৰ ফেক্টৰীৰ হ’ব্বই লাগিব। বৰুৱানীয়ে পুৰা মিছা মাতিছে।

পৰেশ: বাদ দে অ’। আমাৰনো কি? খাবলৈ পালেই হ’ল।

গাড়ী চলে।

৮ম দৃশ্যঃ

মাধবী দেৱীৰ ঘৰ। বাৰাণ্ডাত বহি মাধবীয়ে গালে মুখে হাত দি বহি আছে। কাষতে পৰেশে তলমূৰকৈ বহি থাকে।
মাধবী: সি এনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ অ’। মোৰ নাক-কাণ সৱ কাটিলে।
পৰেশ: হয় অ’ বাইদেউ। ই এনেকুৱা কৰিব বুলি ভবাই নাছিলোঁ। মোৰ কথা এবাৰো নাভাবিলে সি। ভাৰাতীয়া ছোৱালীজনীৰ লগত কিয় লিলিমাই কৰিব লাগেনো? জাননে আজি সিহঁতে চিনেমা চাবলৈ গৈছে।

মাধবী: কোন চিনেমা চাবলৈ গৈছে? তই কাৰ কথা কৈছ বাবু?

পৰেশ: কিয়? আমাৰ ৰবিয়ে আকৌ। সেই ৰুবীৰ লগত  চিনেমা চাবলৈ গৈছে। তই কাৰ কথা কৈছনো?

মাধবী: কি? ৰবিয়ে ভাৰাত থকা ৰুবীৰ লগত পীৰিতি কৰি আছে? মই ৰাজাৰ কথাহে কৈছোঁ। ৰাজাই বোলে বিয়া নকৰায় সেই ছোৱালীজনীক।

পৰেশ: অহ! মই আকৌ ৰুবী মানে আমাৰ ৰবিৰ কথা কোৱা যেন পালোঁ।

মাধবী:  ৰবিৰ বাবে চাইছিলোঁ কিন্তু সি বিয়া নকৰাও কোৱাত ৰাজালৈ বিয়া কৰাই আনিম বুলি কৈছিলোঁ। এতিয়াহে বুজিলোঁ ৰবিয়ে কিয় বিয়া নকৰাওঁ কৈছিল।    ৰাজা আজি এমাহ ধৰি গুৱাহাটিত নাই। এতিয়া জানিলোঁ সি বাহিৰলৈ ট্ৰেন্সফাৰ লৈ পলাইছে আৰু ছোৱালীজনীক বিয়া নাপাতোঁ বুলি কৈছে।

এনেতে এজনী মধ্য বয়সীয়া গাভৰু যেন লগা  মহিলাই চিৰিত থিয় হয় আৰু

: “এক্সকিউজ মী”

বুলি কয়। (এই চৰিত্ৰটো কৰিব অতিথি শিল্পী কাবেৰী মহন্তই, চৰিত্ৰ কবিতা)

: এক্সকিউজ মী প্লীজ! ৰুবী ইয়াতে থাকে নেকি?

মাধবী আৰু পৰেশে মূৰ তুলি চায়। দুয়ো  থিয় হয়।

পৰেশে আগবাঢ়ি আহে।

পৰেশ: হয় কওকছোন বাইদেউ।

: মোৰ নাম কবিতা। ৰুবীৰ মাহীয়েক হওঁ। গুৱাহাটীলৈ বদলি হৈ আহিছোঁ এই মাহত।

পৰেশ: অঁ হয় নেকি? আহক বহক ইয়াতে বাইদেউ।

কবিতা: মোক ভণ্টী বুলি মাতিব। মোৰ বিয়া হোৱাই নাই নহয় এতিয়াও। হাজাৰ হওক গাভৰু ছোৱালী দিয়কচোন।

পৰেশে মিচিকিয়াই হাঁহি মাৰে। তাকে দেখি মাধবীৰ খং উঠে।

মাধবী: মানে আপুনিও থাকিব ৰুবীৰ লগত এতিয়াৰপৰা? পিচে তাই নাই এতিয়া। ফুৰিবলৈ গৈছে। আৰু আপুনিও ভালকৈ থাকিব। মোৰ ঘৰত দুটাকৈ ডেকা ল’ৰা থাকে।

কবিতাই একো নামাতে। তেনেতে ৰুবী আৰু ৰবি আহি পায়হি। ৰুবীয়ে মাহী আহিলা বুলি সাৱতি ধৰে কবিতাক।

কবিতা: মোক কিয় মাতিছিলা?

ৰবি: মানে কথাটো আমাৰ দুয়োৰে বাবে জৰুৰী মাহী।

মা, মামা মানে মই ৰুবীক ভাল পাওঁ। আমি দুয়ো বিয়া পাতিব বিচাৰোঁ। তোমালোকে না নক’বা।

মাধবী: কিন্তু মোমায়েৰই বিয়া নপতাকৈ ভাল লাগিব জানো ৰবি? হাজাৰ হওক মোৰ ভাই বৰলা হৈ থাকিলে ভাল নালাগে অ’।

ৰবি: মামাৰ বাবে কবিতা মাহীক আমি ঠিক কৰিছোঁ। দুয়ো বেছ মিলিব।

কবিতাই লাজ কৰে আৰু পৰেশেও।

মাধবী: বাবু তোৰ মত আছেনে? মোৰ কিন্তু পছন্দ হৈছে ছোৱালী। না নক’বি। বয়সো ৰৈ নাথাকে নহয়!

পৰেশ: মইনো কি ক’ম? কবিতাৰ যদি আপত্তি নাথাকে।

ৰুবী: মাহীৰ আপত্তি নাই। মই সুধিছোঁ আগতে।

সকলোৱে হাত চাপৰি বজায় ফূৰ্তিতে।

৯ ম দৃশ্যঃ
শুক্ৰেশ্বৰ ঘাট। দূৰত পশ্চিমত মাৰ যাব ধৰা ৰঙা বেলিটো। লাহে লাহে এখন দুখন নাও ঘাটলৈ আহি আছে। নদীৰ পাৰত শুক্ৰেশ্বৰ মন্দিৰৰ গাতে লাগি থকা পকা চিৰিত অৰুণ আৰু ৰুণা বহি থাকে।

ৰুণা: আৰু  কিমান দিন আমি এনেকৈ থাকিম? বিয়াৰ কথা তুমি মা দেউতাৰ লগত নাপাতা কিয়?

অৰুণ: তোমাৰ বাইদেউক বিয়া নিদিয়াকে বোলে তোমাৰ বিয়া নাপাতে। সিদিনা দেউতাই কৈছে।

ৰুণা: তেনেহ’লে তুমি মোক বিয়া পাতা আশা বাদ দিয়া। বাইদেউৱে বিয়া নোহোৱাৰ প্লেন কৰিছে। তাই বোলে বিন্দাছ হৈ থাকিব সদায়।

অৰুণ: কি? তাৰমানে তাইৰো ৰাজাৰ দৰে প্লেন নেকি? এতিয়া কি হ’ব?

ৰুণা: প্লেন মানে? বাৰ যে বিয়াখন ভাঙিল তাৰমানে সেইয়া দুয়োৰে প্লেন আছিল নেকি?

অৰুণ: অঁ, সিহঁত দুয়োৱে দেখাত কাজিয়া কৰি বিয়াখন ভাঙিলে। ৰাজা অফিচৰ কামত বাহিৰত গুচি গৈছে আৰু তোমাৰ বাইদেৱে তাক গুণ্ডা, বদমাছ বুলি ঘৰত কৈছে।

ৰুণা: হে ভগৱান! মই কি কৰিম? দেউতাই বাইদেউৰ বিয়া নোহোৱালৈ মোক বিয়া নিদিয়ে কেতিয়াও।

অৰুণ: তেন্তে কি কৰিবা?

ৰুণা: কি কৰিম আৰু? আমি নিজেই ভাবিব লাগিব আমাৰ কথা। তুমি নিলে মই আজিয়েই যাম।

অৰুণ: কিন্তু মোৰ এটা চৰ্ত আছে! তুমি কিন্তু হিচাবত চলিব লাগিব। অযথা খৰছ কৰিলে মই বেয়া পাওঁ। মানে মই টকা পইচা লক্ষ্মীৰ দৰে সন্মান কৰোঁ। মাছ, মাংস বেছি নাখাওঁ। জীৱ হত্যা মহাপাপ যে?

ৰুণা: তুমি কি কৈছা? মইতো দহটা দালিৰে আঞ্জা বনোৱা ছোৱালী। আৰু মাছ, মাংসৰ ফটো দেখিলেই মই খোৱা যেন পাওঁ।

অৰুণ: কি? তেনেহ’লে শুভ কামত দেৰী কিয় কৰোঁ। কাইলৈয়ে তুমি মোৰ ঘৰৰ কইনা হ’বা। ইউ আৰ ৰিয়েলী ৱাণ্ডাৰফুল।

   সমাপ্ত॥

☆ ★ ☆ ★ ☆

16 Comments

Leave a Reply

Your email address will not be published.

error: Content is protected !!