ফটাঢোল

ডলী ক্ৰিয়েচনৰ সপ্তদশ নিবেদন,ছবি : মোগেম্বো ৰিটাৰ্ণচ- ডলী তালুকদাৰ

কাহিনী, পৰিচালনা, সংলাপ, পৰিকল্পনা : ডলী তালুকদাৰ

সহ পৰিচালনা : শ্ৰুতিমালা মিশ্ৰ

প্ৰযোজনা : ৰিণ্টুমণি দত্ত

কৰিঅ’গ্ৰাফী :  ৰিমঝিম বৰঠাকুৰ

সংগীত : প্ৰণীতা গোস্বামী বৰঠাকুৰ

কথা সুৰ : চবিনা ইয়াছমীন

একশ্যন : ধূৰ্জ্জটি কাকতি

কষ্টিউম : বাগ্মীতা ৰাজখোৱা বৰকাকতি

মুৱা ( MUA) : নিতাশ্ৰী নেওগ

ছবিৰ বেনাৰ ডিজাইন : যোগেশ ভট্টাচাৰ্য্য 

 

অভিনয়ত : হেমন্ত কাকতি, যোগেশ ভট্টাচাৰ্য্য, পদ্মলোচন ভৰদ্বাজ, দিম্পল কলিতা, অৰ্চন শৰ্মা, নয়নমণি হালৈ, কৃষ্ণ দাস, মৃদুল নাথ।

নীলাক্ষি কাকতি, দীক্ষিতা বৰা, ৰাজশ্ৰী শৰ্মা, ডলী তালুকদাৰ।

নৱাগতা কুঁৱলী পাঠক আৰু নৱাগত দিব্যজ্যোতি কলিতা।

অতিথি শিল্পী : হিতেশ বি বৰুৱা

 দৃশ্য : ১

(কাহিনীৰ আৰম্ভণীতে অভিনেতা অনিল কাপুৰৰ কণ্ঠেৰে দৰ্শকক কিছু আভাষ দিয়া হ’ব। মিঃ ইণ্ডিয়া অৰুণ আৰু সীমাৰ প্ৰেম সফল নহয়। দুয়োৰে ব্ৰেকআপ হয় আৰু বেলেগ হৈ যায়। ঘড়ী অৰুণৰ হাতত আৰু চশমা সীমাৰ হাতত ৰৈ যায় বিচ্ছেদৰ পিছত। অৰুণৰ গায়ব হ’ব পৰা ঘড়ীটোৰ চাবিয়ে কাম নকৰা হয়।

ইতিমধ্যে প্ৰফেচাৰ সিনহাৰো মৃত্যু হয়, যিয়ে অদৃশ্য হ’ব পৰা ঘড়ী আৰু অদৃশ্য মানবক দেখা পোৱা চশমাৰ আৱিষ্কাৰ কৰিছিল অৰুণৰ দেউতাকৰ লগ লাগি। পিছলৈ তেওঁৰ নাতি প্ৰফেচাৰ যুগল সিনহাই চেষ্টা কৰে কিন্তু সফল হ’ব পৰা নাই, চেষ্টা অব্যাহত আছে।)

কেমেৰাই লাহে লাহে অৰুণে বনোৱা অনাথ আশ্ৰমখন দেখুৱাব। আগৰ কাঠৰ দুমহলীয়া ঘৰটোৰ ঠাইত চাৰি মহলীয়া পকী বিল্ডিং।

ডাঙৰ গে’ট য’ত চাইনবোৰ্ড থাকে “অৰুণ বিকাশ কেন্দ্ৰ”। লাহে লাহে ভিতৰলৈ নিব কেমেৰা। ভিতৰত সংগীত, নাটক, আৰ্ট, নৃত্যৰ ডাঙৰ প্ৰশিক্ষণ কেন্দ্ৰ।


এজনী ধুনীয়া ছোৱালীয়ে তানপুৰা লৈ সংগীত শিকাই থাকিব( এই চৰিত্ৰটো কৰিব দীক্ষিতা বৰাই, চৰিত্ৰ নিশা)। তেওঁৰ লগত তবলা সংগত কৰিব এজন জপৰা চুলিৰ  ধুনীয়া ডেকাই (এই চৰিত্ৰটো কৰিব দিম্পল কলিতাই, চৰিত্ৰ বৰুণ)।

বহুতো শিশুৱে একেলগে ৰেয়াজ কৰি থাকে।  

কেমেৰা ঘূৰিব কাষৰ কোঠাটোলৈ যিটো পাকঘৰ। তাত মূৰত চুলি কম আৰু চশমা পিন্ধা মানুহ এজনে চবজী কুটি থাকে আৰু গুণগুনাই থাকে, “মেৰা নাম হে কেলেণ্ডাৰ, মে’ ট’ চলী কিচন কি অণ্ডৰ” বুলি (এই চৰিত্ৰটো কৰিব কৃষ্ণ দাসে, চৰিত্ৰ প্ৰেমকান্ত)।

কাষতে থকা আৰু এজন ক্ষীণ ল’ৰাই বাচন ধুই থাকে (এই ৰ’লটো কৰিব নয়নমণি হালৈ, চৰিত্ৰ অমিত)আৰু ঘূৰি চাই গান গোৱা ল’ৰাজনলৈ। 

ডায়লগ:

অমিত :  প্ৰেমদা, আপুনি এই গানটো কিয় গাই থাকেনো? আজি পাঁচ বছৰে এই গানটো শুনি কাণ পকি গৈছে।


প্ৰেম :  তুমি নুবুজিবা বন্ধু! মোৰ বুকুৰ ভিতৰত খোদিত হৈ আছে এই গানটো।

অমিত : কিনো আছে গানটোত? মইতো একো ইচপিচেল নাপাওঁ।

প্ৰেম : সেইটো মোৰ আজোককাৰ গান। মোৰ ককা কেলেণ্ডাৰ যি এই “অৰুণ বিকাশ কেন্দ্ৰ” ৰ মালিক অৰুণ দেৱৰ বন্ধু তথা ৰান্ধনি আছিল। তেওঁৰ ৰচিত গান এইটো।

অমিত : কেলেণ্ডাৰ আপোনাৰ ককা? (আচৰিত হয়, কিবা ক’ব খোজোঁতে বৰুণ( দিম্পল) সোমাই আহে)।

বৰুণ : কি হ’ল তোমালোকৰ? আজি ভাত নহ’ব নেকি? (প্ৰেমকান্তলৈ চায়) আৰু ছাৰ, আপোনাৰ ককাৰ বিখ্যাত গানটোৰ ইতিহাস শুনোৱা হ’লনে?

প্ৰেমকান্তই  সেমেনা-সেমেনি কৰি তৰকাৰীখিনি কেৰাহীত বহাই দিয়ে।

অমিত :  হৈছে ৰ’বা ভাইটি। তৰকাৰী হ’লে খাব পাৰিবা। বাকী সকলো ৰেডী।

বৰুণ :  দাদা, এই প্ৰেমকান্তদাৰ কথাত বেছি গুৰুত্ব নিদিবা। নহ’লে সৱ লঘোণত পৰিব।

অমিতে হাঁহে। এনেতে নিশা সোমাই আহে( দীক্ষিতা বৰা)।

নিশা : প্ৰেমদা ভাত হ’লনে? মই কলেজলৈ যাওঁ।


বৰুণ : নিশা তোৰ কলেজৰ ফিজ দিলিনে?

নিশা : নাই অ’। এইবাৰ ‘বিকাশ কেন্দ্ৰ’ত বাহিৰৰপৰা গান, নাচ শিকিবলৈ অহা শিশুসকলে ফিজ দিয়াই নাই। খুজিবলৈও বেয়া লাগে। বেছিভাগেই দুখীয়া ঘৰৰ শিশু।

বৰুণ : ল এই তিনি হেজাৰ টকা। তোৰ কলেজৰ ফিজটো দি দে। 

নিশা : কিন্তু তোৰ যে DSLR কেমেৰা এটা লোৱা কথা আছিল? কেনেকে কিনিবি? ইমান কষ্ট কৰি জমা কৰি আছ পইচা? মোক দিলে কমি যাব।

বৰুণ : মোৰতো বাদ দে। তোৰ এডমিশ্যন মেইন কথা। 

হোঁ..ল..এই টকা দহ হেজাৰ ল বৰুণ। তই কেমেৰা কিয় নিকিনিবি? তই এজন সফল ফটোগ্ৰাফাৰ হ’বই লাগিব; হঠাতে প্ৰেমকান্তই বৰুণক টকা দিয়ে।

বৰুণ : আপুনি ক’ত পালে ইমান পইচা? মোক দিলে আপুনি চলিব কেনেকৈ?

প্ৰেম : কিয়? মই কি কাম নকৰোঁ? তহঁতৰ বাহিৰে আৰু মোৰ কোন আছে? থকা-খোৱা মোৰ ফ্ৰী দেখোন। চলি যাব।

বৰুণে ল’ব নোখোঁজে কিন্তু প্ৰেমকান্তই জোৰ কৰি দিয়ে।

বৰুণৰ টকাখিনি নিশাই লয়। নিশাৰ চকু চলচলীয়া হয়।

নিশা : তেজৰ সম্পৰ্ক নথকা স্বত্বেও আমিবোৰ কিমান আপোন। 

বৰুণ : নিশ্চয় পূৰ্ব জন্মত আমি ভাই-ভনীয়েই আছিলোঁ। পিচে প্ৰেমদা তোমাৰ আজি স্কুল খোলানে বন্ধ? 

প্ৰেমকান্ত : ইয়ে মোৰ দেৰী হ’ল। মেডামে দিব মচলা।

নিশা : তুমি স্কুল এই জন্মত এৰিবানে প্ৰেমদা?

বৰুণ : জিনা বাইদেউ ৰিটায়াৰ নোহোৱালৈকে তেওঁ স্কুলতে পঢ়ি থাকিব।

প্ৰেমকান্তই ‘জিনা’ বুলি কাটিবলৈ লোৱা পানীলাওটোকে সাৱতি ধৰে।

আটায়ে হাঁহে। প্ৰেমে লাজ কৰে। লাইট প্ৰেমৰ চকুত পৰে।

বৰুণ, নিশা আৰু প্ৰেমকান্তই সাৱতি ধৰে ইজনে সিজনক। অমিতে চাই থাকে দূৰৰপৰা। 


দৃশ্য : ২

এটা দুমহলীয়া ঘৰ দেখুওৱা হ’ব। বাহিৰত ধুনীয়া ফুলনিৰ সৈতে সেউজীয়া ল’ন দেখুওৱা হ’ব। বাহিৰত ল’নত টেবুল চেয়াৰ সজোৱা থাকিব। টেবুলত ফল-মূল, ব্ৰেড, বাটাৰ, জাম, প্লেট সজোৱা থাকিব। এনেতে ভিতৰপৰা এজন পুলিচ বিষয়া আৰু পিছে পিছে এগৰাকী সুন্দৰী মহিলা আহিব। 

তেওঁলোকে ল’নত সজাই থোৱা টেবুলত বহে। পিছে পিছে বেহেৰাই ট্ৰেত টি পট আৰু কাপ প্লেট লৈ আহে। 

মহিলা গৰাকীৰ পিন্ধনত শ্লিভলেচ টপ আৰু জিনচ, চুলিখিনি টপ নট খোপা বান্ধি থোৱা, কাণত এযোৰ হীৰাৰ কাণফুলি(এই চৰিত্ৰটো কৰিব নীলাক্ষি কাকতী, চৰিত্ৰ ঝুলন দেৱী)। 


তেওঁ টি পটৰপৰা চাহ বাকে কাপত আৰু পুলিচ বিষয়াজনক দিয়ে। পুলিচ বিষয়াজনে মোবাইলত কিবা মেচেজ লিখি থাকে(এই চৰিত্ৰটো কৰিব হেমন্ত কাকতি, চৰিত্ৰ এচ.পি. অমৰ বৰুৱা)

ঝুলন দেৱী : চাহ খোৱা বেবী। তোমাৰ ব্ৰেডত জেম লগাম নে মাখন?

বৰুৱা : তুমি যেনেকৈ দিয়া  তেনেকৈ খাম ‘হানী’। আই লাভ ইউ বেবী।

ঝুলন : ইউ naughty(বুলি হাঁহি মাৰি আপেল এটা কাটে)।

বৰুৱা : বাই দ্যা ৱে.. আমাৰ জানু এতিয়াও উঠাই নাই নেকি বিছনাৰপৰা?

ঝুলন : তোমাৰ ল’ৰা পাঁচটাতে জিমলৈ গৈছে। এতিয়া জিমৰপৰা আহি কলেজলৈ যাবৰ হ’ল। ময়ো যোগা ক্লাছলৈ যাম আজিৰপৰা। তুমি মোক ড্ৰপ কৰি দিবা।

বৰুৱা : যোগা? ক’ত শিকিবা?

ঝুলন : আমাৰ মাৰ ঘৰৰ কুল গুৰুৰ বংশধৰ বাবা জামদেৱৰ ওচৰত শিকিম। স্বামীজীয়ে নতুনকৈ আশ্ৰম এখন খুলিছে চহৰৰপৰা দূৰত। মোৰ যে কাজিন দুজন সিহঁতো তেওঁৰ শিষ্য।

বৰুৱা : তোমাৰ কাজিন মানে সেই দূ্ৰ্ধৰ্ষ ডকাইত দুজন?

ঝুলন : কাক ডকাইত কৈছা? যা তা কথা নক’বা। মোৰনো সিহঁতৰ বাহিৰে কোন আছে? সিহঁত এই চহৰৰ বহুত দামী নামী ডন হয়। অলপ সন্মান কৰি কথা ক’বা। কিমান ডাঙৰ ডাঙৰ বেংক লুটিছে সিহঁতে কিন্তু আজিলৈকে

পুলিচে ধৰিবপৰা নাই সিহঁতক। একো ক্লুৱেই নাৰাখে। ইমান নিখুঁত কাম কৰে তেওঁলোকে।

বৰুৱা : সন্মান? ডকাইত দুজনক? যিদিনা ধৰিম নহয়।  কোবাই ছাল ছিঙিম দুয়োৰে।

ঝুলন : সিহঁত বহুত নামী ডকাইত হয়। আফটাৰ অল আমি গ্ৰেট মোগেম্বোৰ বংশৰ বুজিছা? আৰু ডাঙৰদা অম্বৰ এতিয়া শিক্ষক। 

বৰুৱা : বুজিছোঁ। বাৰু তোমাৰ সেই এনি টাইম শুই থকা ভনীজনীৰ কি খবৰহে? খীণাইছেনে অলপ? তাই ট্ৰেইনিং লৈছেনে তোমাৰ দৰে পকেটমৰাৰ?

ঝুলন : ল’ব লাগিবই ট্ৰেইনিং। আমাৰ বংশৰ পৰম্পৰা। আমি পকেট মৰাতো কোৰ্চৰ প্ৰথমতে থাকে। তোমাক ক’বলৈ পাহৰিছিলোঁ! মোৰ ভাইটি ৰেগেম্বোৱে দহদিনত কেনেকৈ পাকৈত ডকাইত হ’ব পাৰি তাৰে কিতাপ এখন লিখি আছে। আৰু ৰেগেম্বোৱে মোকো ইমান জোৰ কৰিছে  চকু পাক দি মানুহক ভয় খুওৱা কিতাপখন লিখিবলৈ।

বৰুৱা : হ’ব মোৰ মূৰ ঘূৰাইছে। আৰু তুমি কিতাপ লিখিব নালাগে বেবী। তোমাক বিয়া কৰোৱাৰপৰা চকুৰ পাক চাই  চৈধ্য ভূৱন দেখিছোঁ আৰু নালাগে।

এনেতে এখন মাৰ্চিদিজ গাড়ী সোমাই আহে জোৰকৈ। গাড়ীৰ ভিতৰৰপৰা এজন ঠৰঙা জপৰা চুলিৰে হেণ্ডচাম ল’ৰা নামি আহে। পিন্ধনত হাফ পেণ্ট আৰু টি চাৰ্ট। 

গাড়ীৰপৰা নামিয়েই প’জ দি চেলফী মাৰে দুখন মান। তাৰ পিছত বৰুৱা আৰু ঝুলন দেৱীৰ কাষলৈ আহে।(এই চৰিত্ৰটো কৰিব অৰ্চন শৰ্মাই, নাম ৰাজ)

ৰাজ : হাই ডেড…..হাই মম। (আহি মাকক সাৱতি ধৰে আৰু আপেল এটা লয়)

বৰুৱা : হেই…মাই লায়ন। কাম …ব্ৰেকফাষ্ট খোৱাহি।

ৰাজ : নো ডেড। মই ৰেডি হওঁগৈ কলেজলৈ।

ঝুলন : কি হ’ল জানু? ইমান খৰধৰ কৰিছা যে আজি! সময়তো হোৱা নাই এতিয়াও?

ৰাজ : নো মম! একো হোৱা নাই। অলপ কাম আছে।

বৰুৱা : কলেজত কি কাম তোমাৰ পঢ়াৰ বাহিৰে?

ঝুলন : আস..! ডেকা ল’ৰা সোনকালে যাব আৰু লগৰবোৰৰ লগত টাইম কটাব।

বৰুৱা : জানু, তুমি সেইদিনা হেনো মানুহ এঘৰৰ ছাগলী পোৱালী এটা চেঁপি দিছা বাইকেৰে? আৰু মানুহঘৰে তোমাক কওঁতে তুমি কাজিয়া কৰিছা?

ৰাজ : বাইক নহয় ডেড, গাড়ীৰে। তুমি জানাই মাৰ্চিদিজখন নতুন আৰু মোৰ ভালকৈ হাত বহা নাই ।

বৰুৱা :  মই তোমাক গাড়ী চলাবলৈ মানা কৰোঁ সদায়। তাতে তুমি চলাবও নাজানা ভালকৈ। কলেজলৈ গাড়ী নিয়াৰ কি দৰকাৰ? ভাগ্য ভাল তোমাৰ বিৰুদ্ধে এজাহাৰ নিদিলে।

ৰাজ : But ডেড, গাড়ী নিয়াৰ স্বাগেই বেলেগ।

 

বৰুৱা : চাবা তোমাৰ স্বাগৰ বাবে যাতে মোৰ সন্মান নষ্ট নহয়। আৰু তোমাৰ উৎপাতৰ বাবে আকৌ কিবা হ’লে মই ৰিস্ক নলওঁ।

ঝুলন :  হ’ব! তুমি কি জানিবা আজিকালিৰ ফেশ্বন। ১৯৪৭ চনৰ  মানুহ হে তুমি? তুমি ৰেডি হোৱা জানু। কলেজলৈ দেৰী হ’ব। ময়ো যোগা ক্লাছলৈ যাওঁ।  মোক যাওঁতে নমাই দিবা(বৰুৱালৈ চাই কয়)।

দৃশ্য : ৩


এটা পাঁচ মহলীয়া ঘৰ। ঘৰটোৰ চাৰিওফালে ওখ ৱালেৰে বেৰি থকা। প্ৰকাণ্ড গে’টখনত দুয়োফালে দুজন গাৰ্ড।

ভিতৰতো ঘৰটোৰ চাৰিওফালে গাৰ্ডে হাতত বন্দুক লৈ পহৰা দি আছে। বাহিৰত চাৰিটা ডাঙৰ হৃষ্ট-পুষ্ট ঢেকুৰা কুকুৰ বহি থাকে।

এনেতে ভিতৰৰপৰা ছোৱালী এজনী ওলাই আহিব। পিন্ধনত ৰঙা চৰ্ট ফ্ৰক। চুলিখিনি কেঁকোৰা। হাতত কিতাপ দুখনমান।

তাই বাহিৰলৈ আহি ‘ব্ৰো …ব্ৰো’ বুলি চিঞৰে চাৰিওফালে চায় (এই চৰিত্ৰটো কৰিব ৰাজশ্ৰী শৰ্মাই, চৰিত্ৰ এলেক্সজেন্দ্ৰা)।  

তাই বাহিৰৰ চুইমিং পুলৰ পাৰত থকা চেয়াৰত বহে। ফোনটো কাণত লৈ কাৰোবাক মাতে। 

সমুখত থকা টেবুলৰপৰা বাতৰিকাকতখনৰ মাজৰপৰা ফেশ্বন আৰু চিনেমা শিতান থকা পে’জটো উলিয়াই পঢ়ে। 

এনেতে ভিতৰৰপৰা ট্ৰে এখনত জুচ লৈ আহে ৰাজুৱে (অতিথি শিল্পী হিতেশ বি বৰুৱা)।

ৰাজু : সৰু মেমচাহাব, জুচ লওক।

এলেক্সজেন্দ্ৰা : ৰাজু, মোৰ গাড়ী গেৰেজৰপৰা আহিলনে?

ৰাজু : মেম চাহাব। তিনি দিন হ’ল।

এলেক্সজেন্দ্ৰা : হোৱাট? তিনি দিন হ’ল আৰু মোক আজিলৈ কোৱা নাই। আৰু মই ঘৰতে আছোঁ। ইমান দায়িত্বহীন তুমি? দিয়া চাবি।

ৰাজু : মেম চাহাব, বচে আপোনাক গাড়ীখন দিবলৈ মানা কৰিছে। চৰী, মই বচৰ বিনা অনুমতিত নোৱাৰিম।

এলেক্সজেন্দ্ৰা : মোৰ গাড়ী। তাত দাদাৰ পাৰ্মিচনৰ কি কথা আছে? গাড়ীৰ চাবি দিয়া।

ৰাজু : মেমচাহাব, প্লীজ বচৰ কথা মানিবই লাগিব মই। আপোনাক বচে গাড়ী চলাবলৈ মানা কৰিছে। ড্ৰাইভাৰে চলাব গাড়ী। 

এলেক্সজেন্দ্ৰা : তেনেহ’লে আনা ড্ৰাইভাৰ।

ৰাজু : হঠাত যাকে তাকে ড্ৰাইভাৰ ৰাখিব নোৱাৰি নহয়?  আপোনাৰ চিকিউৰিটিৰ কথা আছে। বচে কৈছে কেৱল ড্ৰাইভাৰ হ’লে নহ’ব তেওঁ আপোনাৰ বডি গাৰ্ডো হ’ব লাগিব।

এলেক্সজেন্দ্ৰাৰ মুখখন ক্ল’জআপত খং উঠা যেন দেখুৱাব। নাকৰ পাহি দুটা ফুলি উঠিব।

“তেনেহ’লে তোমাৰ লগত কথা পাতি লাভ নাই। ব্ৰো ক’ত?” বুলি এলেক্সজেন্দ্ৰাই আঁতৰি যাব খোজে।

“এক মিনিট!  এলেক্সজেন্দ্ৰা।” 

এটা ডাঙৰ অথচ গহীণ মাতত এলেক্সজেন্দ্ৰা ৰৈ যায়। ঘূৰি দিয়ে তাই আৰু ৰাজুও সচকিত হৈ যায়।

 

গহীণ গম্ভীৰ ভাবে ওখ, অলপ পেট ওলোৱা, মূৰৰ চুলি খুৰোৱা, কাণত বিচ্চু কাণফুলী পিন্ধা, ক’লা চশমা পিন্ধা মানুহ এজন আহে। পিন্ধনত জিন্স পেণ্ট, ক’লা জেকেট। ডিঙিত দহ তোলা ওজনৰ সোণৰ চেইন, হাতত মোটা সোণৰ ব্ৰেচলেট (এই চৰিত্ৰটো কৰিব যোগেশ ভট্টাচাৰ্য্যই, চৰিত্ৰ ৰেগেম্বো)। 

তেওঁক দেখি এলেক্সজেন্দ্ৰা থিয় হয়। 

এলেক্সজেন্দ্ৰা : ব্ৰো  কিমানবাৰ ক’ম? মোক এলেক্সা বুলিহে মাতিবা। ভালেই হ’ল তুমি আহিছা? চোৱানা মোক গাড়ীখনৰ চাবিপাত দিয়া নাই। সাধাৰণ কেয়াৰ টেকাৰ হৈ তাৰ কি দম চোৱা? মোৰ কলেজ খতি হৈ আছে।

ৰেগেম্বো : আজিৰপৰা তই  অকলে গাড়ী চলাই যাব নোৱাৰ। আমাৰ বহুত দুচমন আছে। পদে পদে মোক  আক্ৰমণ কৰিব খোজে। আৰু তাৰ বাবে মোহৰা বনাব তোক।

ৰাজু : বচ, মই মেডামক তাকেই বুজাই আছোঁ কিন্তু তেওঁ নুবুজে।

ৰেগেম্বো : নুবুজিলে নহ’ব। ড্ৰাইভাৰ নহালৈ কলেজ যোৱা বন্ধ। 

হঠাত ৰেগেম্বোৰ ফোন বাজে আৰু অলপ চিন্তিত হৈ যায়। অলপ খঙত কাৰোবাক কয়। 

“কেনেকৈ হ’ব? ইমান সাৱধান হোৱাৰ পিছতো আমাৰ মাল পুলিচে কেনেকৈ ধৰা পেলালে? মই সেইসৱ একো নাজানো? মোক আজিয়েই লাগিব সকলো তথ্য।

যেনেকৈ নহওক মোৰ বস্তু মোক ঘূৰাব লাগিব। কোনে? বৰুণ? সেই অনাথ আশ্ৰমৰ ল’ৰাজন? খট্টম কৰি দে চাল্লাক।”  

ৰেগেম্বো ভিতৰলৈ যাবলৈ ওলায়।

এলেক্সজেন্দ্ৰাই চকীত চুপচাপ বহি থাকে। ৰাজুৱে তলমূৰকৈ থিয় হৈ থাকে। ৰেগেম্বোই হঠাত চেক এখনত পাঁচ লাখ টকা লিখি দিয়ে আৰু এলেক্সজেন্দ্ৰাক দিয়ে।

ৰেগেম্বো : যা পাৰ্টি কৰগৈ চিছ। আজি তোৰ লগৰ অনামিকা, বৰ্ণালী, বিজুহঁতৰ লগত ৰেডিচন ব্লুত লাঞ্চ কৰি আহগৈ। অলপ পিছত ড্ৰাইভাৰজন আহিব আৰু সি লৈ যাব হোটেললৈ। কাইলৈৰপৰা কলেজলৈ যাবি।

এনেতে ভিতৰৰপৰা এজন ওখ, ফ্ৰেঞ্চ কাট দাড়িৰে পায়জামা, কুৰ্তা পিন্ধা মানুহ এজন আহে(এই চৰিত্ৰটো কৰিব পদ্মলোচন ভৰদ্বাজ, অম্বৰ কুমাৰ)।

অম্বৰ : কি  হৈছে? ইমান চিঞৰিছ যে? 

ৰেগেম্বো : কি চিঞৰিলোঁ? কাম কৰিছোঁ।

অম্বৰ : ভাইটি এইবোৰ এৰি দে। মূল পথলৈ উভতি আহ। মোক চা আজি মই কিমান সুখী। স্বামীজীক দেখিছ! সকলো এৰি সন্যাস লৈছে।

ৰেগেম্বো : দাদা, মোক নিশিকাবি একো। মই ককা মোগেম্বোৰ নীতি এৰিব নোৱাৰোঁ। মই তোৰ দৰে ভীৰু নহয়।

ৰেগেম্বো যায়। 

অম্বৰে স্কুটাৰখন ষ্টাৰ্ট দিয়ে। ভনীয়েকক চাই আৰু কয়.. তই তাৰ দৰে পথ নল’বি।

কেমেৰা ৰাজুৰ ফালে ঘূৰে। সি টেবুলখন মচি থাকে। এলেক্সাই ফোনটো চাই থাকিয়েই জুচৰ গ্লাছটো টেবুলত থ’ব খোজোঁতে মাটিত পৰি ভাঙি যায়। আৰু তাই ৰাজুক ‘কিয় ভাঙিলি’ বুলি কয়।

ৰাজুৱে মই নহয় আপুনিহে ভাঙিলে কওঁতে এলেক্সজেন্দ্ৰাই একচৰ মাৰিব খোজে আৰু তাইৰ হাতখন থাপ মাৰি ধৰে কোনোবাই। 

তাই ঘূৰি চাই আৰু ক্ল’জআপত অমিত(নয়নমণি হালৈক) দেখুৱায়।

এলেক্সজেন্দ্ৰা : কোন তুমি? মোৰ হাতত ধৰাৰ অনুমতি ক’ত পালা?

অমিত : ভুল কাম ৰখাবলৈ অনুমতি নালাগে। এজন বয়সস্থ মানুহক হাত দাঙিবলৈ বেয়া নালাগিল?

এলেক্সজেন্দ্ৰা : কোন তুমি? মোৰ ইচ্ছা কি কৰোঁ।

অমিত : তোমাৰ ইচ্ছা হ’ল বুলি যে অভদ্ৰামী কৰিবা সেইটো কেতিয়াও হ’ব নোৱাৰে।

এলেক্সজেন্দ্ৰা ভিতৰলৈ গুচি যায়। ৰাজুৱে অমিতক হাতযোৰ কৰে। এনেতে অমিতে ৰেগেম্বোৰ কাষলৈ যাব খোজাত ৰাজুৱে লৈ যায়।

দৃশ্য : ৪

কলেজলৈ সোমাই যোৱা ৰাস্তা দেখুওৱা হ’ব। কলেজৰ ল’ৰা ছোৱালী দুই এজন গৈ থাকে। পিছফালে এজনী দীঘল চুলিৰ ছোৱালী লাহে লাহে গৈ থাকে। পিন্ধনত বগা চেলোৱাৰ কামিজ।

হঠাত ছোৱালীজনীয়ে ৰাস্তাৰ সিটো মূৰে থকা কলেজলৈ যাবলৈ ৰাস্তা পাৰ হ’ব খোজাত গাড়ী এখন জোৰেৰে আহি ব্ৰেক মাৰে।

ছোৱালীজনীয়ে চিঞৰ মাৰি  দুয়োখন হাতেৰে কাণত হেঁচা মাৰি বহি পৰে। গাড়ীৰ পৰা ড্ৰাইভাৰজন নামে আৰু ছোৱালীজনীৰ ওচৰলৈ আহে। কেমেৰাই দেখুৱাব ল’ৰাজন ৰাজ।  

মানুহবোৰ জুম বান্ধে। আৰু ৰাজক দেখি উগ্ৰ হয় যদিও  ছোৱালীজনীয়ে একো হোৱা নাই বুলি কয়। 

ৰাজ : অলপ চাব লাগে খোজ কাঢ়িলে?

এতিয়াই আপোনাৰ কাৰণে ইমান ডাঙৰ এক্সিডেণ্ট এটা হ’লহেঁতেন?

“এক্সকিউজ মী” বুলি কৈ ছোৱালীজনীয়ে মুখখন ঘূৰাই দিয়ে। নিশাৰ মুখখন দেখুৱায়।

নিশা : হেল্ল’, মই আপোনাৰ দোষ নাই বুলি কোৱা মানে আপুনি সঁচাকৈ নিৰ্দোষী নহয় মিঃ..!

আপোনাক পাব্লিক ধুলাই খোৱাৰ পৰাহে বচাইছোঁ। বুজিলে? দোষ আপোনাৰে।

ছোৱালীজনীয়ে অনৰ্গল কিবা কিবি কৈ থাকিব কিন্তু ৰাজৰ মূৰত নোসোমায়।

তাৰ চাৰিওফালে বেলুণ উৰি থাকিব আৰু গিটাৰত “যাদু তেৰি নজৰ” গানটোৰ সুৰ বাজি থাকিব। ছোৱালীজনী যায়গৈ। 

হঠাত গাড়ীৰ হৰ্ণ জোৰেৰে বজাত সাৰ পায় ৰাজে। পিছফালে কেইবাখনো গাড়ীৰ ভীৰ হয়। গাড়ীত বহিব খোজোঁতে নিশাৰ পৰি যোৱা আইডেনটিটি কাৰ্ডখন চকুত পৰে। 

কেমেৰা ঘূৰে আৰু এচ.পি বৰুৱাৰ ঘৰটো দেখুৱাব। ৰাজ আহে ঘৰলৈ গাড়ী লৈ। চিধাই নিজৰ ৰূমত প্ৰবেশ কৰে আৰু বিছনাত ধাচকৈ পৰে। পকেটৰপৰা নিশাৰ আই কাৰ্ডখন উলিয়াই তাইৰ ফটোখন চাই চকু মুডি দিয়ে।

লগে লগে সপোনত গানৰ দৃশ্যটো আহে। ছিলঙৰ ৱাৰ্ড লেকত নাৱত বহি গানটো প্ৰথমে দেখুওৱা হ’ব। ৰাজে বঠা মাৰিব আৰু নিশাই হালধীয়া চুৰ্ণী উৰুৱাই থিয় হ’ব। 

            

দ্বিতীয় ভাগত জোৱাইৰ ৰাস্তাত দুয়োৰে শ্বুটিং থাকিব। ৰাজে বাইক চলাব আৰু পিছফালে নিশা থিয় দি চূৰ্ণীখন উৰুৱাই যাব। 

হঠাত বাইক চলাই গান গাই থাকোঁতে বাইকখন উলটি পৰে আৰু বাগৰি পৰে ৰাজ।

খকমককৈ উঠে আৰু ৰাজে চাই দেখে বিছনাৰপৰা মাটিত বাগৰি পৰিছে। হাঁহি মাৰি ৰাজে নিশাৰ ফটোখনত চুমা খায় আৰু বাহিৰলৈ ওলাই আহে। 

ড্ৰয়িং ৰূমত মাক আৰু অন্য কাৰোবাৰ মাত শুনে। ৰাজ আহিব আৰু দেখিব মাকে কোনোবা ক্ষীণ-মিন মানুহ এজনৰ লগত কথা পাতি থাকে। মানুহজনৰ গাত গেৰুৱা বস্ত্ৰ আৰু ডিঙি হাতত ৰুদ্ৰাক্ষৰ মালা। কঁপালত চন্দনৰ ফোঁট।  মাজে মাজে বাবাজনে এখন ভৰিত থিয় দি কিছুমান অদ্ভুত আসন কৰে। এইবাৰ মাক ঝুলন দেৱীক  ৰাজে দেখি চক খাই উঠে। মাকেও গেৰুৱা লংপেণ্ট চাৰ্ট  পিন্ধি ডিঙিত ৰুদ্ৰাক্ষৰ মালা পিন্ধি হাত যোৰ কৰি থাকে। তেনেতে বৰুৱা সোমাই আহে আৰু ঘৈণীয়েক আৰু বাবাক চায়।

বৰুৱা : বেবী, এখেত কোন?

ঝুলন : জান এওঁ হৈছে বিখ্যাত স্বামী জামদেৱ বাবা। মই কৈছিলোঁ নহয় তোমাক। স্বামীজীৰ আশ্ৰমত অলপ মেৰামতি চলি আছে। সেইবাবে এসপ্তাহৰ বাবে স্বামীজী আমাৰ ঘৰত থাকিব।

স্বামীয়ে নমস্কাৰ দিয়ে।

ক্ল’জআপত স্বামীজীৰ মুখখন দেখুৱাব(এইজন দিব্যজ্যোতি কলিতা, স্বামী জামদেৱ)। বৰুৱাই বাধ্য হৈ নমস্কাৰ দিয়ে। তেনেতে ঝুলনে স্বামীজীয়ে কৰা এখন ভৰিৰ ওপৰত থিয় দিয়া আসনটো কৰিব বিচাৰে আৰু কৰিব খোজোঁতে  উল্টা খট দি পৰে।

বৰুৱাই কোনোমতে দাঙি উঠাই দিয়ে।

স্বামীজী :  এই আসনটো তুমি এদিনতে নোৱাৰিবা কৰিব পুত্ৰী। ইয়াৰ বাবে তুমি অলপ শৰীৰৰ ওজন তথা চৰ্বী হ্ৰাস কৰিব লাগিব বালিকে। অৱশ্যে তোমাৰ পতিদেৱৰ শৰীৰ খেলুৱৈ সুলভ। (এই বুলি বৰুৱালৈ চায়)

বৰুৱাই লগে লগে মই ভিতৰত যাওঁ বুলি বিৰক্তিৰে আঁতৰি আহে।

ৰাজে দেউতাক ভিতৰলৈ অহা দেখি লাহেকৈ নিজৰ ৰূমলৈ আহে আৰু বিছনাত পৰি নিশাৰ ফটোখন চাবলৈ ধৰে।

 

দৃশ্য : ৫

 

‘অৰুণ বিকাশ কেন্দ্ৰ’ দেখুওৱা হ’ব। এখন ওডি গাড়ী ভিতৰলৈ সোমাই যায়। বাহিৰত ৰখে আৰু ড্ৰাইভাৰ ছিটৰপৰা এজন ওখ, শকত, কোট টাই আৰু টুপী পৰিহিত ব্যক্তি নামে(এই চৰিত্ৰটো কৰিব মৃদুল কুমাৰ নাথ, চৰিত্ৰ প্ৰফেচৰ যুগল সিনহা)। 

আনটো ফালৰপৰা এজনী মৰমলগা, ব্লাণ্ট কাট চুলিৰ ছোৱালী নামে। ছোৱালীজনীয়ে গাড়ীৰপৰা নামিয়েই

পাউত দি চেলফি দুখনমান তোলে(কুঁৱলী পাঠকে কৰিব চৰিত্ৰটো, চৰিত্ৰৰ নাম সীমা)।

মানুহজন ইতিমধ্যে বাৰাণ্ডালৈ যায় আৰু চাৰিওফালে চাই ঘৰটোৰ পৰিবেশ। ভিতৰত সৰু শিশুৰ গান গোৱা শুনা যায়। তেওঁ সীমাক মাতে আৰু তাই দৌৰি যায়।

সীমা কাষ চাপি অহাত যুগল সিনহাই কয়…..

যুগল সিনহা : সীমা, আৰ ইউ চিওৰ! এইটোৱে তুমি  কোৱা ঘৰটো হয়নে?

সীমা : হয় আংকল। এইটোৱেই সেই ঘৰটো। মোৰ কোনো ভুল হোৱা নাই।

সিনহা : অকে। এতিয়া তুমি মই কোৱা মতে কৰিবা সকলো। মনত ৰাখিবা আমাৰ মিছন চাক্সেছ হ’ব লাগিব। তেওঁলোকৰ ৰৈ যোৱা সপোনটো আমি পূৰণ কৰিব লাগিব।

সীমা : (চলচলীয়া চকুৰে) আংকল মই প্ৰতিশ্ৰুতি ৰাখিমেই। 

সিনহা : বাৰু এতিয়া আমাৰ কাম কৰোঁ। মই কাৰখন অলপ চাইদ কৰি থৈ আহোঁ ৰ’বা।

প্ৰফেচাৰ সিনহাই গাড়ীৰ ফালে আগবাঢ়ে।

সীমাই বেল বজায়। দৰ্জা খোলাৰ শব্দ হয় আৰু বৰুণ ওলাই আহে। সীমাই প্ৰফেচাৰ যোৱাৰফালে চাই থকাত পিছমুখ হয়।

বৰুণ : কাক বিচাৰিছে? 

সীমাই ঘূৰি চায়। লগে লগে বৰুণ চমকি উঠে আৰু সীমাও উচপ খাই উঠে। দুয়ো দুয়োৰে চকুলৈ চায় থাকে ৰ লাগি চাই থাকে। ইতিমধ্যে প্ৰফেচাৰ সিনহা দুয়োৰে ওচৰ আহি পায়হি আৰু মাত লগায়। তেতিয়াহে বৰুণ আৰু সীমা দুয়ো স্বাভাৱিক হয়। সীমাই তলমূৰ কৰে।

বৰুণ : কাক বিচাৰিছে নক’লে যে?

প্ৰঃ সিনহা : নমস্কাৰ মই যুগল সিনহা। বান্দৰচলীয়া ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ। এইজনী মোৰ ভতিজী সীমা। 

বৰুণ আৰু সীমাই নমস্কাৰ দিয়ে।

প্ৰঃসিনহা : আমি এটা বিশেষ কামত আহিছিলোঁ। ভিতৰলৈ সোমাব পাৰিমনে?

বৰুণ : অহ, চৰী চৰী! আহক আহক।

বহিবলৈ দিয়ে। এনেতে বাহিৰৰপৰা অমিত আৰু প্ৰেমকান্ত আহে। হাতত দুয়োৰে বজাৰৰ বেগ লগতে মিঠাইৰ টোপোলা।

প্ৰেমকান্ত : আহি গ’লোঁ আমি। মাছ, মাংস, মিঠাই সব আনিছোঁ। আজি খানা গৰম হ’ব আমাৰ। অমিতে চাকৰি পোৱা খানা দিছে। 

হঠাতে সীমা আৰু সিনহাক দেখি দুয়ো লাজ কৰে আৰু নমস্কাৰ জনাই ভিতৰলৈ দৌৰে প্ৰেমকান্তই। অমিতে প্ৰফেচাৰ সিনহালৈ চাই তাৰপিছত চাহ আনো বুলি ভিতৰলৈ যায়।

বৰুণ : চাৰ মই আপোনাক চিনি পোৱা নাই? আৰু কি কামত আহিলে বা?

প্ৰঃ সিনহা : মোৰ ককা আৰু তোমাৰ  আজো ককা বন্ধু আছিল। কিন্তু তেওঁ এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে। মিঃ ইণ্ডিয়াৰ অকাল মৃত্যু দেশৰ অপূৰণীয় ক্ষতি।

বৰুণ : হয় ছাৰ।

সিনহা : তোমাৰ দেউতা তৰুণ মোৰ খুব ভাল বন্ধু আছিল। মই বিদেশত থকা বাবে তোমাৰ দেউতাৰ বিষয়ে গম নাপালোঁ। তেওঁ যে ইমান সোনকালে আঁতৰি যাব ভবাই নাছিলোঁ। 

বৰুণ : মইতো দেউতাক ভালকৈ নেদেখিলোঁৱেই। সাত বছৰ বয়সতে আঁতৰি গ’ল তেওঁ। কেলেণ্ডাৰ খুৰা নথকা হ’লে হয়তো ময়ো নাথাকিলোঁহেঁতেন। কিন্তু তেওঁকো আজি সাত বছৰ আগতে হেৰুৱালোঁ।

তেনেতে প্ৰেমকান্তই চাহ লৈ আহে। পাছে পাছে অমিতে মিঠাইৰ প্লেট আনে আৰু কাষতে বহে।

সীমা : আংকল আচল কথাটো কোৱাই নাই দেখোন এখেতক? নে মই কওঁ।

সিনহা : কোৱা তুমিয়ে?

সীমা : মানে মই আপোনাৰ ওচৰত গান আৰু নাচ শিকবলৈ বিচাৰিছিলোঁ। আপোনালোকৰ স্কুলৰ বহুত নাম শুনিছোঁ। 

বৰুণ : মই গান নিশিকাওঁ। মোৰ ভণ্টিয়েহে শিকায়। মই মডাৰ্ণ ডাঞ্চ মানে ব্ৰেকডাঞ্চ, হিপহপ, কণ্টেম্পৰেৰী আদি শিকাওঁ।

এইজন প্ৰেমদা। এখেত কেলেণ্ডাৰ খুৰাৰ ল’ৰা আৰু শাস্ত্ৰীয় নৃত্য শিকায়।

প্ৰেমকান্তই টপকৈ কয় “আই এম অলচ’ ৰান্ধনি হিয়েৰ। মই ফাইভষ্টাৰ হোটেলৰ ৰান্ধনিতকৈও ভাল ৰান্ধোঁ।”

সকলোৱে হাঁহে।

সীমা : তেনেহ’লে আপোনাৰ হাতৰ এসাঁজ খাম লগতে নাচোঁ শিকিম। (বৰুণলৈ চায়) মই মডাৰ্ণ আৰু শাস্ত্ৰীয় দুয়োবিধে শিকিব বিচাৰোঁ। কেতিয়াৰপৰা শিকাব।

বৰুণ : উম..কাইলৈৰ পৰাই আহক।

সীমা : মোক তুমি বুলি ক’ব।

বৰুণ : বাৰু!

সিনহাই হঠাতে কয় …তোমালোকৰ ঘৰটো আগৰটোৱেইনে নতুনকৈ বনালা?

বৰুণ : ছাৰ আগৰ ঘৰটো দুমহলীয়া আছিল। পুৰণিটোকে ৰাখি ওপৰত দুটা মহলা বনাইছোঁ। দেউতা আৰু কেলেণ্ডাৰ খুৰাৰ পৰশ থকা মৰমৰ ঘৰটো সোঁৱৰণী হ’বলৈ নিদিলোঁ।

সিনহা : মই চাব পাৰিমনে ঘৰটো?

বৰুণ : নিশ্চয়! অমিতদা এখেতক লৈ যাওক।

সীমা, বৰুণ আৰু প্ৰেমকান্ত থাকে। প্ৰেমকান্তই মোৰ কিবা লিখিবলৈ আছে স্পেচিয়েল। আৰু হোমৱৰ্কো আছে কৰিবলৈ।

সীমা : হোমৱৰ্ক কৰিব?

বৰুণ : দাদা আজি দহ বছৰে ক্লাছ নাইনতে পঢ়ি আছে। 

সীমা : হোৱাট?

বৰুণ : মানে দাদা সাংঘাতিক প্ৰেমিক। যিজনী ছোৱালীক ভাল পাইছিল তাই এতিয়া দাদাৰ শিক্ষয়িত্ৰী।

সীমা : কি?

বৰুণ : উম! দাদাই তাইক চিঠি লিখোঁতে কিতাপত থকাবোৰ লিখিবলৈ পাহৰিলে। ফলত ফেল কৰি থাকিল বছৰ ধৰি। ছোৱালীজনীয়ে স্কুলৰ সমুখৰ কলেজত পঢ়িলে আৰু দাদাই তাইক চাবলৈ স্কুলতে থাকিল। আৰু এতিয়া প্ৰেমিকা শিক্ষয়িত্ৰী। অৱশ্যে দাদা এইবাৰ দশম মানলৈ প্ৰমোচন পাইছে। অহাবাৰ মেট্ৰিক দিব। ছোৱালীজনীয়ে মেট্ৰিক পাছ কৰিলে বিয়াত বহিম বুলি কৈছে।

সীমা : হাউ ৰোমাণ্টিক! কাছ..ময়ো যদি তেনেকুৱা প্ৰেমিক এজন পালোঁহেঁতেন?

বৰুণ : তাৰমানে তুমি চিংগল?

সীমা : উম।

বৰুণে চাই থাকে সীমালৈ। বেকগ্ৰাউণ্ডত একেলগে কেইবাখনো চেটাৰ বাজে আৰু ক্ল’জআপত বৰুণৰ তিৰবিৰোৱা চকু আৰু সীমাৰ ধুনীয়া ওঁঠ যুৰীত মিচিকিয়া হাঁহি দেখুৱায়।

হঠাত দৰ্জা খুলি নিশা দৌৰি সোমাই আহে। আৰু চিধা বৰুণৰ কাষত বহে। বৰুণে কি হ’ল বুলি সোধে? নিশাই সাৱতি ধৰে তাক ভয় খোৱাৰ দৰে। সীমাৰ মুখখন ক’লা পৰি যায় আৰু আচৰিত হৈ চাই থাকে।

আংকল ক’ত গ’ল? আমি যাওঁ বুলি কৈ সীমা আঁতৰি যায়। বৰুণৰ চকুত তাইৰ ক’লা পৰা মুখখন চকুত পৰে। 

বৰুণ : কি হৈছেনো তোৰ? ইমান উধাতু খাই আহিছ যে?

নিশা।: সেইটো…মানে সেই যে কৈছিলোঁ ল’ৰাজন? সেই যে মাৰ্চিদিজ চলাই ফুৰে।  মোক আগচি ধৰি নাম সুধিছে।

বৰুণ : কোন সেইটো? আৰু নাম সুধিলে ভয় খাব লাগেনে?

নিশা : নহয় অ’। সেইটো আজি মোৰ পিছে পিছে আহি ঘৰটো চাই গৈছে। মোৰ একদম ভাল নালাগে। খালী হিৰ’গিৰি দেখুৱাই থাকে কলেজত।

সীমা, সিনহা, অমিত সকলো আহে আৰু যাবলৈ ওলায়।

সিনহা : বাৰু বৰুণ, আহোঁ। কাইলৈৰপৰা সীমাই নাচ শিকিবলৈ আহিব। ভালকৈ শিকাবা। আৰু অমিত মোৰ কথাটো মনত ৰাখিবা। নিশালৈ চাই…এওঁ কোন?

অমিত : এই নিশা। গান শিকায় আৰু ইয়াতে থাকে। বৰুণৰ দেউতাকে এবছৰ বয়সতে আনিছিল।

বৰুণ : ছাৰ কি কথা ক’লে অমিতদাক?

সিনহা : নাথিং স্পেচিয়েল। এনেই ঘৰটো ভালকৈ যত্ন কৰি ৰাখিবলৈ কৈছোঁ। বাৰু আহোঁ।

বৰুণে বাই কৈ সীমালৈ চালে। তাই তলমূৰকৈ গুচি যায় একো নোকোৱাকৈ। গাড়ীত বহি সীমাই বাৰাণ্ডাত থিয় হৈ থকা বৰুণক চাই থাকে। গাড়ী চলি যায়।

 

দ্শ্য : ৬

 

এটা আন্ধাৰ কোঠা। এখন ডাঙৰ টেবুলত কেইজনমান মানুহ বহি থাকে( ছাঁ হিচাপে দেখাব)। নিজৰ মাজতে গুণগুনাই থাকে। আন্ধাৰতে এজনে সোধে, “বচক দেখিছনে কোনোবাই”।

সকলোৱে এক মুখে নাই দেখা বুলি কয়। এজনে কয় বচ বহুত ডেঞ্জাৰ হয়। ভুল কৰিলে কাকো ক্ষমা নকৰে। এনেতে জোতাৰ খট্ খট্ শব্দ হয়। সকলোৱে লগে লগে চুপ হৈ যায় আৰু থিয় হয়। 

বচ আহিছে বুলি সকলোৰে মাজত গুণগুণনি উঠে।

এজন ওখ ব্যক্তিৰ ছাঁয়া দেখা যায়। তেওঁ টেবুলখনৰপৰা অলপ দূৰত থকা চকীখনত বহে। 

তেওঁ বহাৰ পিছত  সকলোৱে বহে। মানুহজনে  বহাৰ লগে লগে সকলোৱে একেমুখে হাতখন আগবঢ়াই দি কয়  “মোগেম্ব’ৰ জয় হওক, বাকী সব ৰসাতলে যাওক”।

“মোগেম্ব’ সুখী হ’ল”

লগে লগে মানুহজনেও ক’লে।

এজন মানুহ থিয় হৈ ক’ত ক’ত ডকাইত আৰু চুৰ কৰিব পাৰি তথ্য দিয়ে।

আন্ধাৰত থকা বচজনে গলগলীয়া কণ্ঠেৰে কয়,

 “গোলাঘাটত  আদিত্যজ্যোতি বৰঠাকুৰ বুলি এজন পূঁজিপতি আছে। শুনিছোঁ তেওঁৰ ঘৰত আজোককাৰ দিনৰে সোণৰ ফুলদানী, সোনৰ জাঁপি আদি সজাই ৰাখে। সেইবোৰ লুট কৰিব লাগিব সোনকালে। আৰু ত্ৰিশখন গাড়ীৰ দুখন এৰি বাকী সকলো গাড়ী লৈ আনা। বিশেষকৈ জে.চি.বি. কেইখন আনিবা। নতুন মাটি দেখিলেই হেনো কাকো নোসোধাকৈ খান্দিবলৈ আৰম্ভ কৰে।”

কৰ্মচাৰী : বচ, কুৱেইটত থকা ৰিণ্টুমণি দত্ত নামৰ ধন কুবেৰজনো অসমলৈ আহিব অতি সোনকালে। 

: তেওঁক এয়াৰপোৰ্টতে উঠাই দিম বুলি ভাবিছোঁ। তথ্যমতে তেওঁৰ গাতে বিশ তোলামান সোণ থাকে। আৰু তেওঁৰ ঘৰত থকা  চুইমিং পুলত এখন ডাঙৰ সোণৰ নাও আছে য’ত তেওঁ মাজে মাজে বহি পাৰ্টি কৰে। মজিয়াখনত সোণৰ টাইলচ লগাইছে। গতিকে তেওঁক কিডনেপ কৰিলে আমি বহুত লাভবান হ’ম।

এনেতে এটা চিনাকি মাত আহে দুৱাৰমুখৰপৰা।

কিন্তু লায়ন্স আৰ্মীৰ মালিক ৰামানুজ গোস্বামীক আমি পাহৰিব নালাগে। তেওঁৰ গোটেই গুৱাহাটীত  চাৰিটা বিল্ডিং, পাঁচখনকৈ জাহাজ ব্ৰহ্মপুত্ৰত চলে। কেইবাটাও ৰে’চৰ ঘোঁৰাৰ মালিক। কেৱল ইমানেই নহয়, তেওঁৰ  ঘৰত যিকোনো ব্যক্তি সোমাব  যাতে নোৱাৰে, সেইবাবে তেওঁ সিংহ পুহি ৰাখিছে। এটা বৃহৎ লায়ন্স আৰ্মী দল আছে। আমি যদি তেওঁৰ সিংহকেইটা আনিব পাৰোঁ  বহুত কামত আহিব। 

দায়লগটোৰ পিছতে লাইট জ্বলিব আৰু আগন্তুকৰ মুখত পৰে আৰু সেইজন ৰেগেম্ব’ক দেখুৱায়। তেওঁক দেখাৰ লগে লগে বাকীবোৰে- “মোগেম্ব’ৰ জয় হওক, দুনীয়া ৰসাতলে যাওক” বুলি কয়। ৰেগেম্ব’য়ো  “মোগেম্ব’ৰ জয় হওক” বুলি কয়।

তেওঁ আগবাঢ়ি আহে আৰু আগতে বহি থকা ব্যক্তিজন মিটিং ওভাৰ বুলি ওলাই যায়।

ৰেগেম্ব’ থিয় হৈ থাকে আৰু ভাবে যে এই মানুহজন সদায় মই অহাৰ পিছত কিয় ওলাই যায়।

হঠাত পুলিচৰ গাড়ীৰ চাইৰেন বাজে আৰু সকলোৱে দৌৰি পলায়।

দৃশ্য : ৭

এখন হাইস্কুল দেখুওৱা হ’ব। হালধীয়া শাৰী পিন্ধি এজনী ছোৱালী আহিব স্কুটি চলায়।

স্কুলৰ বাৰাণ্ডাৰ সমুখতে ৰাখিব (এই চৰিত্ৰটো কৰিব ডলী তালুকদাৰে, চৰিত্ৰ জিনা)। আৰু প্ৰধান শিক্ষকৰ কোঠালৈ যাব। তাত প্ৰধান শিক্ষক বহি থাকিব। তেওঁ তলমুৰকৈ  বহী এখনত কিবা লিখি থাকিব (এই চৰিত্ৰ কৰিব পদ্মলোচন ভৰদ্বাজে, অম্বৰ)।

জিনা : ছাৰ, সোমাব পাৰিমনে?

অম্বৰ : অ জিনা! সোমাই আহা।

জিনা : ছাৰ, মোৰ কামটো হ’বনে? ছাৰ কিবাকে কৰক কামটো?

অম্বৰ : কাম? অ’ তুমি প্ৰেমকান্তৰ কথা কৈছা ন? চোৱা জিনা তাক তোমাৰ কথামতে দশম শ্ৰেণীলৈ প্ৰমোচন দিয়াইছোঁ। এইবাৰ মেট্ৰিকত বহিবলৈ দিম বাৰু! কিন্তু  পঢ়িবও লাগিব নহয় সি।

জিনা : মোক বচাওক কোনোমতে। কিবাকে মেট্ৰিকটো যাতে সি পাছ কৰে। মই মাষ্টৰণী হৈ কেনেকৈ পঢ়া শুনা নোহোৱা ল’ৰাটোৰ লগত বিয়া হ’ম। ইফালে গোটেই গাঁৱৰ মানুহে তাৰ আৰু মোৰ লিলিমাইৰ কথা জানে। কোনেও দৰাও নানে আৰু? ঘৰতো সি মেট্ৰিক পাছ নকৰিলে বিয়া নিদিয়ে। মই মৰিমে আৰু একো উপায় নহ’লে।

অম্বৰ : চোৱা জিনা! মই যিমান পাৰোঁ সিমান সহায় কৰিম। কিন্তু ছাত্ৰয়ো পঢ়িব লাগিব। সিদিনা তাক প্ৰশ্ন এটা সুধিলোঁ যে, “পানীত  লোহাৰ টুকুৰা দিলে ডুবি যায় কিন্তু লোহাৰ জাহাজ নুডুবে কিয়?”

সি কৈছে ভগৱানৰ লীলা।

জিনা : কি?

অম্বৰ : হয়, মই সুধিলোঁ ক’ত পঢ়িলি? কৈছে হোৱাটচ এপত ভাইৰেল হওঁতে পঢ়িছোঁ।

জিনাই ওলাই আহে। বাহিৰত আহি দেখে প্ৰেমকান্তই স্কুটিখন মচি আছে। জিনাই চোঁ মাৰি খেদি আহে।

জিনা : ক্লাছত থাকিবলৈ এৰি কি কৰিছা ইয়াত? পঢ়া শুনাৰ ধাণ্ডা নাই বুঢ়া। 

প্ৰেম : নাই মানে বোকা লাগিছে যে মচি দিছোঁ আৰু …আৰু সেইদিনা দিয়া চিঠিখনৰ উত্তৰ নিদিলা যে?

জিনা : কি উত্তৰ দিব লাগে হা? লাজ নালাগে সাত গণ্ডা বানান ভুল কৰি চিঠি লিখিবলৈ? আৰু কি কবিতা লিখি চিঠি লিখা সেইবোৰ?

চূণ খালে ডাকিব

চাধা খালে ধৰিব

মোলৈ যদি মৰম আছে 

চিঠিৰ উত্তৰ বতাহত উৰি আহিব। 


বাকী শব্দবোৰৰ বানান নকওঁৱেই। যোৱা ক্লাছলৈ।

প্ৰেমকান্তই  সেমেনা-সেমেনি কৰি যায়। খিৰিকীৰে প্ৰধান শিক্ষকে চাই থকা দেখি জিনাও লৰালৰিকৈ তাৰ পৰা পলায়।

 


দৃশ্য : ৮

 

বাবা জামদেৱৰ আশ্ৰম। বাবা জামদেৱে ধ্যানৰত অৱস্থাত থাকিব। সমুখত বহুত মানুহৰ লগতে ঝুলন দেৱী, ৰেগেম্ব’, অম্বৰ আৰু এলেক্সজেন্দ্ৰাইও ধ্যান কৰি থাকিব। হঠাত বাবাৰ ফোন বাজিব। এটা চকু মেলি বাবাই চাব। A বুলি আহিব নামটো। বাবাই লগে লগে ধ্যান শেষ কৰি মই অলপ বিশ্ৰাম কৰিম বুলি উঠি দিয়ে আৰু তথাস্তু বুলি কৈ ভিতৰলৈ উঠি যায়।


সকলোৱে থিয় হয় আৰু প্ৰণাম কৰে।  ৰেগেম্ব’ই ঝুলনৰ ফালে চাই কয়..

ৰেগেম্ব’: বাই, তই কেনেকৈ যাবি? পুলিচ ভিনি নিবলৈ আহিবনে?

ঝুলন : নাহে! সময় ক’ত তোৰ ভিনিয়েৰৰ? কিবা কিডনেপৰ কেচত লাগি আছে। চহৰত বোলে কিডনেপ বহুত হৈছে? তই কিবা জান নেকি?

ৰেগেম্ব’ উচপ খাই  উঠে। না..না …নাই। মই কেনেকৈ জানিমনো? বুলি কয়। ব’ল আমাৰ গাড়ীলৈকে- বুলি কৈ ওলাই আহে। বাহিৰত অমিতে গাড়ীখনৰ কাষত থিয় দি থাকে। গাড়ীত বহে আৰু এলেক্সজেন্দ্ৰাই অমিতক চাই হুহ বুলি বহে চিটত।

ঝুলন : আৰু আমাৰ মাষ্টৰৰ কি খবৰ? ককা মোগেম্ব’ৰ নীতি মানেনে?

ৰেগেম্ব’: নাই..ই..ই। আদৰ্শবাদী শিক্ষক হৈ আছে। মোকো এৰিব কয়। সি আমাৰ মোগেম্ব’ বংশৰ নাম ডুবাব যি দেখিছোঁ।

এলেক্সজেন্দ্ৰা : কিন্তু ব্ৰ’ মই বিগ ব্ৰ’ক চাপোৰ্ট কৰোঁ। এইবোৰ বেয়া কাম এৰি দিব লাগে। সহজ কাম কৰিলেই জীৱনত সূখ পায়।

ৰেগেম্ব’: তই সৰু ছোৱালী এইবোৰত মাথা নামাৰিবি। সহজ জীৱন হ’লে বি.এম.ডব্লিউ চলাই কলেজলৈ আহিব পাৰিলিহেঁতেননে? হুহ..বাত কৰতি হ্যেয়?

ঝুলন : হয় অ’, মই সৎ পুলিচ অফিচাৰৰ লগত বিয়া হৈ কি পালোঁ। কিবাকে মাৰ্চিদিজখন লৈছে তাকো লোণ লৈ, মাটি বন্ধকত থৈ। মই যে সেই পকেটমৰা, চুৰ কৰা, ডকাইটি কৰিব যোৱা দিনবোৰ ইমান মিচ কৰোঁ। কি কুক্ষণত যে বিয়াত বহিলোঁ নহয় এইজনৰ লগত?

এলেক্সজেন্দ্ৰা : ব্ৰ’ নালাগে এৰিব তেনেহ’লে এইটো প্ৰফেচন। বা তই ভিনিক কেনেকৈ পালি। মানে তই আছিলি পকেটমাৰণী, চুৰুণী কিন্তু ইমান ডাঙৰ পুলিচ বিষয়াৰ ৱাইফ হ’লি?

ঝুলন : সেইবোৰ বহুত কাহিনী। মই সেই সময়ত নামজ্বলা চুৰুণী। মোক টক্কৰ দিব পৰা চুৰুণী নাছিলেই। গোটেই অসমৰ পুলিচ সকলৰ মূৰ খাই দিছিলোঁ। ধৰিব নোৱাৰে মোক। তেতিয়া ই ৰেগেম্ব’ সৰু। দুটা এটা সৰু সুৰা চুৰি মানে লোকৰ বাৰীৰ পৰা বেঙেনা, জলকীয়া চুৰ কৰা ট্ৰেইনিং লৈ আছিলহে। 

শেষত এচ.পি. বৰুৱাই মোক ধৰা পেলালে কিন্তু মই ওলাই আহোঁ। এনেকৈ আমাৰ প্ৰেম হ’ল আৰু অম্বৰদাই গম পাই বিয়া দিলে। 

ৰেগেম্ব’: পুলিচৰ লগত বিয়া হোৱাৰপৰা সুবিধা হৈছে। এতিয়া আমাক কোনেও সন্দেহ নকৰে। ভিনদেউৱেও সহজতে আমাক জেলত নভৰায়। হাঃ হাঃ হাঃ।

ঝুলনক নমাই দিয়ে ঘৰৰ সমুখত আৰু ৰেগেম্ব’হঁত আহে। বাটত এলেক্সজেন্দ্ৰাই বজাৰলৈ যাম বুলি কোৱাত ৰেগেম্ব’ নামি দিয়ে বেলেগ কাম থকা বুলি কয়।

এলেক্স আৰু অমিতে গৈ থাকে। অমিতে মনে মনে থকা দেখি এলেক্সজেন্দ্ৰাই গান লগাবলৈ দিয়ে। অমিতে কামৰূপী লোকগীত লগায়।

এলেক্সজেন্দ্ৰা : ড্ৰাইভাৰ, কি গান লগাইছা? ইংলিছ গান লগোৱা।

অমিতে একো নকয়। এলেক্সজেন্দ্ৰাৰ খং উঠে। ড্ৰাইভাৰ …ড্ৰাইভাৰ বুলি চিঞৰে।

অমিত : কওক আলুভাজা মেডাম?

এলেক্সজেন্দ্ৰা : মোৰ নাম এলেক্সজেন্দ্ৰা। আলুভাজা নহয়। গৱাৰ ক’ৰবাৰ।

মোৰো নাম অমিত। ড্ৰাইভাৰ নহয়। এলেক্সজেন্দ্ৰাই মুখ ঘূৰাই দিয়ে। অমিতে সমুখৰ গ্লাচত তাইৰ খং উঠা মুখখন দেখি হাঁহে।

 


দৃশ্য : ৯

 


সীমা আৰু বৰুণে পাৰ্কত বহি থাকে এখন বেঞ্চিত। বৰুণৰ মূৰটো সীমাৰ কোলাত। সীমাই আঙুলীৰে চুলিত বোলাই থাকে। বৰুণে আকাশৰফালে চাই কিবা ভাবি থাকে।

সীমা : কি হ’ল? কি ভাবিছানো?

বৰুণ : তোমাৰ আৰু মোৰ হ’বলগা  সংসাৰখনৰ কথা। আমাৰ দুয়োৰে প্ৰেমৰ কথা। সৌ সিদিনা লগ পাইছিলোঁহে। কিন্তু এনে লাগে যেন  বহু দিনৰে চিনাকি!

সীমা : উম! মোৰো তোমাক যুগ যুগ ধৰি চিনাকি যেন লাগে। যেন আমি দুয়ো কেৱল দুয়োৰে বাবে জনম লৈছোঁ।

বৰুণে উঠি বহে আৰু সীমাক সাৱতি ধৰে মৰমেৰে।

বৰুণ : কিন্তু তুমি নিশাৰ লগত মোক ভুল বুজিছিলা। তাইৰ স্থান মোৰ হৃদয়ত ভনীহে।

সীমা : মোৰ ভুল হৈছিল। মাফ কৰি দিয়া। আচলতে প্ৰথম দেখাৰ লগে লগে মই তোমাৰ প্ৰেমত পৰিছিলোঁ।

সীমাই লাজতে দৌৰিব খোজে আৰু বৰুণে থাপ মাৰি ধৰে তাইৰ হাতত।

লগে লগে মিউজিক আৰম্ভ হয় আৰু মিউজিকৰ তালে তালে ফুল আৰু ভোমোৰা উৰা দেখুৱাব।

বৰুণে নাচি নাচি আহে আৰু সীমাৰ হাতত ধৰি গাব ..

” ফুলে ফুলে পৰি ভোমোৰাবোৰে

  গুণ গুণাই মোকে ক’লে

  কিনো শুনাই, কিনো ক’লে গুণগুণাই..

লগে লগে সীমাই লিপচ মিলাব

” আই লাভ ইউ”

তাৰ পিছত ধেন তেনে ধেন তেনে মিউজিকত বৰুণে ঘাঁহনিত বাগৰি বাগৰি নাচিব আৰু সীমাই আগে আগে দৌৰিব।

আনটো লোকেশ্যনত নিশা আৰু ৰাজৰ লিপচতো এই গানটো দিয়া হ’ব। দুয়োৰে শ্বুটিং লোকেশ্যন চন্দ্ৰপুৰৰ তপোবন।  তাতে ব্ৰহ্মপুত্ৰৰ বালিত নাচি নাচি জঁপিয়াই গানটোত অভিনয় কৰিব আৰু শেষত সূৰ্য ডুব যোৱা দেখুৱাব আৰু দুয়ো হাতত ধৰি দৌৰি দৌৰি গাড়ীত বহিব।

আনফালে বৰুণে তাৰ মডিফাই কৰি লোৱা ককাকৰ জীপখনত সীমাক দাঙি নি বহুৱাব।

একে সময়তে চাৰিওজনে “অৰুণ   বিকাশ কেন্দ্ৰ” আহি পায়হি। দুয়োফালৰপৰা গাড়ী দুখন আহে। বৰুণে নিশাক ৰাজৰ লগত দেখি আচৰিত হয়।

বৰুণ : নিশা তই ৰাজৰ লগত?

নিশাই একো নকয় আৰু ভিতৰলৈ আহে। বৰুণহঁতো আহে।

ৰাজ : বৰুণ দা, মই নিশাক ভাল পাওঁ। তাইক নিজৰ কৰিব বিচাৰোঁ।

বৰুণ : কিন্তু তোমাৰ ঘৰত মানিব জানো? এজনী অনাথ ছোৱালীক বোৱাৰী হিচাপে?

ৰাজ : কিয় নামানিব? মোৰ ঘৰত প্ৰেমৰ মূল্য আছে। মোৰ মাক যদি দেউতাই বিয়া কৰাব পাৰে তেন্তে মোক কিয় নিদিব?

“বেচ। তেন্তে আগতে নিজৰ ভৰিত থিয় হোৱা। নহ’লে সৌ তেনে গতি হ’ব।” অমিতে কথা কৈ থাকে আৰু আঙুলীৰে দেখুৱায়..

দূৰত কিতাপ পঢ়ি থকা প্ৰেমকান্তক দেখা যায়। কাষত স্কেল লৈ জিনা থিয় হৈ থাকে। 

সকলোৱে হাঁহে। হঠাত অমিতৰ ফোন আহে আৰু মই আহোঁ কৈ ওলাই যায়।

নিশা দৌৰি আহে ওপৰৰপৰা আৰু চিঞৰে..

নিশা : বৰুণ দা, প্ৰেম দা, অমিত দা সোনকালে আহা। ভিতৰৰ ৰূমবোৰ কোনোবাই সব বস্তু চেদেলী-ভেদেলী কৰিছে।

আটাইকেইজনে দৌৰি যায়।

সকলো বস্তু মাটিত পৰি থাকে। 

হঠাত বৰুণৰ চকুত পৰে এখন চিঠি।

“সোনকালে বাংলো নং ১৬ লৈ আহি যোৱা। তোমাৰ আশ্ৰমৰ চাৰিটা শিশু আমাৰ হাতত। ঘড়ীটো লৈ আহা তোমাৰ ককা মিঃ ইণ্ডিয়াৰ।”

এনেতে মুখত ক’লা কাপোৰ পিন্ধা কেইজনমান মানুহে বৰুণহঁতক ধৰি লৈ যায়।

 

দৃশ্য : ১০

 

বাংলো নং ১৬। ভিতৰত ঘিটমিটিয়া আন্ধাৰ। হঠাত লাইটৰ পোহৰ পৰি চকু চাট মাৰি ধৰে বৰুণৰ। সি চাৰিওফালে চাই দেখে নিশা, সীমা, ৰাজ, প্ৰেমকান্ত, জিনা সকলো বেহুচ হৈ আছে আৰু হাত-ভৰি বন্ধা।

এনেতে ঢকিয়াই ঢকিয়াই প্ৰফেচাৰ যুগল সিনহাক লৈ আহে অমিত আৰু ৰেগেম্ব’ই। আৰু চকীত বান্ধি পেলাই তেওঁক। বৰুণে অমিতক দেখি আচৰিত হৈ যায়।

লাইট আকৌ নুমাই যায়। আৰু ডিম লাইটৰ পোহৰত দুজন মানুহ আহে। 

আৰু যুগল সিনহাক সোধে ফৰমুলাটো কওক ঘড়ীটোৰ। আমি জানো আপুনি মিঃ ইণ্ডিয়াৰ দৰে গায়ব হ’ব পৰা ঘড়ীটো পুণৰ বনালে।

সিনহা : মই নকওঁ। এইয়া কেৱল মই বৰুণক ক’ম। সিহে উত্তৰাধিকাৰী।

আকৌ ছাঁয়া দুজনে ক’লে : কওক নহ’লে আমি আপোনাৰ ভতিজীক সুদাই নেৰিম। 

আমি জানো যিদৰে বৰুণ মিঃ ইণ্ডিয়াৰ নাতি ল’ৰা তেনেকৈ সীমাও অৰুণৰ প্ৰেমিকা সীমাৰ নাতিনী। আইতাকে মৰমতে নাতিনীৰ নাম সীমা ৰাখিছে আৰু আপুনি সীমাৰ বচ যিখন পেপাৰত তাই সাংবাদিক হিচাপে কাম কৰিছিল তেওঁৰ কন্যাক বিয়া পাতিছে। 

সিনহা : মই একো নাজানো। তোমালোকে যি কৰা কৰিব পাৰা।

ছাঁয়া দুজনে সিনহাক ঘুচিয়ায়।

সিনহা : কোন তোমালোক? কিয় এনে কৰিছা?

আগন্তুক : আমি মোগেম্ব’ ৰিটাৰ্ণচ…

আগন্তুক : কিয় সীমাৰ আত্মাক কষ্ট দিছে? সীমা অৰুণৰ মিলণ নহ’ল কিন্তু সিহঁতৰ সন্তান অৰ্থাত নাতি নাতিনীৰ মিলণ হোৱাতো নিবিচাৰে? সীমাৰ শেষ ইচ্ছা নাৰাখে?

ৰেগেম্ব’ই মাত লগায়।

ৰেগেম্ব’: আমি গ্ৰেট মোগেম্ব’ৰ বংশধৰ। মিঃ ইণ্ডিয়া আৰু সীমাৰ বাবে আমাৰ ককা মোগেম্ব’ৰ পতন ঘটিল। ঘড়ীটো মৰাৰ আগতে হ’লেও পাৰ কৰিছিল কিন্তু অৰুণে ঘড়ীটো নি ফিটাডাল দি থৈ যায়। চশমাযোৰ সীমাই নিয়ে। ইমান ঠগাই আমাক।

হঠাত পিছফালৰপৰা মনে মনে গৈ বৰুণ, প্ৰেম আৰু ৰাজে ছাঁয়া দুটিক জপটিয়াই ধৰে আৰু তুমুল ফাইট হয়। 

এনেতে এচ.পি. বৰুৱা আৰু পুলিচ  বাহিনী আহে আৰু ঘেৰাও কৰে। হঠাত লাইট জ্বলি উঠে আৰু সকলো আচৰিত হয়। কিয়নো বৰুণ আৰু ৰাজে জপটিয়াই ধৰা মানুহ দুজন আন কোনো নহয় বাবা জামদেৱ আৰু প্ৰধান শিক্ষক অম্বৰ।

জিনা আৰু প্ৰেমকান্তই চিঞৰে “ছাৰ আপুনি?

ৰেগেম্ব’: দাদা তই

ইফালে ৰাজ আৰু বৰুৱাই একেলগে চিঞৰে ” স্বামীজী”।

কিন্তু হঠাত এটা পাকত স্বামীজীয়ে নিশাৰ মূৰত বন্দুক ৰাখে আৰু ঘড়ীটো বাধ্য হৈ প্ৰফেচাৰে দি দিয়ে।

আৰু ঘড়ীটো পাই লগে লগে চাবি ঘূৰাই অম্বৰ পলাই যায়।

 

দৃশ্য : ১১

পুলিচ থানাৰ ভিতৰৰ কোঠাত। স্বামীজী, অম্বৰ আৰু ৰেগেম্বোক একেলগে বহাই ৰাখে।

এচ.পি. বৰুৱাই গাৰ জোৰেৰে স্বামীজীক কোবায়। স্বামীজিয়ে আৰু নামাৰিব বুলি হাতযোৰ কৰে।

বৰুৱা : নামাৰিম। কিমান দিন মোৰ ঘৰত ফ্ৰিতে খালি। যোগা শিকোৱাৰ নামত কিমান আধা সিজোৱা খাদ্যসমূহ খুৱালি।

অম্বৰ আৰু ৰেগেম্ব’ই কয় একেলগে : কিন্তু আমিটো ঘৰৰ মানুহ। আমাক কিয় ধৰিছে? 

অম্বৰ: মোৰ সমাজত ইমেজ বহুত ভাল। আপোনাৰ কথা কোনেও বিশ্বাস নকৰে।

ৰেগেম্ব’: ময়ো আজিলৈকে কোনো ক্লু ৰখা নাই। গতিকে কি প্ৰমাণ আছে আমি যে ডকাইত।

প্ৰমাণ মই দিম বচ। অমিত সোমাই আহে। আৰু চেল্যুট কৰে বৰুৱাক।

ৰেগেম্ব’: ড্ৰাইভাৰ?

অমিত : কোন ড্ৰাইভাৰ। আই চি.আই.ডি. ইন্সপেক্টৰ অমিত কাকতি। প্ৰফেচাৰ যুগল সিনহা আৰু এচ.পি.চাৰৰ কথা মতে প্ৰথমে বৰুণৰ ঘৰত আৰু পিছত আপোনাৰ ঘৰত কাম কৰিছোঁ। সকলো প্ৰমাণ মোৰ হাতত আছে।

ৰেগেম্ব’: আমাৰ ভনীজনীৰ কি হ’ব?

বৰুৱা: চিন্তা নাই? তাইৰ বাবে মই অমিতক পচন্দ কৰিছোঁ।

অমিতে হঠাত মূৰ ঘূৰোৱা যেন পায়।

বাবা জামদেৱে হঠাত কয় : কিন্তু ছাৰ মোক কেনেকৈ ধৰিলে? মইতো মিঃ ইণ্ডিয়া হৈছিলোঁ।

হঠাত প্ৰফেচাৰ, বৰুণ, ৰাজ , সীমা, প্ৰেমকান্ত সোমাই আহে।

প্ৰঃ সিনহা : মুৰ্খ। মই ভালকে ফৰমুলাটো উলিয়াবই পৰা নাছিলোঁ গায়ব হোৱা। মাত্ৰ আধা ঘণ্টাহে কাম কৰে। তই নাজানিলি আৰু আধা ঘণ্টাৰ পিছত তোক দেখা পোৱা গৈছিল আৰু তই  আনন্দতে আমি নেদেখা বুলি কোণত থিয় দি নাচি আছিলি। চশমাৰ প্ৰয়োজনেই নহ’ল।

আৰু ময়ো পুলিচৰে ইনফৰ্মাৰ। প্ৰেমকান্তই জিনাৰ ফালে চাই কয়।

সকলো ঘৰলৈ আহে। ৰেগেম্ব’ আৰু অম্বৰ আৰু জামদেৱৰ জেল হয়।

এলেক্সজেন্দ্ৰা বায়েকৰ ঘৰলৈ আহে। সীমাৰ হাত বৰুণৰ হাতত প্ৰফেচাৰে দিয়ে। নিশা আৰু ৰাজে দুয়োৰে হাতত ধৰে আৰু ৰাজে কয়…”সোনকালে তোমাক মোৰ কৰি আনিম”।

 

      সমাপ্ত॥


☆ ★ ☆ ★ ☆

24 Comments

  • Hitesh B Baruah

    মজ্জা হৈছে চিনেমাখন,একদম হিট

    Reply
  • খুব সুন্দৰ চিনেমা৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বাপৰে কিছু চিনেমা দেই😁মজা লাগিল পঢ়ি

    Reply
  • নীতাশ্ৰী

    মজা চিনেমা। চুপাৰ ডুপাৰ হীট হ’ব।

    Reply
  • দিব্যজ্যোতি

    চিনেমা ডবল হিট স্কুৱেৰ

    Reply
  • দীক্ষিতা

    কি মজা চিনেমা !! বঢ়িয়া হৈছে। বক্স অফিচত ভূমিকম্প আনিব এইখনে।

    Reply
  • JB

    তামাম

    Reply
  • মিলন চন্দ্ৰ দাস

    জামদেৱ,ঝুলন দেৱী !অতি সুন্দৰ চুপাৰ ডুপাৰ হিট চিনেমা।পঢ়ি আপ্লুত হলো।

    Reply
  • কমলা দাস

    মজা চিনেমা

    Reply
  • জয়ন্ত দাস

    মজা৷ চুপাৰহিট৷

    Reply
  • Dhurjjati

    Super hit cinema

    Reply
  • মজ্জা

    Reply
  • HEMANTA KAKATI

    তামাম হৈছে ডলী৷ কি নাই এইখন চিনেমাত? ভায়োলেন্স, কমেডী, ৰোমান্স আৰু মিউজিকেল৷ সকলো মিলাই এখন ফেমিলি এণ্টাৰটেইমেন্ট ছবি৷ 100% পৈচা উচুল চিনেমা৷ হেটচ অফ৷

    Reply
  • তামাম ৷চুপাৰহিট ফিল্ম বা

    Reply
  • Abhijit Kalita

    মোগেম্বো খুছ হুৱা

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!